ডিজিটেল ডেস্কঃ শাৰদীয় দুর্গোৎসৱ এইবেলি অসমত অতি সেৰেঙাভাবে উদ্যাপিত হ'ল। প্রিয় শিল্পীক হেৰুৱাই আবেগবিহ্বল হৈ পৰা ৰাজ্যবাসীয়ে প্রতিখন পূজাথলীতো স্মৰণ কৰিলে প্ৰাণৰ শিল্পীগৰাকীক। জুবিন গাৰ্গবিহীন প্রথমটো শৰতত ঢাকৰ পৰিৱৰ্তে প্রতিখন পূজাথলী মুখৰ হৈ পৰিল- 'মায়াবিনী তোমাৰ বুকুত দেখা পালোঁ তোমাৰ ছবি...' শীর্ষক গীতটোৰে।
জনতাৰ শিল্পীগৰাকীৰ সৈতে হোৱা অন্যায়ৰ সুবিচাৰ বিচাৰি ৰাইজে মহিষমর্দিনী দেবী দুর্গাৰ ওচৰত পূজা-অৰ্চনা কৰিলে। মুঠতে অইনবেলিৰ দৰে এইবেলি সকলোৰে মন-প্রাণ মতলীয়া নহ'ল। শাৰদীয় বতৰতে অসমবাসীয়ে পোৱা এই মর্মান্তিক আঘাতৰ বাবেই চৌদিশে ম্লান পৰে পূজাৰ উছাহ। বহু পূজা সমিতিয়ে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰি কেৱল বৈদিক ৰীতি-নীতিৰেহে পূজাভাগ সম্পন্ন কৰে।
শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পাই নিজান হৈ পৰে ৰাজ্যখনৰ প্ৰতিখন গাঁও, চহৰ। একেৰাহে তিনি-চাৰিদিন সম্পূৰ্ণৰূপে অচল হৈ পৰে দোকান-পোহাৰ, ব্যাবসায়িক প্রতিষ্ঠানসমূহ। শাৰদীয় দুর্গা পূজাৰ মাত্ৰ কেইটামান দিন আগতেই এনে এক পৰিস্থিতিৰ উদ্ভৱ হোৱা হেতুকে এইবেলি ব্যৱসায়ীসকলো যথেষ্ট লোকচানৰ সম্মুখীন হয়। অইনবেলি পূজাৰ দিনকেইটাত গুৱাহাটী মহানগৰীতেই কেইবা কোটি টকাৰ সুৰা বিক্ৰী হোৱাৰ তথ্য কাকতত বৰ বৰ হৰফেৰে প্ৰকাশ পায়, যি এইবেলি নিশ্চয়কৈ কম। ফাঁচি বজাৰকে ধৰি ব্যাৱসায়িক কেন্দ্রসমূহত অইন বছৰৰ দৰে এইবাৰ পূজাৰ সময়ত সাজ-পোছাকৰ বিক্ৰীও তুলনামূলকভাৱে হ্রাস পালে। অইনবেলি পূজাৰ দিনকেইটাত কোটি কোটি টকাৰ কাপোৰ বিক্ৰী হয় গুৱাহাটী মহানগৰীৰ ব প্রাণকেন্দ্ৰস্বৰূপ ফাঁচি বজাৰত। পূজা বুলি ক'লেই প্রত্যেকৰে মন ৰঙীন হৈ পৰে। এযোৰ নতুন সাজেৰে নিজকে সজাই শাৰদীয় উৎসৱ উপভোগ কৰাৰ আশা কম-বেছি পৰিমাণে সকলোৰে মনতেই থাকে, যাৰ বাবে পূজাৰ সময়ত বজাৰত গ্ৰহকৰ 'লানি নিছিগা সোঁত বয়। কিন্তু অতিকৈ চিন্তাৰ বিষয়টো হৈছে অসমীয়া মহিলাৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ মেখেলা-চাদৰযোৰৰ অধিকাংশই বহিঃৰাজ্যৰ পৰা আমদানি কৰা। ফাঁচি বজাৰকে ধৰি ব্যাৱসায়িক কেন্দ্ৰসমূহত বিক্ৰী হোৱা মেখেলা-চাদৰৰ অধিকাংশই থলুৱা শিপিনীয়ে উৎপাদন কৰা নহয়। বহিঃৰাজ্যৰ পৰা ব্যাপক হাৰত আমদানি হয় অসমীয়াৰ অতি আদৰৰ মেখেলা-চাদৰ। প্ৰতি বছৰে পূজা-বিহুৰ সময়ত যন্ত্রচালিত শালত উৎপাদিত এ চি কটন, পলি (পলিয়েষ্টাৰ) পাটৰ বস্তুৰ পয়োভৰ ঘটে অসমৰ বজাৰলৈ। বহিঃৰাজ্যৰ পৰা আমদানি হোৱা এনেবোৰ বস্তুই আমাৰ ঐতিহ্যমণ্ডিত থলুৱা বস্ত্ৰ উদ্যোগলৈ চৰম সংকট কঢ়িয়াই আনিছে। এনে কাৰণতে উত্তৰ-পূবৰ মানচেষ্টাৰ অভিহিত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ আজি তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে। আজি পূজা নাইবা বিহুৰ বতৰত পূৰ্বৰ দৰে শুৱালকুছিত গভীৰ নিশালৈকে শুনিবলৈ পোৱা নাযায় তাঁতশালৰ খটখট শব্দ। লক্ষণীয় হাৰত কমি গৈছে তাঁতশালৰ সংখ্যা। একাংশ ধূৰন্ধৰ ব্যৱসায়ীয়ে গ্রাহকক পলিয়েষ্টাৰেৰে' উৎপাদিত কাপোৰক পাট বুলি ঠগাই বিক্ৰী কৰি যথেষ্ট মুনাফা লুটি আছে। কেঁচামালৰ দাম বৃদ্ধিয়ে জুৰুলা কৰি অহা এই উদ্যোগটোৰ সৈতে জড়িত লোকসকল শেহতীয়াভাৱে এইধৰণৰ সমস্যাৰে জৰ্জৰিত হৈছে। বিগত কেইবছৰমানৰ পৰা অসমৰ বজাৰত পাট-মুগাৰ কাপোৰসদৃশ অতি নিম্নমানৰ সামগ্ৰীৰে প্ৰস্তুত কৰা চকমকীয়া মেখেলা-চাদৰ আৰু বহিঃৰাজ্যত প্ৰস্তুত কৰা পলিয়েষ্টাৰৰ বিভিন্ন চাদৰ-মেখেলা উভৈনদী হৈ পৰাত শুৱালকুছিৰ পাট-মুগাৰ কাপোৰৰ আদৰ ক্রমাগতভাৱে কমি যাব ধৰিছে। অসমৰ ৰাইজেও থলুৱা বস্ত্ৰ ক্ৰয় কৰাৰ পৰিৱৰ্তে অন্য ৰাজ্যৰ কাপোৰ ক্ৰয়ত গুৰুত্ব দি ৰাজ্যখনৰ শিপিনীসকলৰ মনোবল হ্রাসত
ইন্ধন যোগাইছে। এইবোৰ সকলো জনা-শুনাৰ পাছতো ৰাজ্যৰ হস্ততাঁত বস্ত্ৰস্ত্রশিল্প বিভাগে চকু মুদা কুলিৰ ভাও ধৰিছে। ৰাজ্যৰ শাসনভাৰ লোৱা প্রত্যেক দলৰ চৰকাৰসমূহেও শিল্পটো আৰু শুৱালকুছিৰ শিপিনীসকলৰ প্রতি বিশেষ গুরুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। এই ৰেছম গ্রাম শুৱালকুছিত উৎপাদিত পাট-মুগাৰ কাপোৰে কেৱল ৰাজ্যখনতেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰি আহিছে। কিন্তু এনে এটা গৰিমামণ্ডিত অতি সম্ভাৱনাপূর্ণ উদ্যোগ আজি চৰম সংকটাপন্ন। বিগত ২০১৩ চনত উত্তৰ প্ৰদেশৰ মোবাৰকপুৰৰ নকল বস্ত্ৰৰ বিৰুদ্ধে শুৱালকুছিৰ শিপিনী আৰু ৰাইজে তীব্র প্রতিবাদ কৰিছিল। বিভিন্ন জাতীয় সংগঠনে এনে কাৰ্যৰ বিৰুদ্ধে বিভিন্ন সময়ত প্রবল প্রতিবাদ কৰি আহিছে। কিন্তু বিশেষ ফল ধৰা পৰিলক্ষিত হোৱা নাই। মাজে-সময়ে চৰকাৰৰ বিয়াগোম হস্ততাঁত বস্ত্রশিল্প বিভাগে ঠায়ে ঠায়ে অভিযান চলাই দুখনমান নকল বস্ত্ৰ জব্দ কৰিয়ে দায়িত্ব সামৰে। লকডাউনৰ সময়তে কঁকাল ভাঙি পৰা শুৱালকুছিৰ তাঁতশিল্পই এনেবোৰ কাৰণত আজি পর্যন্ত মূৰ দাঙি উঠিব পৰা নাই। তাঁতশালত প্রয়োজনীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিয়ে শিল্পটোলৈ আন এক ভাবিব নোৱৰা সমস্যা কঢ়িয়াই আনিছে। ইতিমধ্যে শুৱালকুছিৰ বহুত শিপিনী আৰু যুৱক-যুৱতী পেটৰ তাড়নাত বহুজাতিক কোম্পানীত কাম কৰিবলৈ বাধ্য হৈছে। এনে এক সম্ভাৱনাপূর্ণ উদ্যোগ আজি যেন অপমৃত্যুৰ দিশলৈ গতি কৰিছে। চৰকাৰে এই উদ্যোগটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিলে বৃহত্তৰ অঞ্চলটোৰেই নহয়, ৰাজ্যখনৰ নিবনুৱা সমস্যাও কিছু পৰিমাণে লাঘৱ হ'ব।