ডিজিটেল ডেস্ক : আমাৰ সমাজত এষাৰ কথা প্রচলিত আছে- ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক। একেবাৰে সাধাৰণ কথা। সন্মুখৰ বা আশ-পাশৰ মানুহবোৰৰ লগত শত্রুতা থাকিলে সমাজ এখনত শান্তিৰে জীয়াই থকাটোৱেই জটিল। আমাৰ দেশৰ অৱস্থাটো বর্তমান তেনেকুৱাই হৈ পৰিছে। উত্তৰত অৱস্থিত পাকিস্তান আমাৰ চিৰবৈৰী; উত্তৰ-পূব সীমান্তজুৰি থকা চীনৰ লগত ১৯৬২ চনৰ পৰা আজিলৈকে সম্পর্ক সৌহার্দ্যপূর্ণ হৈ নুঠিল; উত্তৰ সীমান্তৰে অন্য এখন ৰাষ্ট্ৰ নেপাল যোৱা শতিকালৈকে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ আছিল, যদিও বাওঁপন্থী সংগ্ৰামৰ পিছত সেই বন্ধুত্বত ঘুণে ধৰিলে। দক্ষিণৰ শ্রীলংকাৰ লগতো সম্পৰ্কৰ ক্ষেত্ৰত আগৰ নিবিড়তা নাই; পূবৰ ম্যানমাৰৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰতো বহু জটিলতা আছে; অৱশেষত যোৱা দুবছৰত ছাত্র-সংগ্রামকেন্দ্রিক অস্থিৰতা, শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত আমাৰ দেশৰ একেবাৰে বুকুৰ মাজতে সোমাই থকাৰ নিচিনা বাংলাদেশৰ লগতো সম্পর্ক লাহে লাহে এনে এটা স্তৰলৈ গৈছে যে এতিয়া সেই প্রতিৱেশী ৰাষ্ট্ৰখনক বন্ধু বুলি ধৰা হ'ব নে শত্রু বুলি ভবা হ'ব সেইটো থিৰাং কৰিব নোৱৰা পৰিস্থিতি হৈছেগৈ। এনেকৈ নিজৰ সীমাৰ সিপাৰে থকা প্রতিখন ৰাষ্ট্ৰৰ লগত বিশ্বাসহীন সম্পৰ্কৰ অৱস্থা এটা বিৰাজ কৰি থকাটো দেশ এখনৰ বাবে জটিল কথা। এনে অৱস্থাই দেশৰ জীৱনযাত্ৰাৰ লগতে প্রগতিত কেনে প্রভাৱ পেলায় সেয়া নক'লেও বুজি পোৱা যায়।
পাকিস্তানৰ সৈতে বৈৰিতাই দেশবাসীক তাৰ অভিজ্ঞতা যথেষ্ট দিছে। বৰ্তমানৰ অতি স্পৰ্শকাতৰ আন্তর্জাতিক পৰিস্থিতিৰ মাজত প্রতিখন প্রতিৱেশী ৰাষ্ট্ৰৰ লগত অস্বস্তিকৰ সম্পৰ্ক বাহাল থকাটো চিন্তনীয় বিষয়। ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন চৰকাৰ প্ৰতিষ্ঠাৰ পাছত আমাৰ দেশৰ আন্তর্জাতিক সম্পৰ্কৰ নীতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। আগৰ 'গোষ্ঠী নিৰপেক্ষ' চৰিত্ৰৰ পৰিৱৰ্তে ভাৰতে এতিয়া 'বহুগোষ্ঠীয়' (Multi Align-ment) সম্পৰ্ক বৃদ্ধিৰ কূটনীতিত অধিক গুৰুত্ব দিছে আৰু বিশ্বৰ প্ৰায়বোৰ দেশৰ লগত বিষয় আৰু প্রয়োজন ভিত্তিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। এইক্ষেত্রত বৈদেশিক মন্ত্রী জয়শংকৰৰ ভূমিকাতো আছেই, প্রধানমন্ত্রী মোদীয়েও সন্মুখত থাকি এই কূটনৈতিক অভিযানত নেতৃত্ব প্রদান কৰি আহিছে। ফলত আন্তঃৰাষ্ট্ৰীয় বিষয়ত ভাৰতৰ গুৰুত্ব পূৰ্বতকৈ বৃদ্ধি পোৱাটো অনস্বীকার্য সত্য। এনে অৱস্থাত চুবুৰীয়া ৰাষ্ট্ৰৰ লগত, বিশেষকৈ পাকিস্তান আৰু বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাৰ ক্ষেত্ৰত কিছুমান নিজস্ব কাৰণ আছে। ইয়াৰ মূল কাৰণ হৈছে বিজেপিৰ ৰাজনৈতিক ভাবাদর্শ। হিন্দুত্ববাদী বিজেপিয়ে পাকিস্তানক সহ্য কৰিব নোৱৰাটো স্বাভাৱিক কথা, কিন্তু বাংলাদেশৰ লগত নৰেন্দ্ৰ মোদী চৰকাৰে সম্পর্কত তিক্ততা আনিব খোজা নাছিল, বৰঞ্চ অর্থনৈতিক সহযোগিতাৰ নতুন নতুন ক্ষেত্ৰলৈ বিস্তাৰ ঘটাই দেশ দুখনৰ মাজত সম্পৰ্কক অধিক দৃঢ় কৰি তুলিবহে খুজিছিল। ২০২১ চনত বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ ল'বলৈ গৈছিল প্রধানমন্ত্রী মোদী। কিন্তু ছাত্র আন্দোলনৰ গইনা লৈ ৰাষ্ট্ৰখনত হোৱা ইছলামিক মৌলবাদী উত্থান, শ্বেখ হাছিনা চৰকাৰৰ পতনে সমগ্ৰ পৰিৱেশ ওলট-পালট কৰি পেলালে। সেই গণ অভ্যুত্থানৰ পাছত প্রতিষ্ঠা হোৱা অর্থনীতিবিদ মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰৰ তীব্ৰ ভাৰত-বিৰোধী চৰিত্ৰৰ পৰিপ্ৰেক্ষিতত মোদী চৰকাৰে সম্পর্ক নিবিড় কৰিবলৈ কৰা সকলো প্রচেষ্টা বিনষ্ট হৈ পৰে। মহম্মদ ইউনুছৰ চৰকাৰে ভাৰতৰ আজন্ম শত্রু পাকিস্তানৰ সৈতে দীর্ঘদিন ধৰি বন্ধ হৈ পৰা কূটনৈতিক সম্পর্ক পুনৰ প্ৰতিষ্ঠা কৰাই নহয়, ভাৰতক প্রত্যাহ্বান জনাই দেশখনৰ সৈতে গঢ়ি তোলে ৰণনৈতিক সম্পর্কও। কিন্তু চুবুৰীয়া দেশখনত হোৱা সাধাৰণ নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে বি এন পি ক্ষমতাধিষ্ঠিত হোৱা আৰু তাৰিক ৰহমান প্রধানমন্ত্রী হোৱাৰ পাছত ভাৰতে দেশখনৰ সৈতে বিনষ্ট হোৱা সম্পৰ্ক পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টাত ত্রুটি কৰা নাই। তাৰিক ৰহমান চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে লোক সভাৰ অধ্যক্ষ ওম বিৰলা। তদুপৰি এগৰাকী ৰাজনীতিবিদ দীনেশ দ্বিবেদীক কেবিনেট মন্ত্ৰীৰ মর্যাদা দি বাংলাদেশ নতুন হাইকমিছনাৰ নিযুক্তি দি আৰু দুবছৰ বন্ধ হৈ থকা পর্যটক ভিছা পুনৰ মুকলি কৰি ভাৰতে দেশখনৰ সম্পৰ্কৰ নতুন অধ্যায় এটা মুকলি কৰিছে ঠিকেই, পিছে বাংলাদেশীক 'পুশ্ববেক' কৰাক হৈ যোৱা কিছুদিনত দেশ দুখনৰ সীমান্তত বিৰাজ কৰিছে অস্বাভাৱিক উত্তেজনা।
আনকি বাংলাদেশ সীমান্তৰক্ষী বাহিনী বি জি আৰে ভাৰতীয় সীমান্তৰক্ষী বাহিনী বি এছ এফক গুলীওৱাৰো ভাবুকি দিছে। এনে উত্তেজনাৰ মাজতে অন্য দুটা বিষয়ে ভাৰত-বাংলাদেশৰ সম্পৰ্কক পুনৰ জটিল কৰি তোলাৰ আশংকাৰ সৃষ্টি কৰিছে। সেয়া হ'ল ভাৰতৰ বাবে অতি স্পৰ্শকাতৰ বিষয় হিচাপে চিহ্নিত তিস্তা নদীৰ উপত্যকাৰ ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্পৰ দায়িত্ব চীনৰ চৰকাৰী সংস্থা 'পাৱাৰ চাইনা'ক অর্পণ কৰিবলৈ বাংলাদেশে অলপতে চীনৰ লগত এখন চুক্তিত আবদ্ধ হৈছে। তদুপৰি ইতিপূর্বে ভাৰতক দিবলৈ সিদ্ধান্ত লোৱা 'মোংলা প'র্ট ইক'ন'মিক জ'ন'ৰ দায়িত্বও দেশখনে হঠাৎ চীনৰ এটা চৰকাৰী সংস্থাক অর্পণ কৰি ইয়াৰ বিকাশৰ বাবে ১১০ একৰ মাটি সংস্থাটোক দিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। ইয়াৰ অৰ্থ স্পষ্ট। ভাৰতক অগ্রাহ্য কৰি বাংলাদেশে দেশখনত চীনৰ উপস্থিতিৰ সুযোগ সৃষ্টি কৰি দিব খুজিছে। তিস্তা প্রকল্প আৰু মোংলা প'র্ট এই দুয়োটাই 'চিকেন নেক'ৰ একেবাৰে কাষত। গতিকে ভাৰতৰ বাবে বাংলাদেশৰ এই সিদ্ধান্ত কিমান বিপজ্জনক হ'ব পাৰে সেয়া সহজেই অনুমেয়। এনেকুৱা সিদ্ধান্ত তথা আচৰণৰ পৰিপ্ৰেক্ষিতত ভাৰতে যিমানেই নিবিচাৰক বাংলাদেশৰ সৈতে সম্পর্ক ভাল হৈ থাকিব বুলি বিশ্বাস কৰিব নোৱাৰি। মোদী চৰকাৰে নীতিগত কাৰণত অনুপ্ৰৱেশকাৰীৰ 'পুশ্ববেক' অব্যাহত ৰাখিলে এই সম্পৰ্ক আৰু অধিক জটিল হৈ পৰাৰ আশংকা থাকিব। শান্তিপূর্ণ পৰিৱেশ বৰ্তাই ৰাখিবলৈ হ'লে প্রতিৱেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰখাটোৱেই বুদ্ধিমানৰ কাম হ'লেও শিৰনত কৰিতো আমাৰ চৰকাৰে সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰে! গতিকে প্রতিৱেশী ৰাষ্ট্ৰৰ পৰা অহা এনে ভাবুকিবিলাক ভাৰতৰ নেতৃবর্গই দেশৰ মৰ্যাদা তথা স্বার্থ লাঘৱ নেহোৱাকৈ কেনেকৈ মোকাবিলা কৰে সেয়া লক্ষণীয় হ'ব।