ধঁপাতেও মৃত্যুদূতৰ ৰূপ লৈছে অসমত

dainik janambhumi May 29, 2025

ডিজিটেল ডেস্কঃ সমগ্ৰ অসমতে দ্রুতগতিত বৃদ্ধি পোৱা ড্ৰাগছৰ অবাধ প্ৰচলন কঠোৰ হাতেৰে দমন কৰাৰ ক্ষেত্ৰত দৃঢ় স্থিতি গ্রহণ নকৰাৰ ফলত সম্প্ৰতি সমগ্ৰ সমাজকেই বৰবিহৰ ৰূপত ড্ৰাগছে ছানি ধৰাত নতুন প্ৰজন্মৰ সন্মুখত ই মৃত্যুদূতৰূপে দেখা দিছেহি। এনে সময়তে ধঁপাতজাতীয় বিভিন্ন দ্ৰব্যৰ অবাধ প্রচলনেও সমগ্র যুৱ সমাজকেই অক্টোপাছৰ দৰে গ্ৰাস কৰি পেলাইছে।

বিশেষকৈ ধোঁৱাযুক্ত ধঁপাত, বিড়ি, চিগাৰেট, বোকা আৰু ধোঁৱাবিহীন ধঁপাত, খৈনী, জর্দা, ক'লাচাধা, গুটখা, ধঁপাতৰ পানী, নাকেৰে শুঙা ধঁপাতৰ গুড়ি, ধঁপাতযুক্ত দন্তমঞ্জন আদি সেৱনৰ ফলত মানুহৰ হাওঁফাওঁৰ ক্ষতি হৈ শৰীৰে সঠিক পৰিমাণৰ অক্সিজেন যোগান ধৰিব নোৱৰা হয় আৰু লাহে লাহে হৃদপিণ্ডকো ৰুগীয়া কৰি তোলে। সম্প্রতি জিলা স্বাস্থ্য সমিতি, ধঁপাত নিয়ন্ত্রণ কোষ যোৰহাটে প্রকাশ কৰা এখন গোহাৰি-পত্ৰৰ জৰিয়তে সকলো স্তৰৰ লোকৰে দৃষ্টি আকৰ্ষণ কৰি এনেদৰে উল্লেখ কৰা হৈছে।

গোহাৰি পত্ৰখনত সন্নিৱিষ্ট তথ্য মতে, ধঁপাতত প্রায় ৭ হাজাৰ বিধ শৰীৰ অনিষ্টকাৰী ৰাসায়নিক পদার্থ নিহিত হৈ থাকে বুলি উল্লেখ কৰা হৈছে। এইক্ষেত্ৰত আমি সহজতে চিনি পোৱা ফেনাইল, নেপথেলিন বল, ৰিম'ভাৰ, বেটাৰীৰ ক'লা খাৰ, কীটনাশক দ্রব্য, মজিয়া চাফা কৰা ৰাসায়নিক দ্রব্যসমূহ, গাড়ী-মটৰৰ পৰা ওলোৱা ধোঁৱা আদিৰ দৰে দ্ৰব্যবোৰ ধঁপাত সেৱনকাৰীসকলৰ শৰীৰলৈ অলপ অলপকৈ সোমাবলৈ আৰম্ভ কৰে আৰু মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমাৎ হ্রাস পোৱাৰ বিষয়েও যোৰহাট জিলা ধঁপাত নিয়ন্ত্রণ কোষৰ সজাগতামূলক গোহাৰি-পত্ৰত উল্লেখ কৰা হৈছে।

এই প্ৰসংগতে গোহাৰি-পত্ৰখনত উল্লেখ কৰা হৈছে যে ধঁপাতে কৰ্কট ৰোগ সৃষ্টি কৰে বুলি সর্বজনবিদিত। কিন্তু আমি বহুতেই নাজানো যে ধঁপাতে আৰ শৰীৰত হৃদৰোগ, হাপানী, এমফিচিয়া, কলেষ্টৰেল বৃদ্ধি, উচ্চ ৰক্তচাপ, গেষ্ট্রিক, নিউমোনিয়া, গেংগ্রিন (ভৰি বা হাতৰ আঙুলিৰ নুশুকুৱা ঘা), ষ্ট্ৰ'ক, চকুত ছানি পৰা, অকালতে ছাল শোতোৰা পৰা; মহিলাৰ কম ওজনৰ সন্তান অথবা মৃত সন্তান প্ৰসৱ, পুৰুষ-নাৰী উভয়ৰে প্ৰজনন ক্ষমতা কমি যোৱা, ছালৰ বিভিন্ন ৰোগ ইত্যাদি অলেখ বেমাৰৰ সৃষ্টি কৰে বুলিও উল্লেখ কৰা হৈছে।

Share This