ডিজিটেল ডেস্ক: সুদীর্ঘ আৰু সক্ষম জীৱন লাভ কৰাটো সহজ কথা নহয়। কিছুমান মানুহ বহুদিন জীয়াই থাকিলেও, নিকটাত্মীয়ক বাদ দি আনৰ বাবে তেওঁৰ জীৱন গুৰুত্বপূৰ্ণ বা লক্ষণীয় নহয়, কাৰণ সেই জীৱনৰ দীর্ঘত্বৰ বাদে আনৰ বাবে বিশেষ একো অৱদান নাথাকে। কিছুমানৰ জীৱনকাল তেনেই চুটি হ'ব পাৰে, কিন্তু যুগে যুগে সেই জীৱন স্মৰণীয় হৈ থাকে, সেই জীৱনৰ মূল্য আৰু অৱদানৰ বাবে।
আনন্দৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষীধৰ শৰ্মাৰ দৰে প্রাতঃস্মৰণীয় ব্যক্তিসকলৰ জীৱনকাল তেনেই চুটি আছিল, কিন্তু তেওঁলোকৰ সমাজলৈ অৱদান আছিল অসাধাৰণ। অসমীয়া জাতি যিমান দিনলৈ থাকিব, এইসকলৰ স্মৰণো সিমান দিনলৈকে হৈ থাকিব। বিশ্বত প্রতি ১০জন মানুহৰ ভিতৰত ৯জনে ৫০ বছৰৰ সীমা অতিক্ৰম কৰে, ৭৬ শতাংশই অতিক্ৰম কৰে ৭০ৰ সীমা। ৮০ বছৰৰ সীমা অতিক্ৰম কৰিব পাৰে প্ৰতি ১০জনৰ ভিতৰত ৫ৰ পৰা ৬জনে। ৯০ বছৰৰ সীমা অতিক্ৰম কৰিব পৰা ব্যক্তিৰ হাৰ মাত্র ১০ৰ পৰা ৩০% (গুগলৰ তথ্য)। এই পৰিসংখ্যাৰ পৰাই গম পোৱা যায় যে দীঘলীয়া বয়স পোৱাটো ডাঙৰ কথা। ৮০ বা ৯০ বছৰৰ ডেওনা অতিক্ৰম কৰিব পৰাৰ সৌভাগ্য কম মানুহৰহে থাকে।
জান কেলম' (Jeanne Calment) নামৰ মহিলাগৰাকী ইতিহাসৰ আটাইতকৈ বয়সিয়াল হিচাপে চিহ্নিত। তেওঁ ১২২ বছৰ ১৬৪ দিন জীয়াই আছিল। এই মহিলাগৰাকীয়ে ১০০ বছৰ বয়সলৈকে চাইকেল চলাইছিল। এইগৰাকী মহিলাই কৈছিল- নির্বিকাৰ হৈ থকা, হাস্যৰসিক স্বভাৱ, তৰুণ বয়সৰ দৰে সকলো সময়তে তৎপৰ হৈ থকা আৰু অলিভ অইল ব্যৱহাৰেই হেনো তেওঁৰ আয়ুস বঢ়াৰ কাৰণ। তেওঁৰ এষাৰ কথা বহুলভাৱে চর্চিত- 'যদি তুমি কিবা এটা সলনি কৰিব নোৱাৰা, তেনেহ'লে তাক লৈ উদ্বিগ্ন হৈ নাথাকিবা।'
পশ্চিমীয়া মহিলা হিচাপে তেওঁৰ নিয়মীয়াকৈ ৱাইন সেৱনৰ অভ্যাস আছিল আৰু চকলেট খাইছিল। কেৱল জান কেলম'ৰ ক্ষেত্ৰতে নহয়, সুদীর্ঘ জীৱন লাভ কৰা প্ৰায়বোৰ মানুহৰ ক্ষেত্রতে দেখা যায় যে সদায় ইতিবাচক দৃষ্টিভংগীৰে জীৱনক আগুৱাই নিয়া, জটিল পৰিস্থিতিতো কিঞ্চিতো উদ্বিগ্ন নোহোৱা, সকলো সময়তে কর্ম তৎপৰ হৈ থকা আৰু লোভ-ভোগ-প্রাপ্তিৰ ক্ষেত্ৰত অনাসক্ত হৈ থাকিব পৰাটো এওঁলোকৰ সুদীর্ঘ জীৱনৰ মূল কাৰণ। দেওবাৰে দেহাৱসান ঘটা বিশিষ্ট সাংবাদিক, সমাজকর্মী ধীৰেন্দ্ৰ নাথ চক্রৱর্তীৰ জীৱন পৰিক্ৰমা আছিল এনেকুৱা আদর্শনীয় চৰিত্ৰবিশিষ্ট। প্রচণ্ড জীৱনবোধ থকা ব্যক্তি আছিল প্রয়াত চক্রবর্তী। ৯৮ বছৰ বয়সত তেখেতৰ দেহাৱসান ঘটিল।
ৰাজহুৱা স্থানত বা মানুহৰ আড্ডাত তেখেতে প্রায়ে নিজৰ আয়ুসক লৈ উচ্চাশা ব্যক্ত কৰিছিল। তেখেতে কৈছিল, 'মই ডেৰশ বছৰ জীয়াই থাকিম।'
পদে পদে মৃত্যুৰ ভয়ত ভুগি থকা সমাজ এখনত এনেকৈ ১৫০ বছৰ জীয়াই থাকিম বুলি ক'ব পৰাটো কম কথা নহয়। জান কেলম'ই কোৱা আটাইকেইটা গুণেই চক্রৱৰ্তীৰ জীৱনত পৰিস্ফুট হৈছিল। প্রথম কথা- তেখেত আছিল অতি কর্মতৎপৰ। ৯৬ মান বয়সলৈকে তেখেতে সভাই- সমিতিয়ে স্পদপাই ঘূৰি ফুৰিছিল, কাৰো সহায় নোলোৱাকৈ। জীৱনৰ অন্তিম দিনটোলৈকে তেখেত আছিল 'প্রাগজ্যোতিষ' নামৰ সাপ্তাহিক কাকতখনৰ সম্পাদক। তেখেতে প্রতি সপ্তাহত সম্পাদকীয় লিখিছিল, কাকতৰ প্রতিটো দিশত দৃষ্টি ৰাখিছিল মৃত্যুৰ কেইদিনমান আগলৈকে তেখেত টেলিফ'নর বার্তালাপত সক্রিয় হৈ আছিল। তেখেতে গৌৰৱেৰে কৈছিল, 'এছিয়াৰ ভিতৰত ময়েই আটাইতকৈ বয়সিয়াল বেতনভোগী সাংবাদিক'। চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত তেখেত প্রায় এক ডজন দৈনিক-সাপ্তাহিক কাকতৰ সম্পাদকৰ আসনত বহিছিল ইংৰাজী-অসমীয়া দুয়ো ভাষাৰ কাকতৰ সম্পাদক আছিল তেখেত।
জ্যেষ্ঠ নাগৰিক সংস্থা আৰু পাঞ্জাবাৰী সাহিত্য সভা বীৰেন্দ্রনাথ চক্রৱর্তীয়ে সজীৱ কৰি ৰখা দুটা প্রখ্যাত সংগঠন। স্পষ্টবাদিতা আৰু সমাজমুখিতা আছিল তেখেতৰ ব্যক্তিত্বৰ ভূষণ। স্পষ্টবাদিতাৰ বাবে তেখেত এসময়ত আলফাৰো কোপদৃষ্টিত পৰিছিল, কিন্তু সেইবোৰলৈ তেখেতৰ ভ্রূক্ষেপ নাছিল। লোভ-অহংকাৰ তেখেতৰ নাছিল। চৰকাৰী বিভাগৰ সঞ্চালক হৈ অৱসৰ লোৱা, কেইবাখনো প্রতিষ্ঠিত কাকতৰ সম্পাদক হোৱাৰ পাছতো তথা পাৰিবাৰিক আৰু সামাজিকভাৱে যথেষ্ট প্রতিপত্তি থকাৰ পাছতো তেখেতে যাপন কৰিছিল তেনেই সাধাৰণ এটা জীৱন। তেখেত আছিল হাস্যৰসিক। সদায় হাঁহি এটা তেখেতৰ মুখত লাগি আছিল। সেই হাঁহিৰেই সৰু-বৰ সকলোকে সমানভাৱে সম্ভাষণ জনাইছিল। তেখেতৰ আচৰণত প্রকট নহৈছিল কাৰো প্রতি বিদ্বেষৰ ভাব। জান কেলম'ৰ দৰে ধীৰেন্দ্ৰ নাথ চক্রৱৰ্তীৰ দীর্ঘায়ুৰো ৰহস্য বোধহয় এই গুণবোৰেই। বিশিষ্ট সাংবাদিক তিলক হাজৰিকা, বিশিষ্ট সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ দীঘলীয়া জীৱন পৰিক্রমাৰো ৰহস্য বোধহয় ভোগ-সম্পদৰ প্রতি থকা উদাসীনতা আৰু ইতিবাচক মানসিকতায়েই এইবোৰ আদর্শনীয় জীবন সম্পদ-ভোগৰ পিছত হাবাথুৰি খাই ফুৰা সকালে এই জীৱনবোৰলৈ এবাৰ চোৱা উচিত ।