ডিজিটেল ডেস্ক: সমাজৰ সবাতোকৈ সংগঠিত ৰূপটোৱেই ৰাষ্ট্ৰ। আধুনিক ৰাজনীতি বিজ্ঞানৰ সূত্র অনুসৰি জনসাধাৰণ, নির্দিষ্ট ভূখণ্ড, স্বাধীনতা-সার্বভৌমত্ব আদি কাৰক একত্ৰিত হৈ যি অর্থপূর্ণ আৰু বাস্তৱ ৰূপ নিৰ্মাণ কৰে, সেয়ে ৰাষ্ট্ৰ। ৰাষ্ট্ৰ গঠন, ৰাষ্ট্ৰ পৰিচালনাৰ বাবে সংগঠন, চৰকাৰ আৰু চৰকাৰ পৰিচালনাৰ নীতি-কৌশলক লৈ ৰচনা হোৱা ৰূপৰেখাই হ'ল সংবিধান। এই সকলো বিষয় সামূহিক কল্যাণৰ বাবেই প্রয়োগ হয়। যদিহে ই কোনো কাৰণত সামূহিক মংগল সাধনত ব্যর্থ হয়, তেন্তে বুজিব লাগিব ৰাষ্ট্ৰ আৰু ৰাজনীতি উভয়েই তাৰ নিৰ্দিষ্ট উদ্দেশ্য আৰু লক্ষ্যৰ পৰা বিচ্যুত হৈছে।
ৰাষ্ট্ৰ পৰিচালনাৰ ক্ষেত্ৰত ব্যাপক অর্থ জড়িত সকলো ধৰণৰ কাৰ্যকলাপকে আমি ৰাজনীতি বুলি অভিহিত কৰিব পাৰোঁ। দেশৰ জনসাধাৰণৰ বৰ্তমান-ভৱিষ্যৎ নির্ধাৰণ কৰা, বিশ্বজগতত দেশৰ পৰিচয় আৰু প্ৰতিষ্ঠাক মর্যাদাপূর্ণ অৱস্থালৈ আগবঢ়াই নিয়া, অর্থনৈতিক-শৈক্ষিক-সামাজিক বিকাশক গান্ধীৰ ভাষাত সমাজৰ সবাতোকৈ দলিত-অৱহেলিত- শোষিতজনক স্পৰ্শ কৰিব পৰা পৰ্যায়লৈ নিব পৰাতেই ৰাজনীতিৰ সাৰ্থকতা।
ৰাজনীতিৰ মূল কথা যদিও ক্ষমতা, সেই ক্ষমতা ব্যক্তি বিশেষৰ ভাতৃত্ব স্থাপনৰ বাবে নহয়। ক্ষমতাৰ প্ৰয়োগ হ'ব লাগিব ৰাইজৰ স্বাৰ্থত, য'ত ৰাইজৰ আশা-আকাংক্ষাৰ প্ৰতিফলন ঘটিব। অন্যথা ৰাজনীতিয়ে সমাজত সৰ্বপ্ৰকাৰৰ জটিলতা সৃষ্টি কৰিব। জনসাধাৰণৰ বিভিন্ন অংশৰ মাজত সংঘাত সৃষ্টিৰে জনসংহতি বিনষ্ট কৰিব। সমাজৰ একাংশ ন্যস্তস্বার্থ জড়িত লোক ইচ্ছা-অনিচ্ছা, ভাল লগা, বেয়া লগাকে দেশৰ স্বাৰ্থ বুলি বলেৰে সাব্যস্ত কৰিব খুজিব।
সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে আমাৰ দেশখন সম্প্রতি নতুন ধ্যান-ধাৰণাৰ মাজেৰে গতি কৰিছে। দেশৰ আৰ্থ-সামাজিক ভাৰসাম্যৰ প্ৰতি নানা দিশৰ পৰা প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। ব্যক্তি বা দলীয় স্বার্থই প্রাধান্য লাভ কৰাৰ বাবেই কোনো কোনো সময়ত সামূহিক স্বার্থ ক্ষতিগ্রস্ত হৈছে। যেতিয়া ক্ষুদ্রস্বার্থ, ন্যস্তস্বার্থই ৰাজনীতিত প্রাধান্য বিস্তাৰ কৰে, তেতিয়া ৰাজনীতিৰ পৰা সুস্থ বিতর্ক অন্তর্হিত হয় আৰু তাৰ ঠাই লয় ব্যক্তিগত আক্রমণ তথা গালি-গালাজ, অশোভনীয় আচৰণ আৰু অশালীন বচনে।
ৰাজনৈতিক বাক ধাৰাৰ মান নিম্নগামী হয়। চৰ্চাৰ পৰা গভীৰ বিষয় আঁতৰি যায় আৰু লঘু কথাৰ চৰ্বিত-চৰ্বণ হয়। এনে কথাৰ যে সুদূৰপ্ৰসাৰী নেতিবাচক প্ৰভাৱ সমাজত পৰিব পাৰে- ক্ষমতাৰ ৰাগিত মতলীয়া আৰু আত্মগর্ব তথা দম্ভৰ পৰ্বতৰ চূড়াত আৰোহণ কৰা ৰাজনীতিকে সেই কথা বুজি নাপায়। দেশৰ লাখ লাখ ছাত্র-ছাত্রী, শিশু, কিশোৰ-কিশোৰীয়ে সেই নেতিবাচক বচন-আচৰণ দেখি-শুনি ডাঙৰ হ'ব লগা হয়। কোনো কাৰণত প্রকাশ নকৰিলেও, ক্ষমতাৰ ৰাজনীতি কৰা জ্যেষ্ঠসকলৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা আৰু সন্মানৰ ভাব দিনে দিনে হ্রাস পাই আহে। এয়া দেশৰ ভৱিষ্যতৰ বাবে, ভৱিষ্যৎ প্রজন্মৰ মংগলজনক নহয়। ৰাজনীতি আমাৰ সমাজকল্যাণ বা উন্নয়নৰ ক্ষেত্ৰত উদ্দেশ্য বা লক্ষ্য (goal) নহয়- বৰঞ্চ উদ্দেশ্যত উপনীত হোৱাৰ উপায়হে। কিন্তু আজি ৰাজনীতিয়েই যেন আমাৰ জীৱনধাৰাৰ উদ্দেশ্য হৈ পৰিছে। লঘু কথাৰ চৰ্চা তাৰ আধাৰ হৈ পৰিছে।
অসমৰ ৰাজনীতিত যোৱা প্ৰায় এটা বছৰ চৰ্চাৰ কোনো গভীৰ বিষয় যেন নোহোৱা হৈ পৰিছে। অথচ অসম এখন অতি সমস্যাবহুল ৰাজ্য, জনগোষ্ঠীয় বৈচিত্র্যৰে ভৰপূৰ অসমৰ সমস্যাসমূহৰো ভাৰতৰ আন ৰাজ্যৰ তুলনাত এটা সুকীয়া চৰিত্ৰ আছে। কিন্তু এই সকলোৰে বিপৰীতে ৰাজনীতিৰ মুখ্য বিষয় হৈ পৰিছে কিছুমান আঁচনি, যিবোৰৰ অবিহনেও যোৱা তিনি- চাৰি বছৰৰ আগলৈকে অসম ভালকৈয়ে পৰিচালিত হৈ আহিছিল। আৰু বিতৰ্কৰ বিষয় হৈ পৰিছে খাদ্যাভাস, ধর্মীয় ৰীতি-নীতি, কোনো জনগোষ্ঠী-সম্প্রদায় বিশেষ।
আনহাতে, সর্বোপৰি সংবাদ মাধ্যমৰ অধিক সময় ব্যয় হোৱা ৰাজহুৱা বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছিল সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান যাত্রা তথা পাকিস্তানৰ লগত কোনো সন্দেহপূর্ণ সম্পর্ক। অভিযোগৰ গভীৰতা আৰু গুৰুত্ব নিশ্চয় আছিল। এয়া মুকলি চর্চা বা হাঁহি-ধেমালিৰ প্ৰসংগ নহয়। এয়া দেশৰ প্ৰতিৰক্ষা আৰু অভ্যন্তৰীণ সুৰক্ষাৰ লগত জড়িত চোৰাংচোৱা ব্যৱস্থাপনাৰ গোপনীয় পর্যালোচনা আৰু অনুসন্ধানৰ বিষয় আছিল, যাৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ অধীন।
ৰাজ্য চৰকাৰৰ দুখন ৰাষ্ট্ৰৰ লগত জড়িত এটা গোপনীয় বিষয় তদন্তৰ লগত প্রত্যক্ষ সম্পর্ক নাই, যদিহে কেন্দ্ৰ চৰকাৰে তথ্য-পাতি বিচাৰে বা কোনো ধৰণৰ সহযোগিতা বিচাৰে কেৱল তেতিয়াহে প্রশাসনিক নীতি-নিয়ম আৰু সাংবিধানিক প্রণালী অনুসৰি সহযোগ কৰিব লাগিব। ইয়াৰ বিপৰীতে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সম্পর্ক বিষয়ক প্রসংগ লৈ অসমত অতি লঘু ধৰণৰ আলাপ-আলোচনা চলিল। চৰকাৰে বিশেষ তদন্তকাৰী গোট গঠন কৰে। তদন্ত কৰে। মাজে মাজে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা বা মুকলি কৰাৰ অভিযোগ কৰা হয়। গৌৰৱ গগৈয়েও তদন্তৰ ফলাফল ঘোষণা কৰিবলৈ প্রত্যাহ্বান জনায় থাকে। এনে ধৰণৰ বাদানুবাদ বহুদিন ধৰি চলি থাকিল। ৰাজ্য চৰকাৰে অৱশেষত বিষয়ৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰা বুলিও জানিবলৈ দিয়ে। তেনে সময়তে লোক সভাৰ বিৰোধী পক্ষৰ উপ-দলপতি তথা যোৰহাট লোক সভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক ভাৰত চৰকাৰে ভাৰত-ফিলিপাইন সংসদীয় বন্ধুত্ব আৰু দ্বিপাক্ষিক সম্পর্ক বিষয়ক সমিতিৰ অধ্যক্ষ নিযুক্ত কৰে।
লোক সভাৰ অধ্যক্ষ ওম বিৰলাই এই নিযুক্তি দিয়ে। এনে অৱস্থাত জনসাধাৰণৰ মনলৈ স্বাভাবিকভাৱে প্রশ্ন আহে ৰাষ্ট্ৰদ্ৰোহৰ দৰে গুৰুতৰ অভিযোগ উত্থাপিত হোৱা সাংসদ এগৰাকীক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষা বিষয়ক কমিটী এখনৰ দায়িত্ব কিয় অর্পণ কৰা হ'ল? অৱশ্যে এটা কথা ঠিক যে অভিযোগ উত্থাপিত হ'লেও গৌৰৱ গগৈ সংসদৰ এগৰাকী সন্মানীয় সদস্য। গতিকে তেওঁক এনেকুৱা এটা দায়িত্ব দিয়াত অস্বাভাবিকতা নাই। এতিয়া কথা হ'ল, কেন্দ্ৰীয় চৰকাৰে গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত আগবঢ়াই নিব নে বিষয়টো ইমানতে গাপ খাব? যিহেতুকে গণতন্ত্ৰৰ মৰ্যাদাৰ প্ৰশ্ন জড়িত হৈ আছে, সেয়েহে এনেবোৰ বিষয়ৰ ক্ষেত্ৰত আগবাঢ়োঁতে শাসকীয় পক্ষ অতি সতর্ক হোৱা উচিত। কাৰণ ইতিহাসৰ পৃষ্ঠাত তাৰ চিন থাকি যায়। বিতৰ্কৰ বিষয়বস্তু আৰু বিতর্ক মানে আমাৰ ৰাজনীতিৰ লগতে আমাৰ মানসিকতাৰ মান আৰু পৰ্যায়ৰো পৰিচয় বহন কৰে। সেইবাবেই আলোচ্য বস্তুৰ বিভিন্ন দিশ পর্যালোচনা নকৰাকৈ আগবঢ়িলে বিতর্ক বিতণ্ডাৰ পৰ্যায়লৈ অৱনমিত হয়।