আজিৰ সম্পাদকীয়, চ'তৰ আশা

dainik janambhumi April 07, 2026

ডিজিটেল ডেস্ক: প্রকৃতিৰ যৌৱনোদ্দীপ্ত সময় বসন্ত। বসন্তৰ জাননীৰে এতিয়া ফাগুনৰ শুষ্ক প্রকৃতিয়ে ন-ৰূপ লৈছে। গছ, বন-বিৰিখত কোমল পাত ওলাইছে। চৈতালি বৰষুণজাকে ধুই নিয়া ৰুক্ষ, ধূলিময় ধৰাৰ বুকুত এতিয়া নতুনৰ আৱাহন। চাওঁতে চাওঁতে চ'তৰ বাইশটা দিন হাততে মলঙি গ'ল। বহাগলৈ মাজত মাথোঁ সাতটা দিন। 

নতুন প্রজন্মই নাজানিলেও চ'তৰ পৰাই আৰম্ভ হয় বহাগৰ উন্মাদনা, বিহুৰ উছাহ। চহা অসমীয়া ভাষাত কোৱা হয় চ'তৰ বিহু। অসমীয়াৰ বিহু চ'ততে লাগে। গাঁৱে-ভূঞে ঢোল বায় ঢুলীয়াই। ঢোলৰ তালি-কোবনি, কনাই-বৰতি ঠিকেই আছে নে নাই পৰীক্ষা কৰি ঢোলত মৰা চাপৰে গাঁও ৰজনজনায়। একালত চ'তৰ বিহুত ডেকা-ডেকেৰীয়ে পৃথকে পৃথকে বিহু নাম, জেং বিহু, গছতলৰ বিহু গাই ৰঙালীক আদৰিছিল যদিও আজিকালি সেই দিন নাই। তথাপি চ'ত মাহত বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ ফাকেৰেই চৈতালি পকা ৰ'দ বিচাৰি গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে ধান শুকুৱায়। চিৰা, সান্দহ খুন্দে। তাঁতশাল, মাটি শালত বিহুৱান বৈ উলিওৱাৰ খৰখেদা লাগে। নহ'লে বিহু চেৰা হয়। ঢেঁকীৰ গুমগুমনি, মাকোৰ খিটখিটনিয়ে ঘৰে ঘৰে বহাগ অহাৰ বতৰা দিয়ে। আঁহত, নাহৰৰ কুমলীয়া পাতে প্রকৃতিক মনোমোহা কৰি তোলাই নহয়, এই মহঙা সময়কণতে আমে মলিয়ায়, কঁঠালে মুচি পেলায়। চ'ত পাওঁ কি নৌপাওঁতেই বতৰৰ পখী কুলি-কেতেকীয়ে বিনাই বহাগৰ খবৰ কঢ়িয়াই আনে। পিঠা-পনাৰ যোগাৰৰ বাবে চ'ততে ঘৰে ঘৰে প্ৰস্তুতি চলে। 

প্রকৃতিৰ নিয়মৰ সমানে সমানে চহা অসমীয়ায়ো চ'ততে ৰঙালীৰ আয়োজন কৰি বহাগলৈ অধীৰ আগ্ৰহেৰে বাট চায়। বিহু মানেই বতাহত চহা গোন্ধ। প্রকৃতিৰ পুৰাতন চৰিত্ৰক উশাহত উজাই লোৱাৰ আৱেগ। বসন্তৰ উৎসৱ বিহু বুলিলে আজিৰ পৰা দুই-তিনি দশক আগলৈ কথাবোৰ এনেকুৱাই আছিল। বহাগৰ উন্মাদনাও এনেকুৱাই আছিল। কিন্তু শেহতীয়াকৈ যেন সলনি হ'ল বহাগৰ চিৰাচৰিত নিয়ম, ৰঙালীৰ উলাহ। এতিয়া হুঁচৰি, জেংবিহুৰ সলনি মঞ্চৰ বাবেহে নাচনী-ঢুলীয়াই কঁকালত টঙালি বন্ধাৰ প্ৰস্তুতি চলায়। চহৰ-নগৰতেই নহয়, চ'তৰ মাহত এতিয়া ঢোলবাদন আৰু বিহু নাচৰ কর্মশালা চলে। বজাৰত ৰঙালী বিহুৰ বিশেষ ৰেহাইৰ বিজ্ঞাপনৰ বাহাৰ। বিহু নাচ, বিহু নামক বিহু নৃত্য আৰু বিহু গীতলৈ পর্যবসিত কৰা এচামে বিহুত ফিউজন কৰি বিতৰ্ক কৰাৰ পৰা বহিৰাগত বণিক গোষ্ঠীৰ বিজ্ঞাপনত, ব্যাৱসায়িক অনুষ্ঠানত বিহু বাৰে বাৰে বিতর্কিত হয়। ৰাতি বিহু, গছ তলৰ বিহুৰ পৰা চোতাললৈ অহা বিহুৱে মঞ্চত স্থান পোৱালৈ বহু যুক্তি-তৰ্কৰ সময় পাৰ হ'ল যদিও বিহুৰ মাধুৰ্যৰ বৰ হীন-ডেঢ়ি হোৱা নাছিল। কাৰণ চহা অসমীয়াৰ বুকুত বিহুক লৈ, বিহুৰ পৰম্পৰাক লৈ থকা আৱেগ আৰু সন্মান অক্ষুণ্ণ আছিল। কিন্তু সময়ৰ লগে লগে এই আৱেগ-সন্মানতো কেৰোণ লাগিল। সেয়া এক অন্য প্ৰসংগ। 

কিন্তু এইবাৰ বহাগ পৃথক। এইবাৰৰ ৰঙালীৰ আৱেগো পৃথক চহা অসমীয়াৰ বাবে। এইবাৰ চ'তৰ বিহুত গাঁৱে-ভূঞে বহাগক আদৰিবলৈ নহয়, নির্বাচনী ঢোলৰহে গুমগুমনি চলিছে। গাঁৱৰ তিনিআলি, চাৰিআলিত বিহুৰ সলনি আলোচনা হৈছে নিৰ্বাচনৰ। ভোটদানলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত অসমীয়াই কাক ভোট দিব তাক থিৰাং কৰিব নোৱৰা পৰিৱেশ সৃষ্টি হৈছে। ক্ষণে ক্ষণে সলনি হোৱা ৰাজনৈতিক দৃশ্যপটত হতবাক খাটি খোৱা ৰাইজে মুখ মেলি চাইছে জনতাৰ বাবে কাম কৰিম বুলি সদলবলে প্ৰচাৰ চলোৱা নেতাক। বহাগৰ বতৰত ৰাজ্যৰ আকাশে-বতাহে বিহু নামৰ সলনি দল আৰু নেতাৰ প্ৰশক্তিৰে নিৰ্বাচনী গীত চলিছে। নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত চ'তৰ বিহুলৈ কাৰো আহৰি নাই। এই ভোটৰ ৰাজনীতিৰ গৰম বতৰৰ মাজতো অসমীয়াৰ বুকুত ৰি ৰিকৈ এটা খবৰে এতিয়াও খুন্দিয়াই আছে। আঁচনিৰ ধনেৰে ধনী হিতাধিকাৰী অসমীয়াই দল, নেতা নির্বিশেষে আগন্তুক নির্বাচনলৈ পুনৰ ঋণ মাফ, ৰেছনৰ আটা, মিঠাতেললৈ আশাৰে বাট চাই থাকিলেও তাৰ মাজতো বহাগলৈ অপেক্ষা কৰা অসমীয়াৰ বাবে ৰঙালী এইবাৰ উকা। ৰঙালীৰ ৰং কাঢ়ি নিয়া ১৯ ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ পাছত অসমীয়াৰ বাবে প্রতিটো উৎসৱেই উকা, সেমেকা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত বহাগক আদৰাৰ প্ৰস্তুতি যেন কাৰো নাই এতিয়া। নির্বাচন যেন এক অচিলা মাত্র।

তাৰ পাছতো প্রকৃতিৰ নিয়ম অনুসৰি চিৰিলুইতৰ বুকুৰে নতুন ঢল আহিবই, প্রকৃতিয়েও ন-ৰূপ ল'বই। ৰীতি মতে শীতৰ ঠেৰেঙা লগা জাৰৰ পৰা মুকলি হৈ হেমন্তক অতিক্রমী বসন্তত প্রকৃতিৰ ন-কুঁহিপতীয়া সময়কণ প্ৰকৃতিৰ যৌৱনৰ ভৰদুপৰীয়া। এই সময়ছোৱাতেই বৰদৈচিলাই মাকৰ ঘৰৰ পৰা উভতি আহে। বৰষুণৰ বতৰা লৈ পথাৰলৈ সম্ভাৱনা কঢ়িয়াই অনা এই সময়ছোৱাতে কৃষিজীৱী অসমীয়াই নতুন শইচৰ সপোন দেখে। চহা গোন্ধেৰে আমোলমোল ৰঙালী বিহুৰ নীতি-নিয়ম, পৰম্পৰাবোৰতো সেয়ে প্রকৃতিৰ উপাসনা কৰা হয়, যৌৱনৰ আনন্দত মতলীয়া হয় অসমীয়াৰ মন-প্রাণ। চ'তৰ বিহুতেই অসমীয়াই সাজু হয় বসন্তোৎসৱৰ অমলিন মহঙা উলাহলৈ। জুবিনবিহীন অসমত এইবাৰ জাকজমককৈ বিহুটিক উদযাপন কৰিব নোৱাৰিলেও, ৰীতি-নীতি মানি অসমীয়াই বিহুটিক পালন কৰিবলৈ নিশ্চয় শকতি পাব। চ'তৰ বতৰত সেয়াই সকলোৰে আশা।

Share This