ডিজিটেল ডেস্ক: ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেনেইৰ মার্কিন ইজৰাইলী বাহিনীৰ নিখুঁত আৰু লক্ষ্য নির্ধাৰিত আক্ৰমণত মৃত্যু হোৱাৰ লগে লগে মধ্যপ্রাচ্যৰ আমেৰিকা বিৰোধী ইতিহাসৰ এটা শক্তিশালী অধ্যায়ৰো যবনিকা পৰিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে খামেনেইক 'ইতিহাসৰ সবাতোকৈ বেয়া মানুহবোৰৰ অন্যতম (One of the worst evil people in history)' বুলি আখ্যা দিছে যদিও আমেৰিকা বিৰোধীসকলৰ বাবে, বিশেষকৈ মুছলিম বিশ্বৰ বাবে খামেনেই আছিল সাহসিতকাৰ প্রতীক।
১৯৭৯ চনত ইৰানত আয়াতুল্লা খৌমেনিয়ে সূচনা কৰা ইছলামিক বিপ্লৱৰ ফলত শ্বাহৰ শাসনৰ পতন ঘটাৰ পাছত দেশখনত দুগৰাকীয়েই সর্বোচ্চ নেতা আছিল- খোমেইনী আৰু খামেনেই। আচলতে আয়াতুল্লা খোমেইনীৰ ছত্ৰছায়াতে উত্থান ঘটিছিল আয়াতুল্লা আলী খামেনেইৰ। তেওঁ আধুনিক শিক্ষাৰে শিক্ষিত নেতা নাছিল। তেওঁ আছিল কোৰানৰ বিশাৰদ। ১১ বছৰ বয়সতে তেওঁ ইছলামৰ ছিয়া শাখাৰ ধৰ্মগুৰু ৰূপে স্বীকৃত হৈ সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল। আধ্যাত্মিক কাম-কাজৰ সমান্তৰালকৈ ৰাজনৈতিক কাম-কাজতো জড়িত হৈ, বিশেষকৈ শ্বাহৰ শাসনৰ বিৰুদ্ধে সৰৱ হৈ উঠা খামেনেই ইছলামিক বিপ্লৱৰ এগৰাকী আগশাৰীৰ যোদ্ধা ৰূপে নিজকে প্রতিষ্ঠা কৰাই নহয়, এগৰাকী শাসক হিচাপে তেওঁৰ উত্তৰণৰ পথো তেতিয়াই ৰচনা হয়। শ্বাহৰ শাসনৰ সময়ত তেওঁক ছবাৰ গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা হৈছিল। বহু দিন তেওঁ আত্মগোপনো কৰি আছিল। ইছলামিক বিপ্লৱৰ জৰিয়তে শ্বাহৰ শাসনৰ পতন ঘটোৱাৰ পাছত খোমেইনীয়ে আয়াতুল্লা আলী খামেনেইক তেহৰানৰ শুকুৰবৰীয়া নামাজৰ মুৰব্বী ৰূপে নিযুক্তি দি প্রতিপন্ন কৰে যে খামেনেই তেওঁৰ উত্তৰাধিকাৰী। শ্বাহৰ শাসনৰ অন্ত পৰাৰ পাছত ইৰানৰ এদল বিশ্ববিদ্যালয়ৰ ছাত্ৰই তেহৰানৰ মার্কিন দূতাৱাস অৱৰোধ কৰি বহুকেইজন মার্কিন কূটনীতিবিদক অপহৰণ কৰি ৪৪৪ দিন পণবন্দী কৰি ৰখা অধ্যায়টোত পৃষ্ঠপোষকতা কৰা বাবে খামেনেই প্রথম আমেৰিকাৰ কোপদৃষ্টিত পৰে আৰু ইৰান-আমেৰিকাৰ শত্রুতাও তেতিয়াৰ পৰাই আৰম্ভ হয়।
আমেৰিকাৰ সহায় লৈ ইৰাকে ইৰান আক্ৰমণ কৰা তথা ৮ বছৰ ধৰি চলা সেই যুদ্ধৰ কাহিনী ইতিহাসৰ অনুৰাগীসকলে জানে। আয়াতুল্লা আলী খামেনেই সেই যুদ্ধত সন্মুখৰ পৰা ইৰানক নেতৃত্ব দিছিল। টেপৰেকৰ্ডাৰ বোমাৰে হত্যাৰ এক প্রচেষ্টাৰ পৰা ১৯৮১ চনত খামেনেইৰ কথমপি প্ৰাণ ৰক্ষা পৰিছিল। ইৰাকৰ সৈতে হোৱা সেই যুদ্ধৰ পাছৰ পৰাই আমেৰিকাৰ প্ৰতি খামেনেইৰ ঘৃণা অধিক বৃদ্ধি পায় আৰু পৰৱৰ্তী সময়ত তেওঁ তীব্র আমেৰিকা-বিদ্বেষী বুলি বিশ্বত চিহ্নিত হৈ পৰে। ১৯৮৯ চনত আয়াতুল্লা খোমেইনীৰ উত্তৰাধিকাৰী হিচাপে নির্বাচিত হোৱাৰ পাছৰ পৰাই ক্রমান্বয়ে নিজকে ইৰানৰ সর্বোচ্চ আৰু সৰ্বশক্তিমান নেতালৈ উন্নীত কৰা খামেনেয়ে এই সুদীর্ঘ শাসন কালত আমেৰিকাক ৰঙা চকু দেখুৱায়েই দেশখন শাসন কৰি গ'ল আমেৰিকা-ইজৰাইলী বাহিনীৰ আক্ৰমণত শনিবাৰে মৃত্যুবৰণ কৰা পর্যন্ত। খামেনেইৰ শাসনৰ এই সুদীর্ঘ সময়ছোৱাত আমেৰিকা আৰু ইজৰাইলে কেনেকৈ ইৰানৰ ওপৰত বিভিন্নপ্ৰকাৰে হেঁচা প্রয়োগ কৰি আহিছিল সেই অধ্যায়বিলাকো লিপিবদ্ধ হৈ আছে ইতিহাসৰ পাতত। বিশেষকৈ ইৰানৰ বিৰুদ্ধে পাৰমাণৱিক শক্তি আহৰণৰ অভিযোগ তুলি সন্দেহজনক পাৰমাণৱিক ক্ষেত্ৰবোৰৰ ওপৰত চলি আহিছিল আমেৰিকা-ইজৰাইলৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আক্রমণ।
বিশ্বৰ ভিতৰতে শক্তিশালী বুলি জনাজাত ইজৰাইলৰ চোৰাংচোৱা সংস্থা 'মোছাড'-এ ইৰানৰ বিৰুদ্ধে চলাই আহিছিল ধাৰাবাহিক গোপন অভিযান। সেই আক্ৰমণবোৰ চলিছিল ইৰানৰ প্ৰতিৱেশী ৰাষ্ট্ৰবোৰৰ সীমান্তৰ পৰা। ইৰানৰ কেইবাজনো পৰমাণু বিজ্ঞানী নিহতও হৈছিল এই আক্রমণবোৰত। কেৱল আমেৰিকা, ইজাৰইলৰ আক্রমণেই নহয়, খামেনেইৰ নেতৃত্বৰ ইছলামিক শাসন ওফৰাবলৈ ইৰানৰ ভিতৰতো চলিছিল কেইবাটাও গণ বিদ্ৰোহৰ ঘটনা। ১৯৯৯ চনত হোৱা বৃহৎ ছাত্র বিক্ষোভ, ২০১৯ চনত হোৱা গণ বিক্ষোভ, ২০২২ চনত হোৱা হিজাব বিৰোধী আন্দোলন আৰু শেহতীয়াকৈ চলি থকা মৌলবাদী শাসনৰ বিৰুদ্ধে বিক্ষোভ খামেনেইৰ একচ্ছত্ৰী শাসনৰ বিৰুদ্ধে আছিল বৃহৎ প্রত্যাহ্বান। পশ্চিমীয়া দেশবোৰে এই গণ বিদ্রোহবিলাকলৈ আগবঢ়াইছিল পূর্ণ সমর্থন। কিন্তু সংসদ, কার্যপালিকা, সেনা, পুলিচ, মৌলবী-এই সকলো ক্ষেত্রতে নিজৰ মানুহ ৰাখি এই সকলোবিলাকত কঠোৰ নিয়ন্ত্ৰণ ৰাখিবলৈ সক্ষম হোৱা খামেনেই বাহিৰ আৰু ভিতৰৰ সকলো প্রত্যাহ্বানৰ ইমান দিনে মোকাবিলা কৰি আহিছিল যদিও যোৱা শনিবাৰে তেওঁ আমেৰিকা-ইজৰাইলৰ নিশ্ছিদ্ৰ আক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিব নোৱাৰিলে।
সংঘাত-সংঘৰ্ষৰ অভিজ্ঞতাৰে পুষ্ট হৈ বিশ্ববাসীৰ সন্মুখত এগৰাকী কিংবদন্তি শাসকৰ ৰূপত উজলি উঠা খামেনেই ৮৬ বছৰ বয়সত নিহত হোৱাৰ লগে লগে মধ্যপ্রাচ্যৰ সংঘৰ্ষজৰ্জৰিত ইতিহাসৰ এক বিস্ময়কৰ অধ্যায়ৰো যৱনিকা পৰিল। কাৰোবাৰ বাবে কুখ্যাত আৰু কাৰোবাৰ বাবে সুখ্যাত হ'ব পাৰে, সেয়া বেলেগ কথা, কিন্তু ইমান দিনে সর্বশক্তিমান আমেৰিকাৰ সন্মুখত বৃহৎ প্ৰাচীৰৰ দৰে থিয় হৈ থকা নেতাজনৰ সুদীর্ঘ দিনৰ যুঁজাৰু জীৱনটোক অস্বীকাৰ কৰাৰ উপায় নাই। তেওঁৰ বিয়োগৰ পাছত ইৰানে দুই সর্বশক্তিমান ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হ'বনে নে দেশখন পশ্চিমৰ নিয়ন্ত্রণলৈ যাব, মধ্য প্রাচ্যৰ পৰৱৰ্তী ভূমিকা কি হ'ব, ৰাছিয়া, চীন বা তুৰস্কই কি ভূমিকা ল'ব এই কথাবোৰ জানিবলৈ বিশ্ব কৌতূহলী হৈ থকাটোৱেই স্বাভাৱিক।