আজিৰ সম্পাদকীয়, বিশ্বাসঘাতকতাৰ দলিলৰ ২০০ বছৰ

dainik janambhumi February 24, 2026

ডিজিটেল ডেস্ক: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ আৰু মানৰ মাজত ইয়াণ্ডাবু গাঁৱত সম্পাদিত হোৱা ঐতিহাসিক 'ইয়াণ্ডাবু সন্ধি'ৰ দুশ বছৰ হ'ল। এই চুক্তিয়ে তদানীন্তন আহোম ৰাজ্যত মানৰ লোমহর্ষক সন্ত্ৰাসৰ অধ্যায়ৰ সমাপ্ত কৰি অৱশিষ্ট অসমীয়া জাতি জীয়াই থকাৰ পৰিৱেশ এটা ৰচনা কৰি দিলে ঠিকেই, কিন্তু এই ভূখণ্ডৰ আহোম তথা অন্য স্বাধীন জাতিসত্তাবিলাকৰ ৰাজনৈতিক স্বাধীনতা এই চুক্তিয়ে চিৰদিনলৈ বিলুপ্ত কৰিলে আৰু অন্য এখন অসম সৃষ্টিৰ আধাৰশিলা স্থাপন কৰিলে। 

প্রাপ্ত ইতিহাসত লিপিবদ্ধ তথ্যৰ পৰা ইতিহাস অনুৰাগীসকলে গম পাইছেই যে এই চুক্তিখন আচলতে আছিল তদানীন্তন আহোম ৰাজ্যৰ এচাম ক্ষমতালিপ্সুৰ দেশক কৰা প্ৰতাৰণাৰ পৰিণতিৰ এখন দলিল। সেই সময়ত নামনি অসমৰ দায়িত্বত থকা বদন চন্দ্ৰ বৰফুকনৰ সৈতে ৰাজমন্ত্ৰী পূর্ণানন্দ বুঢ়াগোহাঞিৰ সংঘাতৰ বাবেই অসমে সেই সময়ৰ চৰম দুর্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল। 

বদন চন্দ্ৰ বৰফুকনে ব্রহ্মদেশলৈ গৈ মান সেনাক আমন্ত্ৰণ কৰি আনি অসমত সুমুৱাইছিল। তৎপৰৱৰ্তী সময়ত তিনিবাৰ মানৰ আক্রমণে অসমৰ অৱস্থা কি কৰিলে সেয়া সকলোৱে জানে, দোহৰা নিষ্প্রয়োজন। সেই মানৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পৰিবলৈ আহোম ৰজাই ব্রিটিছক অসমলৈ আদৰি আনিলে। ইংৰাজ আৰু মান সৈন্যৰ তুমুল যুদ্ধ হ'ল। দুয়োপক্ষৰ বহু সৈন্যৰ মৃত্যু হ'ল আৰু অৱশেষত ইৰাৱতী নৈৰ পাৰৰ ইয়াণ্ডাবুত দুয়োপক্ষৰ চুক্তিখন সম্পাদিত হোৱাত অসমেতো ৰাজনৈতিক অধিকাৰ হেৰুৱালেই, ব্ৰহ্মদেশৰ ওপৰতো তেতিয়াৰ পৰাই ব্ৰিটিছ নিয়ন্ত্ৰণ আৰম্ভ হ'ল। এই অধ্যায়টোৰ বাবে বদন চন্দ্ৰ বৰফুকন মূল দোষী আৰু তেতিয়াৰ পৰাই তেওঁক অসমীয়াই দেশদ্রোহী বদন হিচাপে গণ্য কৰি আহিছে ঠিকেই, কিন্তু তদানীন্তন আহোম ৰাজ্যৰ এই পৰিণতি হোৱাৰ বাবে তেওঁকেই একমাত্র জগৰীয়া বুলি ক'ব পৰা নাযায়। 

আচলতে চ্যুকাফাই গঢ়া অসম বহু আহোম যুঁজাৰুৰ অসামান্য ত্যাগৰ বলত, বহুকেইগৰাকী স্বৰ্গদেউৰ বিচক্ষণ শাসনৰ ফলত এই ভূখণ্ডৰ অপ্রতিদ্বন্দ্বী শক্তি হৈ পৰিছিল যদিও আহোম ৰাজত্বৰ শেষৰ দুটা দশকত ডা-ডাঙৰীয়াসকলৰ মাজৰ সংঘাতে, ইজনে-সিজনৰ বিৰুদ্ধে ৰচনা কৰা ষড়যন্ত্রই সৃষ্টি কৰা অবিশ্বাসৰ পৰিৱেশে আহোম ৰাজত্বৰ ভিতৰখন লাহে লাহে ফোঁপোলা কৰি আনিবলৈ ধৰিছিল। ল'ৰা ৰজাৰ শাসনৰ সময়ৰ পৰিৱেশ, মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ অৰাজক পৰিস্থিতি, ডা-ডাঙৰীয়াৰ মাজৰ ক্ষমতাকেন্দ্ৰিক সংঘাতৰে পৰিণতি। 

ড° লীলা গগৈয়ে তেখেতৰ গ্ৰন্থ 'বেলি মাৰ গ'ল'ত আহোমসকলৰ আত্মঘাতী মানসিকতাক তন্ন-তন্নকৈ উদঙাই দিছে। ক'বলৈ গ'লে আত্মঘাতী ৰাজনীতিয়ে সৃষ্টি কৰা অবিশ্বাসৰ পৰিৱেশৰ বাবে সংঘটিত হোৱা মোৱামৰীয়া বিদ্রোহে আহোম শক্তিৰ কঁকাল পোনাব নোৱৰাকৈ বেঁকা কৰি পেলাইছিল। ১৭বাৰকৈ মুছলমানৰ আক্ৰমণ প্রতিহত কৰিব পৰা আহোমে তেতিয়ালৈ যুঁজিব পৰা শক্তিয়েই হেৰুৱাই পেলাইছিল। সেইবাবেই দুর্বল ৰাজ শক্তিয়ে মানৰ ওচৰত অসহায়ভাৱে আত্মসমর্পণ কৰিবলগীয়া হৈছিল আৰু অসমীয়া জাতিয়ে সন্মুখীন হ'বলগীয়া হৈছিল ইতিহাসৰ আটাইতকৈ দুর্যোগপূর্ণ সময়খিনিৰ। যাৰ বাবে আহোম ৰাজশক্তিৰ গণ্য নকৰাকৈ সম্পাদিত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমীয়াৰ ৰাজনৈতিক স্বাধীনতা চিৰদিনলৈ বিলুপ্ত হৈ পৰিছিল। এতিয়া কোনো কোনো শক্তিয়ে অসমীয়াৰ হৃত স্বাধীনতাৰ পুনৰুদ্ধাৰৰ কথা কয়, ইয়াৰ বাবে সশস্ত্র সংগ্রামো হৈছে, কিন্তু ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী অন্ধকাৰ সময়ত যিদৰে অসম ৰাজনৈতিকভাৱে ভাৰতৰ বুকুত বিলীন হ'ল, স্বাধীনতাৰ যুদ্ধত অসমীয়া আৰু ভাৰতীয়ৰ মানসিক সংযোগ ঘটিল আৰু স্বৰাজোত্তৰ সময়ত ই ভাৰতৰ অভিন্ন অংগ হৈ পৰিল, তাৰ পাছত আৰু এই জাতিয়ে নিজাকৈ ৰাজনৈতিক স্বাধীনতা পাব বুলি ভবাটো অলীক কল্পনা। এনেকুৱা চিন্তাৰ বাবে ৰক্তক্ষয় হ'ব পাৰে, কিন্তু ফল অমূলক। কেৱল অসমেই নহয়, ভাৰতীয় ভূখণ্ডৰ একালৰ বহু স্বাধীন ৰাষ্ট্ৰৰো বেলি ডুব গৈছিল অনুৰূপ ধৰণৰ আত্মঘাতী প্ৰৱণতাৰ বাবেই। 

ইয়াণ্ডাবু সন্ধিয়ে আমাৰ গোলামিৰ পথ ৰচনা কৰিছিল, এতিয়া ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰৰ ক্ষণটোত আমি গুৰুত্ব দিবলগীয়া বিষয়টো হ'ল- অসমীয়া হিচাপে ৰাজনৈতিক স্বাধীনতা আমি পোৱাৰ আশা নাই, কিন্তু জাতি হিচাপে অসমীয়াক জীয়াই ৰখাৰ পথ কি হ'ব? আহোমে গঢ়া ছশ বছৰীয়া অসম বা তাৰো আগৰ অলেখ কীৰ্তিৰে সমৃদ্ধ চাৰি হাজাৰ বছৰৰ অসমৰ ডি এন এৰ প্ৰৱাহ ঘটি থকা এই জাতিসত্তাটোক ভাষিক, সাংস্কৃতিক আৰু অর্থনৈতিকভাৱে সমৃদ্ধ কৰি কেনেকৈ ৰাখিব পৰা যায়, সেইটো আজিৰ তাৰিখত গুৰুত্বপূর্ণ প্রশ্ন।

দুশ বছৰৰ আগৰ বীৰত্বপূৰ্ণ, গৰিমামণ্ডিত ইতিহাসসমৃদ্ধ, আত্মনিৰ্ভৰশীল জাতিটোৰ আজি কি আছে, সেয়া সকলোৱে জানে। অবাৰিত প্ৰব্ৰজনে ইয়াৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বক সংকটাপন্ন কৰি তুলিছে। থলুৱা বহু ভাষা-সংস্কৃতি বিলুপ্তিৰ গৰাহত। নিজা অর্থনৈতিক শক্তি আমাৰ নোহোৱাৰ দৰেই। যি অসমীয়াই এদিন ঐক্যবদ্ধ হৈ শক্তিশালী বহিঃ আক্রমণ প্রতিহত কৰিছিল, সেই অসমীয়াৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত অন্তহীন সংঘাত। এনে এক অৱস্থাৰ মাজত জাতিটোৰ ভৱিষ্যৎ কিমান সুৰক্ষিত, সেই প্ৰশ্নৰ মীমাংসা হোৱা নাই। কি পৰিস্থিতিয়ে অসমীয়াক ইয়াণ্ডাবু সন্ধিৰ অনাকাংক্ষিত অৱস্থালৈ লৈ গৈছিল, সেই কেৰোণবোৰ আজিও জাতীয় জীৱনত বিদ্যমান। এই পটভূমিত সেই ইতিহাসৰ পৰা শিক্ষা লৈ আমি আগবাঢ়িব পাৰিলেহে অৱশিষ্ট অসমীয়া জাতিসত্তা ৰক্ষা পৰাৰ অৱকাশ থাকিব।

Share This