ডিজিটেল ডেস্ক: অসমীয়া সমাজৰ খাদ্যসম্ভাৰ বৈচিত্র্যৰে ভৰপূৰ। আমিষ, নিৰামিষ উভয়বিধতে অসমীয়া ব্যঞ্জনৰ আছে সুকীয়া পৰিচয়, সুকীয়া আকর্ষণ। টেঙা, মিঠা, জ্বলা আদি বিবিধ স্বাদৰ উপৰি খাৰৰ দৰে স্বাদ কেৱল অসমীয়া খাদ্যসম্ভাৰৰ স্বতন্তৰীয় সোৱাদ বুলি অনেক খাদ্যৰসিকে গণ্য কৰে।
আমিষ ব্যঞ্জনৰ ক্ষেত্ৰত ছাগলী মাংসৰ লগতে হাঁহৰ মাংস অসমৰ গ্ৰাম্য সমাজত বেছ জনপ্রিয় আছিল যদিও অসমৰ নগৰীয়া পাকঘৰত হাঁহৰ মাংস কিছুবছৰ আগলৈকে 'কেতিয়াবাহে খোৱা' মাংস আছিল। মূলতঃ নগৰৰ বজাৰত এইবিধ মাংসৰ দুষ্প্রাপ্যতা আৰু কুটা-বচাৰ আহুকালৰ বাবেই হাঁহৰ মাংসৰ প্ৰতি আগ্ৰহ থাকিলেও নগৰীয়া মানুহৰ চৰুত ই বৰকৈ নুঠিছিল। কিন্তু শেহতীয়া কিছু বছৰত অসমৰ গ্ৰামাঞ্চলৰ লগতে নগৰে-চহৰে হাঁহৰ মাংস বিক্ৰীৰ অলেখ দোকান-পোহাৰ হোৱাত এইবিধ মাংস এতিয়া ৰেস্তোৰাঁৰ পৰা ৰান্ধনীঘৰলৈ সকলোতে সুলভ হৈছে, অসমীয়া মানুহৰ অন্যতম প্রিয় মাংসত পৰিণত হৈছে।
আনকি বিয়া-বাৰুৰ অভ্যর্থনাতো এতিয়া হাঁহৰ মাংসৰ এপদ ব্যঞ্জন তেনেই স্বাভাৱিক হৈ পৰিছে। কিন্তু এই সময়তে প্রকাশিত এটা বাতৰিয়ে হাঁহৰ মাংসৰ এই প্ৰীতিত এক চিন্তাৰ সুৰুঙা দিছে। শেহতীয়া এক গৱেষণা প্রতিবেদন অনুসৰি, অসমীয়াৰ ভোজন-জীৱনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত এই পাতি হাঁহে কঢ়িয়াই ফুৰে ভয়ংকৰ জীৱাণু। কেৱল ইমানেই নহয়, এই জীৱাণুসমূহৰ ভিতৰত মাৰাত্মক আগ্রাসী আৰু এন্টিবায় 'টিক প্ৰতিৰোধী 'চালমোনেলা বেক্টেৰিয়া' আছে, যি নিঃশব্দে মাংস আৰু কণীৰ মাধ্যমেৰে মানুহৰ খাদ্য-শৃংখলত সোমাই পৰে।
পশ্চিম বংগৰ বেলগাছিয়াত অবস্থিত পশ্চিম বংগ প্রাণী আৰু মৎস্য বিজ্ঞান বিশ্ববিদ্যালয় (WBUAFS) আৰু জার্মানিৰ লাইপজিগ বিশ্ববিদ্যালয়ৰ এক যৌথ গৱেষণাত হাঁহ সম্পর্কীয় এই তথ্য প্রকাশ হৈছে। গৱেষণা-পত্ৰখন প্রকাশ হৈছে ফ্রন্টিয়াৰ্ছ অব্ মাইক্ৰ'বায় 'লজি নামৰ এখন আন্তর্জাতিক জার্নেলত। গৱেষক দলে উল্লেখ কৰিছে সাধাৰণ দৃষ্টিত অতি নিৰীহ যেন লগা এই হাঁহ কিন্তু নীৰৱ ঘাতক বা ছাইলেন্ট কীলাৰ হৈ উঠিব পাৰে।
এই গৱেষণা পশ্চিম বংগত হ'লেও অসমৰ হাঁহৰ মাংস প্রেমীসকলৰ বাবেও যে এক সাৱধানী সংকেত, তাক নক'লেও হ'ব। এনেকুৱা ক্ষেত্ৰত প্রশ্ন উঠে বিদেশী খাদ্যসমূহ আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু থলুৱা খাদ্যসমূহহে আমাৰ স্বাস্থ্যৰ উপযোগী বুলি সাধাৰণীকৰণ কৰা এটা মত বেছ প্রচলিত আৰু জনপ্রিয় যদিও সেয়া প্রকৃততে কিমান দূৰ নিঃচর্তভাৱে গ্রহণযোগ্য? উল্লেখ কৰি অহা হাঁহৰ মাংসৰ প্ৰসংগৰে উনুকিয়াব পাৰি কিছুবছৰৰ আগতে বেছ চর্চা হৈছিল অসমীয়া স্বকীয়তাৰে ভৰা খাৰ কেঞ্চাৰৰ অন্যতম কাৰক বুলি। আনকি উত্তৰ-পূৰ্বাঞ্চলত অত্যধিক হাৰত কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধিৰ বাবে মূলতঃ আমাৰ এইধৰণৰ খাদ্যাভ্যাস জগৰীয়া বুলিও চর্চা হৈছিল। অসমীয়া মানুহৰ তামোল খোৱাৰ অভ্যাসটোও কেঞ্চাৰৰ কাৰক হ'ব পাৰে বুলিও কোনোবাই মন্তব্য কৰা বুলি চর্চা লাভ কৰিছিল।
প্রশ্ন হ'ল- এইধৰণৰ কথাবোৰ কিমানদূৰ বিশ্বাসযোগ্য, কিমানদূৰ গ্রহণযোগ্য? এখন প্রতিবেদনৰ ওপৰত ভিত্তি কৰি হাঁহ খোৱা বাদ দিয়া উচিতনে? উচিতনে চলি থকা চৰ্চাক আধাৰ কৰি ইমান দিনে খাই থকা খাৰ আৰু তামোল বাদ দিয়া? কিন্তু বিপৰীতক্রমে এইবোৰ খাদ্য যদি সঁচাই ভয়ংকৰ, তেনেহ'লে স্বাভাৱিকতেই এইবোৰ খাদ্য গ্ৰহণৰ অভ্যাস ত্যাগ কৰিবই লাগিব।
কিন্তু কোনে দিব এইক্ষেত্রত সিদ্ধান্ত? অসম তথা উত্তৰ-পূবৰ খাদ্য সম্পর্কে গৱেষণা কৰিব পৰাৰ সামর্থ্য থকা কেইবাটাও মানবিশিষ্ট প্রতিষ্ঠান অঞ্চলটোত আছে। এই প্রতিষ্ঠানকেইটাই উত্তৰ-পূবৰ থলুৱা, পৰম্পৰাগত খাদ্য আৰু স্বাস্থ্য সম্পর্কীয় এলানি গভীৰ অধ্যয়ন আৰু গৱেষণা যদি চলায়, সেয়া অঞ্চলটোৰ মানুহখিনিৰ কাৰণে অত্যন্ত উপকাৰী হ'ব।
থলুৱা, পৰম্পৰাগত খাদ্যসমূহ ইয়াৰ মানুহে দীর্ঘদিন ধৰি জিভাৰ জুতিৰ লগতে স্বাস্থ্যৰ উপকাৰী বুলি বিবেচনা কৰি আহিছে যদিও বাস্তৱিকতে সেয়া হয়তো নহ'বও পাৰে। বা পৰিৱৰ্তন, সংমিশ্রণ আৰু আধুনিকীকৰণে সেইবোৰৰ স্বাভাৱিক গুণ নোহোৱা কৰি সেইবোৰ খাদ্যক নীৰৱ ঘাতকো কৰি তুলিব পাৰে। কিন্তু যিয়েই নহওক, এইবোৰ সম্পৰ্কত এক বৈজ্ঞানিক, তথ্যভিত্তিক আৰু বিশ্বাসযোগ্য উত্তৰ আমাক লাগে। খাদ্য সম্পর্কীয় গৱেষণাত জড়িত এই অঞ্চলৰ গৱেষকসকলে বিষয়টো গুৰুত্বসহকাৰে লৈ ৰাইজক আশ্বস্ত কৰিলে ৰাইজৰ কল্যাণ হ'ব।