আজিৰ সম্পাদকীয়, মিত্ৰতা 

dainik janambhumi March 11, 2026

ডিজিটেল ডেস্ক: ভাৰতীয় ৰাজনীতিত 'মিত্রতা' এক এৰাব নোৱৰা শব্দ হৈ পৰিছে যদিও সামাজিক জীৱনৰ সমান্তৰালকৈ ৰাজনৈতিক ক্ষেত্ৰতো ভোগ-ক্ষমতা-প্রতিপত্তি আদি শব্দবোৰৰ গুৰুত্ব বৃদ্ধি পাই অহাৰ লগে লগে কোন কাৰ মিত্র, কোন কাৰ শত্ৰু সেয়া ঠাৱৰ কৰাটো কঠিন হৈ পৰিছে। 

মানুহৰ মাজৰ মিত্ৰতা যেনেকৈ প্রয়োজনৰ ভিত্তিত গঢ় লয়, সাম্প্রতিক ৰাজনীতিতো মিত্ৰতাৰ মুখ্য কাৰণ হ'ল ক্ষমতা আহৰণ। ক্ষমতাত বর্তি থাকিবৰ বাবে অথবা কাৰোবাক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত ৰাজনৈতিক মিত্রতা হ'লেও কিছুদিন আগলৈকে ৰাজনৈতিক মিত্ৰতাৰ ক্ষেত্ৰত মতাদৰ্শৰ মিলক গুৰুত্ব দিয়া হৈছিল। কিন্তু এতিয়া ভাৰতীয় ৰাজনীতিৰ 'মিত্ৰতা'ৰ ক্ষেত্ৰত মতাদর্শ লাহে লাহে অচল হৈ পৰাৰ উপক্ৰম ঘটা পৰিলক্ষিত হৈছে। সম্প্ৰতি অসম বিধানসভাৰ আগত নির্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্রত 'মিত্রতা' আৰু 'শত্রুতা'ৰ যিবোৰ নাটক ৰাইজে দেখি আছে তাৰ পৰা ৰাজনৈতিক মিত্ৰতাক লৈ উচ্চ ধাৰণা ল'ব পৰাৰ কোনো পৰিৱেশতো নায়েই, বৰঞ্চ মানুহ বিভ্রান্তহে হৈছে। 

ভাৰতীয় গণতন্ত্ৰৰ বৈশিষ্ট্য হৈছে বহুদলীয় ব্যৱস্থাটো। ইয়েই বিশ্বৰ সন্মুখত ভাৰতৰ গণতন্ত্রক মহীয়ান কৰি ৰাখিছে। ইয়াৰ প্ৰধান ৰাজনৈতিক দলবিলাক গঠন হৈছিল আদৰ্শৰ ভিত্তিত। স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছ ৰাজনৈতিক দল নাছিল, আছিল সংগ্ৰামৰ এখন মঞ্চ। তাত ভিন্ন মতাদৰ্শৰ বাওঁপন্থী, সোঁপন্থী, নৰমপন্থী, চৰমপন্থী, ধৰ্মনিৰপেক্ষ পক্ষসমূহৰ মিলন ঘটিছিল একমাত্ৰ দেশৰ স্বাধীনতাৰ বাবে কৰা সংগ্ৰামৰৰ বাবে। স্বাধীনতাৰ পাছত যেতিয়া নিৰ্বাচনী ৰাজনীতিৰ কথা আহিল, তেতিয়া মতাদর্শভেদে দলবোৰ পৃথক হৈ পৰিল। আজি দেশত আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল ৰূপে উত্থান ঘটা বিজেপিৰ ৰাজনৈতিক দল ৰূপে উন্মেষৰ সময়ো আছিল সেইখিনিয়েই। 

শ্যামা প্রসাদ মুখার্জীৰ নেতৃত্বত জনসংঘ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ পৰা ওলাই আহিছিল একমাত্ৰ আদৰ্শগত কাৰণত। আদর্শগত কাৰণতে বাওঁ দলবিলাকৰো বিভাজন ঘটি বিভিন্ন বাওঁপন্থী দলৰ জন্ম হৈছিল। কংগ্ৰেছৰ সমাজবাদী আদর্শবাদীসকলে গঠন কৰিছিল বিভিন্ন সমাজবাদী মতাদৰ্শৰ দল। এইবোৰৰ সমন্বয়েৰে সৃষ্টি হোৱা ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাটো সেয়েহে বহুৰঙী ফুলৰ দৰে সুন্দৰ ৰূপত উজলি আছিল। সেই দলবোৰৰ মাজত আদর্শগত প্রভেদ আছিল যদিও ব্যক্তিগত সংঘাত নাছিল। সেই ভিন্ন মতাদৰ্শৰ দলেৰে জাতিষ্কাৰত ৰতীয় ৰাজনীতিলৈ মিত্ৰতাৰ ধাৰাটো আহিছিল আশীৰ দশকত। সেই দশকটো আছিল ভাৰতীয় ৰাজনীতিৰ ৰূপান্তৰৰ দশক। 

ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ শাসনক স্বৈৰাচাৰী আখ্যা দি সেই শাসনক উৎখাত কৰাৰ বাবে বিৰোধী দলসমূহ তৎপৰ হৈ পৰিছিল। ইন্দিৰা গান্ধীয়ে তেতিয়া দেশত জৰুৰী অৱস্থা ঘোষণা কৰি বিৰোধী শক্তি সমূহক দমন কৰিবলৈ আৰম্ভ কৰা অভিযানে বিৰোধী ৰাজনৈতিক দলবিলাকক ঐক্যবদ্ধ হোৱাৰ এক পটভূমি ৰচনা কৰি দিছিল। জয়প্রকাশ নাৰায়ণৰ নেতৃত্বৰ 'সম্পূৰ্ণ ক্রান্তি' আন্দোলনৰ বাবেই সম্ভৱ হৈ উঠিছিল সেই প্রচেষ্টা। সেই পটভূমিত কেইবাটাও ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ গঠন কৰা জনতা পার্টিয়েই দেশত সূচনা কৰিছিল মিত্ৰতাৰ ৰাজনীতিৰ ধাৰা। 

কালান্তৰত বহু ঘটনাৰ প্ৰৱাহ, ঘাত প্রতিঘাতৰ বাবে মিত্ৰতাৰ চৰিত্ৰ সলনি হ'লেও মিত্ৰতাৰ ৰাজনীতিৰ প্ৰৱাহ অব্যাহত আছে। পিছে মিত্ৰতাৰ ধাৰাটোহে অব্যাহত আছে যদিও মিত্ৰতাৰ আদৰ্শগত আধাৰৰ পৰিৱৰ্তে এতিয়া ক্ষমতাৰ অংকই প্রাধান্য পোৱাত আচলতে বেছিভাগ মিত্ৰতাই চৰিত্ৰহীন হৈ পৰিছে। আগতে মিত্ৰতাৰ ভেটিটো গঢ়িবলৈ 'ন্যূনতম উমৈহতীয়া কাৰ্যসূচী' নির্ধাৰণ কৰি লোৱা হৈছিল যাতে প্ৰতিটো মিত্ৰ দলৰ স্বাৰ্থ সমানুপাতিকভাৱে ৰক্ষা পৰে। এতিয়া কি শাসক, কি বিৰোধী কোনোটো মিত্রজোঁটতে এনেকুৱা বিষয়বিলাকৰ গুৰুত্ব নাই। কেৱল সমষ্টিৰ অংক! দেশৰ দৃশ্যপটলৈ নগৈ অসমৰ ৰাজনীতিৰ নাটকবোৰলৈ চালেই অনুভৱ কৰিব পাৰি মিত্ৰতাৰ নামত চলি থকা আদর্শহীন কর্মকাণ্ডবোৰৰ তৰল অৱস্থাটো। 

অসমৰ বিজেপি-নেতৃত্বাধীন শাসকীয় যি মিত্রজোঁট তাত বি পি এফক বাদ দি বাকী দলকেইটাৰ ভূমিকা একোৱেই চকুত নপৰে। ৰাভা, তিৱা, মিচিং, দলকেইটা নামতহে পৃথক, তেওঁলোক বিজেপিৰ একো একোটা শাখাৰ দৰে, নির্বাচনী প্রতীক চিহ্নও বিজেপিৰে। আনহাতে, দুবাৰকৈ ৰাজ্যৰ শাসনত থকা অগপৰো কৰ্তৃত্ব একপ্ৰকাৰ বিজেপিৰ হাতত থকাৰ দৰে। কোন কেইটা সমষ্টিত দলটোৱে নিৰ্বাচন খেলিবলৈ পাব তাৰ নিৰ্ধাৰণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বইহে। ইফালে, বিৰোধী ঐক্যৰ নামত বছৰ বছৰ ধৰি যি নাটক চলি আছে তাৰ অন্ত ক'ত কোনেও নাজানে। বিজেপিক প্রতিহত কৰা তেওঁলোকৰ লক্ষ্য যদিও সমষ্টিৰ ক্ষেত্ৰত মূল দুটা দল কংগ্ৰেছ আৰু ৰাইজৰ দল বুজাবুজিত উপনীত হ'ব পৰা নাই। ড° হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে উদ্যোগ লৈও এওঁলোকৰ মাজৰ সংঘাত দূৰ কৰিবলৈ আজিলৈকে সক্ষম নহ'ল। গতিকে, এনেধৰণৰ মিত্ৰতাৰ ৰাজনীতিৰ প্ৰতি জনসাধাৰণৰ মোহভংগ ঘটাই স্বাভাৱিক। বিগ ব্রাদাৰৰ কর্তৃত্বত চলা এনে ধৰণৰ মিত্ৰতাৰ ৰাজনীতিয়ে ভাৰতীয় গণতন্ত্ৰৰ সৌষ্ঠৱ আচলতে নষ্টহে কৰিছে। 

আদর্শহীন-দল বাগৰা ৰাজনীতিয়ে ভাৰতীয় ৰাজনীতিৰ পূৰ্বৰ মহত্ত্ব আৰু সৌন্দৰ্যক নষ্ট কৰি পেলোৱাৰ পাছত মিত্ৰতাৰ ৰাজনীতিক লৈ চলা কর্মকাণ্ডবোৰে ৰাজনীতিৰ বিশ্বাসযোগ্যতাও লাহে লাহে নোহোৱা কৰি আহিবলৈ ধৰা পৰিলক্ষিত হৈছে। অসমৰ আজিৰ যি পৰিৱেশ সেয়া দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যতে বিদ্যমান। এনে পৰিস্থিতিত গণতন্ত্ৰৰ সৌন্দৰ্য তথা গুৰুত্ব কেনেকৈ ৰক্ষা পৰিব সেইটোহে চিন্তা কৰিবলগীয়া বিষয়।

Share This