ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব 

Kakali Deka July 24, 2025

ডিজিটেল ডেস্ক : আপুনি যদি ৩০ ৰ দেওনা পাৰ কৰিছে তেনেহলে যত্ন লওক নিজৰ ছালৰ । মানৱ দেহে বয়সৰ অনুপাতে ভিন্ন সমস্যাৰ মুখামুখি হয়, তাৰে ভিতৰত ছাল সুটোৰা সুটোৰ হোৱাও এক অন্যতম সমস্যা ৰূপে পৰিগণিত । কিন্তু কিছুমান খাদ্যৰ সেৱনে আমাৰ ছালৰ পুনৰ সুস্থ ৰূপায়নত অৰিহণা যোগাব পাৰে ।

এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি সুস্থ ডাইট মেইনটেইন কৰাৰ লগতে , ব্যায়াম , সুষম খাদ্য, ষ্ট্ৰেচজনিত কাৰণৰ পৰা দূৰত আৰু সুন্দৰ জীৱন যাপন কৰাটো শ্ৰেয়।

ভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট জাতীয় ফল মূল সেৱনে ছালৰ সমস্যা ততালিকে দূৰ কৰিব পাৰে । ফল মূলৰ ভিতৰত কমলা, ঋতুভিত্তিক ফল যেনে মৌচুমী টেঙা ,আৰু আপেলৰ দৰে ফলত ভিটামিন চি থাকে। যিবোৰ ছালৰ বাবে অত্যন্ত গুৰুতবপূৰ্ণ।

ভিন্ন সেউজীয়া শাক পাচলি যেনে মেথি, কচু, ব্ৰকলি, বন্ধাকবি বিভিন্ন ধৰণৰ ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টৰ সমৃদ্ধ উৎস যিয়ে শৰীৰক বিভিন্ন উপকাৰ সাধে।

ইয়াৰোপৰি ড্ৰাই ফ্ৰুইটছ, বাদাম আৰু গুটিৰ পৰা স্বাস্থ্যকৰ চৰ্বি আৰু ভিটামিন ই পোৱা যায় যিয়ে ছালখনক সুস্থ কৰি ৰাখে আৰু ইয়াক পুষ্টিকৰ কৰি তোলে। এইবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে । এনে খাদ্য সেৱনে আপোনাৰ ছালৰ সমস্যা ততালিকে নিৰাময় কৰি সুন্দৰ কৰি তুলিব পাৰে।

 

প্ৰাগ ডিজিটেল

Share This