দৈনিক জনমভূমিঃ কিছুদিন ধৰি ৰাজ্যত উচ্ছেদৰ ব্যাপক ঢৌ। বিভিন্ন ঠাইত চলিছে চৰকাৰী বুলড 'জাৰৰ হাতোৰা। বৃহৎ নিৰাপত্তাৰক্ষীৰ উপস্থিতিত এক যুদ্ধকালীন পৰিস্থিতিত ইখনৰ পাছত সিখনকৈ সংৰক্ষিত বনাঞ্চল, ভি জি আৰ, পি জি আৰ অঞ্চল সন্দেহজনক লোকৰ পৰা দখলমুক্ত কৰা হৈছে। খেদি পঠিওৱা হৈছে গোপনে বিশাল বিশাল ভূমিত গাঁও-বাৰী পাতি, পুখুৰী খান্দি দখল সূচনা কৰাসকলক। নিমিষতে ভাঙি পেলোৱা হৈছে তেওঁলোকৰ পকী ঘৰ, কাটি পেলোৱা হৈছে তামোল-নাৰিকল আদি গছ।
এই উচ্ছেদ অভিযানৰ পৰা আন নহ'লেও বিজেপি চৰকাৰৰ এটা লাভ হৈছে- খিলঞ্জীয়া জনগণে তেওঁলোকৰ শলাগ লৈছে। বিশেষকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দৃঢ় পদক্ষেপ লোৱা বুলিয়ে উচ্ছেদৰ সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে। হয়তো ৰাজ্যিক বিজেপিয়েও আগন্তুক ২০২৬ চনৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ই এক প্রধান অস্ত্ৰ হ'ব পাৰে বুলি ইতিমধ্যেই স্থিৰ কৰি লৈছে আৰু সেয়ে নির্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকা অৱস্থাত ৰাজ্যত উচ্ছেদ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড° শর্মাই ঘোষণা কৰিছে-'কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়। উচ্ছেদ চলিছে, চলিবই। ছুপ্রিম ক'ৰ্ট, হাইক'ৰ্টৰ নির্দেশতহে চলিছে উচ্ছেদ অভিযান।' আনহাতে, ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰাও মুখ্যমন্ত্ৰীলৈ আহিছে উচ্ছেদৰ অলেখ আহ্বান। এই আহ্বানে ৰাজ্যৰ জিলাই জিলাই, সমষ্টিয়ে সমষ্টিয়ে চৰকাৰী ভূমিত যে অবাধ বেদখল সংঘটিত হৈছে, এই তথ্যও উদঙাই দেখুৱাইছে।
গোৱালপাৰা, ধুবুৰী, লখিমপুৰ, ধেমাজি, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্রুগড়, নগাঁও, কাছাৰ, শ্রীভূমি, বি টি আৰ, কামৰূপ, গুৱাহাটী ক'ত হোৱা নাই বেদখল? সকলোতে হাজাৰ হাজাৰ ভূমিত অবৈধ দখলৰ অভিযোগ। প্রথমে এঘৰ-দুঘৰ অহাৰ পাছত চকুৰ পচাৰতে একোখন বিশাল গাঁও স্থাপন হৈছে, মাছ-পুঠিৰে পৰিবেষ্টিত একোখন ঐতিহাসিক বিল পুতি পেলোৱা হৈছে, বিশাল বিশাল জলাশয়-বনাঞ্চল জলাশ জনাঞ্চলত পৰিণত হৈছে। এতিয়া মুখ্যমন্ত্রীয়ে উচ্ছেদ চলাব লাগে, দখলীকৃত ভূমি মুক্ত কৰি খিলঞ্জীয়া ৰাইজক উদ্ধাৰ কৰিব লাগে। আনকি সত্ৰসমূহৰো বেদখলৰ কবলত পৰা শশ বিঘা ভূমি উদ্ধাৰৰ আহ্বান আকৌ উঠিছে। এনে এক পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্রীয়ে কিছুদিন পূর্বে ব্যক্ত কৰিছে যে অসমত ইমান ভূমি বেদখলকাৰীৰ হাতত আছে, তেওঁ গোটেই জীৱনটো মুখ্যমন্ত্রী হৈ থাকিলেও উচ্ছেদ কৰি শেষ কৰিব নোৱাৰিব। সেয়ে মুখ্যমন্ত্রীয়ে সন্দেহজনক লোকক সোমাবলৈ নিদিবলৈ স্থানীয় জনগণ, দল-সংগঠন আদিলৈ আহ্বান জনাইছে।
মুখ্যমন্ত্ৰীৰ এই আহ্বান কামত অহা যেনো লাগিছে। কিয়নো গোলাঘাটৰ উৰিয়ামঘাটৰ বেদখলকাৰী কলিয়াবৰ, হাজো, হোজাই আদিত প্রৱেশৰ চেষ্টা কৰোঁতে স্থানীয় ৰাইজে বাধা দি খেদি পঠিয়াইছে। যোৱা সোমবাৰে ডুমডুমাতো বহুসংখ্যক সন্দেহজনক লোকক গাড়ী-চাউলসহ স্থানীয় দল-সংগঠনে আবদ্ধ কৰি আৰক্ষীক চমজাই দিয়ে। সেইদৰে মেৰাপানীৰ খিলঞ্জীয়া মুছলমান ৰাইজে সংবাদ মেল পাতি হুংকাৰ দিছে যে সধর্মীয় হ'লেও সন্দেহজনক লোক তথা বেদখলকাৰীক তেওঁলোকৰ গাঁওসমূহত স্থান নিদিয়ে। এতিয়া কথা হ'ল, এইদৰে চৰকাৰ কিম্বা স্থানীয় ৰাইজ, দল-সংগঠন আগৰে পৰাই যদি সক্রিয় হ'লহেঁতেন, জিলাই জিলাই এনেদৰে অবাধ বেদখল সম্ভৱ হ'লহেঁতেননে? এসময়ত চকু মুদি থাকি এতিয়া বেদখলৰ বিৰুদ্ধে সৰৱ হোৱাটোৱে কি সূচায়? অৱশ্যে, এইখিনিতে এই কথাও আহি পৰে যে এসময়ত এই লোকসকলে কোনো ঠাইত ৰাজনৈতিক-চৰকাৰী পৃষ্ঠপোষকতা পাইছিল, অথবা কোনো ঠাইত দালাল, ভূ-মাফিয়াৰ পোষকতাত থিতাপিৰ সুবিধা লৈছিল। সেয়ে এইক্ষেত্রত তেতিয়া ইচ্ছা কৰিলেও স্থানীয় লোকসকলে কৰিব পৰা বিশেষ একো নাছিল। উদাহৰণ স্বৰূপে, উৰিয়ামঘাটতে বেদখলকাৰীক বহুওৱাৰ ক্ষেত্ৰত কেইগৰাকীমান চৰকাৰী বিষয়াৰ চক্রান্ত থকা বুলি খোদ মুখ্যমন্ত্ৰীয়েই ঘোষণা কৰিছে। এনেক্ষেত্ৰত গোটেই বিষয়টোক লৈ এক হালধীয়া জেলেপিৰ পাক যে আছে, সেয়া সহজেই অনুমেয়।
সি যি নহওক, এতিয়াৰ চৰকাৰে যদি সঁচাকৈয়ে খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষাৰ অর্থে এই উচ্ছেদ অভিযান চলাইছে, তেতিয়াহ'লে উচ্ছেদৰ সমানে বেদখলকাৰী বা সন্দেহজনক যি বুলিয়েই কোৱা নহওক, এই লোকসকলৰ ক্ষেত্ৰতো কিছু কার্যব্যৱস্থা লওক। কিয়নো কেৱল সন্দেহজনক বুলি কৈ থাকিলে বা খেদি পঠিয়ালেই সমস্যাৰ সমাধান নহয়। অসম আন্দোলনৰ পূৰ্বৰে পৰা ৰাজ্যত 'সন্দেহজনক' শব্দটো ৰাইজে শুনি আহিছে। পৰৱৰ্তী সময়ত অসম চুক্তি আহিল, আঞ্চলিক দলৰ চৰকাৰ আহিল, ইখনৰ পাছত সিখনকৈ ভূমি চুক্তি হ'ল, আনকি সকলোৰে আকাংক্ষাৰ এন আৰ চিও আহিল। তাৰ পাছতো কিন্তু 'সন্দেহজনক' শব্দটোৰ পৰিৱৰ্তন নঘটিল। চাবলৈ গ'লে এয়া আচৰিতেই নহয়, পৰিতাপৰো কথা। কিয়নো ইমান দীঘলীয়া এক প্রচেষ্টাৰ পাছত 'বিদেশী' অথবা 'স্বদেশী' কিবা এটা চয়-নিশ্চয় হ'বই লাগিছিল। কিন্তু নহ'ল। সেয়ে আজি সন্দেহজনক বুলি উচ্ছেদ কৰি খেদি পঠিওৱাসকল প্রকৃততেই বিদেশী হয় নে নহয় সেয়া প্রমাণ কৰাৰ প্ৰয়োজন আছে। তেওঁলোক যদি বিদেশীত পৰিগণিত হয়, তেতিয়া চৰকাৰে তৎকালীনভাৱে বহিষ্কাৰৰ ব্যৱস্থা কৰক। আৰু যদি নহয়, তেতিয়াও তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত স্থায়ীকৈ সংস্থাপিত কৰক। লগতে তেওঁলোকক এক ভাৰতীয়, এক অসমীয়া হিচাপে সকলো চৰকাৰী নীতি-নিয়ম মানি, সংস্কৃতি মানি এক পৰিশীলিত জীৱন কটাবলৈ শিকনি দিয়ক অথবা বাধ্য কৰাওক।
এইখিনিকে যদি কৰা নহয়, তেতিয়া কি হ'ব- আজি গোলাঘাটৰ পৰা খেদি পঠিওৱাসকলে কলিয়াবৰ অথবা হোজাইত; গোৱালপাৰাৰ পৰা খেদি পঠিওৱাসকলে ধিং অথবা লাহৰীঘাটত; ধুবুৰীৰ পৰা খেদা খোৱাসকলেও অন্য ক'ৰবাত হ'লেও আকৌ থিতাপি ল'বগৈ। আকৌ কোনোবা নহয় কোনোবা নদীৰ পাৰত, বিল-জলাশয়ৰ মাটিত, চৰকাৰী পৰিত্যক্ত ভূমিত বেদখলৰ সূচনা হ'ব। তেতিয়া অসম তথা খিলঞ্জীয়াৰ বাবে আজি প্রত্যাহ্বান বুলি ক'ব খোজা সমস্যাটোৰ সমাধান হ'বনে? বৰং ই পূৰ্বৰ দৰেই সজীৱ হৈ আকৌ ৰাজনৈতিক দলসমূহৰ 'হাতিয়াৰ' হৈ নৰবগৈনে?