ডিজিটেল ডেস্ক : বৰ্তমানৰ যুগটোক বিজ্ঞান-প্রযুক্তিৰ যুগ, উন্নয়নৰ যুগ, ভোগবাদৰ যুগ আখ্যা দিয়া হয়। যুগৰ এনেধৰণৰ নামকৰণ মানুহে কৰে, বিশেষকৈ শক্তিশালী মানুহে, যি দেশ, সমাজ আদি পৰিচালনা কৰে আৰু উন্নয়নৰ সংজ্ঞা, পৰিভাষা নিৰূপণ কৰে। কিন্তু প্রকৃতি হ'ল এক সার্বভৌম তথা স্বতন্ত্র ব্যৱস্থা- যি মানুহৰ ইচ্ছাৰ অধীন নহয়।
মানুহ নিজে প্রকৃতিৰ এটা ক্ষুদ্র অংশ হয় ঠিকেই। কিন্তু মানুহ প্ৰকৃতিৰ গৰাকীও নহয় বা পৰিচালকো নহয়। প্রকৃতিৰ স্বৰূপ বুজি উঠা মানুহে এটা পৰ্যায়লৈ প্ৰকৃতিৰ শক্তিসমূহৰ পৰা লাভৱান হ'ব পাৰে, প্ৰকৃতিৰ শক্তিক নিজৰ উন্নয়নৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে। কিন্তু সেই কার্যও হ'ব লাগিব প্ৰকৃতিৰ সত্তাক আঘাত নকৰাকৈ, প্রকৃতিক ক্ষুণ্ণ নকৰাকৈ। যদিহে মানুহ প্ৰকৃতিৰ অভিভাৱক হ'বলৈ যায়, প্রকৃতিৰ স্বকীয়তাৰ ক্ষতি কৰি সম্পদ লুণ্ঠন কৰিবলৈ যায়, তেন্তে প্রকৃতিৰ কষ্ট হ'ব আৰু ৰুষ্ট প্রকৃতিয়ে সংহাৰী ৰূপ ধাৰণ কৰি মানুহৰ ওপৰত প্ৰতিশোগধ ল'ব। ইয়াৰ অন্যথা হ'ব নোৱাৰে।
শেহতীয়াকৈ পুঁজিবাদ, বজাৰ বাণিজ্যবাদ আৰু ভোগবাদৰ অভূতপূর্ব বিকাশ হোৱাৰ লগে লগে তথাকথিত সভ্য মানুহ দাম্ভিক আৰু বেপৰোৱা হৈ পৰিছে। প্ৰযুক্তিৰ চমককে উন্নয়ন বুলি পতিয়ন গৈছে। জীৱনযাত্রা হৈ পৰিছে পান-ভোজন, আমোদ-প্রমোদ আৰু লাহ-বিলাহৰ জাক-জমকতাৰে পৰিপূৰ্ণ। পথাৰ-সমাৰ, হাবি-বননিৰ সেউজবুলীয়া প্রলেপ মচি দি তাৰ ওপৰত ঢালি দিয়া হৈছে কংক্রিটৰ গেৰুৱা কঠিন প্রলেপ। নগৰ গঢ়ি উঠিছে। প্রকাণ্ড প্রকাণ্ড অট্টালিকা, হোটেল, ক্লাব ঘৰ, মল, বিলাসী বজাৰ আদি উন্নয়নৰ প্রতীক হৈ পৰিছে। নিৰ্মাণকাৰ্যসমূহৰ স্বাৰ্থত পাহাৰৰ শিল-বালি, গছৰ কাঠ আদিৰ ব্যৱহাৰ হৈছে। বিজুলী শক্তি লাগে। তাৰ বাবে প্রকাণ্ড বান্ধ দি নৈবোৰ অর্ধমৃত কৰি তোলা হৈছে। নগৰৰ ৰাজপথ উন্নত কৰা হৈছে। গতিৰ দ্রুততা অবাধ কৰি তুলিবলৈ চাৰি তৰপীয়া, আঠ তৰপীয়া পথ নিৰ্মাণ কৰা হৈছে। সেই পথত আকৌ নির্দিষ্ট ব্যৱধানৰ অন্তত ফ্লাই অ'ভাৰ নিৰ্মাণ কৰা হৈছে। উন্নতমানৰ ৰিং ৰ'ড নিৰ্মাণৰ বাবে বনাঞ্চল, বাঁহনি-কাঠনি, নৈ-বিল সংহাৰ কৰিব খোজা হৈছে। মুঠতে ভোগবাদী উন্নয়নৰ নিশ্চয়তাৰ বাবে সকলো কৰা হৈছে। মানুহৰ উন্নয়নৰ এই সূত্র কিন্তু প্রকৃতিয়ে মানি লোৱা নাই।
অসমত মৌচুমী বায়ুৰ প্ৰৱেশ তুলনামূলকভাৱে পলমকৈ ঘটে। কিন্তু মার্চ-এপ্রিল-মে' বংগোপসাগৰৰ নিম্ন চাপজনিত কাৰণত উত্তৰ-পূৰ্বাঞ্চলত প্রবল বতাহ-বৰষুণ হয়। এইবাৰ তেনে দুজাকমান বৰষুণে গুৱাহাটীত যেনে ধৰণৰ প্ৰলয় চলালে, সেয়া অভূতপূর্ব। প্রায় সমগ্র গুৱাহাটী মহানগৰী তিনিদিন ধৰি বিপৰ্যয়ৰ সন্মুখীন হয়। যোৱা প্রায় পাঁচ বছৰ ধৰি গুৱাহাটীত কেৱল ফ্লাই অ'ভাৰ নিৰ্মাণৰ কাম চলি আছে। তাৰ পৰা উৎপন্ন হোৱা ধূলি-বালিয়ে বায়ু-পানীকো প্ৰদূষিত কৰিছে। নগৰীত জনসংখ্যা বাঢ়িছে, গাড়ী-মটৰৰ সংখ্যা বাঢ়িছে। অট্টালিকাৰ সংখ্যা বাঢ়িছে। কিন্তু ৰাজপথ আৰু নলা-নর্দমাৰ সংখ্যা বঢ়া নাই। জল নিষ্কাশনৰ ব্যৱস্থা উন্নত হোৱা নাই। অথচ এই মৌলিক সমস্যা, চৰকাৰ তথা বিভাগসমূহৰ গাফিলতিৰ প্ৰতি কাৰো মনোযোগ নাই, উদ্বিগ্নতা নাই। কেৱল নেতা-মন্ত্ৰীৰ সম্পদ বৃদ্ধিৰ অবাঞ্ছিত আচৰণ, ভাব-ভাষাৰ চৰ্চাতে আমি ব্যস্ত আছোঁ। আমি তেতিয়াহে সাৰ পালোঁ যেতিয়া কৃত্রিম বানপানীয়ে আমাৰ ভোগবাদী চৰ্যাৰ দম্ভক উটুৱাই নিলে। উন্নয়নৰ ফটা ঢোলৰ ছেও শাম কাটিলে। নাগৰিক উদ্বিগ্ন হ'ল। প্রাকৃতিক বিপর্যয় সম্পর্কে সজাগ হ'ল। যোৱা বছৰবোৰত গুৱাহাটীৰ উন্নয়নৰ নামত হাজাৰ হাজাৰ কোটি টকা খৰচ হ'ল। বিভিন্ন প্রতিষ্ঠানে বিভিন্ন দিশৰ উন্নয়নৰ নামত কাম কৰিলে। কিন্তু ফল শূন্য। কৃত্রিম বানৰ সমস্যা সমাধানৰ বাবে লোৱা বিশেষ আঁচনি, তাৰ বাবে ধাৰ্য কৰা ক্রমবর্ধমান পুঁজি- এই সকলোবোৰ খবৰ প্ৰকাশ পোৱাৰ পাছতো প্রায় প্রতি বছৰেই কৃত্রিম বানৰ সমস্যাই ক্ৰমাৎ অধিক গুৰুতৰ ৰূপ ধাৰণ কৰি আহিছে। বছৰৰ আন সময়ছোৱা অতি নির্বিকাৰভাৱে পাৰ কৰা নাগৰিকসকলে কৃত্রিম বানপানীৰ দিনকেইটালৈহে যেন বাট চাই থাকে, প্রতিবাদ কৰিবলৈ!
উন্নয়ন মানে পুৰণা ঘৰ-দুৱাৰ, অট্টালিকা ভাঙি নতুনকৈ নির্মাণ নহয়। উন্নয়ন মানে প্ৰকৃতিৰ গাঁথনিৰ ক্ষতিগ্রস্ত কৰি কেৱল ভোগবাদী মানুহৰ লাহ-বিলাহ বৃদ্ধি, তথাকথিত পর্যটন শিল্পৰ বিকাশ নহয়। হিমালয়ৰ নামনি অঞ্চলৰ পাহাৰৰ গাঁথনিৰ ক্ষতি কৰি পথ আৰু বৃহৎ দলং, বৃহৎ অট্টালিকা নির্মাণেৰে 'পৰ্যটকক আকর্ষণ' কৰা আঁচনি ৰূপায়ণ কৰিবলৈ গৈ উত্তৰাখণ্ডকে ধৰি কিছুমান অঞ্চললৈ বাৰিষা ভূস্খলন, পাহাৰৰ শিল খহি পৰাৰ ভয়ত মানুহ যাবলৈ ভয় কৰা হৈছে। আমাৰ অসমতো ৰাজধানী চহৰ গুৱাহাটীলৈ যাবলৈ উজনি-নামনিৰ মানুহে ভয় কৰিবলৈ আৰম্ভ কৰিছে। একাংশ দৰিদ্ৰ পাহাৰবাসীক 'বেদখলকাৰী' ঘোষণা কৰি বুলড 'জাৰ চলোৱা চৰকাৰে ধনিক শ্রেণী, শক্তিশালী নেতা-মন্ত্ৰীয়ে নগৰৰ জল নিষ্কাশনৰ পথ বন্ধ কৰাৰ ব্যৱস্থা কিন্তু গ্রহণ নকৰে। গুৱাহাটীত চলি থকা অত্যধিক নিৰ্মাণকাৰ্যৰ ধূলি-বালি-শিল আৰু পলিথিন-প্লাষ্টিকৰ আৱৰ্জনাই পানীৰ পথ অৱৰোধ কৰিছে। এইবোৰ চোৱা-চিতা কৰা বিভাগো আছে। সর্বোপৰি আছে নাগৰিকৰ দায়িত্ব। নাগৰিক প্ৰকৃতি বৈৰী হ'লে বিপদ বাঢ়িব।