ডিজিটেল ডেস্ক : পেট্ৰ'ল-ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এইবোৰৰ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ প্রধানমন্ত্রীয়ে দেশবাসীক আহ্বান জনালে। মন্ত্রী-বিধায়কৰ কনভয়ৰ গাড়ীও হ্রাস হ'ল নাটকীয় চমৎকাৰিত্বৰে-কিন্তু সাধাৰণ মানুহে বুজে এই নাটক খন্তেকীয়া, কনভয়ে আকৌ ঢেঁকুৰ ল'ব! মন্ত্ৰী-বিধায়কৰ চাইকেল চলোৱা, ৰে'ল-বাছত যোৱাৰ ভিডিঅ', ৰীলবোৰ যে এক ভেঁকো-ভাওনাহে, সেয়া আজিকালিৰ মানুহে বুজে। অৱশ্যে তাৰ মাজতে দুই-এজনে কথাটো গুৰুত্বসহকাৰে লয়, কথাই-কামে পেট্রল, ডিজেলৰ ব্যয় সংকোচনৰ বাবে যত্নপৰো হয়। চাইকেল চলাই সমষ্টিৰ ভিতৰত ঘূৰি ফুৰা এনে বিধায়কক জনতাই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পূৰ্বৰ পৰাই দেখি আহিছে। তেওঁলোক ব্যতিক্রম।
পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগতেই নহয়, চাইকেল চলোৱা স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি ইতিমধ্যেই প্রমাণিত। চাইকেল চালনাই হৃদযন্ত্র সুস্থ ৰখা, ওজন নিয়ন্ত্রণ, মাংসপেশী আৰু হাড় শক্তিশালী কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু সর্বোপৰি মানসিক প্রশান্তি দিয়াৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখে আৰু আৰ্থিক লাভো দিয়ে যথেষ্ট। সাম্প্রতিক বিশ্বত পৰিৱেশ প্রদূষণ, যান-জঁট আৰু স্বাস্থ্যজনিত সমস্যাসমূহ এক বৃহৎ প্রত্যাহ্বান ৰূপে থিয় দিছে। এই সকলোবোৰ সমস্যাৰ এক সৰল আৰু ফলপ্রসূ সমাধানৰূপে চৰ্চালৈ আহিছে 'চাইকেল'।
গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰা আৰু সুস্থ জীৱনশৈলী গঢ়ি তোলাৰ লক্ষ্যৰে বৰ্তমান দেশে-বিদেশে চাইকেল চলোৱা প্ৰসাৰৰ বাবে ব্যাপক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। উন্নত দেশসমূহে চাইকেল কেৱল ব্যায়ামৰ মাধ্যমৰূপেই নহয়, বৰং দৈনিক যাতায়াতৰ এক প্রধান অংগৰূপে গ্রহণ কৰিছে। বহু ৰাষ্ট্ৰই গাড়ীৰ দৰেই চাইকেলৰ বাবেও পৃথক সুৰক্ষিত ট্ৰেক নিৰ্মাণ কৰি চাইকেল চালনাত উৎসাহ দিছে। এই ক্ষেত্রত নেডাৰলেণ্ড আৰু ডেনমাৰ্কৰ দৰে দেশে সমগ্র বিশ্বত বিশেষ আদর্শ দাঙি ধৰিছে। পেৰিছ, লণ্ডন, নিউয়ক আদি বহু মহানগৰীত কম দৰত চাইকেল ভাৰা কৰি এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ বাবে 'পাব্লিক বাইক শ্বেয়াৰিং' ব্যৱস্থা কৰিছে, যিটো অত্যন্ত জনপ্রিয় হৈছে। সেইদৰে ফ্রান্স আৰু বেলজিয়ামৰ দৰে কিছুমান দেশত কৰ্মচাৰীক কার্যালয়লৈ চাইকেল লৈ গ'লে প্রতি কিল'মিটাৰ ভিত্তিক অতিৰিক্ত ভাত্তা প্রদানেৰে চাইকেল চালনাক উৎসাহিত কৰাৰ যত্ন কৰা হৈছে। তেনেদৰে ইউৰোপৰ বহু মহানগৰৰ কেন্দ্রীয় বাণিজ্যিক অঞ্চলসমূহত গাড়ীৰ প্ৰৱেশ নিষিদ্ধ কৰি কেৱল খোজকঢ়া আৰু চাইকেল চলোৱাৰহে অনুমতি দিয়া হয়।
ভাৰতবৰ্ষতো স্মার্ট চিটি-মিছন, ইণ্ডিয়া চাইকেল ফৰ চেইঞ্জ চেলেঞ্জ আদি আঁচনিৰ যোগেদি ভাৰতৰ চহৰসমূহত চাইকেল চলোৱাৰ বাবে অনুকূল আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ চিন্তা-চেষ্টা চলিছে। কেইবাখনো আগশাৰীৰ মহানগৰীৰ মেট্র' ষ্টেছন বা বাছ ষ্টেণ্ডৰ ওচৰত চাইকেল ষ্টেণ্ড স্থাপন কৰা হৈছে, যাৰ পৰা যাত্ৰীসকলে বাকী চমু পথছোৱা ইচ্ছা কৰিলে চাইকেলেৰে অতিক্ৰম কৰিব পাৰে।
কিন্তু বাস্তৱ সত্যটো হ'ল, আমাৰ দেশৰ অধিকাংশ চহৰাঞ্চলতে চাইকেল চলোৱাটো এতিয়া এক বিড়ম্বনাহে। যান-জঁট আৰু পথৰ দুৰৱস্থাই চাইকেল চালনা কৰি তোলে এক বিপদসংকুল যাত্রা। চৰকাৰেও চাইকেল চালনা জনপ্রিয় কৰিবলৈ কিবা কিবি আঁচনি ল'লেও বাস্তৱত এইবোৰৰ বিশেষ কোনো প্রভাৱ নাই। য'ত ইন্ধন ৰাহি হয়, স্বাস্থ্য ৰক্ষা হয়, প্ৰদূষণ ৰোধ হয়, সেই চাইকেল চলোৱা মানুহক উৎসাহিত কৰিবলৈ কোনো বিশেষ কার্যক্ষম ব্যৱস্থা সততে চকুত নপৰাটো সঁচাকৈয়ে এক আশ্চৰ্যকৰ প্ৰসংগ। ওপৰঞ্চি চাইকেল চলোৱা মানুহক কিছু হীনদৃষ্টিৰে চোৱাৰ প্ৰৱণতাহে সমাজৰ একাংশৰ মাজত দেখা যায়। আমাৰ চৰকাৰ আৰু সমাজ ব্যৱস্থাই যেন চাইকেল চলোৱা মানুহজনক তৃতীয় শ্ৰেণীৰ নাগৰিকহে কৰি ৰাখিছেগৈ!
আনৰ কথা নালাগে, অসমত ইতিমধ্যে বাট-পথৰ যথেষ্ট উন্নতি ঘটিছে। এনে পৰিপ্ৰেক্ষিতত অসমৰ নতুন চৰকাৰে অসমৰ বাট-পথসমূহত সম্ভাব্য স্থলত চাইকেল চালনাৰ বাবে সুকীয়া ট্রেক নিৰ্মাণৰ কথা গুৰুত্বসহকাৰে বিবেচনাৰ মাজলৈ আনিব পাৰে। তেনেদৰে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানসমূহেও 'চাইকেল ভাত্তা'ৰ ব্যৱস্থা কৰি চাইকেল চালনাক জনপ্ৰিয় কৰি জনসাধাৰণৰ স্বাস্থ্য আৰু ৰাষ্ট্ৰৰ ইন্ধন দুয়োটা 'ৰক্ষা' কৰিব পাৰে।