ডিজিটেল ডেস্ক : ইংৰাজীত এষাৰ কথা আছে- 'Justice delayed is justice denied', অর্থাৎ ন্যায়প্রাপ্তিত যদিহে কোনো বিচাৰ ব্যৱস্থাই বহু বিলম্ব কৰে, তেন্তে সেই কাৰ্য ন্যায়ৰ পৰা বঞ্চিত কৰা বা ন্যায় দিবলৈ অস্বীকাৰ কৰাৰ সমাৰ্থক হয়। ন্যায় প্রদান মানে কোনো অভিযোগৰ যথাযথ বিচাৰৰ অন্তত তাৰ ফলাফল ঘোষণা কৰি দোষী ব্যক্তিৰ শাস্তি ঘোষণা কৰা। যদি তদন্ত কাল দীঘলীয়া কৰি লৈ গৈ থকা হয়, নানা অজুহাতেৰে অভিযুক্তজনক আটক কৰাতো পলম কৰা হয়, তেন্তে বিচাৰৰ বহু আগতেই ন্যায় প্রার্থীসকল অধৈর্য আৰু ক্ষুব্ধ হৈ পৰে। অসমৰ ইতিহাসৰ সৰ্বকালৰ সবাতোকৈ জনপ্রিয় আৰু প্ৰভাৱশালী ব্যক্তি, শিল্পী জুবিন গাৰ্গৰ আকস্মিক আৰু অনাকাংক্ষিত মৃত্যুৰ তদন্ত তথা বিচাৰৰ ক্ষেত্ৰতো তেনে হৈছে। ৰাইজৰ অন্তৰত খং আৰু ক্ষোভৰ অগনি এতিয়াও জ্বলি আছে। সহজে নুমুৱাৰ সম্ভাৱনা নাই। প্রিয় শিল্পীজনৰ অবাঞ্ছিত এটা পৰিস্থিতিত হোৱা এই অকাল মৃত্যু কোনেও কেতিয়াও মানি ল'ব নোৱাৰে। চৰকাৰী ডাবি-ধমকিক 'কেয়াৰ' নকৰা জুবিনৰ অনুগামীয়েও বেছি দিনলৈ সহ্য নকৰে। সেয়েহে অভিযুক্তসকলৰ ওপৰত কাৰ্যব্যৱস্থা শীঘ্ৰে হোৱাটো ৰাইজে কামনা কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক পৰিস্থিতিত হোৱা মৃত্যু আৰু তাৰ আগৰ-পিছৰ ঘটনাৱলী, ইয়াত জড়িত থকা বিভিন্ন ব্যক্তি সম্পর্কত যিবোৰ কথা সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে, সেই কথাই মানুহক অধিক ক্ষুব্ধ কৰি গৈ আছে। সেয়েহে চৰকাৰে যথা শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগিব। প্রধান অভিযুক্ত শ্যামকানু মহন্ত এজন প্রভাবশালী ব্যক্তি বুলি বিভিন্ন তথ্যই প্রমাণ কৰে। কেন্দ্ৰীয় চৰকাৰৰো কৃপাধন্য বুলি নানা মহলত অভিযোগ উঠিছে, ফটো আৰু অন্যান্য তথ্য-পাতিও প্রচাৰিত হৈছে। সংবাদ মাধ্যমতকৈ সামাজিক মাধ্যম অধিক শক্তিশালী হৈ পৰিছে। সেই বাবেই ইয়াতে প্রকাশ পোৱা প্ৰকৃত জুবিন প্রেমীসকলৰ আবেগ-অনুভূতিবোৰক গুৰুত্ব দিয়া উচিত। নেতা-মন্ত্ৰী চৰকাৰী যন্ত্ৰৰ ৰক্ষাবেক্ষণত থাকিব। কিন্তু যিসকলৰ নাম এই ঘটনাৰ লগত আনুষংগিকভাবে জড়িত কৰি দিয়া হৈছে, তেনে লোক অনাহকত ৰাইজৰ ৰোষৰ বলি হ'ব।
অসম চৰকাৰে শেহতীয়াকৈ অসম তথা অসমৰ বাহিৰতো শ্যামকানু মহন্তৰ প্ৰতিষ্ঠানৰ কাম-কাজ বন্ধ কৰি দিছে। এয়া নিশ্চয় আদৰণীয় পদক্ষেপ। কিন্তু ঘটনাৰ যি গভীৰতা, ৰাইজৰ মনৰ যি পোৰণি সেয়া তাতে দূৰ নহ'ব। যিহেতু অভিযুক্ত ব্যক্তি যুৱ সম্প্ৰদায়ৰ পৰিচিত আৰু তেওঁলোক ক'ত, কেনেকৈ থাকিব পাৰে সেই বিষয়ত বহুতেই অৱগত- সেইবাবেই এই অভিযুক্তসকল বহু দিনলৈ গ্ৰেপ্তাৰ নোহোৱাকৈ থাকিলে ৰাইজ অধিক ক্ষুব্ধ হ'ব। এইটো এটা ৰাজনৈতিক ঘটনা নহয়, যাক আইন-শৃংখলা নিয়ন্ত্ৰণৰ নামত দমন কৰিব পৰা যাব! অসম চৰকাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে চি আই ডিৰ তদন্ত ঘোষণা কৰিছে। কিন্তু এই তদন্তৰ এটা সীমাবদ্ধতা আছে। যিহেতু ঘটনাৰ স্থান ভাৰতৰ বাহিৰত, গতিকে কেন্দ্ৰীয় সংস্থাৰ সহায় অবিহনে ক্ষিপ্ৰতাৰে তদন্ত আগ নাবাঢ়িব পাৰে। বহুতেই বিচাৰিছে চি বি আই তদন্ত। আন এটা অংশই এটা বিশেষ অনুসন্ধান গোট (special investigation team) বা SIT ঘোষণা কৰাৰ দাবী তুলিছে। ৰাজ্য চৰকাৰে ইতিমধ্যে এছ আই টি গঠন কৰিছে। এই ঘটনা হ'ল আটাইতকৈ জনপ্রিয় শিল্পীজনৰ অনাকাংক্ষিত মৃত্যুৰ সাধাৰণ ঘটনা নহয়। বহুতৰে আকৌ সন্দেহ- বর্তমান ক্ষমতাত থকা দলৰ শক্তিশালী নেতা-মন্ত্রীয়ে এই তদন্তত প্রভাৱ বিস্তাৰ কৰি নিজৰ লগত সু-সম্পর্ক থকা অভিযুক্তক সুৰক্ষা দিব পাৰে। আন ৰাজ্যত হ'লে এনে এজন ব্যক্তিৰ অপঘাত মৃত্যুৰ ঘটনাটোত চৰকাৰীভাবে প্রভাৱশালী ব্যৱসায়ী অভিযুক্ত হোৱা বাবে চৰকাৰৰ পদত্যাগ দাবী উঠিলহেঁতেন।
অসমত সিমানলৈ বাৰু যোৱা নাই, নাযায়। সেই বুলিয়েই এই তদন্ত লেহেম হ'ব নালাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ পৰা ৰাজনৈতিক সা-সুবিধা লাভ কৰাৰ কোনো কৌশল যাতে কৰা নহয়- সেই দিশত চৰকাৰ সতৰ্ক হ'ব লাগিব। যি উৎসৱত অংশ ল'বৰ বাবে শিল্পীজনাক নিয়া হৈছিল, তেনে ধৰণৰ অনুষ্ঠান সম্পর্কে অসমৰ অধিকাংশ লোকেই অৱগত নহয়। অথচ তেনে অনুষ্ঠানৰ বাবে বৃহৎ পৰিমাণৰ চৰকাৰী ধন-বিভিন্ন চৰকাৰী-অৰ্ধ চৰকাৰী ধন ব্যয় কৰি অহা হৈছে। দুর্বল অর্থনৈতিক অবস্থাত যি মিতব্যয়িতা অৱলম্বন কৰিব লাগে, অসম চৰকাৰে যেন তাকে কৰিব পৰা নাই। এনে এটা আচহুৱা অনুষ্ঠানৰ নামতেই আজি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। চৰকাৰৰ আন এটা অবাঞ্ছিত কার্য হ'ল- দীঘলীপুখুৰী পাৰৰ যিকেইজোপা বিশেষ গছ কটাৰ শিল্পীগৰাকীয়ে বিৰোধিতা কৰিছিল তেওঁৰ মৃত্যুৰ পাছতে কাটি দিয়া। এনে হঠকাৰী কাৰ্যৰ পৰা চৰকাৰ বিৰত থাকক।