ফাগুন

dainik janambhumi February 19, 2026

ডিজিটেল ডেস্ক : ফাগুন এল দ্বারে/কেহ যে ঘরে নাই/পরান ডাকে কারে/ভাবিয়া নাহি পাই/নঙলামুখেৰে সোমাই আহিছে উন্মনা ফাগুন। সৰাপাতৰ মৰমৰণি তুলি ফাগুনে যেন কৈছে- 'মোকতো পোৱাই চিনি/ মই যে ফাগুন।/ অঁকৰা কবিৰ স'তে চুপতি মৰাৰ বাবে মোৰতো বহুত বদনাম।' এৰা, ফাগুন মানেই উন্মাদনা। ফাগুন মানেই বসন্তৰ আগলি বতৰা। ফাগুনক লৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা নৱকান্ত বৰুৱালৈকে যে কত মনীষীৰ, কত কবিৰ কাপেৰে নিগৰিছে কবিতা! বিনন্দীয়া প্ৰকৃতিৰ জুই ফুলা আকাশেৰে ফাগুন কবিতাৰেই যেন অন্য নাম। বছৰৰ বাৰটি মাহৰ ফাগুন মাহটোৱেই হয়তো এনে যি কেৱল ৰং কঢ়িয়ায় প্ৰকৃতিৰ লগতে মানুহৰ বুকুলৈও। ফাগুনৰ ৰিঙা ৰিঙা লগা উৰুঙা হৃদয় কঢ়িয়ায়ো যেন ফাগুন উন্মাদ। পিছে ফাগুন মাহৰ আন কেতবোৰ বৈশিষ্ট্যও আছে।

ঋতু পৰিৱৰ্তনৰ সময় ফাগুন। শীত অতিক্রমি বসন্ত ঋতুৰ দুৱাৰডলিয়েই হ'ল ফাগুন। জলবায়ু পৰিৱৰ্তনৰ ফলত এতিয়া পৰিৱেশত শুষ্কতা বিৰাজমান। ফেৰফেৰীয়া বতাহ। এই সময়ত পছোৱা বলে। শুকান আৰু ৰুক্ষ বতৰৰ লগতে বতাহৰ বাবেই এই সময়ত বেমাৰ-আজাৰৰ সম্ভাৱনাও বাঢ়ে। ধূলিয়ৰি বতাহত মিহলি হৈ থাকে বিভিন্ন ৰোগৰ বাহক। অজানিতে উশাহ-নিশাহৰ যোগেদি এনে বাহকবোৰ শৰীৰত প্ৰৱেশ কৰাৰ ফলত জ্বৰ, চৰ্দি, পেটৰ ৰোগ ইত্যাদি হোৱাটো এই ঋতুত তেনেই সাধাৰণ কথা হৈ পৰে। ফাগুন মাহৰ এই ঋতু এলাৰ্জিৰ সমস্যা থকা লোক, হাঁপানী ৰোগী আৰু শিশু তথা বৃদ্ধসকলৰ বাবে অতি চিন্তাজনক। বিশেষকৈ চহৰাঞ্চলত চলি থকা বিভিন্ন নিৰ্মাণকাৰ্যৰ ধূলি, কল-কাৰখানাৰ ধোঁৱা আৰু শুকাই যোৱা নলা-নর্দমাৰ পৰা নিৰ্গত ধূলি বতাহত মিহলি হৈ পৰিৱেশ দূষিত কৰি তোলে। প্রাকৃতিকভাৱেই এই ঋতুবে ৰোগৰ বাহকক কঢ়িওৱাৰ বাবেই হয়তো ফাগুন মাহটোত শৰীৰটোক অধিক যত্নৰ প্রয়োজন। খাদ্যাভ্যাসৰ পৰা জীৱন ধাৰণৰ প্ৰণালী সকলোতে যত্নৰে চলাটো বাঞ্ছনীয়। বিশেষকৈ চাফ-চিকুণতা বজাই ৰখাৰ উপৰি খাদ্যত টেঙাৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। সেয়ে হয়তো অসমৰ জলবায়ুৰ সৈতে সামঞ্জস্য ৰাখিয়েই অতীজৰে পৰা অসমত খাদ্যৰ লগত টেঙাৰ পৰিৱেশন পৰম্পৰাগতভাৱে চলি আহিছে। আনকি দেশৰ অইন ঠাইতকৈ অসমৰ মাটি বা জলবায়ু টেঙাজাতীয় উদ্ভিদ, ফল, পাচলিৰ বাবে বেছি উপযোগী হোৱা হেতুকে অসম টেঙা জাতীয় ফল, শাক-পাচলিৰ ফালৰ পৰাও প্রাকৃতিকভাৱে চহকী। জলবায়ু আৰু ঋতু অনুযায়ী এনে থলুৱা শাক-পাচলি আৰু ফল-মূল খায়ো এনে ঋতুজনিত ৰোগক দূৰত ৰাখিব পাৰি। কিন্তু কভিড মহামাৰীৰ পাছত ফাগুনৰ এই শুষ্ক, ৰুক্ষ আবহাৱা হাওঁফাওঁজনিত ৰোগীৰ বাবে ভয়াৱহ হৈ উঠিছে। ইতিমধ্যে মহামাৰী আৰু ভেকচিনৰ পার্শ্বক্ৰিয়াত দুৰ্বল হৈ পৰা মানুহৰ হাওঁফাওঁ তথা হৃদযন্ত্রত এই কক্ষ তথা প্ৰদূষিত বতৰে প্রত্যক্ষভাৱে ক্ষতি কৰিছে। যোৱা দুর্গা পূজাৰ সময়ৰ পৰাই এটোপাল বৰষুণ নপৰা অসম, বিশেষকৈ গুৱাহাটীৰ দৰে চহৰাঞ্চলৰ বায়ু অতি প্ৰদূষিত হৈ পৰিছে। দিল্লীৰ দৰেই এতিয়া মহানগৰীৰ উশাহৰ অক্সিজেনখিনিও ভয়াৱহ সংকটত পৰাৰ সম্ভাৱনাই দেখা দিছে। যদিও ঋতু পৰিৱৰ্তনৰ সময়, তথাপি বতৰৰ এনে দ্রুত আৰু অস্বাভাৱিক পৰিৱৰ্তন মানৱ স্বাস্থ্যৰ বাবেই ভাবুকি।

গোলকীয়ভাৱে ইতিমধ্যে এই অস্বাভাৱিক পৰিৱৰ্তনক লৈ ব্যাপক অধ্যয়ন চলি থকাৰ লগতে ইয়াৰ প্ৰতিকাৰৰ চেষ্টাও চলি আহিছে। কিন্তু ক্রমবর্ধমান জনসংখ্যা আৰু অবাধ বনধ্বংসৰ ফলত এই সমস্যা কমাতকৈ বাঢ়িছেহে। ই মানৱ স্বাস্থ্যই নহয়, পৃথিৱীৰ
আয়ুসৰ বাবেও শুভলক্ষণ নহয়। সি যি নহওক, বতৰৰ পৰিৱৰ্তনৰ ভয়াৱহতাক কিছুপৰলৈ একাষৰীয়া কৰিও প্রকৃতিয়ে ঋতুৰ জয়গান গাবই। প্রকৃতিৰ নিয়ম মানি এতিয়া ফাগুনৰ অনুভৱ সকলোতে। ফাগুন মানেই নঙলা মুখত বসন্ত। লঠঙা গছবোৰত কুমলীয়া কুঁহিপাত ওলোৱাৰ সময় এয়া। ফাগুনৰ ৰীতি অনুযায়ী প্রকৃতি ৰঙীন হৈছে পলাশ, শিমলু, মদাৰৰ ৰঙেৰে।
ৰং কঢ়িওৱা ঋতুস্নিগ্ধা ফাগুনতেই ৰঙৰ উৎসৱ ফাকুৱা। ফল্গুৎসৱৰ আনন্দ ইতিমধ্যে আৰম্ভ হৈছে প্রান্তে প্রান্তে। হোলী, ফাকুৱা বা ফল্গুৎসৱ যিয়েই নকওঁ কিয় ৰঙৰ এই উৎসৱৰ আয়োজনৰ প্ৰস্তুতি চলিছে সর্বত্র। বিশেষকৈ বৰপেটা, বৰদোৱা ইত্যাদি ধর্মীয় পীঠত ফল্গুৎসৱৰ আনন্দই সুকীয়া। ফাগুন মানেই প্রকৃতিত ৰঙৰ সমাহাৰ। সেয়ে হয়তো প্রাচীন কালৰ পৰা এই ঋতুতেই ৰঙৰ খেলা হয়। সমগ্র দেশৰ লগতে অন্যান্য স্থানতো জনতাই উলহ-মালহেৰে উদযাপন কৰে ৰঙৰ এই উৎসৱ। কিন্তু ৰঙৰ উৎসৱমুখী আয়োজনৰ সমান্তৰালকৈ ফাগুনে কঢ়িয়াই আনে প্ৰকৃতিৰ ৰুষ্ট স্বভাৱো। বসন্তৰ বৰ্ণনাতীত সৌন্দৰ্যৰ মাজতে প্ৰকৃতিৰ খেয়ালি চৰিত্ৰয়ো ভুমুকি মাৰে। চ'তত বৰদৈচিলাই জোকাৰি যোৱা পৰিৱেশে মানুহক বাৰিষাৰ বাবে সাজু হ'বলৈ সংকেত দিয়ে। বাৰিষা মানেই খেতিয়কৰ দিন অথচ নিচলাৰ চকুলো। ঋতু পৰিৱৰ্তনে সুখ আৰু দুখ দুয়োটাই কঢ়িয়াই আনে। সুখখিনি ভগাই লোৱাৰ দৰেই দুখৰ বাবেও আগতীয়াকৈ সাজু হ'বলৈ যেন ইংগিত দিয়ে প্রকৃতিয়ে নিজেই। ফাগুন প্রকৃতিৰ এনে এক উচ্ছ্বল সময় যি বিনন্দীয়া হোৱাৰ উপৰি প্ৰকৃতিৰ অনন্য বার্তাবাহক। ফাগুন শাপিত হৈয়ো হয়তো সেইবাবেই কবিৰ কাপত চিৰকাল বন্দিত।

Share This