অসমীয়া উৎসৱ সাহিত্য

dainik janambhumi October 13, 2025

ডিজিটেল ডেস্কঃ দুর্গোৎসৱ আৰু বহাগ বিহুৰ গইনা লৈ অসমীয়া কাকত-আলোচনীসমূহে গল্প, কবিতা, উপন্যাসৰ মেটমৰা সম্ভাৰেৰে একোখন বিশেষ আলোচনী প্ৰকাশ কৰাটো দীর্ঘদিনৰ এক পৰম্পৰা আছিল। উৎসৱৰ লগত জড়িত বাবে অনেকেই ইয়াক 'উৎসৱ সাহিত্য' নামেৰেও নামকৰণ কৰিব খোজে। ইতিহাস সংৰক্ষণত আমি বৰ সচেতন নহয় বুলি সততে অভিযোগ থাকেই, সেয়ে হয়তো বিহুৱে-পূজাই এই আলোচনী প্ৰকাশ কৰাৰ পৰম্পৰাতোনো অসমত কেতিয়াৰ পৰা আৰম্ভ হ'ল, সেয়া থাউকতে কোৱা টান।

কিন্তু আমাৰ কাষৰীয়া বাঙালীসকলৰ এই ক্ষেত্রত তথ্য আছে। সেই তথ্য মতেই দুর্গা পূজা উপলক্ষে বিশেষ সাহিত্য সংকলন প্রকাশ কৰাটো তেওঁলোকৰ প্ৰায় ডেৰশ বছৰৰ পুৰণি পৰম্পৰা। অৱশ্যে অসমীয়া আৰু বাঙালীক বাদ দি আন ভাষাসমূহত এনে উৎসৱকেন্দ্রিক সাহিত্য সম্ভাৰৰ আয়োজনৰ পৰম্পৰা আছে নে নাই সেয়া এক চিন্তাকর্ষক আলোচনাৰ বিষয়। প্রসংগতে উল্লেখযোগ্য ১৯৫৪ চনত 'দ্য ইকনমিক উইক্লি'ত ছপা হৈছিল এটা সৰু নিবন্ধ, বিষয়- দুর্গা পূজাৰ অৰ্থনীতি। লেখাটোত উল্লেখ কৰা হৈছিল পূজা সংখ্যাৰ আলোচনীবোৰ পূজাৰ সময়ৰ ব্যৱসায়ৰ বেৰোমিটাৰ। পত্ৰিকাৰ সম্পাদক আৰু মালিক গোষ্ঠীয়ে বোলে পূজা সংখ্যাৰ আলোচনীৰ বিক্ৰীৰ আলমতে ৰাজ্যৰ অৰ্থনৈতিক পৰিস্থিতিৰ বিচাৰ কৰে। অৱশ্যে নিঃসন্দেহে এয়া মন্তব্য আছিল বাঙালীসকলৰ পূজাক কেন্দ্ৰ কৰি। অসমৰ ক্ষেত্ৰত উৎসৱকেন্দ্ৰিক সাহিত্যৰ প্ৰভাৱ ইমান বেছি নহ'লেও পূজা-বিহুৰ সময়ত এখন বা দুখন পূজা/বিহুৰ আলোচনী ক্ৰয় কৰি ঘৰলৈ অনাটো শিক্ষিত মধ্যবিত্ত অসমীয়াৰ এক ধৰা-বন্ধা নিয়মৰ দৰেই আছিল। সঁচাকৈ উৎসৱৰ সৈতে সাহিত্যৰ এই যুগলবন্দী সততে বিচাৰি পাবলৈ টান- এয়া অসমৰ এক সম্ভ্রান্ত বৌদ্ধিক ঐতিহ্য। অস্বীকাৰ কৰি উপায় নাই, প্রিন্ট মিডিয়াৰ ৰাজত্বত খহনীয়া আহিছে। ডিজিটেল মিডিয়াই দখল কৰিছে বহুখিনি। কিন্তু তাৰ পাছতো পূজা-বিহুৰ উৎসৱ সাহিত্য বর্তি আছিল- হয়তো বহুখিনি 'কম্প্রমাইজ' কৰি, পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে সন্ধি কৰি। এনে সময়তে কফিনৰ গজালসদৃশ হৈ আহিল কভিড। বিশেষকৈ অসমৰ উৎসৱকেন্দ্ৰিক সাহিত্যৰ মৃত্যুঘণ্টা বজালে কভিড পৰিস্থিতিয়ে। কভিডৰ গইনা লৈ আলোচনী প্রকাশ যি বন্ধ হ'ল, সি আৰু প্ৰাণ পাই নুঠিল। জনমভূমি আৰু দৈনিক জনমভূমিৰ বিহু আৰু পূজা সংখ্যাৰ আলোচনীৰ বাহিৰে বর্তমান কোনো প্রতিষ্ঠিত সংবাদ গোষ্ঠীৰ বিশেষ উৎসৱ সাহিত্যালোচনী প্রকাশ নোহোৱাৰ দৰেই। বুজাত অসুবিধা নহয় কভিড এক গইনাহে, মূল কথা পাঠকৰ অভাৱ, পাঠকৰ চাহিদা।

যিটো বিষয়ে এসময়ত অসমীয়া জাতি তথা ভাষাটোৰ এক বিশেষ পৰিচয় আছিল, সেয়া হেৰাই গৈছে এতিয়া। কিন্তু আমি পাহৰি গ'লে নহ'ব অসমৰ প্ৰতিষ্ঠিত লেখকৰ লগতে প্রতিশ্রুতিসম্পন্ন বহু ন লেখকৰ অনেক মননশীল লেখা প্রকাশ পাইছিল এই উৎসৱ সাহিত্য ৰূপেই। গল্প, কবিতা, উপন্যাসৰ লগতে বহু মানবিশিষ্ট তত্ত্বগধুৰ প্ৰবন্ধও প্রকাশ হৈছিল এইবোৰ সংকলনত। নিঃসন্দেহে এয়া আছিল জাতিটোৰ বৌদ্ধিক কচৰতৰ ফচল। ছপা পৃষ্ঠাৰ সীমাবদ্ধতাৰ বাবে এই লেখাসমূহ সাধাৰণতেই এক নির্দিষ্ট দৈর্ঘ্যৰ ভিতৰত সামৰি লোৱা, যিটো এই উৎসৱ সাহিত্যৰ অন্যতম চৰিত্ৰ বুলিব পাৰি। (অণু উপন্যাসৰ ধাৰণাটো এনে উৎসৱ সাহিত্যৰ পৰাই অহা নেকি বাৰু?) সেইদৰে সমসাময়িক বিষয়ৰ সম্পৰ্কত প্রতিফলনতো ঘটেই- ভাব হয় এই উৎসৱ সাহিত্য বিষয়টো দৰাচলতে এক গভীৰ অনুসন্ধান তথা গৱেষণাৰ বিষয় হ'ব পাৰে। আকৌ অসমীয়া উৎসৱ সাহিত্যকেন্দ্রিক আলোচনীৰ ক্ৰমশঃ দুৰ্বল হৈ অহা দিশটোৰ প্ৰসংগলৈ যোৱা যাওক।

যি সময়ত অসমৰ প্ৰায়বোৰ প্রতিষ্ঠিত সংবাদগোষ্ঠীয়ে কভিড পৰিস্থিতিৰ পিছৰ পৰা বিহু সংখ্যা, পূজা সংখ্যাৰ আলোচনী প্ৰকাশ বন্ধ কৰিলে, তাৰ বিপৰীতে কাষৰীয়া বাংলা সাহিত্যত কিন্তু এতিয়াও পূজা সংখ্যাৰ আলোচনী দপদপাই প্রকাশ হৈ আছে। ই কি সূচাইছে? বাঙালীসকল বৌদ্ধিকভাৱে, সৃজনীশীল চিন্তাৰে আমাতকৈ যে সক্রিয় হৈ আছে, এয়া তাৰেই এটা দৃষ্টান্ত নহয়নে? আমাৰ জাতিটো স্থূল, পাতল কথাত আনতকৈ বেছি উটি-ভাহি গৈছোঁ নেকি- সেয়াও কিন্তু এইবোৰ কথাৰ প্ৰসংগতে ভাবিব লগীয়া কথা।

Share This