ডিজিটেল ডেস্ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এতিয়া সকলোতে গহীন-গম্ভীৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে। এয়াই স্বাভাৱিক। বিগত সময়ত পৰীক্ষাকেন্দ্ৰিক সময়ছোৱাত গহীন পৰিৱেশ এটাৰ সূচনা আশে-পাশে থকা সমাজখনৰ পৰাই হৈছিল। কিন্তু শেহতীয়াকৈ যেন কথাবোৰ সলনি হ'বলৈ ধৰিছে। সদ্য আৰম্ভ মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোত পৰীক্ষা দি ওলাই অহা দুজনমান পৰীক্ষাৰ্থীৰ আচৰণ শেহতীয়াকৈ চর্চিত হৈছে। মুখত গুটখা চোবাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত 'পৰীক্ষা ফালি দিছো', 'পঢ়াই নহ'ল', 'একো লিখাই নহ'ল' জাতীয় 'বেফিকৰ' প্রত্যুত্তৰসমূহে স্বাভাৱিকতে সচেতন অভিভাৱকক হতাশ কৰি তুলিছে। এয়া কেৱল কেইজনমান ছাত্ৰৰ আচৰণ, যাক 'জেন-জি'ৰ, অৰ্থাৎ কোনো তথাকথিত নীতিৰ ভিতৰত আবদ্ধ হৈ থাকিব নোখোজা স্বাধীন মনোভাবৰ প্ৰজন্মৰ মত বুলিও ন্যায্যতা দিবলৈও চেষ্টা কৰা হৈছে। উল্লিখিত কিশোৰকেইটাৰ সেই দুই-এটা মন্তব্যৰ সমালোচনা উচিত নহয় যদিও এই ক্ষেত্রত চিন্তনীয় দিশটো হৈছে আচৰণত উচ্ছৃংখলতা, যাক কোনোপধ্যেই ন্যায্যতা দিব নোৱাৰি।
সমাজৰ এক গুৰুত্বপূর্ণ অংশই হ'ল যুব সমাজ। এখন দেশৰ যুৱ সমাজৰ অৰ্হতা, দক্ষতা আৰু আচৰণৰ পৰাই সেই দেশখনৰ, সমাজখনৰ সামগ্রিক উন্নয়ন নিৰ্ণয় কৰা হয়। নির্মাণ হয় দেশৰ পৰিকাঠামো। কিন্তু সমাজৰ এই গুৰুত্বপূৰ্ণ অংগটোৱেই যদি প্ৰাৰম্ভিক পর্যায়ত ঘুণীয়া, ৰোগগ্রস্ত হয়, স্বাভাৱিকতে ইয়াৰ বিৰূপ প্রভাৱ সকলোতেই পৰিব। উদাহৰণ স্বৰূপে, যি দেশত যুৱ সমাজৰ হাতত জিহাদৰ নামত, ধৰ্মৰ নামত মাৰণাস্ত্র তুলি দিয়া হৈছে, সেই দেশ আজি সন্ত্রাসবাদত জৰ্জৰিত। শিক্ষাৰ দিশত কথাবোৰ আৰু জটিল। কিন্তু শেহতীয়াকৈ যিদৰে যুৱ উচ্ছৃংখলতাই উন্নয়নশীল একোখন দেশক জৰ্জৰিত কৰি তুলিছে, এখন সমাজক ভাঙোনমুখী কৰি তুলিছে-সেয়া অতি ভয়ংকৰ। মুখ্যতঃ অবাধ নিচা সেৱন, অবাধ যৌনতা আৰু ছ'চিয়েল মিডিয়াৰ বিৰূপ প্ৰভাৱে যুৱ সমাজক একপ্ৰকাৰ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। বিশেষকৈ ম'বাইল ফ'নৰ অত্যধিক ব্যৱহাৰে নতুন প্রজন্মটোক সমাজখনৰ প্ৰতি নিৰ্বিকাৰ কৰি পেলাইছে। ডিজিটেল সংযোগৰ প্ৰতি বেছি আকৃষ্ট, প্রচলিত নীতিত বন্দী হ'ব নোখোজা প্ৰৱণতাৰ এই প্রজন্মটোৱে নতুন মুক্ত নীতিৰে নিজক আৱৰি ৰাখিব খোজে। ব্যক্তি স্বাধীনতাক গুৰুত্ব দিব খোজা এই মানসিকতা উচ্চস্তৰৰ যদিও ঘৰ আৰু সমাজ এখনৰ পৰা আহৰণ কৰা নৈতিকতা অবিহনে এই আচৰণ স্খলিত হ'বলৈও বেছি পৰ নালাগে। এনে স্খলন প্রতিনিয়ত দেখিবলৈ পাই থকাটো এখন সুস্থ সমাজ ব্যৱস্থাৰ বাবেই দুর্ভাগ্যজনক। কেৱল এটা প্রজন্ম ইয়াৰ বাবে দায়ী নহয়। উচ্ছৃংখল আচৰণৰ গুৰিতে আছে ভোগবাদী সমাজখন। ভোগবাদী সমাজখনত শেহতীয়াকৈ দৈনিক অজস্র ঘটনা সংঘটিত হৈছে। নীতিহীন, শিষ্টাচাৰহীন এখন সমাজত ওভতগোৰে নাচিব খোজা একাংশ যুৱক-যুৱতীক লেকাম লগাবলৈ আনকি ব্যর্থ হৈছে খোদ অভিভাৱকো। 'লিভ ইন টুগেদাৰ'ৰ পৰা শেহতীয়াকৈ নতুন প্রজন্মৰ মাজত জনপ্রিয় হৈ পৰিছে সাধাৰণ মানুহে আও-ভাও নোপোৱা 'ছিটুৱেশ্যনশ্বিপ'ৰ দৰে শব্দই। দিল্লী, মুম্বাইৰ দৰে ধনাঢ্য চহৰৰ কথা বাদ দিও অসমৰ গুৱাহাটীৰ দৰে মহানগৰীতেই এতিয়া সহজলভ্য হৈ পৰিছে ডেটিং এপ, ছিটুৱেশ্যনশ্বিপৰ নানা কাহিনী, য'ত কোনো আৱেগিক টান নাই, আছে কেৱল কেজুবেল যৌনতাসৰ্বস্ব জীৱন আৰু ইজি মানি। শিক্ষা গ্রহণ বা কর্মসংস্থাপনৰ বাবে মহানগৰীলৈ ধাৱমান হোৱা একাংশই এনে উচ্ছৃংখলতাৰ গ্ৰাসত পৰি নিচাত আকণ্ঠ ডুব যোৱাৰ উপৰি ভৰি দিছে নানা অনৈতিক কর্মত। সংঘটিত হৈছে দৈনিক দুর্ঘটনা। এই উচ্ছৃংখলতা কেৱল চহৰাঞ্চলত নহয়, গ্রামাঞ্চলতো বিদ্যমান। মাদক দ্রব্যৰ অবাধ সেৱন, চৰকাৰৰ তৰফৰ পৰাই সহজলভ্য কৰি দিয়া বিদেশী সুৰাৰ অবাধ প্রচলনৰ সুযোগত এতিয়া কর্মহীন এটা প্রজন্ম নিৰন্তৰ ডুব গৈছে নিচাৰ জগতত। আনকি মহানগৰক বাদ দিও সৰু সৰু চহৰবোৰত খোপনি পোতা ড্রাগগ্ৰৰ ঘাটিয়ে ফোঁপোলা কৰি আনিছে সমাজৰ এটা প্রজন্মক।
সাধাৰণ দৃষ্টিৰে চাবলৈ গ'লে গুৱাহাটী এখন উন্নয়নশীল চহৰ, য'ত মানৱ সম্পদ এতিয়াৰ শিক্ষিত যুৱ সমাজখন। শিক্ষা আৰু কাৰিকৰী দিশৰ পৰা অসমৰ যুৱ সমাজে যথেষ্ট সম্ভাৱনীয়তা কঢ়িয়াইছে যদিও শেহতীয়াকৈ পাশ্চাত্যশৈলীৰ অন্ধ অনুকৰণ আৰু ড্ৰাগছ, সুৰাৰ অবাধ সেবন, ভোগবাদী যৌনতাসর্বস্ব উচ্ছৃংখল জীৱনেৰে উঠি অহা এচামে ভৱিষ্যৎ সমাজ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।
যুৱ উচ্ছৃংখলতা নতুন শব্দ নহয়। কিন্তু বর্তমান সময়ত সীমা চেৰাই যোৱা উচ্ছৃংখল জীৱনশৈলীত নিমজ্জিত হোৱা যুৱ চামক প্রতিযোগিতামূলক শিক্ষাৰ উপৰি নৈতিক শিক্ষাৰেহে শিক্ষিত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰাণৰ শিল্পী জুবিন গার্গে কৈছিল- 'এতিয়াৰ প্ৰজন্মই ইচ্ছা কৰিলে দেশ সলাই দিব পাৰে।' এয়া সত্য। মাথোঁ তাৰ বাবে লাগিব নৈতিকতাক বিসর্জন নিদিয়া এক বিচক্ষণ প্রজন্ম, যি সঁচা অৰ্থত সামাজিক-ৰাজনৈতিক অস্থিৰতাৰ মাজতো এখন দেশৰ পৰিকাঠামো শক্তিশালী কৰি ৰাখিব পাৰে। ইয়াৰ আৰম্ভণি হ'ব লাগিব ঘৰ বা পৰিয়ালটোৰ পৰাই।