ডিজিটেল ডেস্ক : অৰ্থনীতিৰ সাধাৰণ দৃষ্টিত জনসংখ্যা বৃদ্ধি দেশ এখনৰ বাবে প্ৰায়েই এক সমস্যা। ভাৰতবৰ্ষৰ ক্ষেত্ৰত এই দিশটো বিশেষভাৱে আলোচিত হয়। কিন্তু শেহতীয়াভাৱে দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সম্পৰ্কত কেতবোৰ নতুন তথ্য আৰু চিন্তাৰ বিষয় আহি পৰিছে। শেহতীয়া এক প্রতিবেদন অনুসৰি, এই প্ৰথমবাৰৰ বাবে দেশৰ গ্ৰামাঞ্চলৰ টোটেল ফার্টিলিটি ৰেট (টি এফ আৰ) বা মুঠ জন্মহাৰ ২.১লৈ নামি আহিল। জনসংখ্যা সম্পর্কীয় আলোচনাত এই সংখ্যাটো তাৎপর্যপূর্ণ। ইয়াৰ বিশেষত্ব হ'ল গড় জন্মহাৰ এই সংখ্যাৰ ওপৰত থাকিলে জনসংখ্যা ক্রমশঃ বাঢ়ে, ইয়াৰ তললৈ আহিলে জনসংখ্যা ক্রমশঃ কমে আৰু গুৰুত্বপূৰ্ণভাৱে ২.১ত থাকিলে জনসংখ্যা বৰ্তমানৰ অৱস্থাত স্থিৰ হৈ থাকিব, যাক কোৱা হয় ৰিপ্লেচমেণ্ট ৰেট বা প্রতিষ্ঠাপক হাৰ। মন কৰিব লগীয়া কথাটো হ'ল ভাৰতবৰ্ষৰ চহৰাঞ্চলত টি এফ আৰ বহুদিনৰ আগতেই ৰিপ্লেচমেণ্ট ৰেটৰ তললৈ আহি প্রায় ১.৬ৰ ওচৰ পাইছেহি। এইবাৰ গ্রামাঞ্চলতো নামি আহিল এই হাৰ। জন্মহাৰ হ্ৰাস হোৱাৰ কাৰণ অনেক। সেইবোৰ সহজেই চকুত পৰা। বিশেষকৈ মহিলাৰ মাজত সাক্ষৰতা বৃদ্ধি, জন্ম নিৰোধকৰ বহুল প্ৰসাৰ আদি চকুত পৰা কাৰণ কেতবোৰৰ উপৰি জীৱনযাত্ৰাৰ ব্যয় বৃদ্ধি হোৱাটোও জনসংখ্যা বৃদ্ধিৰ হাৰ কমাৰ আন এক উল্লেখযোগ্য কাৰণ। বিশেষকৈ নিম্ন আৰু উচ্চ মধ্যবিত্ত শিক্ষিত দম্পতীয়ে সন্তানৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত আর্থিক দিশটোত, বিশেষকৈ সন্তান প্রতিপালনৰ ব্যয়ৰ প্ৰসংগটো গুৰুত্ব দিবলৈ লৈছে। সংখ্যাত তাকৰ হ'লেও এনে দম্পতীৰ সংখ্যাও কিন্তু ক্রমাৎ বাঢ়িব লাগিছে, যি স্বেচ্ছাই সংসাৰ বঢ়াব নোখোজে। কর্মব্যস্ত জীবন, সন্তান প্রতিপালনৰ দায়িত্ব ল'বলৈ অনিচ্ছুকতা, ব্যক্তিগত অভিৰুচি আদি অজুহাতে তেওঁলোকক নিঃসন্তান কৰি ৰাখে। এনে পৰিপ্ৰেক্ষিতত অদূৰ ভৱিষ্যতে ভাৰতবৰ্ষৰ বাবে জনসংখ্যাৰ আধিক্য নহয়, বৰঞ্চ জনসংকোচনহে এক সমস্যা হ'বলৈ হয়তো গৈ আছে।
এইখিনিতে কিন্তু জনসংখ্যাৰ চৰিত্ৰ সম্পৰ্কীয় আৰু এটা গুৰুত্বপূৰ্ণ প্রসংগ আছে। সাধাৰণতে জনসংখ্যা হ্রাস পালে মুঠ জনসংখ্যাত তৰুণ প্রজন্মৰ অনুপাত কমে আৰু প্ৰবীণ প্ৰজন্মৰ অনুপাত বাড়ে। সহজ ভাষাত ক'লে জনসংখ্যাত বৃদ্ধ লোকৰ সংখ্যা বাড়ে। ফলত কর্মক্ষম লোকৰ সংখ্যা কমে, যিটোৱে আওপকীয়াকৈ অর্থনীতিত বিশেষ প্রভাৱ পেলায়। বিশ্বৰ বিভিন্ন দেশ এতিয়া প্রবীণৰ ভৰত আক্ৰান্ত হোৱাৰ সমস্যাৰ সৈতে পৰিচিত। এই সমস্যাটো দুতৰপীয়া। এফালে প্ৰবীণৰ সংখ্যা বৃদ্ধি আৰু নবীনৰ সংখ্যা হ্রাসে দেশৰ কৰ্মদক্ষতা, উৎপাদনশীলতা আদিত প্রভাৱ পেলায়। আনফালে আকৌ প্রবীণসকলৰ চোৱা-চিতাৰ নামত কল্যাণকামী ৰাষ্ট্ৰ একোখনৰ ব্যয় হয় বুজন পৰিমাণৰ ধন। উন্নত, চহকী দেশৰ কথা সুকীয়া। কিন্তু ভাৰতৰ দৰে দেশৰ, য'ত গড়জাতীয় আয় যথেষ্ট তাকৰ, তাত এই সমস্যা গুৰুতৰ। কাৰণ প্রবীণসকলৰ সম্পূৰ্ণ দায়িত্ব ল'বলৈ চৰকাৰ অসমৰ্থ। আনহাতে আকৌ নিম্ন আয়ৰ বাবে প্রবীণজন নিজেই এই ভাৰ বহন কৰিবলৈ অক্ষম। একেদৰে নিম্ন আয়ৰ বাবে আৰু সংখ্যাত তাকৰ হোৱাৰ বাবে বহু সময়ত এজনীয়া-দুজনীয়া সন্তানে অকলে বয়স্ক পিতৃ-মাতৃৰ আৰ্থিক দায়িত্ব বহন কৰিব নোৱাৰেগৈ। সমস্যাটো সন্তানৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নাথাকি অনেক সময়ত আর্থিক সক্ষমতাত নিৰ্ভৰ কৰেগৈ।
এনে পৰিপ্ৰেক্ষিতত দেশৰ সন্মুখত মূল প্রত্যাহ্বান হ'ল-দেশৰ শ্রমশক্তিক অধিক উৎপাদনশীল কৰি গঢ়ি তুলিব লাগিব। এইক্ষেত্রত শিক্ষা আৰু স্বাস্থ্য এই দুয়োটা দিশৰ গুৰুত্ব প্ৰচুৰ। অন্যথা কিছু বছৰৰ পাছতেই ভাৰতবৰ্ষ হয়তো পৰিণত হ'ব নিম্ন উৎপাদনশীলতাৰ শ্ৰমিকৰ বৈশিষ্ট্যৰে ভৰা এক অর্থনীতিত। অনাগত সময় হ'ব বিজ্ঞান আৰু প্ৰযুক্তিৰ। অদক্ষ শ্রমিকৰ গুৰুত্ব নোহোৱা হ'ব দক্ষতা হ'ব এই পৃথিৱীত জীয়াই থকাৰ অমোঘ মন্ত্র। সেয়ে নবীন প্রজন্মক দক্ষ আৰু প্ৰবীণ প্ৰজন্মক আৰু বেছি সময়লৈ কৰ্মঠ কৰি ৰাখিব পাৰিলেহে দেশৰ অর্থনীতিয়ে বেগ পাব, উন্নতিৰ জখলাত খোজ থ'ব পাৰিব। এনে স্তৰ পাব পাৰিলেহে জনসংখ্যাৰ হ্রাস-বৃদ্ধি সমস্যা হৈ নাথাকি সম্পদ হ'ব পাৰে।