অশুভ প্ৰভাৱ

Dainik Janambhumi December 02, 2024

ডিজিটেল ডেক্স: এই কথা আজি সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে যে ম’বাইল ফ’ন, ইণ্টাৰনেট, ছ’চিয়েল মিডিয়াৰ মাত্ৰাধিক ব্যৱহাৰ কৰা পৰিৱেশে বিশ্বৰ মানৱ সমাজলৈ বিভিন্ন দিশৰ পৰা সংকট আৰু প্ৰত্যাহ্বান নমাই আনিছে৷ ইণ্টাৰনেট, ম’বাইল ফ’ন তথা ছ’চিয়েল মিডিয়াই এফালে যিদৰে সমাজ ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত সুচলতা আনিছে, হাতৰ মুঠিতে পৃথিৱীখন লৈ ফুৰিব পৰাৰ সহজতৰ ব্যৱস্থাৰ সৃষ্টি কৰিছে, ঠিক সেইদৰে ইয়াৰ অপব্যৱহাৰ তথা অতিমাত্ৰা ব্যৱহাৰে সমাজ ব্যৱস্থাৰ প্ৰতিয়েই ভাবুকি নমাইছে৷

তদুপৰি ছ’চিয়েল মিডিয়াৰ বিভিন্ন ছাইট, গুগল, ইণ্টাৰনেট আদিৰ অত্যধিক ব্যৱহাৰে পৃথিৱীৰ মানৱ সমাজত স্থায়ীভাৱে অশুভ প্ৰভাৱ পেলোৱাৰ আশংকাও বিভিন্নজনে কৰি আহিছে৷ অলপতে বি বি চিৰ এক সাক্ষাৎকাৰত খোদ ম’বাইল ফ’নৰ উদ্ভাৱক মাৰ্টিন কোপাৰে আশংকা ব্যক্ত কৰে যে ম’বাইল ফ’ন-নিৰ্ভৰতাই মানৱ সমাজক অদূৰ ভৱিষ্যতে এক মগজুহীন প্ৰাণীৰ দৰে কৰি তুলিবগৈ পাৰে৷ তেওঁৰ মতে, অতিমাত্ৰা ম’বাইলকেন্দ্ৰিক প্ৰৱণতাই মানুহৰ জীয়াই থকাৰ সহজ মোহনীয় প্ৰক্ৰিয়াটোকে নষ্ট কৰি পেলাইছে৷ সেয়ে তেওঁ বিশ্বৰ মানৱ সমাজক ম’বাইল ফ’নৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈও আহ্বান জনাইছে৷ আনকি তেওঁ নিজেও দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ এঘণ্টা ২০ মিনিট সময়হে ম’বাইল ফ’ন ব্যৱহাৰ কৰিবলৈ লৈছে৷

ম’বাইল ফ’ন, ইণ্টাৰনেট আদিৰ ব্যৱহাৰে পেলোৱা অশুভ প্ৰভাৱ সম্পৰ্কে চিকিৎসা-গৱেষক, সমাজ বিজ্ঞানীসকলো আতংকিত৷ তেওঁলোকে আশংকা কৰে যে ম’বাইল ফ’ন তথা ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰে মানুহৰ মাজত ষ্ট্ৰেছ, ডিপ্ৰেশ্যন, এনজাইটি, ৰিলেশ্যনশ্বিপ আদিত ব্যাপক নেতিবাচক প্ৰভাৱ পেলাইছে৷ বিশেষকৈ মানুহৰ মাজত টোপনিত ব্যাঘাত জন্মাইছে, মন বিচলিত কৰিছে, উৰাবাতৰি বিয়পাই আতংক নমাইছে, উত্তেজিত কৰাত অৰিহণা যোগাইছে৷ জাৰ্মানিৰ গৱেষক এলিয়া আবি-জ’ড়ে, ট্ৰেউনিক্‌ নাইলৰ আৰু এণ্টনিঅ’ পিগনেটিল’ই অলপতে এক গৱেষণা-পত্ৰত কোৱা মতে ম’বাইল ফ’নৰ ব্যৱহাৰে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত অশুভ প্ৰভাৱ পেলোৱাই নহয়, ই যুৱ সমাজৰ স্বাভাৱিক আচাৰ-ব্যৱহাৰতো প্ৰভাৱ পেলায়৷ তদুপৰি মানুহক সমাজৰ পৰা নিলগাই ৰখাতো ই ভূমিকা লয়৷ যাৰ বাবে যুৱ সমাজ সমাজ-বিচ্যুত হোৱাৰ পূৰাদমেই আশংকা আছে৷ আনহাতে, যুৱ সমাজৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি কৰাৰ মূলতে ইণ্টাৰনেট আৰু ম’বাইল ফ’ন বুলিও তেওঁলোকে দাবী কৰে৷ আনহাতে, আমেৰিকাৰ আন একাংশ গৱেষকে দাবী কৰা মতে ম’বাইল ফ’নৰ ব্যৱহাৰে মানুহৰ মগজুৰ কাৰ্যক্ষমতা ক্ৰমাৎ হ্ৰাস কৰি আনিছে৷

পূৰ্বতে বহু কথা মনত ৰাখিব পৰা এজন লোকৰ আজিকালি নিজৰ পৰিয়ালৰ লোকৰ ফ’ন নম্বৰো মনত নথকাটোৱেই ইয়াৰ অন্যতম উদাহৰণ৷ তদুপৰি আজিকালি সততে দেখা যায় যে প্ৰয়োজনীয় তথ্য বিচাৰি মানুহে গ্ৰন্থৰ পাত লুটিওৱাৰ পৰিৱৰ্তে গুগল ছাৰ্চ কৰি লয়৷ যাৰ ফলত মগজুৰ কচৰৎ বহুগুণে হ্ৰাস পায়৷ মগজুৰ কচৰৎ হ্ৰাসক তেওঁলোকে মেদবহুলতা ৰোগৰ সৈতেও তুলনা কৰিছে৷ অৰ্থাৎ তেওঁলোকৰ মতে কচৰৎ হ্ৰাস পাওঁতে পাওঁতে মানুহৰ মগজুৰ অৱস্থা মেদবহুলতাত ভোগা লোকৰ দৰেই হ’বগৈ৷

অসমত যোৱা সময়ছোৱাত অনেক অশুভ ঘটনা-পৰিঘটনা সংঘটিত হৈছে, যাৰ কাৰণ ম’বাইল, ইণ্টাৰনেটকেন্দ্ৰিক৷ ম’বাইল ফ’নৰ অসৎ ব্যৱহাৰৰ পৰিণতিত বহু ছাত্ৰ-ছাত্ৰী বিপথগামী হৈছে৷ গে’ম খেলিবলৈ নাপাই আত্মহননৰ দৰে ঘটনাও সংঘটিত কৰিছে৷ সেইদৰে ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰেৰে বহু যুৱক-যুৱতী উগ্ৰপন্থীগামী হৈছে৷ বছৰচেৰেক পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাত ভাৰত চৰকাৰে ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মবোৰ সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থী গোটসমূহৰ শক্তিশালী আহিলা হৈ পৰা বুলি মন্তব্য কৰিছিল৷ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ-বিৰোধী সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কৈছিল যে সন্ত্ৰাসবাদীয়ে সমাজ অস্থিৰ কৰি তুলিবলৈ, মৌলবাদী কাৰ্যকলাপত উৎসাহ যোগাবলৈ তথা সন্ত্ৰাসবাদৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ ছ’চিয়েল মিডিয়াৰ ব্যাপক ব্যৱহাৰ কৰিছে৷

এনেক্ষেত্ৰত নতুন প্ৰযুক্তি ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক, এনক্ৰিপ্টেড্‌ মেছেজ ছাৰ্ভিচ, ব্লক আদিবোৰেও চৰকাৰৰ প্ৰতি, সমাজৰ প্ৰতি নিত্য নতুন প্ৰত্যাহ্বান আনিছে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ বক্তব্যৰ পাছত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটাৰেছে সন্ত্ৰাসবাদী গোটবোৰে ব্যৱহাৰ কৰা নতুন প্ৰযুক্তিবোৰৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ পোষকতা কৰিছিল৷ এতিয়া ছ’চিয়েল মিডিয়াযোগে ভাবুকি দিয়া, অশ্লীল ভিডিঅ’ আপল’ড কৰা, ব্লেকমেইল কৰা, চৰিত্ৰ হনন কৰা আদি অনেক দুষ্কাৰ্য প্ৰতিদিনে যিদৰে বিশ্বজুৰি সংঘটিত হৈ আহিছে, তেনেক্ষেত্ৰত গুটাৰেছে কোৱাৰ দৰে নি(য়কৈ আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰেই প্ৰয়োজন হ’ব, য’ত মাৰ্টিন কোপাৰে দিয়া পৰামৰ্শ মানি মানৱ জাতিয়ে যিমান পাৰি সিমান ম’বাইল, ইণ্টাৰনেট আদিৰ ব্যৱহাৰ হ্ৰাস কৰাটোৱেই আটাইতকৈ মংগলজনক আৰু কাৰ্যকৰী পদক্ষেপ হৈ উঠিব৷

Share This