আজি সোমবাৰ, জানো আহক আজিৰ দিনটোৰ ৰাশিফল

Kakali Deka July 28, 2025

মেষ: শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভৰং বগা। কোনো হাত দীঘল ব্যক্তিৰ সান্নিধ্যত উপকৃত হ'বও পাৰে। কিন্তু এই যোগ আকস্মিক হোৱাৰ সম্ভাৱনা। ধৰ্মত মতি।

 

বৃষঃ শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভৰং ৰঙা। গোপন শত্ৰুৰ প্ৰভাৱ দেখায়। ঘৰ বিভীষণৰ পৰা সজাগ থাকক। যোগ্যজনে মান-মর্যাদা আশা কৰা মতেই পাব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। নতুন বন্ধু লাভ।

 

মিথুন: শুভ কাৰক গ্ৰহ ৰবি, বুধ। শুভ সংখ্যা ১.৫ শুভ ৰং সেউজীয়া, পাৰিবাৰিক জীৱন আন দিনাতকৈ উন্নত পাব। মনোবল থাকিব আৰু মনোবলৰ লগতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি খ্যাতি লভিব। বিয়া-বাৰুৰ যোগাযোগত শুভ।

 

কর্কট: শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং ৰূপালী। কর্মত নতুন উদ্যম। আনহাতে ৰাজহুৱা কামত প্ৰচুৰ টকাৰ লেন-দেনৰ বাবে কিছু নতুন সমস্যাত পৰিবও পাৰে। আপুনি অৱশ্যে মিলাই চলিবলৈ সক্ষম হ'ব।

 

সিংহ: শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভৰং মুগা। খৰচ-পাতিত হাত ধৰা টান হ'ব। মাতৃৰ স্বাস্থ্যও কিছু দুৰ্বল। ঘৰুৱা পৰিৱেশ উন্নত বুলিব নোৱাৰি। ককাই-ভাইৰ মাজত ভুল বুজাবুজি হৈ মন অশান্ত থাকিব।

 

কন্যা: শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভৰং হালধীয়া। সকলোৰে লগত মিলিজুলি থাকি দিনটো ভাল ধৰণেই পাৰ হ'ব। কৰ্মত নতুন প্ৰেৰণা। কোনো হাত দীঘল ব্যক্তিৰ সান্নিধ্যত বা সহায়ত উপকৃত হ'ব। 

 

তুলা: শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভৰং নীলা। ৰাজহুৱা কামত ব্যস্ত থাকিব লগা হ'ব পাৰে। স্বাস্থ্য প্রায় ভালেই। ৰাজনীতিত বলিষ্ঠ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত কোনো সহকর্মীৰ আপত্তি শুনিব লগা হ'ব।

 

বৃশ্চিক: শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভৰং ক'লা। নিজৰ প্ৰচেষ্টাৰে হাতত লোৱা যিকোনো কামেই ভাল ধৰণেই আগুৱাব। হাতলৈ ধন আহিলেও লগত খৰচৰ বাট লৈহে আহিব। প্রেম-প্রীতিত শুভ।

 

ধনুঃ শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং কফি। ৰাশিলৈ দুই গুৰুৰ পূৰ্ণ দৃষ্টি পৰাৰ লগতে শুভদায়ক বুধাদিত্য যোগ, চন্দ্ৰ-ৰবিৰ ক্ষেত্ৰ বিনিময় যোগ, উভয়চৰী যোগ আদি থকাত দিনটো ভালেই যাব।

 

মকৰ : শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভৰং পিঁয়াজী। মাতৃৰ শৰীৰ সম্পৰ্কে সচেতন হওক। পাৰিবাৰিক জীৱন শুভাশুভমিশ্রিত। কর্মস্থানলৈ সৰ্ব গ্ৰহৰ দৃষ্টি পৰাত কৰ্মোন্নতিৰ ইংগিত। ব্যৱসায়ত উন্নতি।

 

কুম্ভ: শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভৰং মাখন। যিকোনো পন্থাৰে আৰ্থিক উন্নতিৰ চেষ্টা কৰিব। বিপৰীত লিংগৰ পৰা উপকৃত। কিন্তু নিজৰ কিবা ভুল হ'লেও তাক স্বীকাৰ কৰিবলৈ টান পাব। ভ্ৰমণৰ যো-জা। বিদেশত থকাই সকলো ধৰণৰ কামতে কৃতকার্য হ'ব।

 

মীনঃ শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ। শুভ সংখ্যা ২, ৩। শুভৰং বাদামী। অবাঞ্ছিত খৰচে চিন্তাত পেলাব। ব্যৱয়াসত জড়িত যদি মনোযোগ দিয়ক, লাভৱান হ'ব। অস্থিৰ চিন্তাক লাই নিদিব। বন্ধু-বান্ধৱৰ লগত ভালেই।

Share This