জনতাৰশিল্পী

dainik janambhumi June 20, 2026

ডিজিটেল ডেস্ক : বিষ্ণুপ্ৰসাদ ৰাভা। অসমবাসীৰ বাবে কেৱল এটা নাম নহয়, এটা অনুষ্ঠান। মাটি, মানুহ আৰু জাতিৰ শিল্পী আছিল বিষ্ণু ৰাভা। বিশ্বপ্ৰেম আৰু মানৱপ্ৰেম ৰাভাৰ সিৰে সিৰে প্রৱাহিত হৈ আছিল আৰু সেই বাবেই তেওঁ হালোৱা, হজুৱা, শ্রমিক, কৃষকৰ হিয়াৰ আমঠু হৈ পৰিছিল। অসামান্য প্রতিভাৰ অধিকাৰী এইগৰাকী অসমীয়াৰ আজি মৃত্যুদিন। ৬০ বছৰীয়া এক চমু জীৱনকালতে এক কিংবদন্তিত পৰিণত হৈছিল এইগৰাকী বিৰল প্রতিভাধৰৰ জীৱন। কি নাছিল তেওঁ! একাধাৰে কবি, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, সংগঠক আৰু মুক্তি যুঁজাৰু, নিষ্ঠাৱান ৰাজনৈতিক কর্মী, অভিনেতা, সুদক্ষ খেলুৱৈ, চিত্ৰ পৰিচালক, সংস্কৃতিৰ পূজাৰী। তেওঁৰ অন্যতম সহসংগ্রামী ড° অমলেন্দু গুহই ৰাভাৰ বিষয়ে কৈছিল এইদৰে, 'ৰাভা ধনীৰ শত্রু গৰিবৰ বন্ধু, সৰল বিশ্বাসী, হোজা, নগৰত ধনীৰ ঘৰত আলহী থাকিও অসুবিধা নাপায়, দুখীয়াৰ পঁজাতো অসুবিধা নাপায়।' সঁচাকৈয়ে দেশৰ খাটিখোৱা মেহনতী জনতা, শোষিত-বঞ্চিত কৃষক-বনুৱাৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়ি যোৱাৰ পথত কেইবাবাৰো তেওঁ চৰকাৰৰ ৰোষত পৰিছিল। ২৫০০ বিঘা মাটিৰ গৰাকী হৈও তেওঁ নাছিল কোনো পুঁজিপতি। সেয়ে ড° ভূপেন হাজৰিকাই কৈছিল- '২৫০০ বিঘা মাটিৰ জমিদাৰ হৈও পুঁজিপতি নহয়, গেৰুৱা বসন নিপিন্ধে যদিও সন্যাসী, বিশ্ববিদ্যালয়ত দহোটা-পাঁচোটা গৱেষণা কৰা নাই যদিও গৱেষক-বুৰঞ্জীবিদ, নৃতত্ত্ববিদ। বিপ্লৱী যদিও ৰোমাণ্টিক। তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়, কমিউনিষ্ট হ'লেও ফেনাটিক নহয়, জাতি-বিচাৰ নামানে যদিও ধনী-দুখীয়াৰ বিচাৰ মানে, বয়স তিনি কুৰি হ'লেও মনটো একৈশ বছৰীয়া, স্বদেশী আন্দোলনত জঁপিয়াই পৰা এজন নিষ্ঠাৱান দেশকর্মী।' দুখীয়া, নিচলা, প্রৱঞ্চিত, নিপীড়িত, নির্যাতিত, উপেক্ষিত জনতাৰ কাষত ছাঁৰ দৰে থাকি তেওঁলোকৰ হকে নির্ভীকতাৰে উদাত্ত কণ্ঠৰ গাজনিৰে কঁপাই তোলা এইগৰাকী দূৰন্ত বিপ্লৱী জননেতাই দৰিদ্ৰ জনতাৰ স্বাৰ্থত এখন হাতত অস্ত্র, আনখন হাতত তুলি লৈছিল কলম, তুলিকা। গাইছিল বিপ্লৱৰ গান।

ছাত্ৰ অৱস্থাৰ পৰাই জাতি, মাটি, ভাষা, সংস্কৃতিৰ প্ৰেমত পৰিছিল। জাতিৰ স্বাৰ্থত শাসকীয় পক্ষৰ দ্বাৰা পৰিচালিত শোষণ-দমন-লুণ্ঠনৰ বিৰুদ্ধে মুক্তকণ্ঠে গৰজি উঠিছিল আৰু প্রয়োজনত তেওঁ অকলেই ওলাই আহি শোষক গোষ্ঠীৰ বিৰুদ্ধে যুঁজ দিবলৈ চেষ্টা কৰিছিল। ভিক্টোৰিয়া কলেজৰ একৈশ বছৰ বয়সীয়া ছাত্র বিষ্ণুপ্রসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিছিল। কবিতাটি আছিল-'ৰাজ্যে আছে দুইটি পাঠা, একটি কালো, একটি সাদা। ৰাজ্যেৰ যদি মংগল চাও, দুইটি পাঠায় বলি দাও।' ৰোষত পৰিছিল ৰজাঘৰীয়াৰ। এইগৰাকী ৰাভাই দেশে স্বাধীনতা লাভ কৰাৰ পাছত ক'লে- 'ইয়ে আজাদী ঝুঠা হে।' যাৰ বাবে দেশদ্রোহী হৈ পৰে। ৰজাঘৰে শতৰু জ্ঞান কৰে যদিও, ৰাইজে তেওঁক আশ্রয় দিয়ে। তেওঁ সংগ্রামী জনতাক উদ্বুদ্ধ কৰিবলৈ ৰচনা কৰিছিল-'ব'ল ব'ল ব'ল কৃষক শক্তি দল, অ' বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব'ল'ৰ দৰে কালজয়ী গীতৰ। তেওঁৰ প্ৰায়বোৰ সৃষ্টিতে সমাজৰ শোষিত, বঞ্চিত আৰু নিপীড়িত শ্ৰেণীৰ মর্মবেদনা আৰু তেওঁলোকক ন্যায্য প্রাপ্তিৰ সংগ্ৰামৰ বাবে উদ্বুদ্ধ কৰাৰ চেষ্টা দেখা পোৱা যায়। ৰূপান্তৰৰ পূজাৰী বিষ্ণু ৰাভাই সমন্বয়ৰ বাবে কাম কৰিবলৈ এটা সুন্দৰ পথ বাছি লৈছিল। বিভিন্ন জাতি, জনগোষ্ঠীৰ সোণসেৰীয়া সংস্কৃতি বুটলি ফুৰিছিল। মানুহক মানুহৰ কাষ চপাই অনাৰ চেষ্টা কৰিছিল। বৰ অসমৰ ভেটি নকৈ গঢ়াত মনোনিৱেশ কৰিছিল। সৈনিক শিল্পী বিষ্ণুৰাভাৰ সপোন আছিল এক নতুন সামাজিক আৰু সাংস্কৃতিক ৰূপান্তৰৰ ভেটিত অসমৰ সকলো জনগোষ্ঠীক একগোট কৰাৰ। কিন্তু সপোনৰ পূৰ্ণতা বিচৰাৰ বাটতেই অতি কম বয়সতেই ১৯৬৯ চনৰ ২০ জুনত এইগৰাকী সংগ্রামী শিল্পীৰ মৃত্যু ঘটে। মৃত্যুৰ পাঁচদশকৰ পাছতো ৰাভাদেৱ আজিও আমাৰ মাজত প্ৰাসংগিক। বিষ্ণু ৰাভাৰ মৃত্যুৰ বাতৰিত মর্মাহত হৈ বিশ্ববৰেণ্য লেখক সমাজ-বিজ্ঞানী ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে কৈছিল, 'জীৱন্ত ৰাভাতকৈও মৃত ৰাভাৰ অস্তিত্ব অতি ব্যাপক আৰু মহান।

ইটালিৰ বিশ্ববৰেণ্য চিত্রশিল্পী লিওনার্ডো দ্য ভিঞ্চিতকৈও ৰাভাৰ এটা গুণ বেছি আছিল। কাৰণ তেওঁৰ হাতত আছিল এটা ষ্টেনগান...'। জাতি-জনজাতিৰ সমন্বয়ৰ জীৱন্ত প্রতীক, জনতাৰ শিল্পীগৰাকীৰ মৃত্যুদিন বিশ জুনত প্রতিবছৰে সমগ্ৰ অসমতে মহা ধুমধামেৰে 'বিষ্ণু ৰাভা দিৱস' পালন কৰা হয়। কিন্তু আজি আমাৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত অঁৰিয়াঅঁৰি, বিভেদ এনেভাৱে শিপাইছে যে ৰাভাই দেখা সপোনটো আমি পাহৰি পেলাইছোঁ। যি কৃষকক লৈ তেওঁ সপোন দেখিছিল সেইখন অসমত আজি সকলো কৃষি সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। চৰকাৰী আঁচনিৰ আশাত বন্দী আজিৰ কৃষক। ফলস্বৰূপে কৃষিপথাৰ উদং হৈ পৰি থাকে। এই কথা শিল্পীৰ ক্ষেত্ৰতো খাটে। প্রকৃত শিল্পীৰ মূল্য আজিৰ সময়ত নাই বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। সকলোতে কেৱল জাকজমকতাৰ ভেল্কিবাজি। কেৱল এটা দিনতেই ধুমধামেৰে ৰাভা দিৱস আয়োজন কৰি কেইটামান গীতেৰে তেখেতক শ্রদ্ধা নিবেদন কৰিলেই ৰাভাৰ প্ৰতি প্ৰকৃত শ্রদ্ধা অর্পণ কৰা নহ'ব। নিপীড়িত, বঞ্চিত, কৃষক-বনুৱাৰ উন্নতিৰ বাবে, সমন্বয়ৰ এখন বৰ অসম গঢ়াৰ বাবে ৰাভাৰ যি সপোন, সেই সপোনৰ বাবে কাম কৰিলেহে তেখেতৰ প্রতি প্রকৃত শ্রদ্ধা জনোৱা হ'ব।

Share This