ডিজিটেল ডেস্ক : 'প্রথম পাঁচ বছৰ আছিল প্ৰস্তুতিৰ, যোৱা পাঁচ বছৰ আছিল আধাৰশিলাৰ, অহা পাঁচ বছৰ হ'ব উদ্বোধনৰ।' -নিৰংকুশ বিজয়ৰ পাছত এই মন্তব্য খোদ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। স্বাভাৱিকতে গণতান্ত্রিক এখন দেশত উন্নয়নকামী জনতাই মুখ্যমন্ত্ৰী এগৰাকীৰ পৰা এনে কথাই আশা কৰে আৰু এই কথা কাৰ্যকৰী হোৱাটো বিচাৰে। ধৰ্মীয় মেৰুকৰণে শাসকীয় দলটোক নির্বাচনী মুনাফা দিয়াৰ কথাটোত যদিও কাৰো দ্বিমত নাই, তাৰ পাছতো জনতাৰ এই অভিলেখ সৃষ্টিকাৰী ৰায়ৰ আঁৰত শাসকীয় চৰকাৰখনৰ দ্বাৰা হোৱা উন্নয়নৰ ছবিখনো নিশ্চিতভাৱেই আছে।
বিগত সময়ত অসমত ছেমিকণ্ডাক্টৰৰ পৰা চাকৰিলৈকে উন্নয়নৰ ধ্বজা উৰুওৱা হৈছে। ফ্লাইঅ'ভাৰ হৈছে, দলং হৈছে, বাট-পথ সুচল হৈছে, ছায়েন্স মিউজিয়াম, শ্বহীদ স্মাৰক, উদ্যান, অডিটৰিয়ামেৰে জাকজমক অসমত শাসকীয় চৰকাৰখনে বিজয়ৰ অভিলেখ ৰচাটো স্বাভাৱিক। কিন্তু এই ব্যাপক জাকজমক, দাবীৰ পাছতো যে জনতাৰ জীৱন ধাৰণৰ মান প্রত্যাশিত ধৰণে উন্নীত হোৱা নাই, সেইটোহে চিন্তাৰ বিষয়। চৰকাৰী ঋণ লৈ হ'লেও খাটিখোৱা জনতাক যিদৰে আঁচনিৰ মাজেৰে আঁকোৱালি লৈছে, সেয়া আদৰণীয় হ'লেও হিতাধিকাৰী আঁচনিৰে যে এখন দেশৰ জনতাৰ ভৱিষ্যৎ দীর্ঘদিনৰ বাবে সুৰক্ষিত কৰিব নোৱাৰি সেয়াও ধুৰুপ। বিগত সময়ত আঁচনিৰ ধনেৰে জনতা উপকৃত হৈছে যদিও বাস্তৱ ক্ষেত্ৰত ধনতকৈ কৰ্মৰ সুযোগ প্রদানহে চৰকাৰখনৰ লক্ষ্য হোৱা উচিত। অন্যথা ভৌগোলিকভাবে কৃষি, মৎস্য পালন তথা অন্যান্য বৃত্তিগত ক্ষেত্ৰৰ বাবে অতি উপযোগী ভূমি পর্যাপ্ত হৈ থকাৰ পাছতো অসমৰ জনতাই ইয়াৰ ব্যৱহাৰৰ সলনি চৰকাৰৰ মুখলৈ চাই বহি থকা এটা কর্মসংস্কৃতিহীন জাতিলৈ যে পর্যৱসিত নহ'ব, তাৰ মানে নাই। ৰাজনৈতিক বিচক্ষণতাৰে উন্নয়নদর্শী দৃষ্টিভংগী গ্রহণ কৰা মুখ্যমন্ত্ৰীৰ নিজৰ বাক্যতেই ৰাজ্যৰ সামগ্রিক উন্নয়নহে ভৱিষ্যতৰ পাঁচ বছৰৰ লক্ষ্য বুলি প্রকাশ কৰিছে। গতিকে আগন্তুক চৰকাৰখনে কেৱল ধনৰ আঁচনিত উন্নয়নক সীমাবদ্ধ নকৰি কৰ্মসংস্কৃতিৰ দিশটোক অধিক গুৰুত্ব দিব লাগে বুলি আশা কৰিব পাৰি। কিয়নো শিক্ষা আৰু স্বাস্থ্যৰ বাহিৰে বিনামূলীয়া সেৱা অধিক হ'লে উপভোক্তা কর্মসংস্কৃতি-বিৰোধী হোৱাটোৱেই স্বাভাবিক। আনহাতে, উন্নয়নৰ উদাহৰণ কেৱল কেইখনমান নগৰ-মহানগৰৰ ফ্লাই অ'ভাৰ হ'লেই নহ'ব। বর্ধিত জনসংখ্যা, বর্ধিত যান-বাহনৰ পৰিপ্ৰেক্ষিতত ফ্লাই অ'ভাৰৰ প্ৰয়োজন অনস্বীকার্য, কিন্তু সমান্তৰালকৈ ফ্লাই অ'ভাৰৰ তলৰ অৱস্থাটোৰ প্ৰতিও চৰকাৰে দৃষ্টি দিয়া উচিত। কেৱল গুৱাহাটী মহানগৰতে নহয়, ৰাজ্যৰ কেইবাখনো চহৰত বৰষুণ এজাক দিলেই জনসাধাৰণ সীমাহীন দুৰ্যোগৰ সন্মুখীন হয়। দেখাত জাকজমক হ'লেও ৰাজ্যৰ ৰাজধানী মহানগৰীখনৰ সময়ে সময়ে হোৱা এই দুৰৱস্থাই আঙুলিৰ এক টিলিকতে যেন নগৰ উন্নয়নৰ দীর্ঘদিনীয়া কষ্টকো উৰুৱাই দিয়ে। আনহাতে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰসংগ আছেই। ইৰান-আমেৰিকাৰ যুদ্ধৰ পার্শ্বক্রিয়াত ইন্ধনৰ ব্যাপক নাটনিয়ে দেশজুৰি হাহাকাৰ সৃষ্টি কৰিছে। নিৰ্বাচনৰ আগত অসমত ৰন্ধন গেছ আৰু পেট্রল-ডিজেলৰ নাটনিয়ে প্রভাৱ নেপেলায় বুলি চৰকাৰীভাৱে বাৰম্বাৰ ঘোষণা কৰি অহা হৈছিল যদিও চৰকাৰৰ ঘোষণাক অসাৰ কৰি ৰাজ্যত এই নাটনিয়ে বিরূপ প্রভাৱ পেলাবলৈ আৰম্ভ কৰিছে। নির্বাচন শেষ হোৱাৰ লগে লগেই বাণিজ্যিক চিলিণ্ডাৰৰ দাম প্রায় এহেজাৰ টকা বৃদ্ধি হৈছে। বিগত তিনি মাহত ধাৰাবাহিকভাৱে দাম বৃদ্ধি হৈ এইবাৰ একেবাৰতে প্রায় এহেজাৰ টকা বৃদ্ধি হোৱা একোটা বাণিজ্যিক চিলিণ্ডাৰ তিনি হাজাৰ টকাৰে কিনি ব্যৱসায় চলোৱাটো যে এতিয়া দুৰূহ হৈ পৰিছে, সেয়া চহৰ-নগৰৰ সৰু-বৰ হোটেল, চাহ-ভাতৰ সৰু দোকানবোৰেই প্রমাণ।
ৰন্ধন গেছৰ নাটনিৰ অচিলা লৈ ইতিমধ্যে হোটেল-ৰেস্তোৰাঁৰ খাদ্য সামগ্ৰীৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ বিপৰীতে সৰু-সুৰা বেপাৰেৰে পেটে-ভাতে খাই থকা ব্যৱসায়ীৰ দোকানত তলা ওলমিছে। ইফালে নিশ্চিতভাবে পেট্রল-ডিজেলৰো দাম বৃদ্ধি হ'বলৈ গৈ আছে। ইন্ধনৰ দাম বৃদ্ধিৰ লগে লগেই স্বাভাৱিকতে পৰিবহণ মূল্য বৃদ্ধিৰ অচিলা লৈ খাদ্য সামগ্ৰীৰ পৰা অত্যাৱশ্যকীয় সামগ্রী, শাক-পাচলি, ঔষধ, গাড়ীৰ ভাৰা সকলোতে অভাৱনীয় দাম বৃদ্ধি হোৱাটো নিশ্চিত। ইতিমধ্যে ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিত সাধাৰণ জনতাই ত্রাহিমধুসূদন সুঁৱৰিবলগীয়া হৈছে। তেনে প্রেক্ষাপটত পৰিস্থিতিৰ অধিক অৱনতি হ'বলৈ বেছি পৰ নালাগিব। পূর্বে যোগান বিভাগটোরে এনে বিষয়ত চকু মুদি সময় পাৰ কৰাক লৈ সাধাৰণ জনতা ক্ষুব্ধ হৈ আছিল। কিন্তু জনতাই এই ভয়াৱহ পৰিস্থিতিৰ মাজতো আন কেতবোৰ উন্নয়নৰ দিশলৈ চাই পুনৰ একেখন চৰকাৰৰ সপক্ষে ৰায় দি পুনৰ এবাৰ সুযোগ দিছে। আগন্তুক চৰকাৰখনে গোলকীয় অথন্তৰৰ এই সময়ছোৱাত সাধাৰণ জনতাৰ কাষত থিয় হৈ খাটিখোৱা মানুহখিনিক পেটে-ভাতে মৰাৰ পৰা অন্ততঃ ৰক্ষা কৰিবলৈ যত্নপৰ হ'ব বুলি সকলোৱে আশা কৰিছে। চৰকাৰ জনতাৰ। জনতাও চৰকাৰৰ। গতিকে চৰকাৰৰ চিন্তা জনতাৰ সুখ-সুবিধাৰ ব্যতিৰেক হ'ব নোৱাৰে। হ'ব নালাগে। এতিয়া অসমৰ জনতাৰো সেয়াই আশা।