ডিজিটেল ডেস্ক : গৌতম বুদ্ধই কৈছিল-মৃত্যুৱেই সর্বশ্রেষ্ঠ শিক্ষক। সকলো অস্থায়ী আৱেগ, জৰা-ব্যাধি, দুখ-কষ্টৰ চৰম প্রকাশেই হৈছে মৃত্যু; সকলো মানৰ দর্শনৰ শেষ আৰু চৰম সত্য হৈছে মৃত্যু। মৃত্যুলৈ ভয় অথবা মৃত্যুলৈ অপেক্ষা আচলতে জীৱনৰ গোপন অথচ চৰম সত্য। কিন্তু যেতিয়া এই প্রসংগ ইচ্ছামৃত্যুৰ হয়। শেহতীয়াকৈ গাজিয়াবাদৰ যুৱক হৰীশ ৰাণাৰ ইচ্ছামৃত্যু প্ৰসংগই যেন পুনৰ প্ৰাসংগিক কৰি তুলিছে বৌদ্ধ দর্শনৰ মৃত্যুকেন্দ্রিক এই চৰম সত্যৰ কথা।
অৱশেষত যন্ত্রণাময় জীৱনৰ যাত্রা সামৰি প্রতীক্ষিত মৃত্যুৰ কোলাত ঢলি পৰিছে হৰীশ ৰাণা। গাজিয়াবাদৰ সম্ভাৱনাময় যুৱক হৰীশ ৰাণাই ২০১৩ চনত হোষ্টেলৰ চতুৰ্থ মহলাৰ পৰা পৰি মূৰ আৰু মেৰুদণ্ডত গুৰুতৰ আঘাত পাইছিল। এই দুর্ঘটনাৰ ফলত তেওঁ ক'মালৈ গুচি যায়। ২০১৩ চনৰ পৰা জীৱিত হৈও মৃতৰ দৰে শয্যাশায়ী হৈ থকা হৰীশ ৰাণাৰ পৰিয়ালে বুকুত শিল ৰাখি হৰীশৰ ইচ্ছামৃত্যুৰ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছিল। অৱশেষত যোৱা ১১ মার্চত উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি লাভ কৰা হৰীশ ৰাণাই ১৩ বছৰতকৈও অধিক সময় ক'মাত থকাৰ পাছত ২৪ মার্চত এইমছত শেষ নিশ্বাস ত্যাগ কৰে। এইমছৰ পেলিয়েটিভ কেয়াৰ ৱাৰ্ডৰ ১২ নম্বৰ বিছনাত শুই থকা হৰীশৰ ইচ্ছামৃত্যু বা ইউথেনেছিয়াৰ বাবে আদালতৰ অনুমোদন পোৱাৰ পাছত চিকিৎসকসকলে লাহে লাহে বাইচ টিউব আৰু ফ্লুইড সৰবৰাহ বিচ্ছিন্ন কৰি দিছিল, যি ইমানদিনে তেওঁৰ শৰীৰলৈ পানীয় সৰবৰাহ কৰিছিল। তেৰটাকৈ বছৰ যন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰাৰ পাছত, হৰীশে শেষৰ কেইবাটাও দিনত কোনো কৃত্রিম সহায় অবিহনে নিজৰ হাওঁফাওঁৰ সহায়ত উশাহ লৈছিল।
ইউথেনেছিয়াৰ চাৰিটা প্ৰক্ৰিয়াৰ ভিতৰত ভাৰতত পৰোক্ষ ইউথেনেছিয়াকহে মান্যতা দিয়া হৈছে আৰু সেইমৰ্মে হৰীশ ৰাণাৰ ইউথেনেছিয়া প্রক্রিয়া আগবঢ়াই নি চিকিৎসকৰ দলে মৃত্যু প্রক্রিয়াক যন্ত্রণাহীন কৰিবলৈ তেওঁক বিশেষ ঔষধ দিছিল। ন্যায়িক যুঁজৰ অন্তত ভাৰতত পৰোক্ষ ইউথেনেছিয়াৰ অনুমতি লাভ কৰা হৰীশ ৰাণা
এই প্রক্রিয়াৰে দীর্ঘদিনীয়া যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। এই ইচ্ছামৃত্যুক লৈ যদিও এইপর্যন্ত বিতর্ক অব্যাহত আছে, তৎসত্ত্বেও যন্ত্রণাব স্থায়ী উপশমৰ বাবে ইউথেনেছিয়াৰ দৰে পদক্ষেপ লোৱাৰ যে প্ৰয়োজন হ'ব পাৰে, সেয়া শেহতীয়াকৈ হৰীশ ৰাণাৰ শেষ সময়খিনিয়ে পুনৰ সোঁৱৰাই দিছে। কাৰণ সকলো সময়তে মৃত্যুক ভেটা দিয়াটোৱে যন্ত্রণাৰ উপশম নুবুজায়। ভাৰতীয় ন্যায় ব্যৱস্থাৰ কেতবোৰ হতাশাজনক দিশৰ বাবেই এসময়ত অৰুণা চানবাগ নামৰ মহিলাগৰাকীয়ে ভুগিবলগা হৈছিল ৪২ বছৰ ধৰি মৃত্যুসম যন্ত্রণা, য'ত ধর্ম আৰু আনুষংগিক কাৰণৰ দোহাইৰে অৰুণা চানবাগৰ ইচ্ছামৃত্যুৰ প্ৰসংগ একাংশই বিতর্কলৈ অনাৰ বিপৰীতে ন্যায় ব্যৱস্থায়ো অৰুণাই ভুগি থকা যন্ত্রণাৰ আৱেগিক দিশটোক একপ্রকাৰ উপেক্ষা কবি যৌক্তিক দিশেৰেহে বিষয়টো গ্রহণ কৰিছিল আৰু চানবাগৰ ইচ্ছামৃত্যুৰ আৱেদন নাকচ কৰিছিল। লক্ষণীয় কথা এয়ে যে ১৯৭৩ চনত নাৰ্ছ অৰুণা চানবাগক ৱার্ডবয় সোহনলাল বাল্মীকিয়ে ধর্ষণ কবি নিষ্ঠুৰভাৱে নির্যাতন চলাইছিল যাৰ ফলত অৰুণা স্থায়ী ক'মালৈ গুচি গৈছিল। অৰুণা চানবাগৰ স্থায়ী ক'মাৰ সেই যন্ত্রণাময় জীৱনৰ পৰা মুক্তিৰ বাবে সাংবাদিক পিংকি বিৰাণীয়ে অৰুণাৰ হৈ পৰোক্ষ ইচ্ছামৃত্যুৰ আবেদন জনাইছিল, কিন্তু ২০১১ চনত উচ্চতম ন্যায়ালয়ে অৰুণাৰ অৱস্থা বুজি ইচ্ছামৃত্যুৰ আবেদন নাকচ কৰে, কাৰণ হস্পিটেলৰ কৰ্মচাৰীসকলে তেওঁৰ যত্ন সঠিকভাবে লৈ আছিল আৰু তেওঁক ৰাজ্য চৰকাৰৰ অভিভাৱকত্বত ৰখা হৈছিল। কিন্তু পৰিহাস এয়াই যে সোহনলাল বাল্মীকিয়ে এই ভয়াৱহ ধৰ্ষণৰ গোচৰটোত উপযুক্ত তথ্য-প্রমাণৰ অভাৱত মাত্র সাতবছৰ কাৰাবাসত থাকি মুকলি আকাশৰ তললৈ ওলাই আহে। ন্যায় ব্যৱস্থাৰ সুৰুঙাৰে মুকলি আকাশৰ তললৈ অহা সোহনলাল বাল্মীকিয়ে উত্তৰ প্ৰদেশত পৰিবাৰ, সন্তানেৰে সুখী জীৱন অতিবাহিত কৰি এতিয়াও জীয়াই আছে অনুশোচনাহীনভাৱেই। বিপৰীতে সোহনলালে দিয়া যন্ত্রণা ১৯৭৩ চনৰ পৰা ৪২ বছৰ কঢ়িয়াই তিলতিলকৈ মৰি অহা অৰুণা চানবাগে ২০১৫ চনত স্বাভাবিকভাৱে মৃত্যুক আঁকোৱালি লয়। ন্যায় ব্যৱস্থাৰ সুৰুঙাৰ বাবেই অৰুণাই অপৰাধীৰ উপযুক্ত শাস্তিৰে ন্যায়টো নাপালেই, বৰঞ্চ ৪২ বছৰ তিলতিলকৈ সেই যন্ত্রণাৰেই মৃত্যুসম জীৱন জীয়াই এক সন্মানজনক মৃত্যুৰ অধিকাৰৰ পৰাও বঞ্চিত হয়। এই ক্ষেত্রত যেন মানুহ হিচাপে থকা প্রাপ্য অধিকাৰকো কেতিয়াবা খোদ আইন-কানুন, নীতি- নিয়মে বাধাগ্রস্ত কৰি তোলে। সি যি নহওক, অৰুণাৰ গোচৰৰ পৰাই উচ্চতম ন্যায়ালয়ে পৰোক্ষ ইচ্ছামৃত্যুৰ প্ৰসংগত আইন প্রস্তুতৰ দিশে আগবাঢ়ে, যি ন্যায় ব্যৱস্থাৰ লগতে medical ethics ৰ ক্ষেত্ৰতো এক ঐতিহাসিক পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ'ব। অৰুণা চানবাগে এই সন্মানজনক মৃত্যুৰ অধিকাৰ (right to die with dignity)ৰ পৰা বঞ্চিত হ'লেও হৰীশ ৰাণাই এই অধিকাৰ লাভ কৰি এক অর্থত পার্থিৱ যন্ত্রণাক জয় কৰিছে।
মৃত্যু পৰম শান্তি। দুখ-কষ্টৰ চিৰ অৱসান, অর্থাৎ মুক্তি। মৃত্যুক স্বাধীনতাৰ সর্বোচ্চ অৱস্থা বুলি কোৱা হয় যদিও ইচ্ছামৃত্যু নির্বাণ। যন্ত্রণাৰ স্থায়ী সমাধান নির্বাণ। নির্বাণৰ বাবে অৰুণা চানবাগ অথবা হৰীশ ৰাণাৰ যুঁজ বিষাদেৰে ভৰা হ'লেও একে সময়তে গৌৰৱময় হৈ ৰ'ব।