ডিজিটেল ডেস্ক : ভাৰতবৰ্ষৰ স্বাস্থ্য জগতখনৰ ছবি বিগত কিছু বছৰত দ্রুত পৰিৱৰ্তন হৈছে। চৰকাৰৰ প্ৰচেষ্টাত, জনসাধাৰণৰ সচেতনতাত একাধিক সংক্ৰামক ৰোগৰ নিয়ন্ত্ৰণ ঘটিছে, প্রকোপ কমিছে। দৰাচলতে প্রায় ১৪০ কোটি জনসংখ্যাৰ এই বিশাল দেশখনৰ জনস্বাস্থ্য ক্ষেত্ৰখন বৈচিত্র্যপূৰ্ণ আৰু প্ৰত্যাহ্বানেৰে ভৰা। বিগত কেইটামান দশকত ভাৰতে চিকিৎসা সেৱা, আন্তঃগাঁথনি আৰু গড় আয়ুস বৃদ্ধিৰ ক্ষেত্রত উল্লেখযোগ্য সফলতা অর্জন কৰিছে যদিও এতিয়াও এক বৃহৎসংখ্যক লোকৰ বাবে উন্নত স্বাস্থ্য সেৱা লাভ কৰাটো এক কঠিন প্রত্যাহ্বানেই হৈ আছে। তথাপি গড় আয়ুস বৃদ্ধি, মাৰাত্মক ৰোগ নির্মূলকৰণ, মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস আদি বিশেষভাৱে উল্লেখযোগ্য দিশ।
মন কৰিব লগীয়া যে ১৯৪৭ চনত ভাৰতীয় গড় আয়ুস আছিল ৩২বছৰ, বৰ্তমান ভাৰতীয়ৰ গড় আয়ুস বৃদ্ধি হৈ প্রায় ৭০ বছৰ হৈছেহি। সেইদৰে পলিঅ' আৰু বসন্তৰ দৰে ৰোগ নির্মূল কৰা আৰু বহু সংক্ৰামক ৰোগক নিয়ন্ত্ৰণ কৰিব পৰাটোও ভাৰতৰ স্বাস্থ্য জগতৰ যোগাত্মক বার্তা। কিন্তু এইবোৰ যোগাত্মক বাৰ্তাৰ বিপৰীতে ভাৰতীয় স্বাস্থ্যজগত সন্মুখীন হৈছে নতুন প্রত্যাহ্বানৰ। জীৱন শৈলীজনিত ৰোগে অনেক ভাৰতীয়ৰ জীৱন যাত্ৰাৰ মান ক্ষুণ্ণ কৰিছে। অলপতে প্রকাশিত জাতীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ৬ত প্রকাশ পোৱা মতে, দেশত ডায়েবেটিছ বা মধুমেহ ৰোগ ব্যাপক হাৰত বৃদ্ধি পাইছে। এতিয়া প্রতি ৬জন লোকৰ মাজৰ এজন ভাৰতীয়ৰ তেজত শৰ্কৰাৰ মাত্রা বেছি। সমীক্ষা অনুসৰি, প্রায় ৩০শতাংশ ভাৰতীয় স্থূলতাৰ সমস্যাত ভুগিছে। এই দুয়োবিধ সমস্যাই মিলি এনেকুৱা এক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে যে উচ্চ ৰক্তচাপ, হৃদৰোগ, কিডনী আদিৰ দৰে সমস্যা, আনকি কেঞ্চাৰৰ সম্ভাৱনাও ক্রমবর্ধমান হৈ পৰিছে।
আয় বৃদ্ধি, নগৰীকৰণ তথা জীৱনশৈলীৰ পৰিৱৰ্তনৰ সৈতে তাল মিলাই ৰোগ-ব্যাধিৰ জগতত এনে পৰিৱৰ্তন উন্নয়নশীল দেশ এখনৰ বাবে আচহুৱা নহয়। কিন্তু ভাৰতৰ ক্ষেত্ৰত সমস্যাটো অলপ জটিল। নতুন সমস্যাৰ আগমন ঘটিলেও অপুষ্টিৰ পুৰণি বিপদ এতিয়াও দেশখনৰ পৰা আঁতৰা নাই। চৰকাৰী তথ্যত শিশুৰ পুষ্টিৰ ক্ষেত্ৰত উন্নতি হোৱা দেখা গ'লেও বাস্তৱ সত্যটো হ'ল ৩১ শতাংশ শিশুৰ ওজন আজিও পর্যাপ্ত নহয়। দেশৰ ৫বছৰ অনূর্ধ্বৰ প্ৰায় ৩৫.৫ শতাংশ শিশু বয়সৰ তুলনাত কম উচ্চতাৰ আৰু ৩২.১ শতাংশ শিশু বয়সৰ তুলনাত কম ওজনৰ। সমীক্ষাত দেখা গৈছে ৮০ শতাংশ সদ্যোজাত যথাযথ তথা সুষম আহাৰৰ পৰা বঞ্চিত। একে সময়তে দেশৰ ১৫ৰ পৰা ৪৯ বয়সৰ আধাতকৈও অধিক (প্রায় ৫৭%) মহিলা ৰক্তহীনতা বা এনিমিয়াত ভুগিছে। ইফালে, চৰম বৈপৰীত্যৰ এইখন দেশত আকৌ শিশুৰ স্থূলতাৰ সমস্যাও বাঢ়িছে। একালত কেৱল ধনী দেশসমূহৰ সমস্যা বুলি ভবা এই ব্যাধিয়ে এতিয়া ভাৰতৰ মহানগৰতো বাদেই, মফচলীয়, আনকি গ্রামাঞ্চলৰ শিশুসকলকো ব্যাপকভাৱে আক্রান্ত কৰিছে।
এক গোলকীয় সমীক্ষা অনুসৰি, চীনৰ পাছতেই ভাৰত বিশ্বৰ দ্বিতীয় সর্বাধিক মেদবহুল শিশু থকা দেশ হিচাপে পৰিগণিত হৈছে। বর্ল্ড অ'বেচিটি ফেডাৰেশ্যনৰ এক প্রতিবদেন অনুসৰি, বৰ্তমানৰ হাৰ অক্ষুণ্ণ থাকিলে ২০৩৫ চনৰ ভিতৰত ভাৰতত শিশুৰ মেদবহুলতা বৃদ্ধিৰ বাৰ্ষিক হাৰ ৯.১% হ'ব পাৰেগৈ, যিটো অত্যন্ত আশংকাজনক। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ অনুসৰি বিগত ৫ বছৰত ৫ বছৰ অনূর্ধ্বৰ শিশুৰ মাজত মেদবহুলতাৰ হাৰ ২.১%ৰ পৰা ২.৮লৈ বৃদ্ধি পাইছে।
পুষ্টিহীনতা আৰু মেদবহুলতা- আপাত দৃষ্টিত দুটা বিপৰীত দিশৰ সমস্যাৰ সৈতে একে সময়তে যুঁজিব লগা হৈছে দেশখনে। অৱশ্যে এইক্ষেত্রত ভাৰত অকলশৰীয়া নহয়, এছিয়াৰ একাধিক দেশ সম্মুখীন হ'ব লগা হৈছে এই সংকটৰ। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক 'পুষ্টিহীনতাৰ দ্বিমুখী বোজা' বুলি কোৱা হয়। ইতিমধ্যে চৰকাৰে পোষণ অভিযান, সংহত শিশু উন্নয়ন সেৱা, পি এম পোষণ, ফিট ইণ্ডিয়া আন্দোলনৰ দৰে একাধিক আঁচনি গ্রহণ কৰিছে যদিও কেৱল চৰকাৰী আঁচনিয়ে এই দুমুখীয়া সংকট সম্পূর্ণৰূপে মোচন কৰিব নোৱাৰে। ইয়াৰ বাবে এক সামুহিক প্রয়াসৰো অতি প্রয়োজন। মাতৃ আৰু পৰিয়ালত সন্তুলিত আহাৰ বা সুষম খাদ্যৰ কথা বুজিব লাগিব, জাংক ফুড নিয়ন্ত্রণ কৰিব পাৰিব লাগিব, শাৰীৰিক শিক্ষা হ'ব লাগিব বাধ্যতামূলক। আমি সকলোৱে মনত ৰাখিব লাগিব অপুষ্টিৰ কবলৰ পৰা শিশুক মুক্ত কৰা আৰু মেদবহুলতাৰ দৰে আধুনিক ব্যাধিৰ পৰা আঁতৰাই ৰখাটো বৰ্তমান সময়ৰ সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান। 'সুস্থ শিশু, সুস্থ ভাৰত'- এই সংকল্প বাস্তৱায়িত কৰিবলৈ চৰকাৰ, সমাজ আৰু প্ৰতিগৰাকী অভিভাৱক সচেতনভাবে একত্রিত হৈ কাম কৰাৰ সময় এয়া।