মই অসমীয়া

dainik janambhumi July 07, 2026

ডিজিটেল ডেস্ক : 'জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্রাণে মই'- চৈয়দ আব্দুল মালিকে ৰচনা কৰা, আৰু সংগীতা বৰঠাকুৰে কণ্ঠদান কৰা এই গীতটোৱে প্ৰতিগৰাকী সঁচা অসমীয়াৰ হৃদয়ত অসমীয়া সত্তাটোক উদ্বেলিত কৰি তোলে এইবাবেই যে গীতৰ কথাখিনিয়ে অসমীয়া হৈ থাকিবলৈ নিজৰ মনস্তত্ত্বক আজন্ম প্রতিপালন কৰি থকা মানুহখিনিৰ হৃদয়ৰ অনুভৱৰ কথা কয়। গীতৰ স্ৰষ্টাই লিখিছে- 'অসমৰ হকে খুঁজি অসমৰ হকে মৰোঁ, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন/ অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ অসম প্রকৃতিয়ে ৰচা/ চিনি পাম বুজি পাম আমৰণ সৰগতো/ মোৰ এই ভাষা অসমীয়া...।' কালান্তৰত দৃশ্যমান-অদৃশ্যমান বহু সংঘর্ষই 'অসমীয়া'ৰ অৱস্থানটোক শংকাজনক এটা পর্যায়লৈ লৈ নোযোৱাকৈ থকা নাই। ষড়যন্ত্র চলিছে, ভাবুকি আহিছে সঁচা; কিন্তু যেতিয়াই ভিতৰৰ 'অসমীয়া' অনুভৱটো উদ্বেলিত হৈ উঠে, আৰু এই অনুভৱে নিজক 'অসমীয়া' বুলি ক'বলৈ পুনঃ পুনঃ হৃদয়ৰ পৰা তাগিদা দিয়ে, তেতিয়াই 'ব্যক্তি' অসমীয়া সত্তাবোৰ সমষ্টি হৈ পৰে আৰু আপোনা আপুনি জাগ্ৰত হৈ পৰে এক অসমীয়া আন্দোলন। উদাহৰণ নিদিলেও এই চেতনাৰ উপলব্ধি কৰিব পৰা যায়। ১৯ শতিকাৰ মধ্যভাগত অসমৰ ভিতৰত আৰু কলিকতাত 'মই অসমীয়া' বুলি গৰ্ব কৰাৰ যি আন্দোলন আৰম্ভ হৈছিল, তাৰেই প্ৰৱাহ আজিলৈকে ঘটি আছে, আৰু সময়ে সময়ে হৃদয়ৰ ৰক্তঢালি অসমী আইৰ মান ৰক্ষাৰ যুঁজত আত্মাহুতিও দিছে বহুজনে। সেই চেতনা হৃদয়ত ধাৰণ কৰাৰ গৰ্ব আৰু সাহসৰ বাবেই হয়তো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ক'ব পাৰিছে- 'অসমীয়া ভাষা আছিল, আছে আৰু থাকিব। লোকপিয়লত কোনে কি লিখে লিখক। কোনেও এই কথাক লৈ অসমীয়াক ব্লেকমেইল কৰিব নোৱাৰে।' বৰ্তমান চলি থকা লোকপিয়লত অসমত অসমীয়া ভাষীৰ সংখ্যা হ্রাস হ'ব নেকি, অসমীয়া সংখ্যালঘুত পৰিণত হ'ব নেকি, সেই লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। মূলতঃ এই আশংকাৰ সৃষ্টি হৈছে প্রব্রজিত লোকৰ ৰাজ্যখনত সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত। ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাইতো কৈয়েই আছে যে লোকপিয়লটোৱে আমালৈ এখন উদ্বেগজনক ছবি কঢ়িয়াই আনিব, অসমত খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হ'ব। নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়াসকলৰ বাবে এইটোৱেই আটাইতকৈ ডাঙৰ দুৰ্ভাৱনাৰ বিষয়। লগে লগে অসমীয়া ভাষাটো বা অন্য খিলঞ্জীয়া ভাষাবিলাক ব্যৱহাৰ কৰা মানুহৰ সংখ্যাও হ্রাস পোৱাৰ সত্যটোক এইবাৰৰ লোকপিয়লে যে পুনৰ প্ৰতিষ্ঠা কৰিব সেইটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। ইয়াৰ বিপৰীতে অসমৰ পূৰ্বৰ প্ৰতিটো লোকপিয়লত বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে। ১৯৯১ চনৰ লোকপিয়লত অসমত বাংলাভাষী লোকৰ হাৰ আছিল ২১.৬৭ শতাংশ।

২০০১ত এই সংখ্যা বৃদ্ধি পাই হ'লগৈ ২৭.৫৪ শতাংশ আৰু ২০১১ চনত এই হাৰ অধিক বৃদ্ধি পাই হ'ল ২৯.৯১ শতাংশ। ইয়াৰ ভিত্তিতে অসমীয়াভাষীৰ মাজত আশংকা ঘনীভূত হৈছে যে এইবাৰৰ পিয়লৰ পাছত অসমত বাংলাভাষীয়েই সংখ্যাগুৰু হৈ পৰিব পাৰে। তেনে আশংকা সৃষ্টিৰ পাছতে বিভিন্ন পক্ষৰ মাজত চর্চা চলিবলৈ লৈছে যে এই অৱস্থাৰ পৰা অসমীয়া ভাষাক ৰক্ষা কৰিব কোনে? এনে পৰিপ্ৰেক্ষিততে অসম সাহিত্য সভাৰ সভাপতি আৰু উপ-সভাপতি ক্রমে বসন্ত কুমাৰ গোস্বামী আৰু পদুম ৰাজখোৱাই লগতে অন্য কিছু লোকেও চৰৰ বাসিন্দাসকলক লোকপিয়লত নিজৰ মাতৃভাষা বাংলাৰ পৰিৱৰ্তে অসমীয়া লিখিবলৈ আহ্বান জনাইছে। ইয়াৰ বিপৰীতে প্ৰব্ৰজিত মূলৰ কিছুমান নেতাই চৰৰ মুছলমান মানুহক মাতৃভাষা বাংলা লিখিবলৈ প্ৰৰোচিত কৰি আছে। মুখ্যমন্ত্রী ড° শৰ্মাই এনেধৰণৰ ষড়যন্ত্ৰৰ ভিত্তিতেই ওপৰত উল্লেখ কৰা কথাখিনি কৈছে যে লোকপিয়লত ভাষাক লৈ কৰা এনে ব্লেকমেইলিং নচলিব। বিষয়টো অত্যন্ত গুৰুত্বপূর্ণ। স্বাধীনতাৰ পাছৰ পৰাই চৰ-চাপৰিত প্ৰব্ৰজিত মূলৰ লোকসকলে নিজক কি ভাষাৰ লোক বুলি পৰিচয় দিব তাক লৈ প্ৰশ্নৰ সৃষ্টি হোৱাটোৱেই আচলতে দুর্ভাগ্যজনক। স্বাধীনতাৰ পূৰ্বৰ পৰাই মুছলিম লীগৰ অসমক পূব পাকিস্তানৰ অংশ কৰাৰ যি ষড়যন্ত্র চলিছিল তাৰ ৰেশ এতিয়াও মাৰ নোযোৱাৰ বাবেই হয়তো এইধৰণৰ কথাবোৰ উত্থাপিত হৈ থাকে বা সেই সম্প্ৰদায়ৰ একাংশ নেতাই 'বাংলাভাষী'ৰ পৰিচয়ৰ বাবে প্ৰৰোচনামূলক বক্তব্য প্রদান কৰি থাকে। জন্ম সূত্রে বা উত্তৰাধিকাৰ সূত্রে তেওঁলোক বাংলাভাষী ঠিকেই, কিন্তু ইমান দিন অসমৰ বায়ু-পানী সেৱন কৰি, অসমীয়া পৰিৱেশত শিক্ষা-দীক্ষা লৈ, অসমীয়া সমাজৰ মাজত উঠা-বহা কৰি জীৱন নিৰ্বাহ কৰাৰ পাছত এতিয়া 'বাংলাভাষী' বুলি লিখিবলৈ প্ৰৰোচিত হোৱা বা উদ্বুদ্ধ হোৱাটোক 'ব্লেকমেইলিং' বুলিয়েই ক'ব লাগিব।

এই কথা ধৰি ল'লে ভুল হ'ব যে চৰৰ প্ৰব্ৰজিত মূলৰ সকলো লোকৰে ধ্যান-ধাৰণা একেই। অসমীয়া ভাষা-সংস্কৃতি চর্চাত জীৱনপাত কৰা লোকো বহুত আছে। কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ অসমীয়া ভাষা-সাহিত্যলৈ আছে প্রশংসনীয় অৱদান। হ'লেও সামগ্রিকভাৱে বিষয়টোৰ আলোচনা হ'লে, ঋণাত্মক ছবি এখনেই সম্মুখলৈ আহে। এনে অৱস্থাত এটা কথা ঠিক যে মনে-প্রাণে 'অসমীয়া'ক শ্রদ্ধা কৰিব নোখোজা মানুহ কিছুমানে লোকপিয়লত 'ভাষা অসমীয়া' বুলি লিখিলে সংখ্যাৰ দিশৰ পৰা অসমীয়াভাষী বৃদ্ধি পালেও ভাষাটোৰ ৰক্ষাৰ ক্ষেত্ৰত ই সহায় নকৰিব। জীৱনে- মৰণে নিজকে চিৰদিন অসমীয়া বুলি ভবা বা ভাবিব পৰাসকলেহে 'অসমীয়া ভাষা'ক ৰক্ষা কৰিব পাৰিব।

Share This