লাচিত বৰফুকনৰ নামত

dainik janambhumi October 31, 2025

ডিজিটেল ডেস্ক : অসমৰ জাতীয় মহাবীৰ ৰূপে সমাদৃত শৰাইঘাটৰ যুদ্ধৰ মহানায়ক লাচিত বৰফুকনক লৈ অসমীয়া জাতীয়তাবাদী, নানা যুৱ-ছাত্র সংগঠন আৰু শেহতীয়াকৈ ভাৰতীয় জনতা পার্টি তৎপৰ হৈ উঠিছে। ইয়াৰ অন্তৰালত উল্লিখিত পক্ষসমূহৰ নিজৰ স্বাৰ্থ জড়িত আছে। অসম আন্দোলনৰ সময়ৰ পৰাই লাচিত বৰফুকনৰ নামটো জাতীয় ৰাজনীতিত অধিক ব্যৱহাৰ হৈছে।
অৱশ্যে তাৰো আগতে, অর্থাৎ স্বাধীনতা আন্দোলনৰ সময়তো লাচিতৰ নাম ব্যৱহাৰ হৈছিল- জাতীয় জাগৰণৰ প্ৰেৰণা সঞ্চাৰকাৰী এটা নাম স্বৰূপে। দেৱকান্ত বৰুৱাৰ লাচিত ফুকন নামৰ কবিতাই তাৰ প্ৰমাণ। লাচিত বৰফুকন আছিল এজন সাহসী যোদ্ধা আৰু সমৰ নায়ক। তেওঁ নিজ জন্মভূমিৰ স্বাধীনতা আৰু সার্বভৌমত্ব ৰক্ষাৰ বাবে যুঁজিছিল। স্বদেশৰ মাটিৰ চাৰিসীমা অতিক্ৰম কৰি গৈ কেতিয়াও পৰৰাজ্য আক্ৰমণ কৰা নাছিল। মূল ভাৰতীয় ভূ-খণ্ডত তেওঁ কেতিয়াও ভৰি দিয়েই পোৱা নাছিল। সেইখিনিতে লাচিত বৰফুকনৰ লগত মাৰাঠা বীৰ শিৱাজীৰ পাৰ্থক্য। শিৱাজীৰ সেনাই নিজৰ ৰাজ্যৰ সীমা অতিক্ৰম কৰি চুবুৰীয়া আন ৰাজ্য আক্ৰমণ কৰিছিল। 


শিৱাজীৰ পৰৱৰ্তী কালত মাৰাঠা ৰজাসকলে আনকি ৰাজস্থান, বংগ আদিও আক্রমণ কৰিছিল। ৰাজস্থান, বংগৰ নিৰীহ হিন্দু পুৰুষ-মহিলাও আক্রমণকাৰী মাৰাঠা সেনাৰ হাতত নিপীড়িত হৈছিল। তেনে ধৰণৰ সাম্রাজ্যবাদী মনোভাবৰ পৰা লাচিত বৰফুকন আছিল সম্পূর্ণ মুক্ত। লাচিতে আক্রমণকাৰীকহে ওফৰাই পঠাইছিল, নিজে আক্রমণকাৰী নাছিল। সেই কাৰণেই লাচিতক 'ভাৰতীয় আৰু হিন্দু' মহাবীৰ ৰূপে প্ৰতিষ্ঠা কৰা অসম্ভৱ। যি মোগল সম্রাটৰ সেনাৰ বিৰুদ্ধে লাচিতে যুঁজিছিল সেয়াও কেবল মুছলমান সেনা নাছিল। মোগল সেনাত অন্তর্ভুক্ত আছিল শিখ-ৰাজপুত আৰু উত্তৰ বংগৰ কোচ ৰজাৰো সেনা। সেই বাবেই লাচিতক মুছলমান-বিৰোধী ৰূপেও প্রতিষ্ঠা কৰিব নোৱাৰি। তদুপৰি বিজয়ী লাচিতৰ যুদ্ধৰ পাছত শাৰীৰিক অসুস্থতাবশতঃহে মৃত্যু ঘটিছিল। ইয়াৰ বিপৰীতে ছত্রপতি শিৱাজী পাৰিবাৰিক আৰু ক্ষমতাকেন্দ্রিক গৃহকন্দলত মৃত্যুমুখত পৰিছিল, তেওঁৰ কনিষ্ঠ পত্নীয়ে খাদ্যত বিষ মিহলাই দিয়াৰ সন্দেহ কৰা হৈছিল।

লাচিতৰ বীৰত্বব্যঞ্জক বিষয় তথা বীৰ গাথাই অসমৰ জনচেতনাক আজিও সঞ্জীৱিত কৰি ৰাখিছে। লাচিত বৰফুকনৰ প্ৰতি অসমৰ মানুহৰ অন্তৰত আছে শ্রদ্ধা আৰু ভক্তি। সেই বাবেই অসমৰ অধিকাংশ জাতীয় সংগঠনেই ব্যৱহাৰ কৰে লাচিতৰ নাম-লাচিতৰ আৱেগ। একাংশই মহাৰাষ্ট্ৰৰ শিৱাজী সেনা চমুকৈ 'শিৱসেনা'ৰ অনুকৰণত অসমতো গঠন কৰিছে লাচিত সেনা। লাচিত সেনা নামৰ সংগঠন সময়ে সময়ে গঠন হৈ আহিছে। তেনে সংগঠনৰ পৰা কোনো কাৰণত ওলাই একাংশই লাচিতৰ নাম লৈ আন ধৰণেও সংগঠন খুলিছে। তেনে এটা সংগঠন হ'ব পাৰে বীৰ লাচিত সেনা। সংগঠনৰ নাম লাচিত সেনা বা বীৰ লাচিত সেনা যিয়েই নহওক কিয়, কামবোৰ কিন্তু একে। ব্যাৱসায়িক প্রতিষ্ঠান বা আন কোনো ব্যক্তি অনুষ্ঠানক ভাবুকি দি ধন সংগ্রহ কৰা আৰু পৰিস্থিতি সাপেক্ষে কোনো জাতীয় বুলি অভিহিত বিষয়ক হৈ হুলস্থূল কৰা- এয়াই হ'ল লাচিতৰ নাম ব্যৱহাৰকাৰী সংগঠনৰ মূল কাম-কাজ। এতিয়ালৈকে জাতীয় জীৱনক সমৃদ্ধ কৰিব পৰা ধৰণৰ কোনো কৰ্মসূচী বা চিন্তা-চর্চা এনে সংগঠনে কৰা নাই। প্রায় এবছৰমানৰ আগতে শিৱসাগৰত এটা সম্প্ৰদায়ৰ ব্যৱসায়ীক ৰাজপথত আঁঠু কঢ়োৱা, তাৰ পাছত মিঞা (অভিবাসী মুছলমান) শ্রমিকক কৰ্মস্থানসমূহৰ পৰা বিতাড়িত কৰা আদি কাৰ্যৰে বিতর্কিত হৈ পৰা, সমাজত অস্থিৰতা সৃষ্টি কৰা এই সংগঠনসমূহৰ কাম-কাজৰ প্ৰতি সাধাৰণ অসমীয়া মানুহৰ সমৰ্থন নাছিল। লাচিত বৰফুকনৰ নাম কোনো সংগঠনে ন্যস্ত স্বাৰ্থত ব্যৱহাৰ কৰিলে তাক সমর্থন কৰাৰ প্ৰশ্নই নাহে। পৰিতাপৰ কথা যে এনে উদ্ভণ্ডালিয়ে আইন-শৃংখলা পৰিস্থিতি সৃষ্টি কৰা সত্ত্বেও অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ মন্ত্ৰীজনে এই সংগঠন আৰু তাৰ বিষয়ববীয়াৰ প্ৰতি সমর্থনসূচক মন্তব্য কৰিছিল। শেহতীয়াকৈ বীৰ লাচিত সেনা নামৰ সংগঠনৰ একাংশ কাৰ্যকৰ্তা ধন দাবী, অপহৰণ আদিৰ দৰে গুৰুতৰ অভিযোগত হাতে-লোটে ধৰা পৰিছে। ধৰা পৰাসকলৰ দুই-এক আকৌ বিজেপি দলৰ লগতো জড়িত থকাৰ তথ্য-প্রমাণ ওলাইছে। ইয়াৰ পৰা এই কথা প্রতিপন্ন হয় যে দেখাত সাধাৰণ যেন লাগিলেও ভিতৰি অসমৰ আইন-শৃংখলা অৱস্থাৰ গুৰুতৰ অৱনতি ঘটিছে। যোৱা কেইমাহমানৰ আগতে মুখ্যমন্ত্রীয়ে 'খিলঞ্জীয়া'ক বন্দুকৰ লাইচেঞ্চ দিয়াৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছত বন্দুকৰ লাইচেঞ্চৰ বাবে আৱেদন কৰা প্রথমজন যুৱকো লাচিত সেনাৰ লগতে জড়িত- সেই তথ্যও প্রকাশ পাইছিল। যদিহে লাচিতৰ নাম ব্যৱহাৰ কৰি ধন দাবী কৰা, অপহৰণ কৰাসকলৰ হাতত বন্দুকৰ লাইচেঞ্চ পৰে, তেন্তে অসমৰ পৰিস্থিতি কেনে হ'ব? লাইচেঞ্চ নৌ পাওঁতেই এই অৱস্থা! বৰ্তমান চৰকাৰ আৰু চৰকাৰৰ মুখ্যমন্ত্রীয়ে যাতে দকৈ নভবাকৈ যিকোনো ঘোষণা নকৰে। ৰাইজৰ কল্যাণ বা মংগলৰ বাবে এনে সংগঠনে কাম কৰা নাই। কেৱল লাচিত বৰফুকনৰ নামৰ অপব্যৱহাৰহে কৰিছে।

Share This