আজিৰ সম্পাদকীয়, অৰুণাচল প্ৰদেশৰ সংকট

dainik janambhumi July 01, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ উত্তৰ-পূব সীমান্তৰ এখন প্ৰদেশ অৰুণাচল প্রদেশ। ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱাৰ পাছত এই জনজাতিপ্রধান পার্বত্য এলেকাক কোৱা হৈছিল উত্তৰ-পূব সীমান্ত এলেকা বা নেফা। অসমৰ উত্তৰ অংশৰ লগত সংযুক্ত এই অঞ্চলৰ যাতায়াত সূচল নাছিল। দেশ স্বাধীন হোৱাৰ পাছত পর্যায়ক্রমে যোগাযোগ ব্যৱস্থাৰ উন্নয়ন ঘটোৱা হৈছিল। অতীতত চীন দেশৰ সীমা স্পৰ্শ কৰাকৈ এখন কেন্দ্ৰীয় ভাৰত ৰাষ্ট্ৰ নাছিল। স্বাধীনতা সংগ্রামেহে আধুনিক ভাৰত ৰাষ্ট্ৰ গঠনৰ পথ মুকলি কৰে। ব্ৰিটিছ অধীকৃত ভাৰতৰ চাৰিসীমা নিৰূপণ কৰিছিল একালত ব্রিটিছ বিষয়াই। ভাৰত-চীনৰ মাজৰ সীমাৰেখা নিৰূপণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে মেকমোহন লাইনে। 

১৯১৪ চনত ছিমলাত তিব্বতৰ প্ৰতিনিধি আৰু ব্ৰিটিছ ভাৰতৰ প্ৰতিনিধিৰ মাজত আলোচনাক্রমে এই সীমাৰেখা নিৰূপণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী কালত তিব্বত চীনৰ অন্তৰ্ভুক্ত হ'ল। নতুনকৈ গঠিত চীন সাম্যবাদী প্রজাতন্ত্রই মেকমোহন লাইনক মানি ল'বলৈ অস্বীকাৰ কৰে। যিহেতু এই চুক্তিত চীনৰ প্রতিনিধি নাছিল। তিব্বতৰ প্রতিনিধিৰে আলোচনাত গৃহীত এই সীমাত সেইবাবেই চীনে অনুমোদন নজনালে। সীমান্তক লৈ তিক্ততা ভাৰত-চীনৰ মাজৰ সম্বন্ধৰ স্বাভাৱিকীকৰণৰ পথত তেতিয়াৰ পৰাই অন্তৰায় হৈ আহিছে। এই তিক্ততাই ১৯৬২ চনত যুদ্ধৰ ৰূপ লৈছিল, স্বাধীনতাৰ প্রায় পোন্ধৰ বছৰৰ পাছত। ভাৰতবৰ্ষ সামৰিকভাৱে শক্তিশালী হৈ উঠিবলৈ তেতিয়াও কিছু বাকী আছিল। জৱাহৰলাল নেহৰুৱে চীনক ভাৰতৰ বন্ধু ৰাষ্ট্ৰৰূপে পাবলৈ সকলো চেষ্টা অব্যাহত ৰখাৰ সময়তে চীনে সীমান্তৰ ভাৰতীয় এলেকাৰ কাশ্মীৰৰ পৰা অৰুণাচললৈকে বিভিন্ন অঞ্চল নিজৰ বুলি দাবী কৰি আহিছে। লাডাখৰ এটা এলেকাৰ পৰা বৰ্তমানেও ভাৰতীয় এলেকা বুলি স্বীকৃত অৰুণাচলৰ বহু অঞ্চল নিজৰ বুলি দাবী কৰিয়েই ক্ষান্ত নাথাকি বলপূর্বক দখললৈ আনিছে। বিৰোধী নেতা ৰাহুল গান্ধীয়ে সীমান্তত চীনৰ আগ্রাসন সম্পর্কত সংসদত বহুবাৰ অভিযোগ আনিছিল, আলোচনাৰ দাবী কৰিছিল। কেন্দ্ৰীয় চৰকাৰে বিষয়টোত আশাপ্রদ সঁহাৰি জনোৱা নাছিল। শেহতীয়াকৈ অৰুণাচল সীমান্তৰ বৃহত্তৰ এলেকাত চীনৰ আগ্রাসন চলা সন্দর্ভত অৰুণাচলৰ ৰাইজৰ পৰাই আপত্তি আহিছে।

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ উপায়ুক্তলৈ নাহে বেলফেয়াৰ ছ'চাইটি নামৰ এটা স্বেচ্ছাসেবী সংগঠনে অঞ্চলটোৰ সীমান্ত অঞ্চলৰ কমেও চাৰি-পাঁচ ঠাইত চীনে চলোৱা নিৰ্মাণকাৰ্যৰ ফটোসহ তথ্য দাখিল কৰি এই ক্ষেত্ৰত শীঘ্রে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। ভাৰতীয় এলেকা স্পষ্ট কৰি নিৰ্মাণ কৰা হৈছে পথ-দলং, গঢ়ি তোলা হৈছে আৱাসিক অঞ্চল। কেৱল সেয়ে নহয়, বৃহৎ সামৰিক ঘাটিও প্রতিষ্ঠা কৰা হৈছে। এই সকলোবোৰ হৈছে যোৱা তিনি-চাৰি বছৰত। এই লৈ অৰুণাচলবাসীৰ উদ্বিগ্নতা বাঢ়িছে। ভাৰতৰ সীমান্তৰক্ষী বাহিনী, সামৰিক বাহিনীৰ উপস্থিতিতে কেনেকৈ এয়া সম্ভৱ হৈছে? উল্লেখযোগ্য যে ভাৰতৰ ভিতৰত সীমান্ত অঞ্চলৰ সুৰক্ষা বিষয়ত যিমান মনোযোগ দিব লাগিছিল, কেন্দ্ৰীয় চৰকাৰে তেনে সতর্কতা অৱলম্বন কৰা নাই বুলি অৰুণাচলী ৰাইজে অনুভৱ কৰিছে। এয়া কেৱল অৰুণাচল প্ৰদেশৰ সমস্যা নহয়, সামগ্রিকভাৱে ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্রশ্নও ইয়াত জড়িত। সেইবাবেই এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰিব লাগে। এনে অভিযোগ উত্থাপন হোৱাৰ লগে লগেই প্ৰতিৰক্ষা মন্ত্ৰীয়ে সীমান্তৰ ঘটনাৰ বুজ ল'বলৈ অঞ্চলটো ভ্রমণ কৰিব লাগে।

অৰুণাচল প্ৰদেশৰ আন এটা সংকট হ'ল শেহতীয়া নদী বান্ধৰ বিপৰ্যয়, অভূতপূর্ব বান আৰু পাহাৰৰ খহনীয়াজনিত পৰিস্থিতি। ইয়াৰ লগত অসমৰো সম্পৰ্ক আছে। অৰুণাচলত একে সময়তে বৃহৎসংখ্যক নদী বান্ধ নির্মাণে প্ৰকৃতিৰ তথা পৰিৱেশতন্ত্ৰত বিৰূপ প্রভাৱ পেলাব, ঠুনুকা পাহাৰৰ গাঁথনি দুৰ্বল কৰি তুলি ভয়াৱহ ভূমিস্খলনৰ বিপদ মাতিব বুলি আগতেই প্রকৃতিবিদ আৰু বিশষজ্ঞসকলে সতৰ্ক কৰি দিছিল। এতিয়া ইতিমধ্যে নির্মাণ সম্পূর্ণ হোৱা বান্ধৰ পৰাই সংকট আৰম্ভ হৈছে। আৰু দুই-তিনি বছৰত আন একাধিক বান্ধৰ নিৰ্মাণ সম্পূর্ণ হ'ব। সংকট-বিপর্যয় যে আৰু বাঢ়িব, তাৰ লক্ষণ ইতিমধ্যে দেখা গৈছে।

অৰুণাচলৰ বান্ধ বিপর্যয়, আকস্মিকভাৱে এৰি দিয়া পানী, পাহাৰ খহি নদীয়েদি উটি অহা মাটি-বালিৰ পৰা অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আদি জিলাত প্রবল বানৰ সৃষ্টি কৰাৰ লগতে পথ-দলং উটুৱাই নিছে, কৃষিভূমি, আৱাসিক অঞ্চল নষ্ট কৰিছে। নৈৰ বুকু পাহাৰৰ মাটিয়ে পুতি বাম কৰিছে। এয়া সাধাৰণ কথা নহয়। বান্ধৰ পৰা উৎপাদিত বিদ্যুতৰ এটা অংশ অৰুণাচল প্রদেশ চৰকাৰে বিনামূলীয়াকৈ লাভ কৰে। কিন্তু বান্ধৰ নামনি অঞ্চল, অর্থাৎ অসমৰ এলেকাত হোৱা ধ্বংসযজ্ঞৰ সামান্যতমো ক্ষতিপূৰণ অঞ্চলটোৰ ৰাইজে নাপায়। আজিৰ অসমৰ এলেকাত অৰুণাচলৰ নদী বান্ধৰ বাবে হোৱা দুর্যোগ ভবিষ্যতেও অব্যাহত থাকিব, হয়তো তাৰ পৰিমাণ আৰু তীব্রতা বাঢ়িব। অসমৰ দল-সংগঠন আনকি চৰকাৰো এই ক্ষেত্ৰত যিমান সৰৱ হ'ব লাগিছিল, তেনে হোৱা দেখা নাই। কেন্দ্ৰই অৰুণাচলৰ সংকট, অৰুণাচলৰ নদী বান্ধে অসমত সূচনা কৰা ধ্বংসলীলালৈও চকু দিব লাগে। আমি এই দাবীও তুলিব লাগে।

Share This