ডিজিটেল ডেস্ক : পায়েল নাথ নামৰ মহিলাগৰাকীৰ মৃত্যুবে পুনৰ এবাৰ কৃত্রিম বানৰ সময়ৰ গুৱাহাটীৰ নিৰাপত্তাহীন অৱস্থাটোক উন্মোচিত কৰিলে। দেওবাৰ (১৯ এপ্রিল) ৰ নিশাৰ বৰষুণ এজাকত মহানগৰীখনৰ বহু স্থানত এবুকু-একঁকাল পর্যন্ত পানীয়ে যি বিভীষিকাৰ সৃষ্টি কৰিলে আৰু যেনেকৈ মহানগৰীখনৰ জীৱন-যাত্রা স্তব্ধ কৰি পেলালে, সেই অৱস্থাটোৰ পাছত এই মহানগৰীখন যে 'স্মার্ট চিটি' হ'বলৈ গৈ আছে সেয়া হাস্যস্পদ কথা যেনহে লাগে। প্রসংগক্রমে উল্লেখ কৰা ভাল হ'ব যে ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰে দেশৰ কিছুমান মহানগৰীক 'স্মার্ট চিটি' কৰাৰ লক্ষ্যৰে এক প্রকল্প আৰম্ভ কৰিছিল। তাৰ ভিতৰত গুৱাহাটীও অন্যতম। যোৱা ১০ বছৰত এই 'স্মার্ট চিটি'ৰ নামত শ শ কোটি টকা ব্যয় কৰা হৈছে। শুনা মতে গুৱাহাটীৰ স্মার্ট চিটি প্রকল্পৰ ৫০ শতাংশ কাম সম্পূর্ণ হৈছে। সেয়েহে, ধাৰণা কৰিব পাৰি যে অহা ৫-৬ বছৰত বাকীখিনি কামো সম্পূর্ণ হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ অভিলেখত আনুষ্ঠানিকভাবে গুৱাহাটী স্মার্ট চিটি ৰূপে বিবেচিত হ'ব। কিন্তু প্রশ্ন হৈছে- স্মার্ট চিটিৰ কি কি কাম গুৱাহাটীত সম্পূর্ণ হৈছে? জনা মতে 'স্মার্ট চিটি প্রকল্প'ত গুৱাহাটীৰ কৃত্রিম বানৰ ব্যৱস্থাপনাকো অন্যতম অংশ হিচাপে সামৰি লোৱা হৈছে। এই ক্ষেত্ৰত কামৰ অগ্রগতি কিমান সেয়া পাচে মহানগৰবাসীৰ বোধগম্য হোৱা নাই। সেয়েহে, দেওবাৰৰ নিশাৰ বৰষুণজাকৰ পাছত গুৱাহাটীৰ অৱস্থাটোক 'স্মার্ট চির্টি'ৰ প্রতি এক ভেঙুচালি বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহ'ব। দেওবাৰে নিশা কৃত্রিম বানৰ মাজত নলাত সোমাই উটি গৈ পায়েল নাথ নামৰ মহিলাগৰাকীৰ মৃত্যু হোৱা ঘটনাটোরে কেৱল 'স্মার্ট চিটি'ৰ অভিধাটোকে প্রশ্নলৈ অনা নাই, মহানগৰ প্ৰশাসনৰ দায়বদ্ধতাক লৈও প্রশ্ন উত্থাপন হৈছে। মহানগৰবাসীয়ে কৃত্রিম বানত দুর্ভোগ ভোগাটো নতুন কথা নহয়। অপৰিকল্পিত সম্প্ৰসাৰণ, উপযুক্ত নলা-নর্দমাৰ অভার, জলাশয় নির্মূল আদি কাণ্ডবিলাকৰ বাবেই কৃত্রিম বানৰ সমস্যাটোরে দিনকদিনে জটিল ৰূপ ধাৰণ কৰি গৈ আছে।
মহানগৰীক কৃত্রিম বানমুক্ত কৰা হ'ব বুলি বহু সময়ত প্রতিশ্রুতি দিয়া হয় যদিও, এয়া যে অবাস্তৱ কথা সেয়া সাধাৰণ জ্ঞানেৰেই বুজি পোৱা যায়। বান ৰু দলধিব নোৱাৰিলেও দুর্যোগৰ সময়ত মহানগৰবাসীক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰাটো মহানগৰ প্ৰশাসনৰ দায়িত্ব। কিন্তু এই দায়িত্ব পালনত মহানগৰ প্রশাসনে সদায়েই ব্যর্থতা প্রদর্শন কৰি আহিছে। উন্মুক্ত নলাত সোমাই প্রায় প্রতিবছৰেই এজন-দুজন লোকে প্রাণ হেৰুৱাই আহিছে। কিন্তু আজিলৈকে মহানগৰ প্রশাসন তথা চৰকাৰে মহানগৰীৰ ফুটপাথবোৰ আৰু নলাবোৰ সম্পূৰ্ণ বিপদমুক্ত কৰি তুলিব নোৱাৰিলে। যিকেইটা স্পর্শকাতৰ স্থানত এনে ঘটনা ঘটাৰ আশংকা বেছি সেই স্থানবোৰ এতিয়া সকলোৱেই জানে। সেই স্থানবোৰত কৃত্রিম বান হ'ব পৰা বৰষুণৰ সময়ত এছ ডি আৰ এফকে ধৰি দুৰ্যোগ ব্যৱস্থাপনাৰ মানুহ, আৰক্ষীৰ দল নিয়োগ কৰা উচিত আছিল। কিন্তু দোপালপিটা বৰষুণ আৰু কৃত্রিম বানৰ মাজত যেতিয়া অগণন মানুহে হাহাকাৰ কৰি থাকে সেই সময়ত মহানগৰ প্ৰশাসনৰ অস্তিত্ব ক'তো বিচাৰি পোৱা নাযায়। চুলিৰ আগত জীউটো বান্ধি দুর্যোগগ্রস্ত মানুহে নিজৰ গন্তব্য স্থানলৈ যাবলৈ চেষ্টা কৰিব লগা হয়। দেওবাৰৰ নিশা সেই অৱস্থাৰে পুনৰাবৃত্তি ঘটিছিল আৰু পায়েল নাথ নামৰ মহিলাগৰাকী সেই পৰিস্থিতিৰে বলি হ'ব লগা হ'ল। কিছুদিনৰ আগতে মহানগৰৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে গুৱাহাটীক কেনেকৈ বানমুক্ত কৰিব তাৰ এক 'পাৱাৰ পইন্ট প্রেজেন্টেশ্যন' একাংশ সাংবাদিকৰ আগত দিছিল। তেতিয়া মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে মহানগৰীৰ পানী ওলাই যাব পৰা স্থান কিছুমান মানুহে বেদখল কৰি ৰাখিছে, সেই মানুহৰ মুখলৈ নোচোৱাকৈ উচ্ছেদ চলাই স্থানবোৰ মুক্ত কৰাৰ লগতে মহানগৰীৰ বৰষুণৰ পানী বাহিৰলৈ বোৱাই নিয়াৰ ব্যৱস্থা কৰা হ'ব। মন্ত্ৰীৰ সেই ঘোষণা কার্যকৰী হ'লনে বা পানী ওলাই যোৱা স্থানবোৰ মুক্ত হ'ল নে নাই সেয়া পাচে আজিলৈকে জানিব পৰা নগ'ল। বানমুক্ত গুৱাহাটীৰ কথা কৈ থকা হৈছে যদিও মহানগৰীত এই সমস্যা বছৰে বছৰে বাঢ়ি গৈ আছে।
নতুন নতুন অঞ্চলত কৃত্রিম বানে দুর্যোগৰ সৃষ্টি কৰিছে। এই অভিজ্ঞতাৰ পাছত গুৱাহাটীক কৃত্রিম বানৰ পৰা মুক্ত কৰিবলৈ কেতিয়াবা চৰকাৰ সফল হ'ব বুলি ভাবিব পৰা নাযায়। এনে অৱস্থাত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ সময়ছোৱাৰ ভয়াৱহ অৱস্থাটোৰ সময়ত জনসাধাৰণক নিৰাপত্তা দিয়াটো চৰকাৰে প্ৰাথমিক দায়িত্ব হিচাপে লোৱা উচিত। কৃত্রিম বানৰ সময়ত জনসাধাৰণক নিৰাপত্তা দিয়াব ব্যৱস্থা এটা যদি গুৱাহাটীৰ প্রশাসনে গঢ়ি নোতোলে আৰু নলা-নর্দমা, ফুটপাথবোৰ নিৰাপদ কৰি তুলিব নোৱাৰে তেনেহ'লে প্রতিটো কৃত্রিম বানতে একোগৰাকীকৈ পায়েল নাথে প্রাণ হেৰুওৱাৰ আশংকা থাকি যাব।