ডিজিটেল ডেস্ক : বিগত এটা দশকত ৰাজ্যৰ যথেষ্টখিনি উন্নয়ন হৈছে। ৰাস্তা, দলং, হস্পিটেল নির্মাণকে ধৰি প্রায় প্রতিটো খণ্ডতে এক চকুত লগা পৰিৱৰ্তন সাধন হোৱা বুলি ক'লে ভুল নহ'ব। ৰাজ্যৰ সৰ্বত্ৰে আন্তঃগাঁথনি নিৰ্মাণৰ কাম দ্রুতগতিত চলি আছে। ৰাজ্যৰ এটা প্রধান আৰু জ্বলন্ত সমস্যা নিবনুৱা সমস্যা ৰোধৰ বাবে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে যথেষ্টখিনি যুৱক-যুৱতীক কর্মসংস্থাপনো দিছে। কিন্তু ই এপাচি শাকত এটা জলকীয়াৰ লেখীয়াহে হৈছেগৈ। কাৰণ আমাৰ ৰাজ্যখনত বৰ্তমান সময়ত প্রায় ত্রিশ লক্ষাধিক নিবনুৱা আছে। প্রতি বছৰে ই বৃদ্ধিহে পাই গৈ আছে। কভিড-১৯ৰ সময়ৰ পৰা এই সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে। যি হাৰত নিবনুৱাৰ সংখ্যা বাঢ়িছে সেই হাৰত কর্মসংস্থাপনৰ বাট মুকলি হোৱা নাই। আজিও বহিঃৰাজ্যলৈ সৰু-সুৰা কামৰ বাবে হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতী ঢাপলি মেলিয়েই আছে। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনেৰে যিধৰণেৰে কৰ্মসংস্থাপনৰ ব্যৱস্থা চৰকাৰে হাতত ল'ব লাগিছিল সেয়া নোহোৱাৰ ফলত চৰকাৰী চাকৰিকেই ভৰসা কৰি ৰৈ থাকিবলগীয়া হৈছে উঠি অহা প্ৰজন্মই। ইখনৰ পাছত সিখন চৰকাৰী আঁচনিৰ জৰিয়তে হিতাধিকাৰী সৃষ্টিৰ চমক দিয়া চৰকাৰে নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই। আত্মনিৰ্ভৰ অসম অভিযানেৰে যুৱ সমাজক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যেৰে কেইবা সহস্র যুৱক-যুৱতীক ব্যৱসায় আৰম্ভ নাইবা সম্প্ৰসাৰণ কৰাৰ বাবে বৃহৎ পৰিমাণৰ অনুদান আগবঢ়াইছে।
এক লাখ যুৱক-যুৱতীক উদ্যোগী হিচাপে গঢ়ি তোলাৰ বাবে সহায় আগবঢ়োৱাৰ লক্ষ্য লোৱা চৰকাৰখনৰ কিন্তু ৰাজ্যৰ অর্থনীতিত অভূতপূৰ্ব বৰঙনি আগবঢ়োৱা কিছু উদ্যোগৰ ভৱিষ্যতক লৈ চকু দিবলৈ যেন আহৰি নাই। ফলস্বৰূপে এনে বহু উদ্যোগৰ সৈতে জড়িত লোকসকল আজি উদ্বিগ্ন হৈ পৰিছে। সৰু উদাহৰণ এটা ইয়াৰ বাবে যথেষ্ট। পাট-মুগাৰ বস্ত্ৰ উৎপাদনৰ বাবে জগত বিখ্যাত ৰেছম গ্রাম শুৱালকুছিলৈ চালে আমি এক দুখ লগা ছবি দেখিবলৈ পাওঁ। উত্তৰ-পূবৰ মানচেষ্টাৰ অভিহিত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগত উৎপাদিত বস্ত্ৰই অসমৰ নাম জিলিকাই ৰখাই নহয়, এই উদ্যোগটোৰ সৈতে প্রত্যক্ষ আৰু পৰোক্ষভাৱ কেইবাহাজাৰো লোকে স্বনিয়োজনৰ বাট মোকলাই আহিছিল। শতিকা ধৰি এই অঞ্চলৰ বাসিন্দাই পৰম্পৰাগত বয়ন শিল্পৰ সৈতে নিয়োজিত হৈ আহিছে। চাহিদা পূৰণ কৰিছে। দেশী-বিদেশী পর্যটকক মুগ্ধ কৰি আহিছে। অসমীয়া মহিলাৰ স্বাভিমানৰ প্রতীকস্বৰূপ মেখেলা-চাদৰৰ অভাৱনীয় চাহিদাৰ হেতু শুৱালকুছিত উৎপাদিত পাট-মুগাৰ বস্তুই অতীজৰে পৰা ব্যাপক সমাদৰ লাভ কৰি আহিছে। সেয়ে এনে এটা সময় আছিল যি সময়ত বৃহত্তৰ অঞ্চলটোৰ ৯৫ শতাংশ লোক এই উদ্যোগটোৰ সৈতে জড়িত হৈ আছিল। পূজা-বিহুৰ বতৰত শিপিনীৰ দেহত তত নাইকিয়া অৱস্থা হৈছিল। কিন্তু আজি তেনে এক পৰিৱেশ নাই। লক্ষণীয় হাৰত কমি গৈছে তাঁতশালৰ সংখ্যা। এক সমীক্ষা অনুসৰি ২০০২ চনত শুৱালকুছিত সক্রিয় তাঁতশাল আছিল সোতৰ হাজাৰ। সেই হিচাপত আজি এই সংখ্যা কেইবাগুণে বৃদ্ধি পাব লাগিছিল। কাৰণ অসমত মেখেলা-চাদৰৰ চাহিদা আজিও একেই আছে। তেনেস্থলত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগটোৰ অৱস্থা আজি নদন-বদন হ'ব লাগিছিল। কিন্তু হৈছে ইয়াৰ ওলোটা। আজিৰ তাৰিখত কাগজে-পত্রই বৃহত্তৰ শুৱালকুছিত তাঁতশালৰ সংখ্যা দহ হাজাৰ আছে যদিও প্রকৃত সত্যটো ইয়াতকৈ কমহে হ'ব। ইয়াৰ ভিন্ন কাৰক আছে যদিও প্রধান দুটা কাৰক হৈছে কেঁচামালৰ দামৰ অভাৱনীয় বৃদ্ধি আৰু এইশিল্পটোৰ মূল কাৰিকৰ অৰ্থাৎ শিপিনীৰ অভাৱ। পূৰ্বে ৰাজ্যৰ আন প্ৰান্তৰ পৰা যথেষ্টসংখ্যক শিপিনী আনি উদ্যোগটো চলোৱা হৈছিল যদিও আজি শিপিনী পাবলৈ নাই। অতি শেহতীয়াভারে প্রতি কিল'গ্রাম বাণী পাট সূতাত ২,৫০০ টকাকৈ বৃদ্ধি পোৱাত চকুৰে সৰিয়হৰ ফুল দেখিছে উদ্যোগটোৰ সৈতে জড়িতসকলে। ছমাহ পূর্বে ৬,৫০০ টকা আছিল প্রতি কিল'গ্রাম বাণী পাট সূতাৰ মূল্য। বর্তমান ই হৈছে ৯,৫০০ টকা।
আন এটা কাৰক হৈছে বহিঃৰাজ্যৰ পৰা আমদানি কৰা সম্ভীয়া মেখেলা-চাদৰৰ পয়োভৰ। ফাঁচিবজাৰকে ধৰি ব্যাবসায়িক কেন্দ্রসমূহত বিক্ৰী হোৱা মেখেলা-চাদৰৰ অধিকাংশই থলুৱা শিপিনীয়ে উৎপাদন কৰা নহয়। বহিঃৰাজ্যৰ পৰা ব্যাপক হাৰত আমদানি হয় অসমীয়াৰ অতি আদৰৰ মেখেলা-চাদৰ। প্ৰতি বছৰে পূজা-বিহুৰ সময়ত যন্ত্রচালিত শালত উৎপাদিত এ চি কটন, পলি (পলিয়েষ্টাৰ) পাটৰ বস্ত্ৰৰ পয়োভৰ ঘটে অসমৰ বজাৰলৈ। বহিঃৰাজ্যৰ পৰা আমদানি হোৱা এনেবোৰ বস্তুইও আমাৰ ঐতিহ্যমণ্ডিত থলুৱা বস্ত্র উদ্যোগলৈ চৰম সংকট কঢ়িয়াই আনিছে। এনে কাৰণতে উত্তৰ-পূবৰ মানচেষ্টাৰ অভিহিত শুৱালকুছিৰ বস্তু উদ্যোগ আজি তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে। একাংশ ধূৰন্ধৰ ব্যৱসায়ীয়ে গ্রাহকক পলিয়েষ্টাৰ উৎপাদিত কাপোৰক পাট বুলি ঠগাই বিক্রী কৰি যথেষ্ট মুনাফা লুটি আছে। কেঁচামালৰ দাম বৃদ্ধিয়ে জুৰুলা কৰি অহা এই উদ্যোগটোৰ সৈতে জড়িত লোকসকল শেহতীয়াভাৱে এইধৰণৰ সমস্যাৰে জৰ্জৰিত হৈছে। বিগত কেইবছৰমানৰ পৰা অসমৰ বজাৰত পাট-মুগাৰ কাপোৰসদৃশ অতি নিম্নমানৰ সামগ্ৰীৰে প্ৰস্তুত কৰা চকমকীয়া মেখেলা-চাদৰ আৰু বহিঃৰাজ্যত প্রস্তুত কৰা পলিয়েষ্টাৰৰ বিভিন্ন চাদৰ-মেখেলা উভৈনদী হৈ পৰাত শুৱালকুছিৰ পাট-মুগাৰ কাপোৰৰ আদৰ ক্ৰমাগতভাৱে কমি যাব ধৰিছে। এইক্ষেত্ৰত চৰকাৰৰ লগতে প্ৰতিগৰাকী অসমীয়াৰো যথেষ্ট কৰণীয় আছে। অসমৰ থলুৱা উদ্যোগটোক জীয়াই ৰখাৰ স্বাৰ্থত আমি বহিঃৰাজ্যৰ পৰা আমদানিকৃত কাপোৰৰ পৰিৱৰ্তে নিজ মাতৃভূমিত উৎপাদিত সামগ্রীক অধিক গুৰুত্ব দিব লাগিব। একেদৰে উদ্যোগটো ঠন ধৰি উঠিবলৈ হ'লে আন উদ্যোগত কাম বিচাৰি হাবাথুৰি খোৱা যুৱক-যুৱতীসকলক এই উদ্যোগটোৰ প্ৰতি আকৰ্ষিত কৰি তুলিবলৈও চৰকাৰে কিছু পদক্ষেপ হাতত লোৱাটো প্রয়োজন হ'ব। অন্যথা এই উদ্যোগটোও এদিন হয়তো কালৰ বুকুত হেৰাই যাব।