'কা'ৰ নতুন ৰূপ

dainik janambhumi September 05, 2025

১৯৭৯ চনৰ পৰা আৰম্ভ হৈছিল অসমৰ বা অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন। আৰম্ভণিতে আন্দোলনটোৰ কোনো স্পষ্ট ৰূপৰেখা নাছিল। বহিৰাগত বহিষ্কাৰৰ দাবীত আৰম্ভ হোৱা এই আন্দোলন পাছত ভোটাৰ লিষ্টৰ পৰা সন্দেহজনক নাগৰিকৰ নাম কৰ্তন কৰা, বিদেশী নাগৰিক চিনাক্তকৰণ কৰা আৰু বহিষ্কাৰ কৰা আন্দোলনৰ ৰূপ লৈছিল। বিদেশী অনুপ্ৰৱেশক অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি ৰূপে চিহ্নিত কৰা হৈছিল।

ইয়াৰ পাছত ভোটাৰ তালিকাৰ পৰা সন্দেহজনক নাগৰিকৰ নাম কৰ্তনৰ প্ৰসংগ আহিল; অথচ সেই পর্যন্ত বিদেশী নাগৰিক নির্ধাৰণৰ আইনগত দিশসমূহ স্পষ্ট হোৱাই নাছিল। অর্থাৎ 'সন্দেহজনক' লোকৰ প্ৰৱেশ বা অনুপ্ৰৱেশৰ চন, তাৰিখক লৈ আলোচনা হৈছিল। প্রথমে ১৯৫১ চনক ভিত্তিবর্ষ দাবী কৰা হৈছিল, তাৰ পাছত ১৯৬১ আৰু অৱশেষত অসম চুক্তি অনুসৰি ১৯৭১-ক Cut off year, অর্থাৎ সন্দেহজনক নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ভিত্তিবৰ্ষ মানি লোৱা হয়। অসম আন্দোলনৰ আন বহু দুৰ্বলতা থাকিলেও এই কথা ঠিক যে বিদেশী নাগৰিকৰ ধৰ্মভিত্তিক চিনাক্তকৰণ আন্দোলনৰ দাবী চনদত নাছিল। ধর্ম নির্বিশেষে সকলো অনুপ্ৰৱেশকাৰীক বহিষ্কৰণৰ দাবী তুলিছিল। কিন্তু নানা আমোলতান্ত্রিক জটিলতা, তথ্য-পাতিৰ অস্পষ্টতাই অসম চুক্তি ৰূপায়ণত বাধা দিছিল। তদুপৰি আন্দোলনকাৰী পক্ষৰো বহু ক্ষেত্ৰত স্পষ্টতা আৰু যাৱতীয় জ্ঞানৰ অভাৱ আছিল। সমাধানসূত্ৰৰ জটিলতাই চুক্তি ৰূপায়ণৰ বিলম্বিত অৱস্থাৰ বাবে আছিল দায়ী।

প্রথমে আই এম ডি টি আইন বিদেশী নাগৰিক সমস্যাৰ সমাধানৰ পথত অন্তৰায় বুলি কোৱা হৈছিল। এটা সময়ত উচ্চতম ন্যায়ালয়ত আই এম ডি টি আইন বাতিল হ'ল। অন্তৰায় আঁতৰাৰ পাছতো স্থিতাৱস্থা একে থাকিল। তাৰ পাছত আহিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ যোগেদি অনুপ্ৰৱেশকাৰী তথা সন্দেহজনক নাগৰিকৰ চিনাক্তকৰণ প্ৰসংগ। দীর্ঘকাল ধৰি উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলিল নাগৰিকপঞ্জীৰ উন্নীতকৰণ। খচৰা আৰু তাৰ পাছত চূড়ান্ত নাগৰিকপঞ্জী প্রকাশ হ'ল। কিন্তু আন্দোলনকাৰী পক্ষই একালত দাবী কৰা মতে, ষাঠি লাখ-সত্তৰ লাখ 'বাংলাদেশী' নোলাল। তদুপৰি হিন্দুধর্মী বাংলাদেশী অনুপ্ৰৱেশকাৰী আখ্যায়িত বৃহৎসংখ্যক লোক ধৰা পৰিল। নানা বাদানুবাদ চলিল নাগৰিকপঞ্জীৰ উন্নীতকৰণক লৈ। কিন্তু লোক সভাত যেতিয়া নাগৰিকত্ব আইন সংশোধনীৰ প্রস্তাৱ আহিল, তেতিয়া বিষয়টো কিছু শাম কাটিলে। এটা সময়ত অসমকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ জনসাধাৰণৰ তীব্ৰ বিৰোধ আৰু প্রতিবাদ সত্ত্বেও 'কা' আইন বলৱৎ হ'ল। অর্থাৎ অসমৰ হিন্দু অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিব পৰা ব্যৱস্থা হ'ল। কিন্তু দেখা গ'ল অনুপ্ৰৱেশকাৰী সাব্যস্ত হোৱা বহু হিন্দু বাঙালী লোক আচলতে ১৯৫১-ৰ আগতে অহা লোক, যি যাৱতীয় তথ্য-পাতি দিব নোৱৰাৰ বাবেহে নাগৰিকপঞ্জীত নাম উঠাব নোৱাৰিলে। বিজেপি চৰকাৰে আশা কৰা মতে কাম নহ'ল। সমগ্ৰ ভাৰততে 'কা' আইনে বিজেপিক আশা কৰা মতে ফল দিব নোৱাৰিলে। সেইবাবেই 'কা' আইন মতে নাগৰিকত্বৰ আৱেদন কৰাৰ সময়সীমাৰ ম্যাদ দহ বছৰ বৃদ্ধি কৰি ২০২৪ বৰ্ষৰ ৩১ ডিচেম্বৰ কৰা হৈছে।

নিৰ্বাচনত জয়লাভ কৰাই যিহেতু বর্তমান বিজেপি দলৰ প্ৰথম বিবেচনা হৈ পৰিছে, তাৰ সুবিধা হোৱাকৈ অসমত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছে। তাতো ক্ষান্ত নাথাকি অৱশেষত মুছলমান সংখ্যাগৰিষ্ঠতা থকা সমষ্টিত জয়লাভসহজ হোৱাকৈ এটা সাম্প্রদায়িক বাতাৱৰণ, মিঞা বিদ্বেষ চলাই থকা হৈছে-যাতে ভোটাৰৰ মাজত ধর্মীয় মেৰুকৰণ হয়। 'কা'ৰ সুবিধাত অসমত নাগৰিকত্ব পোৱা লোকৰ সংখ্যা কম। এই সংখ্যা বৃদ্ধিৰ বাবে আৱেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কিন্তু এই কথা ঠিক যে বাংলাদেশত থকা প্রতিষ্ঠিত হিন্দু পৰিয়ালৰ সংখ্যাও

বৰ কম নহয়। সেইসকল 'কা'ৰ সুবিধা ল'বলৈ সহজে নাহিব। আনহাতে, কেন্দ্রীয় চৰকাৰৰ তথ্য মতেই ভাৰতবৰ্ষ এৰি বিদেশত নাগৰিকত্ব লোবা মানুহৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাইছে। শিখ লোকৰ পচন্দৰ দেশ হৈ পৰিছে কানাডা আৰু অষ্ট্ৰেলিয়া।

আফগানিস্তানৰ পৰা শিখ, জৈন, হিন্দু অহাৰ পৰিমাণ অতি কম। সেয়েহে যি সময়ত দেশত থকা হিন্দুৱেই উত্তৰ ভাৰতৰ গুজৰাট, হাৰিয়ানা, পঞ্জাব, হিমাচল, দিল্লী আদিৰ পৰা দেশ এৰি গৈ আছে- সেই সময়ত 'কা'ৰ যোগেদি ভাৰতলৈ অহাৰ প্ৰসংগ ধূসৰ হৈ উঠিছে।

অসমলৈ অধিক প্রব্রজনকাৰীক 'কা'ৰ যোগেদি আমন্ত্ৰণ কৰা মানে অসমীয়া জাতীয়তাবাদক নিঃশেষ কৰি দিয়া। অসমৰ সাংবিধানিক সুৰক্ষাৰ বাবে অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ প্ৰসংগ এতিয়া তল পৰিল। ইয়াৰ প্ৰধান কাৰণ হ'ল- অসমৰ তথাকথিত জাতীয় সংগঠনসমূহৰ নিষ্ক্রিয়তা আৰু বিশ্বাসঘাতকতা। ভাষাভিত্তিক অসমীয়া জাতীয়তাৰ পটভূমিৰ পৰা জনজাতিসকল আঁতৰি গৈছে। পমুৱা-সংখ্যালঘুসকলকো আঁতৰাই ৰাখিব খুজিছে। ফলত ভাষাভিত্তিক অসমীয়া জাতিৰ অন্তিম যাত্রা সৃষ্টি হ'ব পাৰে। সময় থাকোঁতেই সাৱধান হওক।

Share This