ডিজিটেল ডেস্ক: প্রাকৃতিক সম্পদৰ ৰম্যভূমি উত্তৰ-পূৰ্বাঞ্চল। দৰাচলতে দেশৰ প্ৰাকৃতিক আৰু সাংস্কৃতিকভাবে সমৃদ্ধিশালী অঞ্চলসমূহৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য এই উত্তৰ-পূৰ্বাঞ্চল।
অসমৰ কাজিৰঙা, কামাখ্যা, মণিপুৰৰ লকটাক হ্রদ, মেঘালয়ৰ গছৰ শিপাৰ দলং, অৰুণাচলৰ বৌদ্ধ মঠ-মন্দিৰ আদিৰ উপৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে মনোমোহা প্রাকৃতিক সৌন্দর্য দেশৰ অন্যান্য পর্যটন ক্ষেত্ৰসমূহৰ সৈতে প্রতিযোগিতাত নামিব পৰাকৈ যোগ্য। কিন্তু দেশৰ পৰ্যটন ক্ষেত্ৰৰ ধাৰাবাহিক প্ৰসাৰ আৰু আন্তঃগাঁথনিৰ উন্নয়ন হোৱাৰ পাছতো দেশৰ পৰ্যটনৰ এক ক্ষুদ্র অংশহে মাথোঁ আৱৰিব পাৰিছে উত্তৰ-পূৰ্বাঞ্চলে।
তথ্য অনুসৰি, ২০২৪ চনত দেশৰ পৰ্যটন উদ্যোগৰ ভিতৰত উত্তৰ-পূর্বাঞ্চলে মুঠ ঘৰুৱা পৰ্যটকৰ মাত্র ০.৪৩ শতাংশ আৰু বিদেশী পৰ্যটকৰ ১.১৭শতাংশহে লাভ কৰিছিল। দেশৰ পৰ্যটনৰ শেষ সীমাৰূপে অভিহিত অঞ্চলটোৰ বাবে এই পৰিসংখ্যা আকর্ষণীয় যদিও আশাপ্রদ বা বাঞ্ছিত নহয়। পর্যটকক মুগ্ধ কৰিব পৰা আমাৰ বিপুল সম্ভাৰে ইয়াতকৈ বহু বেছি পৰ্যটকৰ আশা কৰে, দাবী কৰে। এটা সময়ত সন্ত্রাসবাদ, অস্থিৰ পৰিস্থিতি ইত্যাদিক অসমকে ধৰি উত্তৰ-পূবৰ আন ঠাইসমূহলৈ পর্যটক নহাৰ অন্যতম কাৰণ বুলি বিশ্লেষণ কৰা হৈছিল যদিও শেহতীয়া কিছু বছৰত এই বাতাৱৰণ সলনি হৈ পৰিস্থিতি পৰ্যটনৰ অনুকূল হৈছে। এনে প্রেক্ষাপটত পৰ্যটকৰ সংখ্যা বিগত কিছু বছৰত বাঢ়িছে যদিও ভাৰতৰ অন্যান্য পর্যটন ক্ষেত্ৰৰ তুলনাত এই হাৰ একেবাৰে নগণ্য। প্রকাশিত তথ্য মতে, ২০২৪ চনত উত্তৰ-পূবলৈ প্রায় ১ কোটি ২৭ লাখ ঘৰুৱা পৰ্যটকৰ আগমন হৈছিল। এই সংখ্যা দেশৰ অন্যান্য পর্যটন ক্ষেত্ৰসমূহৰ তুলনাত যথেষ্ট কম।
স্বাভাৱিকতেই প্রশ্ন উঠে, পৰ্যটকক আকৰ্ষণ কৰিব পৰা বিপুল সম্ভাৰ থকাৰ পাছতো অঞ্চলটোলৈ পৰ্যটনৰ আগমন আশানুৰূপ নহয় কিয়? উত্তৰ-পূৰ্বাঞ্চলৰ, বিশেষকৈ অসমৰ পৰ্যটনৰ বিকাশত বাধা ক'ত?
বিশ্লেষণ কৰিলে দেখা যায় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি পৰ্যটকৰ আগ্ৰহৰ অভাৱ নাই, অভাৱ প্রয়োজনীয় সুবিধাৰহে। অঞ্চলটোত, বিশেষকৈ উল্লেখযোগ্য পর্যটন থলীসমূহত ৰাত্রি যাপনৰ উপযোগী বিভিন্ন স্তৰৰ হোটেল, আৱাসৰ ব্যৱস্থা ইতিমধ্যে হৈছে যদিও যাতায়াত, বিশেষকৈ বিমান যাতায়াতৰ আকাশলংঘী ভাৰাই পৰ্যটকক সদায়েই নিৰুৎসাহীও কৰি আহিছে। অৱশ্যে এইখিনিতে উল্লেখযোগ্য যে ভাৰত চৰকাৰে ইতিমধ্যে বিভিন্ন আঁচনিৰ অধীনত উত্তৰ-পূবৰ বিভিন্ন ঠাইলৈ বিমান সংযোগ সম্প্ৰসাৰণ কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নতুন বিমান পথ কাৰ্যকৰী কৰিছে। নিঃসন্দেহে এয়া এক ভাল পদক্ষেপ। কেৱল পর্যটকেই নহয়, অঞ্চলটোৰ জনসাধাৰণো ইয়াৰ পৰা উপকৃত হৈছে। ফলস্বৰূপে শেহতীয়া বছৰসমূহত অঞ্চলটোৰ বিমান যাত্রীয়ে অভিলেখ কৰিছে বুলি ক'ব পাৰি।
বিমান বন্দৰসমূহো উন্নত কৰা হৈছে। কিন্তু ইয়াৰ পাছতো বিমানৰ অত্যধিক ভাৰা অঞ্চলটোৰ জনসাধাৰণ আৰু ইয়ালৈ আহিব খোজা আগ্রহী পর্যটকক সদায়েই আহুকালত পেলাই আহিছে। বিমানৰ ভাৰাক লৈ যাত্ৰীৰ মাজত প্ৰায়ে অসন্তুষ্টিৰ উমান পোৱা যায়। ডিব্ৰুগড়, যোৰহাট, ইম্ফল বা আইজল আদিৰ দৰে চহৰলৈ বিমানৰ ভাৰা তুলনামূলক দূৰত্বৰ গোৱা, জয়পুৰ বা কোচিৰ দৰে স্থানলৈ হোৱা ভাৰাতকৈ বহু বেছি। এই অত্যধিক ভাৰাই অঞ্চলটোৰ যাত্রী তথা ইয়ালৈ আহিবলৈ আগ্রহী হোৱা পৰ্যটকৰ ক্ষেত্ৰত প্ৰায়ে বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। ইয়াৰ পৰিণাম ভুগিব লগা হৈছে উত্তৰ-পূবৰ পৰ্যটন ক্ষেত্রই। এই কথা অস্বীকাৰ কৰাৰ উপায় নাই যে ব্যস্ত জীবনযাত্রাত আৰু সুচল যাতায়াতৰ স্বাৰ্থত অধিকাংশ পর্যটক অথবা যাত্ৰীৰ প্ৰথম পচন্দ সদায়েই বিমান সেৱা। যিসকলে বিমান সেৱাৰ সুবিধা গ্রহণ কৰা নাই, সেই অধিকাংশৰে সমস্যা বিমানৰ বৰ্ধিত ভাৰাহে। ভাৰা সাধ্যৰ ভিতৰত হ'লে তেওঁলোকে নিশ্চয় বিমান যাত্রা কৰিবলৈ আগ্রহী হ'ব।
পাহৰি গ'লে নহ'ব পর্যটন এনে এটা উদ্যোগ, য'ত সহজ আৰু সুলভ যাত্রা এক গুৰুত্বপূৰ্ণ কাৰকৰূপে পৰিগণিত হয়। বিশেষকৈ মধ্যবিত্ত পৰ্যটকৰ বাবে সমগ্র ভ্রমণটোত হ'ব পৰা যাতায়াতী ব্যয়ে পর্যটন ক্ষেত্র নির্বাচনৰ দিশত প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰে। অধিকাংশ পর্যটকেই বিচাৰে কিমান কম খৰচত স্বাচ্ছন্দ্যৰে ভ্ৰমণ সম্পূৰ্ণ কৰিব পাৰি। দেখা যায় হিমাচল প্রদেশ, কেৰালা, ৰাজস্থান আদি পৰ্যটকৰ আকৰ্ষণৰ থলীবোৰ কেৱল ইয়াৰ সৌন্দৰ্যৰ বাবেই জনপ্রিয় নহয়, বৰঞ্চ এই স্থানসমূহলৈ সুচল যাতায়াত ইয়াৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ।
অসমলৈ বিমান ভাৰা বেছি- সেয়া সততে উল্লিখিত এক ৰাজহুৱা অভিযোগো। পৰ্যটক, সাধাৰণ যাত্ৰী সকলোৱেই ইয়াৰ ভুক্তভোগী। এনেক্ষেত্ৰত সাধাৰণ যাত্ৰীৰ উপকাৰ হোৱাকৈ আৰু ৰাজ্য তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰে বিষয়টো গুৰুত্ব দিব লাগে। অঞ্চলটোৰ সাংসদসকলেও বিষয়টো চৰকাৰৰ দৃষ্টিলৈ আনক- ৰাইজৰ উপকাৰ হ'ব।