ডাম্পাৰৰ দৌৰাত্ম্য

dainik janambhumi May 05, 2025

বিগত বেছ কিছু বছৰৰ পৰা অসমত বিভিন্ন স্তৰত গৃহ নিৰ্মাণৰ লগতে বাট-পথ নিৰ্মাণৰ কাম বেছ দ্রুতগতিত বৃদ্ধি পাইছে। বৃদ্ধি পাইছে নগৰীকৰণ। ইয়াৰ প্রায় সমানুপাতিক হাৰত অসমৰ পথত বৃদ্ধি পাইছে এবিধ বিশেষধৰণৰ বাহন- ডাম্পাৰ তাৰ নাম। প্ৰধানকৈ বালি, মাটি, শিলগুটি, ইটাকে ধৰি বিভিন্নধৰণৰ নির্মাণ সামগ্রী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয় এই বাহন। সেয়ে যিমানেই নিৰ্মাণৰ কাম বাঢ়িছে, সিমানেই বাঢ়িছে ডাম্পাৰৰ চলনৰ হাৰো। বেছ মজবুত শৰীৰ আৰু শক্তিশালী ইঞ্জিনেৰে এই বাহন নিৰ্মাণৰ সৈতে জড়িতসকলৰ স্বাভাৱিকতেই পচন্দৰ বাহন।

এইখিনিলৈকে কথাখিনি ভাল লগা। কিন্তু চিন্তনীয় কথাটো হ'ল অসমৰ বাট-পথত কিজানি সর্বাধিক দুর্ঘটনা সংঘটিত কৰা বাহনখনেই হ'ল এই ডাম্পাৰ। বিগত কিছু বছৰত এই বাহনৰ খুন্দাত মৃত্যু হৈছে অসংখ্যজনৰ। এই ডাম্পাৰে সংঘটিত কৰা দুৰ্ঘটনাৰ ন্যূনতম এটা বাতৰি প্ৰতিদিনেই পোৱা যায় বুলি ক'লেও ভুল কোৱা নহ'ব। ডাম্পাৰ যেন এতিয়া সামগ্রী কঢ়িওৱা বাহন নহয়, এক ভয়ংকৰ মৃত্যুদূতহে।

প্রশ্ন হ'ব ইমানবোৰ বাহন চলি থাকোঁতে কেৱল ডাম্পাৰসমূহহে মৃত্যুদূত হৈ পৰিল কিয়? কিয় ডাম্পাৰ দুৰ্ঘটনাৰ সংখ্যা সৰহ? নিঃসন্দেহে এয়া এক গভীৰ অনুসন্ধানৰ বিষয়। কিন্তু সততে এটা অভিযোগ বেছ বিশ্বাসযোগ্যভাৱে উত্থাপন হয় যে সৰহভাগ ডাম্পাৰৰ চালক চেঙেলীয়া ডেকা আৰু তেনে চালকৰ হাততেই দুর্ঘটনা সংঘটিত হোৱাৰ দৃষ্টান্ত অধিক। তেওঁলোকৰ বহুতৰে বাহন চালনাৰ অনুজ্ঞাপত্ৰ নাই বা থকাবোৰো সন্দেহজনক বুলি প্রায়ে খবৰ ওলায়।

এইবোৰ চালকৰ তীব্রবেগী বেপৰোৱা চলনত ভয়ংকৰ দুৰ্ঘটনাবোৰ সংঘটিত হয়- কাৰোবাৰ প্ৰাণ যায়, থান-বান হয় এখন সপোনৰ সংসাৰ।

এই তীব্রবেগ আৰু বেপৰোৱা চলনৰ আঁৰৰো কথা আছে। ডাম্পাৰ চলে ব্যৱসায়ভিত্তিক কামত, স্বাভাৱিকতেই থাকে লাভ-লোকচান বা অধিক লাভৰ প্রসংগ। সেয়ে এটা নির্দিষ্ট সময়ত কিমান বেছিবাৰ বয়-বস্তু সৰবৰাহ কৰিব পাৰি তাৰ হিচাপ চলে, চলে ঘোষিত-অঘোষিত প্রতিযোগিতা। আৰু এনে প্রতিযোগিতাতে ডাম্পাৰৰ বেগ বাঢ়ে, চলন হয় বেপৰোৱা, আৰু বাঢ়ে দুর্ঘটনা। আকৌ চেঙেলীয়া বা সদ্য 'হেণ্ডিমেন'ৰ পৰা 'ড্ৰাইভাৰ'লৈ প্রমোশ্যন পোৱা চালকক কম মজুৰিত খটুৱাব পাৰি বাবে ডাম্পাৰৰ গৰাকীয়ে এনে চালক নিয়োগ কৰিবলৈ পচন্দ কৰে বুলিও এটা বিশ্বাসযোগ্য অভিযোগ আছে। এনে অনভিজ্ঞ চালকেও সততে 'ঘটনা' ঘটায়।

যি কাৰণেই দুৰ্ঘটনাৰ সংখ্যা নাবাঢ়ক কিয় এই কথাত নিশ্চয় কাৰো দ্বিমত থাকিব নোৱাৰে যে সাম্প্রতিক সময়ত অসমত পথ দুৰ্ঘটনাৰ অন্যতম প্রধান কাৰক এই ডাম্পাৰ। কেৱল দুর্ঘটনাই নহয়, একাংশ ডাম্পাৰ চালকৰ বেপৰোৱা, ৰুক্ষ চলনে পথৰ আন বাহন চালকসকলক বাৰুকৈয়ে ভীতিগ্রস্ত কৰি আহিছে, কাঢ়ি নিছে পথত স্বাচ্ছন্দে গাড়ী চলোৱাৰ আমেজ। পথত ডাম্পাৰ দেখিলেই মৃত্যুদূত আহিছে বুলি ভবাৰ পৰিৱেশ নিশ্চয় কাৰো বাবে সুখপ্রদ নহয়। সঁচা অৰ্থত অসমৰ পথত চলিছে এতিয়া ডাম্পাৰৰ দৌৰাত্ম্য।

এনে পৰিৱেশত চৰকাৰৰ কৰণীয় কি? নিঃসন্দেহে সেয়া এক গুৰুত্বপূৰ্ণ প্রশ্ন। যান-বাহনৰ চলাচলৰ নিয়ন্ত্ৰণ যিহেতু চৰকাৰৰ আওতাৰ ভিতৰৰ এটা প্রসংগ সেয়ে ডাম্পাৰৰ এই ত্ৰাসৰ পৰা জনসাধাৰণক মুক্ত কৰাটো চৰকাৰৰ এক দায়িত্ব। চৰকাৰে ডাম্পাৰৰ চাল-চলনৰ ওপৰত কঠোৰ দৃষ্টি দি এইবোৰক নিয়ন্ত্ৰণ কৰাটো ৰাইজে কামনা কৰে। বনজ সম্পদৰ চোৰাং বেহাত হাত লগাৰ ভয়ত ডাম্পাৰৰ গতি-বিধিলৈ চৰকাৰে চকু মুদি আছে বুলি ভবাৰ পৰিৱেশ এটা কাৰো কাম্য নহয়। কাৰণ সততে এই অভিযোগ থাকে যে ডাম্পাৰসমূহত বোজাই হৈ অহা সামগ্রীত কৰ-কাটলৰ অনেক বেমেজালি থাকে আৰু এইবোৰ বিভিন্নধৰণেৰে 'মেনেজ' হৈ আহে- সেয়ে বন বিভাগ, আৰক্ষী প্রশাসন আদি প্রায়েই এইবোৰ ক্ষেত্ৰত অন্ধ। তদুপৰি থাকে ডাম্পাৰৰ গৰাকীসমূহ হাত দীঘল প্রভাৱশালী লোক বুলিও এক অভিযোগ, যাৰ কাৰণে বোলে সেইবোৰলৈ চকু নিদিয়ে কোনেও। এই সকলো অভিযোগ মিছা প্রমাণিত কৰি ডাম্পাৰ চলনৰ প্রতি কঠোৰ দৃষ্টি দিয়াৰ সময় এতিয়া চৰকাৰৰ। অনেক সচেতন লোকে বিশ্বাস কৰে পথৰ পৰা ডাম্পাৰৰ দৌৰাত্ম্য নোহোৱা কৰিবলৈ হ'লে চৰকাৰে ডাম্পাৰ চালকৰ লগতে ডাম্পাৰৰ গৰাকীৰ বিৰুদ্ধেও দৃষ্টান্তমূলক ব্যৱস্থা গ্রহণ কৰিলেহে সমস্যাৰ সমাধান হ'ব। কাৰণ পূৰ্বতে উল্লেখ কৰি অহা কম সময়ত অধিকবাৰ বয়-বস্তু অনা-নিয়া কৰাৰ (কেইবা খেপ) প্রতিযোগিতাত প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত থাকে ডাম্পাৰৰ একাংশ গৰাকী। সেইদৰে অনভিজ্ঞ চালকৰ হাতত ডাম্পাৰখন তুলিও দিয়ে সেইখনৰ গৰাকীয়েহে। সেয়ে এইসকল গৰাকীকো নিয়ন্ত্ৰণ কৰা প্ৰয়োজন। ৰাইজে আশা কৰে পৰিবহণ মন্ত্রী, তথা সামগ্রিকভাৱে চৰকাৰ আৰু প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্রহণেৰে, দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থাৰে ডাম্পাৰৰ ত্ৰাসৰ পৰা ৰাইজক উদ্ধাৰ কৰিব। অন্যথা অনাগত সময়ত ডাম্পাৰে আৰু কিমানৰ প্ৰাণ ল'ব, কিমান সংসাৰৰ সপোন ভাঙিব তাৰ হিচাপ নাই- আৰু এনেক্ষেত্ৰত এইসমূহ পৰিয়ালৰ দুৰ্ভাগ্যৰ কাৰণ কিন্তু ডাম্পাৰৰ লগতে চৰকাৰৰ দুৰ্বল স্থিতি বুলিও ৰাইজ পতিয়ন যাব।

Share This