জাতিৰ দায়িত্ব

dainik janambhumi September 08, 2025

ডিজিটেল ডেস্কঃ এই কথা স্বীকাৰ কৰাত কাৰো নিশ্চয় দ্বিমত নাই যে যিকেইজন মহান অসমীয়াক বিশ্বই চিনি পায় তাৰ ভিতৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চিনাকিৰ পৰিসৰ সবাৰো শীৰ্ষত। শদিয়াৰ এখন সাধাৰণ ঘৰত ১৯২৬ চনৰ আজিৰ দিনটোতে জন্মগ্রহণ কৰা এইজন বিৰল প্রতিভাধাৰী অসমীয়াই নিজৰ সৃষ্টি, চেতনা, আদর্শ আৰু দর্শনেৰে নিজে জিলিকি উঠাই নহয়, বিশ্বতো অসমীয়া জাতিৰ এক পৰিচয় হৈ পৰিল।

সেয়ে হয়তো অতি সঠিকভাৱেই তেখেতক অভিহিত কৰা হয় Brand of Brahmaputra বুলি। শদিয়াত জন্ম ল'লে হয়, কিন্তু তেওঁৰ চিন্তা আৰু সৃষ্টিৰ পৰিসৰ হৈ পৰিল ভৌগোলিক সীমাৰে বান্ধিব নোৱৰা পৰিধিহীন এক বিশাল জগত। অসমীয়া হৈয়ো তেওঁ হৈ পৰিছিল বিশ্ব নাগৰিক। প্ৰতিগৰাকী অসমীয়াৰ বাবে তেওঁ 'গ্ল'বেল আইকন'। তুলনাবিহীন কণ্ঠ, পাণ্ডিত্য আৰু অভূতপূর্ব অসম প্রেমেৰে ভূপেন হাজৰিকা কেতিয়াবাই হৈ পৰিছিল এক অনুষ্ঠান। ভূপেন হাজৰিকাৰ কোনো বিকল্প নাই, অসমৰ মাটিয়ে অনাগত দিনতো যে সহজে আৰু এজন ভূপেন হাজৰিকা পাব তাত সন্দেহ। তেওঁৰ দৈহিক জীৱনকাল আছিল প্রায় ৮৬ বছৰ। কিন্তু তেওঁৰ সুৰ, কণ্ঠ আৰু সৃষ্টিৰ কীৰ্তি তেওঁ দৈহিক আয়ুসতকৈ বহু বেছি- এনে প্রতিভাধৰ ব্যক্তিকে আখ্যা দিয়া হয় অমৰ। সেয়ে ড° ভূপেন হাজৰিকা সঁচা অৰ্থত যুগনায়ক। সেইদৰে কেৱল সংগীতৰ মাজত আবদ্ধ কৰি তেওঁৰ প্ৰতিভাৰ বিচাৰ কৰিলে অন্যায় কৰা হ'ব। কাৰণ তেখেত কেৱল সংগীত শিল্পীয়েই নহয়, তেখেত সাহিত্যিক, চলচ্চিত্র পৰিচালক, চিত্রশিল্পী- ৰাজনীতি, সমাজনীতি, অর্থনীতি- সকলোতে আছে ড° ভূপেন হাজৰিকাৰ বলিষ্ঠ উপস্থিতি। সেয়ে তেওঁ বহুমুখী প্রতিভাৰ আকৰ। এনেধৰণৰ বহুমুখী প্রতিভাধৰ ব্যক্তি দেশৰ আনবোৰ জাতিৰ মাজতো সততে পাবলৈ বিৰল।

এইজন ভূপেন হাজৰিকা- লুইতৰ দৰেই বিশাল আৰু প্ৰৱহমান যাৰ জীৱন আৰু সৃষ্টিৰ যাত্রা- তেওঁৰ প্ৰথম জন্ম শতবর্ষ আজিৰ পৰা। স্বাভাৱিকতেই অসমবাসী উৎফুল্ল, এইজন প্রিয় শিল্পীক স্মৰণ-সন্মান জনাবলৈ। প্রসংগতে উল্লেখযোগ্য যে এইজনা ক্ষণজন্মা পুৰুষৰ মৃত্যুত ছয়লাখৰ অধিক লোকৰ সমাৱেশেৰে এক বিৰল অভিলেখ গঢ়ি অসমবাসীয়ে দেখুৱাই থৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক শ্রদ্ধা আৰু আৱেগৰ কেনে ডোলেৰে বান্ধি থৈছে জাতিটোৱে। সেই অসমীয়া জাতিয়ে এতিয়া আয়োজন কৰিবলৈ লৈছে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী। নিঃসন্দেহে বিশ্বই চকু ৰাখিব ড° ভূপেন হাজৰিকাৰ প্রয়াণৰ সময়ৰ সেই অভিলেখ কেৱল ধান খেৰৰ জুই আছিল নে সঁচা আৱেগৰ ধল আছিল। ৰাখিছেনে অসমীয়াই সুধাকণ্ঠক বুকুত সাবটি?

জন্ম শতবৰ্ষৰ গইনা লৈ স্মৃতি ৰোমন্থন হ'ব, প্রতিমূর্তি স্থাপন হ'ব, তেখেতৰ কালজয়ী গীতবোৰ আকৌ বাজিব- কিন্তু কেৱল এইধৰণৰ কামবোৰতে সামৰিলে ভূপেন হাজৰিকাৰ দৰে বিশ্ব নাগৰিক এজনৰ প্ৰতি জন্ম শতবৰ্ষৰ প্ৰকৃত শ্রদ্ধা তর্পণ হয়তো নহ'ব।

সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ গইনা লৈ আমি কিছু স্থায়ী কাম আৰু তেখেতৰ সৃষ্টিসমূহ সঁচা অৰ্থত বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ সময় এয়া। তেখেতৰ প্রতিটো সৃষ্টি অনুসন্ধান কৰি, শুদ্ধ স্বকীয় ৰূপটো আয়ত্ত আৰু আহৰণ কৰি বিধিসন্মতভাৱে সমাজৰ আগত তুলি ধৰিব পৰাটো হ'ব পাৰে এটা গুৰুত্বপূৰ্ণ কাম। সেইদৰে এই শুদ্ধ আৰু সুধাকণ্ঠৰ স্বকীয় আৰ্হিৰ সৃষ্টিসমূহ ডিজিটেল ৰূপত অনাগত সময়ৰ বাবে সংৰক্ষণ কৰাৰ কথাও আমি ভাবিব পাৰোঁ। কাৰণ এনেবোৰ কামে ভূপেন হাজৰিকাক বিশ্ব সাংস্কৃতিক মঞ্চত তুলি ধৰিব। তেওঁৰ জীৱন আৰু কৰ্মৰাজি সামৰি সকলোধৰণৰ সমলেৰে এটা স্থায়ী ৰাজহুৱা অভিলেখাগাৰ আৰু সংগ্ৰহালয় গঢ়ি তুলিব পাৰিলে নিশ্চয় এটা লেখৰ কাম হ'ব। বীৰ পূজাতকৈয়ো তেজ-মঙহৰ মানুহৰূপে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৃষ্টি আৰু জীৱন কৰ্মৰ সঠিক মূল্যায়ন অধিক প্রয়োজনীয়। সর্বোপৰি তেখেতৰ সংগীতৰ চৰ্চাৰ ধাৰাবাহিকতা পৰৱৰ্তী প্রজন্মসমূহলৈয়ে সক্রিয়ভাৱে কিন্তু নিভাঁজকৈ অব্যাহত ৰাখিব পৰাটো হ'ব এক গুৰুত্বপূৰ্ণ কাম। সময়ৰ লগে লগে যেন তেওঁৰ সৃষ্টি বিকৃত নহয় তাৰ বাবে সতর্ক ব্যবস্থাও ল'ব লাগিব ভূপেন হাজৰিকাপ্রেমী প্রতিজন অসমীয়াই। মুঠৰ ওপৰত স্মৰণ, মনন, চর্চা আৰু সংৰক্ষণ এই আটাইবোৰ দিশেৰে আমি ড° ভূপেন হাজৰিকাক জীয়াই ৰাখিব লাগিব- তেহে ভূপেন হাজৰিকাৰ দৰে যুগনায়ক এজনৰ জন্ম শতবার্ষিকী উদযাপন কৰাৰ নৈতিক অধিকাৰ লাভ কৰিম আমি। এনে ক্ষণত ভূপেন হাজৰিকাৰ সৈতে কাৰোবাৰ কিধৰণৰ সম্পৰ্ক আছিল তাক জাহিৰ কৰাতকৈয়ো ভূপেন হাজৰিকাক জাতিটোৰ মাজত অনাদি কাললৈ জীৱন্ত আৰু প্ৰাসংগিক কৰি ৰখাত আমি কি দায়িত্ব লৈছোঁ সেয়াহে অধিক প্রাসংগিক আৰু প্রয়োজনীয়।

ভূপেন হাজৰিকাই জাতিটোক বহুত দিলে, এতিয়া আমাৰ ঋণ পৰিশোধৰ সময়।

Share This