ডিজিটেল ডেস্ক : অসমত বিজেপিৰ সদস্যৰ সংখ্যা বর্তমান ৫০ লাখৰো অধিক। ৰাজ্যৰ ক্ষমতাধিষ্ঠিত দলটোৱে ৪০ লাখ সদস্যৰ মাইলৰ খুঁটি অতিক্ৰম কৰা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২০২৪ চনৰ ২৫ ছেপ্টেম্বৰত ঘোষণা কৰিছিল আৰু সেইদিনাই তেখেতে দলৰ সদস্য ৫০ লাখলৈ বৃদ্ধিৰ লক্ষ্যৰ কথাটো ঘোষণা কৰিছিল। কাৰণ সেই সময়ত ৰাজ্যিক বিজেপিৰ নতুন সদস্যভর্তি অভিযান আৰম্ভ হৈছিল। চাৰে তিনি কোটি জনসংখ্যাৰ ৰাজ্য অসমত এটা ৰাজনৈতিক দলৰ সদস্য ৫০ লাখৰ অধিক হোৱাটো কম কথা নহয়। পূৰ্বৰ লোকগণনাৰ পৰিসংখ্যা তথা জনগাঁথনিৰ ৰূপটোলৈ লক্ষ্য ৰাখি ৰাজ্যত হিন্দু ধর্মীয় লোকৰ সংখ্যা ১.৯১ লাখৰ পৰা ২ কোটি বুলি ধাৰণা কৰিব পাৰি। সেই হিচাপত ৰাজ্যখনৰ প্ৰতিটো হিন্দু পৰিয়ালত গড়ে এজনকৈ বিজেপিৰ সদস্য থকা বুলি ধৰি ল'ব পৰা যায়। অন্যহাতে, সমৰ্থকৰ দিশৰ পৰা যদি চোৱা হয় তেন্তে দেখা যাব যে ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত ২,১৬,৬৪,৮৯৮টা সাব্যস্ত হোৱা ভোটৰ ৩৭.৮১% ভোট লাভ কৰে বিজেপিয়ে। অর্থাৎ ৰাজ্যৰ ৮০ লক্ষাধিক ভোটাৰে বিজেপিৰ পক্ষত ভোটদান কৰিলে। এতিয়া আমি আলোচনালৈ আনিব খোজা বিষয়টো হ'ল অসমৰ বিজেপি দলটোৰ হাতত এই যি বিশাল জনশক্তি আছে তাক কেৱল নির্বাচনত ভোট আহৰণৰ উদ্দেশ্যতে ব্যৱহাৰ কৰি থকা হ'ব নে সামাজিক, শৈক্ষিক, অর্থনৈতিক আৰু সাংস্কৃতিককে ধৰি ৰাজ্যৰ সামগ্রিক বিকাশৰ দিশত এই জনশক্তিক ব্যৱহাৰৰ পৰিকল্পনা দলটোৰ ৰাজ্যিক নেতৃত্বৰ আছে।
ইতিমধ্যে সৰ্বসাধাৰণ লোকৰো জ্ঞাত হৈছে যে বিজেপি দলটোৰ সাংগঠনিক ব্যৱস্থাটো অতি সু-সংগবদ্ধ। ইয়াত ৰাজ্যিক বিজেপিৰ সৰ্বোচ্চ পদবী ৰাজ্যিক সভাপতিৰ পৰা পৃষ্ঠাপ্ৰমুখলৈ (ভোটাৰ তালিকাৰ এটা পৃষ্ঠাত থকা ভোটাৰ ভিত্তিক পদবী) বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা আছে। ৰাজ্যৰ প্ৰায় প্ৰতিটো বুথ (ভোট কেন্দ্র) তে আছে একোখন শক্তিশালী কমিটী। তাৰ পাছত মণ্ডলৰ পৰা জিলালৈকে কমিটীবিলাক আছেই। ইয়াৰ উপৰি, দলটোত আছে যুৱ মৰ্চা, মহিলা মর্চা, কিষাণ মর্চা, সংখ্যালঘু মর্চা, অ' বি চি, এছ চি আৰু এছ টি মর্চাসমূহ। এই বিপুল আৰু সু-সংগঠিত জনশক্তিক কেৱল এটা ৰাজনৈতিক কর্মকেন্দ্ৰিক শক্তিতে আবদ্ধ কৰি নাৰাখি ইয়াক অসমৰ বিকাশৰ এক কৰ্মশক্তিলৈ ৰূপান্তৰ কৰাৰ এক সুন্দৰ সুযোগ বর্তমান সময়ত ৰাজ্যিক বিজেপিৰ সন্মুখত আছে। যোৱা বিধানসভাৰ নিৰ্বাচনত বৃহৎ বিজয়েৰে তৃতীয়বাৰৰ বাবে ৰাজ্যৰ ক্ষমতাত আৰোহণ কৰিবলৈ সুযোগ পোৱাৰ সমান্তৰালকৈ দলটোৱে ইয়াৰ সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ মূল ভেটিটোত নিজৰ অৱস্থান এনেদৰে সুদৃঢ় কৰি তুলিছে যে জনমুখী ৰাজনীতিৰ ধাৰা বৰ্তমানৰ দৰে অব্যাহত ৰাখিব পাৰিলে আৰু বিধানসভা সমষ্টিসমূহৰ জনগাঁথনিৰ পৰিৱৰ্তন নহ'লে দলটোৰ প্ৰভুত্বক খর্ব কৰাটো অন্য দলৰ পক্ষে সহজসাধ্য নহ'ব। গতিকে, ক্ষমতাত থকাৰ সমান্তৰালকৈ দলটোৱে নিজাববীয়াকৈও ৰাজ্যখনৰ বিকাশৰ এক যাত্ৰাৰ নেতৃত্ব গ্রহণ কৰিব পাৰে। বিজেপিৰ নেতৃত্বই নিজেও কয় যে ই কেৱল এটা ৰাজনৈতিক দল নহয়, ই ভাৰতৰ সনাতনী সাংস্কৃতিক ধাৰাটোৰ সংৰক্ষণৰ সংগ্ৰামৰ এটা ধাৰা। এই ধাৰাটোক ৰক্ষা কৰিবলৈ হ'লে কেৱল ৰাজনৈতিক ক্ষমতা দখলৰ কুচকাৱাজতে আবদ্ধ থাকিলে নহ'ব, যিবিলাক বিষয়ে এই সনাতনী ধাৰাটোৰ অস্তিত্বলৈ সংকট নমাই আনিছে, সেই প্রত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈও এখন সমান্তৰাল সংগ্রাম চলাই নিব লাগিব। জাতি এটা শক্তিশালী তেতিয়াহে হয়, যেতিয়া সেই জাতিৰ হাতত অর্থনীতিৰ নিয়ন্ত্ৰণৰ শক্তি থাকে। আমাৰ অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ হাতত এতিয়া ৰাজ্যৰ অৰ্থনীতি নিয়ন্ত্ৰণৰ শক্তি নাই বুলিয়েই ক'ব পাৰি। ৰাজ্যৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণৰ শক্তি এতিয়া কাৰ হাতত আছে সেয়া বিজেপিৰ নেতৃত্বই নজনাকৈ থকা নাই। ৰাজ্যৰ ২৯.৭৭ লাখ হেক্টৰ কৃষিভূমিৰ খিলঞ্জীয়াৰ হাতত থকা অংশটোৰ যথোচিত ব্যৱহাৰ নোহোৱাটো এতিয়া এক নিৰ্মম সত্য। আমাৰ খিলঞ্জীয়া মানুহৰ বুজন অংশ এটাই কিয় নিজৰ হাতৰ কৃষিভূমি ব্যৱহাৰ কৰিব পৰা নাই, সেয়াও বিজেপিয়ে বুজি পায়, কাৰণ ৰাজ্যৰ প্ৰতিটো চুবুৰিত তেওঁলোকৰ কৰ্মীয়ে দিনে-নিশাই কাম কৰি থাকে।
ৰাজ্যত খিলঞ্জীয়াৰ অর্থনৈতিক কর্তৃত্ব প্রতিষ্ঠা কৰাৰ অন্য সুযোগ কিছুমানো খিলঞ্জীয়াই গ্রহণ কৰিব নোৱৰাৰ সমস্যা তথা দোষ-দুর্বলতাবিলাকৰো তথ্য নিশ্চয় ৰাজ্যিক বিজেপিৰ হাতত আছে। অলপতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত 'মিডিয়া কনক্লেভ'ত খিলঞ্জীয়াৰ হাতত থকা ভূমিৰ ব্যৱহাৰৰ প্ৰসংগটো উত্থাপন হওঁতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এটা কথা কৈছিল যে ইয়াৰ বাবে গণ-সচেতনতাৰ সৃষ্টি কৰিব লাগিব। এই গণ-সচেতনতাৰ সৃষ্টিৰ নেতৃত্ব কোনে ল'ব? নিশ্চিতভাবে এতিয়া এই দায়িত্ব ৰাজ্যিক বিজেপিয়ে গ্রহণ কৰিব পাৰে। তেওঁলোকৰ পক্ষত থকা ৰাজনৈতিক ক্ষমতা, বিশাল সাংগঠনিক শক্তি তথা অনুগামীৰ শক্তিৰে বিজেপিয়ে ৰাজ্যত সনাতনী ধাৰাটোৰ অন্তর্গত খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহক উদ্বুদ্ধ কৰি এটা জাতীয় কর্মশক্তি গঢ়াৰ সংগ্ৰামৰ নেতৃত্ব নিশ্চয় গ্ৰহণ কৰিব পাৰে। অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সংকটক লৈ উদ্বিগ্ন হৈ থকা বিজেপিয়ে ইয়াৰ খিলঞ্জীয়াৰ অৱশিষ্ট অংশটোক জাতীয় অর্থনীতিৰ নিয়ন্তা কৰি তুলিব পৰাকৈ এখন কর্ম আঁচনি প্রস্তুত কৰি এখন অর্থনৈতিক সংগ্ৰামৰ পাতনি মেলিব পাৰিলে দলটোৰ প্ৰতি খিলঞ্জীয়াৰ আকৰ্ষণ আৰু বিশ্বাস আৰু বৃদ্ধি পাব।