ডিজিটেল ডেস্ক : ভাৰতবৰ্ষৰ কেন্দ্ৰ আৰু প্ৰান্তৰ মাজত ব্যৱধান আৰু বিভাজন কেতিয়াবা চৰ্চাৰ বিষয় হৈ পৰে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় তথা সবাতোকৈ প্রভাবশালী অংশ হ'ল দিল্লীকে ধৰি উত্তৰ-পশ্চিম ভাৰত। প্রান্ত বুলিলে এফালে দক্ষিণ ভাৰত আৰু আন প্রান্ত উত্তৰ-পূৰ্বাঞ্চলত। পশ্চিম ভাৰতৰ গুজৰাট, মহাৰাষ্ট্র, বাজস্থান আদি দেখাত প্রান্তীয় হ'লেও ই কেন্দ্ৰৰ ওচৰ চপা আৰু কেন্দ্ৰক প্ৰভাৱান্বিত কৰিব পৰা অঞ্চল। ইয়াৰ বিপৰীতে অসম তথা উত্তৰ-পূবৰ আন ৰাজ্যসমূহ মূলসুঁতিৰ ভাৰতৰ পৰা বহু নিলগত- দিল্লী বহু দূৰ। অতীতৰ পৰাই ভাৰতৰ উত্তৰ-পূবলৈ মূল ভাৰতবৰ্ষ সম্প্ৰসাৰিত হোৱা নাছিল। 'ম্লেছ'ৰ দেশ উত্তৰ-পূব একপ্ৰকাৰ নিষিদ্ধ অঞ্চল আছিল। উত্তৰ ভাৰতত মধ্যপ্রাচ্যৰ শক্তিসমূহৰ খোপনি দৃঢ় হোৱাৰ পাছত তাৰ একাংশ ব্রাহ্মণ-কায়স্থ লোক উত্তৰ-পূবলৈ প্ৰব্ৰজন কৰিবলৈ লয়। সামাজিক-সাংস্কৃতিক সম্পর্ক এটা পর্যায়লৈ গঢ় লৈ উঠে যদিও অধিকাংশ তথাকথিত মূলসুঁতিৰ উত্তৰ-ভাৰতীয়ৰ বাবেই অসম আৰু উত্তৰ-পূব, হাবি-জংঘল, বন্য জন্তু, ভূত-প্ৰেতৰ ঠাই বুলিয়েই পৰিগণিত হৈ আহিছে। চীন দেশৰ সমীপত অৱস্থিত, জনজাতি প্রধান উত্তৰ-পূবক বহুতেই চীন বা চীনৰ অংশ বুলিও ধাৰণা কৰে। উত্তৰ মধ্য ভাৰতত ধৰ্মীয় ৰক্ষণশীলতাৰ প্রভাৱ বেছি। অস্পৃশ্য বা বর্ণ-বৈষম্য এতিয়াও কম-বেছি পৰিমাণে ক্রিয়াশীল। সেইবাবেই হয়তো কেন্দ্ৰৰ আৰু প্ৰান্তৰ মানুহৰ দুইধৰণৰ মানসিকতা লক্ষ্য কৰা যায়।
অলপতে ত্ৰিপুৰাৰ এজন ছাত্রক 'চীনা' বুলি সন্দেহ কৰি হত্যা কৰা হয়। এঞ্জেল চাকমাৰ একমাত্ৰ দোষ হ'ল তেওঁৰ জনজাতীয় মুখাবয়ব। উত্তৰ-পূৰ্বাঞ্চল মূলতঃ জনজাতি প্রধান অঞ্চল। বর্ণবাদী আৰু ৰক্ষণশীল উত্তৰ ভাৰতীয়ই তেনে মুখাবয়রক 'চীনা' বুলি ধাৰণা কৰে। এঞ্জেলক আক্রমণ কৰাসকলক তেওঁ বাৰে বাৰে কৈছিল যে তেওঁ ভাৰতীয় আৰু উত্তৰ-পূবৰ ত্ৰিপুৰাত তেওঁৰ ঘৰ। কিন্তু ঘাতকসকলে নিজে যি দেখে বা ভাবে তাকেই সত্য বুলি গণ্য কৰে। উত্তৰ-পূবৰ এজন সম্ভাৱনাপূর্ণ আৰু মেধাৱী ছাত্ৰই ভাৰতীয় হৈ ভাৰততে মর্যাদা নাপাই ভাৰতীয় ঘাতকৰ হাততে জীৱন দিব লগা হ'ল। এনে আন বহু ঘটনা ইয়াৰ আগতেও ঘটিছে। উত্তৰ-পূবৰ ছাত্ৰীৰ ওপৰত যৌন নির্যাতনো চলিছে। নিৰাপত্তাহীন হৈছে। কিন্তু চৰকাৰ তথা সংশ্লিষ্ট পক্ষসমূহে এই কথাত কেতিয়াও গুৰুত্ব দিয়া নাই। চীন দেশে অৰুণাচল প্রদেশৰ বহু অংশ নিজৰ বুলি দাবী কৰি আহিছে। ইতিমধ্যে বাতৰিত প্ৰকাশ পোৱা মতে চীনে অৰুণাচলৰ এটা অঞ্চল ইতিমধ্যে গ্রাসো কৰিছে। এই কথা অৱগত হোৱাৰ পাছতো ভাৰত চৰকাৰে যেনেধৰণে প্রতিবাদ হ'ব লাগিছিল সেই পর্যায়ত প্রতিবাদ হোৱা নাই বুলিও অভিযোগ উঠিছে। তেনে পৰিস্থিতিত উত্তৰ ভাৰতীয় লোকে যদি উত্তৰ-পূবৰ এজন খিলঞ্জীয়া ছাত্রক 'চীনা' আখ্যা দিয়ে আৰু প্ৰহাৰ কৰি হত্যা কৰে তেন্তে চীনৰ হাতহে দেখোন শক্তিশালী কৰা হ'ব। নিজ দেশৰে ভূগোল বুৰঞ্জীৰ জ্ঞানৰ অভাৱৰ বাবেই কেৱল নহয়, আন জনগোষ্ঠীৰ প্রতি থকা বিদ্বেষৰ বাবেও বাৰম্বাৰ এনে ঘটনা ঘটি আহিছে। দিল্লীকে ধৰি উত্তৰ মধ্য ভাৰতৰ বিভিন্ন স্থানত অন্যায় আৰু বৈষম্যৰ বলি হৈছে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্রী, শ্রমিক-কর্মচাৰী। পৰিতাপৰ কথা এয়ে যে এনেবোৰ ঘটনা সংঘটিত হোৱাৰ পাছতো চৰকাৰ প্ৰশাসনৰ সঁহাৰি উৎসাহজনক নহয়। অলপতে বাংলাদেশত এজন হিন্দু যুৱকক মাৰপিট কৰা, হত্যা কৰা এটা বিষয় লৈ ভাৰতত বিভিন্ন সংগঠনে বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ দাবীত সৰৱ হৈ উঠে। প্রতিবাদী কার্যসূচী গ্রহণ কৰে। কিন্তু ভাৰতৰ মাটিতে ভাৰতীয় নাগৰিক যেতিয়া নিগৃহিত হয়, ভাৰতীয় যুৱতী ধৰ্ষণ কৰা একে ধৰ্মৰ ৰাজনৈতিক নেতা যেতিয়া কাৰাদণ্ডৰ ম্যাদ শেষ নৌহওঁতেই ৰাজনৈতিক প্রভাৱ খটুৱাই মুকলি হৈ আহে, তেতিয়া কিন্তু কোনো প্রতিবাদ নহয়।
আজিৰ ভাৰতবৰ্ষত ধৰ্মৰ নামত ঘৃণা আৰু হিংসা শিপাই দিয়া কিছুমান সংগঠন আছে। খ্রীষ্টমাছ উদযাপন বাধা দিয়া, গিৰ্জাঘৰৰ সন্মুখত হনুমান চালিছা পঢ়া আদি ঘটনা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। এয়াও একধৰণৰ অসহিষ্ণুতা। ছাত্র এঞ্জেল চাকমাৰ হত্যাৰ কাৰণো একধৰণৰ অসহিষ্ণুতা। এনে প্রৱণতা যদি কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰা নাযায় তেন্তে ফল বিপৰীত হোৱাৰ আশংকাও আছে। ইউৰোপ-আমেৰিকা-অষ্ট্ৰেলিয়া আদিত বহুসংখ্যক ভাৰতীয় ছাত্র আছে। বহু কৰ্মচাৰী-বিষয়া-চিকিৎসক-অভিযন্তা আছে। ভাৰতত যদি অনাহিন্দু লোকৰ ওপৰত ধৰ্মৰ বাবেই অত্যাচাৰ চলে তেন্তে বিদেশত থকা ভাৰতীয়কো কোনো দুষ্টচক্রই প্রতিশোধৰ লক্ষ্য কৰি ল'ব। ফিৰিঙতিৰ পৰা গৈ গৈ খাণ্ডর দাহ হ'ব। দেশ এখনৰ অভ্যন্তৰীণ পৰিস্থিতি অস্থিৰতা যদিহে যথাযথভাৱে স্বাভাৱিক কৰি তুলিব পৰা নাযায় তেন্তে তাৰ প্রভাৱ বৈদেশিক সম্পৰ্কতো পৰিব পাৰে।
শেহতীয়াকৈ উত্তৰ-পূবৰ সম্পদত উত্তৰ-মধ্য ভাৰতীয় শিল্পপতিৰ নজৰ পৰিছে। অৰুণাচলত বহুসংখ্যক বৃহৎ নদীবান্ধ হৈছে। অসমৰ কাৰ্বি আংলং, ডিমা হাছাও আদিৰ জনজাতীয় এলেকাৰ মাটি পুঁজিপতিয়ে 'বিনিয়োগ'ৰ নামত দখল কৰিব খুজিছে। অর্থাৎ, অসম তথা পূৰ্বাঞ্চলৰ সম্পদ ভাৰতবৰ্ষৰো সম্পদ- সেই কথা কেন্দ্রই সাব্যস্ত কৰিব খুজিছে। তেন্তে উত্তৰ-পূবৰ মানুহৰ সমস্যাও ভাৰতৰ সমস্যা বুলি কিয় গ্রহণ নকৰে? অসম তথা উত্তৰ-পূবৰ সাধাৰণ জনতা, ছাত্র-ছাত্রীয়ে কিয় মর্যাদা পাব নালাগে। অসম বা আন উত্তৰ-পূবৰ ৰাজনৈতিক নেতা-মন্ত্রীক সম্মান কৰিলেই নহ'ব। উত্তৰ-পূবৰ সাধাৰণ মানুহৰ স্বাভিমানকো মান্যতা দিব লাগিব।