ডিজিটেল ডেস্ক: দুশ বছৰীয়া ৰাজ্যৰ চাহ উদ্যোগটোৰ বাবে অশনি সংকেত। প্রতিবছৰে ৰাজ্যখনত চাহৰ উৎপাদন হ্রাস পাইছে। যাৰ বাবে কেনিয়া, নেপাল, ভিয়েটনাম আদি দেশৰ পৰা চাহ আমদানি বৃদ্ধি পাইছে।
কালি লোক সভাত তেজপুৰৰ সাংসদ ৰঞ্জিত দত্তই অসমৰ চাহ উৎপাদনৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ কেন্দ্রীয় মন্ত্রী জিতিন প্রসাদে ৰাজ্যবাসীৰ বাবে উদ্বেগজনক এই তথ্য সদৰী কৰে।
যোৱা দুবছৰৰ পৰিসংখ্যা দাঙি ধৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংসদত কয় যে ২০২৩-২৪ বিত্তীয় বর্ষত অসমত মুঠ ৬৭৫.৮৮ নিযুত কেজি চাহ উৎপাদন হৈছিল। ইয়াৰ বিপৰীতে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যখনত উৎপাদন হৈছে মাত্র ৬৬৬.৮২ নিযুত কেজি চাহহে। আনকি অসমৰ পাছতে সর্বাধিক চাহ উৎপাদন কৰা পশ্চিম বংগতো চাহৰ উৎপাদন হ্রাস পাইছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত চুবুৰীয়া ৰাজ্য পশ্চিম বংগত মুঠ ৪২৬.৫৯ নিযুত কেজি চাহ উৎপাদন হোৱাৰ বিপৰীতে ২০২৪-২৫ বিত্তীয় বর্ষত ৩৮৭.৫১ নিযুত কেজি চাহহে উৎপাদন হৈছে।
আনহাতে, যোৱা বৰ্ষতো ৰাজ্যখনত চাহৰ উৎপাদন হ্রাস পাইছে। যোৱা ডিচেম্বৰ মাহত অসমত ২২.৫৮ নিযুত কেজি, নৱেম্বৰ মাহত ৬০.৭৬ নিযুত কেজি, অশেবৰ মাহত ৯০.৯৮ নিযুত কেজি, ছেপ্টেম্বৰ মাহত ৯৪.৭৬ নিযুত কেজি আৰু আগষ্ট মাহত ১০৩.৫২ নিযুত কেজি চাহ উৎপাদন হৈছে। অর্থাৎ যোৱা আগষ্ট মাহৰ পৰা ডিচেম্বৰ মাহলৈকে ৰাজ্যখনত মুঠ ৩৭২.৬ নিযুত কেজি চাহ উৎপাদন হৈছে। ইয়াৰ বিপৰীতে ২০২৪ চনৰ এই সময়ছোৱাত উৎপাদন হৈছিল ৩৮৭.৮১ নিযুত কেজি চাহ।
প্রণিধানযোগ্য যে দেশৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদন কৰে অসমে। এনে পৰিস্থিতিত অসমতে চাহৰ উৎপাদন হ্রাস পোৱাৰ ফলত এতিয়া ঘাটি পূৰাবলৈ বৃহৎ পৰিমাণৰ চাহ আমদানি কৰিছে কেন্দ্ৰীয় চৰকাৰে। আজি সংসদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে যোৱা ২০২৪-২৫ বিত্তীয় বর্ষত কেনিয়াৰ পৰা ১৯.০৩ নিযুত কেজি, নেপালৰ পৰা ১৬.১১ নিযুত কেজি আৰু ভিয়েটনামৰ পৰা ৩.৩৮ নিযুত কেজি চাহ আমদানি কৰা হৈছে।
প্রণিধানযোগ্য যে জলবায়ু পৰিৱৰ্তনৰ বাবেই ৰাজ্যখনত শেহতীয়াকৈ চাহৰ উৎপাদন হ্রাস-পোৱা বুলি বিশেষজ্ঞসকলে প্রকাশ কৰিছে। ইফালে কেনিয়া, শ্রীলংকা আৰু নেপাল আদিৰ পৰা আমদানি কৰা নিম্নমানৰ চাহ অসমৰ চাহৰ সৈতে মিহলাই বিক্ৰী কৰা বাবে অসমৰ চাহৰ ৰপ্তানি ক্ষতিগ্রস্ত হৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। এই ক্ষেত্রত সকলোতকৈ আগত আছে নেপাল। নেপালৰ চাহৰ মান অত্যন্ত বেয়া বুলি সৰ্বজনবিদিত। কিন্তু ইয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে নেপালৰ দৰে দেশৰ পৰা চাহ আমদানি কৰাত অসমৰ চাহ বজাৰখন ক্ষতিগ্রস্ত হৈছে।
জানিব পৰা মতে, যিবোৰ সংস্থাই চাহ আমদানি কৰে, তেওঁলোকে আইন ভংগ কৰি আমদানি শুল্ক অবিহনে চাহবোৰ ৰপ্তানি কৰিম বুলি আনে। কিন্তু সেই চাহবোৰ ঘৰুৱা বজাৰত বিক্ৰী কৰে, ফলত চাহ ক্ষেত্ৰখনত ইয়াৰ প্ৰভাৱ পৰে। এনে পৰিস্থিতিত অসমত চাহৰ উৎপাদন হ্রাস আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সস্তীয়া চাহে ক'বলৈ গ'লে অসমৰ সমগ্ৰ চাহ উদ্যোগটোৰ ভৱিষ্যতৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিছে, যাৰ ফলত ৰাজ্যৰ অৰ্থনীতিতো ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।