আজিৰ সম্পাদকীয়, গণ উন্মাদনাৰ পৰিণাম

dainik janambhumi April 22, 2026

ডিজিটেল ডেস্ক: অভি-নীল হত্যাকাণ্ডৰ ন্যায়িক বিচাৰৰ এটা পর্ব অৱশেষত সম্পূর্ণ হ'ল আৰু নগাঁৱৰ জিলা সত্ৰ আদালতে সোমবাৰে চূড়ান্ত ৰায়দান কৰি ২০জনক দোষী সাব্যস্ত কৰিলে, ২৫জনক বেহাই দিলে। দোষী ঘোষিতসকলৰ কি শাস্তি হ'ব, সেয়া আদালতে এই সপ্তাহতে ঘোষণা কৰাৰ কথা। 

অভি-নীল- অর্থাৎ, অভিজিৎ নাথ আৰু নীলোৎপল দাস, এওঁলোকৰ পিতৃ দুগৰাকীয়ে চূড়ান্ত ৰায় ঘোষণাৰ দিনা আদালতৰ চৌহদত সংবাদ মাধ্যমৰ আগত কৈছে যে ২০জনক দোষী সাব্যস্ত কৰাত তেওঁলোক সুখী যদিও ২৫জনে ৰেহাই পোৱাটো উচিত নহ'ল। দোষী চিহ্নিত হোৱাসকলে কঠোৰতম শাস্তি পোৱাটো তেওঁলোকে বিচাৰে। এই প্রতিক্রিয়া প্রত্যাশিত। নিৰপৰাধী সন্তানক এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই মাৰি পেলোৱাৰ যন্ত্ৰণাৰ জুইকুৰা তেওঁলোকে যোৱা ৮ বছৰে বুকুত কঢ়িয়াই ফুৰিছে। 

৮ বছৰৰ পূর্বে ঘটা সেই ঘটনাটোৱে কেৱল পৰিয়াল দুটাকে নহয়, সমগ্র অসমবাসীকে বেদনাহত কৰিছিল। গাৰ নোম ডাল ডাল হৈ উঠিছিল এদল অমানুহৰ পৈশাচিক বৰ্বৰতাৰ ছবি দেখি, ঘটনাটোৰ বৰ্ণনা শুনি। প্রাণকাতৰে নীলোৎপলে চিঞৰিছিল-'আমাক নামাৰিব, আমি অসমীয়া, মোৰ দেউতাৰ নাম গোলাপ চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস...।' কিন্তু সেই প্রাণ ভিক্ষাৰ আৰ্তনাদ শুনিবলৈ সেইসকলৰ হিতাহিত জ্ঞান নাছিল। প্রকৃতি ভাল পোৱা নিষ্পাপ ল'ৰা দুটাক মৰিয়াই মৰিয়াই নিথৰ কৰি পেলাইছিল সেই অমানুহৰ জাকটোৱে। তেনে জঘন্য মানসিকতাৰ অপৰাধীসকলক ফাঁচি দিলেও যেন কম শাস্তি হয়। সেয়েহে, ৮ বছৰে বেদনাৰ জুই বুকুত লৈ ফুৰা পিতৃ দুগৰাকীয়ে দোষীৰ কঠোৰতম শাস্তিৰ দাবী কৰিবই, তাত অস্বাভবিকতা নাই। আদালতে নিশ্চয় শাস্তিৰ মাত্রা নির্ণয় কৰোঁতে সকলো দিশ বিবেচনা কৰিব। বিবেকহীন মানুহৰ হাতত দুটা সম্ভাৱনাপূর্ণ ডেকা ল'ৰাৰ জীৱন শেষ হৈ গ'ল। হৃদয়বান সকলো মানুহে ধিক্কাৰ দিলে। তাতেই শেষ হৈ যোৱা হ'লেও অন্ততঃ শুভ চিন্তক সমাজ আশ্বস্ত হ'লহেঁতেন। কিন্তু বিবেকহীন মানুহৰ মানুহক হত্যা কৰাৰ সেই পৈশাচিক প্রবৃত্তিক তেনেকুৱা গণ-ধিক্কাৰেও শেষ কৰিব পৰা নাই। সেইটোহে অতি চিন্তনীয় কথা হৈ পৰিছে। 

২০১৪ চনত একেদৰেই ঝংকাৰ শইকীয়াক হত্যা কৰা হৈছিল, ২০১৯ চনত ডাঃ দেবেন দত্তক হত্যা কৰা হৈছিল, ২০২১ চনত ছাত্রনেতা অনিমেশ ভূঞাক হত্যা কৰা হৈছিল। গতিকে, ইয়াক এক সামাজিক কেৰোণ বুলিয়েই গণ্য কৰিব পাৰি। কেতিয়াবা কিছুমান অন্ধবিশ্বাস, কেতিয়াবা প্ৰৰোচনা আৰু কেতিয়াবা বিচাৰ-বিবেচনাহীন মানসিকতাৰ বাবে এনেকুৱা দলবদ্ধ আক্রমণ-হত্যাৰ ঘটনাবোৰ মাজে মাজে ঘটি আছে আৰু কিছুমান পৰিয়াললৈ বিষাদ, অনিশ্চয়তাৰ অন্ধকাৰ নমাই অনাই নহয়, শংকিত, বিশ্বাসহীন পৰিৱেশ এটাৰ ভুক্তভোগী হ'বলগীয়া হৈছে সমাজ। একৈশ শতিকাৰ বিজ্ঞান-প্রযুক্তিৰ চৰম বিকাশৰ সময়তো ডাইনীৰ সন্দেহত ঠায়ে ঠায়ে হৈ থকা হত্যা-নিগ্রহৰ ঘটনাবোৰ এনে মানসিকতাৰে পৰিণতি। 'সোপাধৰা' বুলি সন্দেহ কৰি হত্যা কৰা হৈছিল অভি-নীলক। এই লোমহর্ষক হত্যাকাণ্ডত চামিল হোৱাসকল পেছাদাৰী হত্যাকাৰী নহয়। কিন্তু আমাৰ সমাজৰ এচামৰ মাজত সোমাই থাকে জিঘাংসু মানসিকতা। তেওঁলোকেই বিভিন্ন ঠাইত ৰচনা কৰে দলবদ্ধ আক্ৰমণৰ ঘটনাবিলাক। তেনে মানসিকতাৰ লোকৰ প্ৰৰোচনাতে প্রাণ হেৰুৱাব লগা হৈছিল অভি-নীলে। জিঘাংসাৰ প্ৰবৃত্তি নথকা হ'লে সেই অপৰাধীসকলে অভি-নীলৰ পৰিচয় বিচাৰিলেহেঁতেন, আপত্তিজনক বুলি ভাবিলে তেওঁলোকক আৰক্ষীক গতাই দিলেহেঁতেন। তাকে নকৰি চৰম নৃশংসতাৰে যুৱক-দুজনক হত্যা কৰা পৈশাচিক মনোবৃত্তিৰ এই অপৰাধীক কঠোৰতম শাস্তি দিয়াটোৱেই সকলোৱে বিচাৰে, যাতে এই শাস্তিৰ দৃষ্টান্তই অন্য এনে মানসিকতাৰ লোকক এনে অপৰাধ কৰাৰ পূৰ্বে ভুগিব পৰা শাস্তিৰ কথা মনত পেলায়। অৱশ্যে, কেৱল শাস্তিয়েই সমাজ একোখনক অপৰাধশূন্য কৰিব নোৱাৰে। বেয়া মানসিকতাৰ মানুহবোৰক সমাজত নিশকতীয়া কৰিবলৈ ভাল কামৰ মাত্রা বৃদ্ধি কৰিব লাগিব। ম'বাইলত 'ৰীল' চাই থকা, আত্মকেন্দ্রিক, ভোগবাদী মানসিকতাৰ মানুহৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিলে সমাজ দূষিত হ'বই। 

আমাৰ দুৰ্গম অঞ্চলবোৰতো সমাজক দূষিত কৰা শক্তিবোৰে প্রাধান্য বিস্তাৰৰ চেষ্টা কৰি থকা বাবে অপৰাধৰ মাত্ৰা বাঢ়ি গৈ আছে। অভি-নীলৰ হত্যাকাণ্ড সেই অৱস্থাৰে ফল। এই পৰিৱেশক ভাল কামেৰে শোধন কৰিব পৰা মানুহ কিছুমান ওলাই আহিব লাগিব। ভাল কামৰ মাত্ৰা বাঢ়ি গ'লে বেয়া শক্তিবোৰ নিৰুৎসাহিত হ'বই। সেই বেয়া চক্ৰৰ দ্বাৰা প্ৰভাৱিত হোৱা মানুহৰো চৰিত্ৰৰ সংস্কাৰ হোৱাৰ অৱকাশ থাকিব। অভি-নীলৰ হত্যাকাণ্ডটোৰ ফলত সেই দুটা সম্ভাৱনাপূর্ণ জীৱন শেষ হ'ল; দুটা পৰিয়ালৰ সপোন থানবান হৈ গ'ল; লগতে কিন্তু দোষী ৰূপে চিহ্নিত হোৱা সেই ২০জন অপৰাধীৰো একেই দশা হ'ল। নিজৰ ভিতৰত থকা পৈশাচিক প্রবৃত্তিটোৰ বাবেই তেওঁলোকৰ কাৰোবাৰ হয়তো ফাঁচি হ'ব বা কাৰোবাৰ যাৱজ্জীৱন কাৰাদণ্ড। ফলত সেই অপৰাধী সকলৰো জীৱনটো শেষ হ'ল, পৰিয়ালবিলাকেও ভুগিব লগা হ'ল অবাঞ্ছিত পৰিণাম। সমাজত সেই পৰিয়ালবিলাকৰ পৰিচয় হ'ব- হত্যাকাৰীৰ পৰিয়াল। এই অৱস্থাৰ পৰা সমাজক মুক্ত কৰিবৰ বাবে আইনী ব্যৱস্থাবোৰ কঠোৰ হোৱাটোতো দৰকাৰেই, তাৰ লগে লগে ভাল কামৰ গণ আন্দোলন এটাৰো খুব প্রয়োজন হৈছে।

Share This