আজিৰ সম্পাদকীয়, অসমীয়াৰ সংজ্ঞা

dainik janambhumi July 10, 2026

ডিজিটেল ডেস্ক : অসম বিধানসভাৰ মজিয়াত বুধবাৰে (৯ জুলাই, ২০২৬) অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰাই স্বীকাৰ কৰিলে যে 'অসমীয়াৰ সংজ্ঞা' নিৰূপণ এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। কিছুদিন পূর্বে অসম ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা 'মিডিয়া কনফ্লেভ'তো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কৈছিল যে 'অসমীয়াৰ সংজ্ঞা' নিৰূপণ কৰাটো এটা জটিল কাম। বড়ো, কাৰ্বিকে ধৰি আন খিলঞ্জীয়া জনজাতিসকলে 'অসমীয়া' শব্দটো মানি ল'ব নোখোজে। 

অসমত 'অসমীয়াৰ সংজ্ঞা' নিৰূপণ কৰাৰ আচলতে কোনো প্রয়োজন নাছিল। স্বীকৃতিপ্রাপ্ত ২০টা জনজাতি, অনুসূচিত জাতি (১৬টা উপজাতিক লৈ), আহোম, কোচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী (৯৮টা উপগোষ্ঠী), বামুণ, কলিতা, কায়স্থ, মহন্ত, নাথ-যোগী, মুছলমান, বাঙালী, নগা, মণিপুৰী, গাৰো, হাছং, খ্ৰীষ্টান, শিখকে ধৰি পাহাৰীয়া আৰু সমতলীয় জাতি-জনগোষ্ঠীৰ বৰ্ণময় সংমিশ্রণেৰে জাতিষ্কাৰ হৈ থকা আমাৰ এই ভূ-খণ্ডত অসমীয়া কোন বুলি প্রশ্ন কেতিয়াও উঠা নাছিল। ভাষা-কেন্দ্ৰিক সংঘাতৰ বাবে মাজত দুই-এবাৰ ভুল বুজাবুজি হ'লেও, মূল 'অসমীয়া' সত্তাটোক কোনেও প্রত্যাহ্বান জনোৱা নাছিল। 

১৯৮০ৰ দশকলৈকে 'অসম' নামটোক লৈও সৃষ্টি হোৱা নাছিল সাংঘাতিক বিতৰ্কৰ। কালান্তৰত স্বৰ্গদেউ চাওলুং চ্যুকাফাই গঢ় দিয়া আৰু ব্ৰিটিছৰ শাসনে ভৌগোলিক সীমা নিৰ্ণয় কৰা অসম আৰু তাৰ আধাৰত স্বাভাৱিক এক সংমিশ্রণত গঢ় লৈ উঠা অসমীয়া জাতিৰ বৰ ছাতিটোৰ তলত সকলো জাতি-জনজাতিয়ে সমরেত হৈ আধুনিক জগতখনত খোজ আগবঢ়োৱাৰ নতুন যাত্ৰাটো আৰম্ভ কৰিছিল। প্ৰতিটো জাতি-জনগোষ্ঠীৰ আজিৰ বিকশিত অৱস্থাটো এই যাত্ৰাৰ এক পৰিণতি। কিন্তু আনুষ্ঠানিকভাবে 'অসমীয়া'ৰ সংজ্ঞা নিৰূপণৰ প্ৰশ্নটো যেতিয়া 'অসম চুক্তি'ৰ ৬ নং দফাই আনি দিলে, তেতিয়াই গণ্ডগোল আৰম্ভ হৈ গ'ল। ৰাজ্যৰ স্বীকৃত জনজাতিসমূহৰ একাংশই এতিয়া 'অসমীয়া' পৰিচয় ধাৰণ কৰিবলৈ কুণ্ঠাবোধ কৰিছে, তেওঁলোকৰ স্বকীয় ৰাজনৈতিক আৰু সামাজিক স্থিতিত আঘাত পৰিব বুলি আশংকা কৰি। এই স্তম্ভতে ইতিপূর্বে কেইবাবাৰো উল্লেখ কৰা হৈছে যে আচলতে অসমত অসমীয়াৰ সংজ্ঞা নিৰূপণৰ প্ৰয়োজন নাছিল, কিন্তু 'অসমীয়া' বুলিয়েই হওক বা আন কিবা এটা সংজ্ঞাৰে সংজ্ঞায়িত কৰি হ'লেও হওক, এটা গ্রহণযোগ্য সংজ্ঞা নিৰূপণৰ অতি প্রয়োজন হৈছিল প্ৰব্ৰজিত মূলৰ লোকৰ আগ্রাসনে ইয়াৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি সৃষ্টি কৰা সংকটৰ পৰা ৰক্ষা পাবৰ কাৰণে। 

অসম চুক্তিয়ে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহক সাংবিধানিক সুৰক্ষা দিয়াৰ বাট এটা মুকলি কৰিছিল, কিন্তু খিলঞ্জীয়াসকলৰ মাজত বুজাবুজিৰ অভাৱৰ বাবে সেই পথটো বন্ধ হোৱাৰ উপক্রম ঘটিছে। 'অসমীয়া'ৰ সংজ্ঞা নিৰূপণ হোৱা নাই বুলি বিধানসভাত অসম চুক্তি মন্ত্রীয়ে দিয়া মন্তব্য স্পৰ্শকাতৰ বিষয়টোৰ 'পথ ৰুদ্ধ' হোৱাৰে এটা বার্তা। বুধবাৰে বিধানসভাত উল্লিখিত বিষয়ৰ প্ৰশ্নটো উত্থাপন কৰিছিল বিধায়ক আব্দুৰ ৰহিম আহমেদে। এই আব্দুৰ ৰহিম আহমেদ বর্তমান চেঙা সমষ্টিৰ বিধায়ক। বৰপেটা জিলাৰ চেঙা সমষ্টিটো বাংলাদেশৰ পৰা প্ৰব্ৰজিত মূলৰ লোকৰ বসতি প্রধান সমষ্টি। তাৰ ৯৯ শতাংশ ভোটাৰেই প্রব্রজিত মূলৰ। সেই সমষ্টিৰ বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিছে 'অসমীয়াৰ সংজ্ঞা' সম্পর্কে। ইয়াক আমি সদনত তোলা এটা সাধাৰণ প্রশ্ন হিচাপে যেনেকৈ ধৰি ল'ব পাৰোঁ, তেনেকৈ খিলঞ্জীয়া মানুহখিনিৰ প্ৰতি এক কটাক্ষ বুলিও গণ্য কৰিব পাৰোঁ। ভাবুকিবোৰ কেনেকৈ গভীৰ হৈ গৈ আছে, তাৰ অৱস্থাটো অন্য এটা উদাহৰণ দিলেই ধাৰণা কৰিব পৰা যাব। 'প্রাগজ্যোতিষপুৰীয়া দ্রাবিড়িয়ান পৰিষদ' নামৰ সংগঠন এটাৰ সভাপতি এছাহক আলীৰ মন্তব্যসম্বলিত ভিডিঅ' এটা ভাইৰেল হৈছে। ইয়াত এছাহক আলীয়ে 'অসমীয়া'ক স্পষ্টভাষাৰে প্ৰত্যাহ্বান জনাই কৈছে, '১৯২৫ চনৰ পূৰ্বে অসমীয়া জাতি পৃথিৱীতেই নাছিল। অসমীয়া বুলি কোনো জাতি নাই, জাতি নাথাকিলে ভাষা থাকিব পাৰে নেকি?' তেওঁ লগতে এই বুলিও কৈছে, 'আমাৰ উপৰিপুৰুষ বাংলাভাষী, আমিও বাংলা ভাষাই ক'ম। লোকপিয়লত আমি বাংলাভাষী বুলি নিলিখিম কিয়?' আমাৰ ৰাজ্যৰ বহু খিলঞ্জীয়া মানুহে নিশ্চয় এই ভিডিঅ'টো দেখিছে, বক্তব্যখিনিও শুনিছে। এছাহক আলীৰ বক্তব্যত অৱশ্যে অস্বাভাৱিকতা একো নাই। তেওঁ বা বাংলাদেশৰ পৰা প্ৰব্ৰজিত মূলৰ মানুহখিনিয়ে এই মনোভাবেই পোষণ কৰি অসমত বসবাস কৰি আছে। এই স্তম্ভৰ আগৰ এটা লেখাত কোৱা হৈছিল যে অসমত বসবাস কৰা 'আজন্ম' বাংলাপ্রেমী এনেকুৱা মানুহবোৰৰ ওপৰত অসমীয়া ভাষাৰ ভৱিষ্যৎ এনেও নিৰ্ভৰ নকৰে। 

'জীৱনে মৰণে নিজক অসমীয়া' বুলি ভবাসকলে অসমীয়া ভাষাক ৰক্ষা কৰিব লাগিব। কিন্তু 'অসমীয়া'ৰ অস্তিত্বলৈ সংকট যে আহিছে সেইটো সত্য। এছাহক আলীৰ দৰে আৰু বহুতেই হয়তো ভৱিষ্যতৰ দিনবোৰত প্ৰত্যাহ্বান জনাব। আমি নিজেই যেতিয়া ক'ব নোৱৰা হৈছোঁ অসমীয়া কোন, তেতিয়াহ'লে আমাক প্রত্যাহ্বান জনোৱা, তাচ্ছিল্য কৰা শক্তিবোৰে খিলঞ্জীয়াৰ সন্মুখত মূৰ দাঙি কথা ক'বলৈ সাহস কৰিবই। সমগ্র পৰিৱেশ, পৰিস্থিতি দেখি এতিয়া বহুতেই এইটোহে সন্দেহ কৰিবলৈ বাধ্য হৈছে যে যোৱা ৪০ বছৰে জাতিৰ ৰক্ষাকবচ বুলি উচ্ছ্বাস ব্যক্ত কৰি অহা 'অসম চুক্তি', ইয়াৰ অন্তর্গত 'সাংবিধানিক ৰক্ষা কৱচ' আদি বিষয়বোৰ আমাৰ নিজৰ মাজতে মিলা-প্রীতি নথকা, আমাৰ অক্ষমতাৰ বাবে কোনোবা সময়ত অপ্রাসংগিক হৈ পৰিবগৈ নেকি?

Share This