ডিজিটেল ডেস্ক: গ্রাম্য অর্থনীতিত অভূতপূর্ব বৰঙনি আগবঢ়াই এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা এটা থলুৱা উদ্যোগৰ নাম অসম সমবায় মৰাপাট কল। নিবনুৱা সমস্যাই ভাৰাক্ৰান্ত কৰা ৰাজ্যখনত আজিৰ পৰা প্রায় ৫৫ বছৰ পূৰ্বে নগাঁও জিলাৰ শিলঘাটত স্থাপন কৰা এই উদ্যোগটোৱে দেশৰ সমবায় খণ্ডৰ উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াবলৈ সক্ষম হৈছিল।
সমগ্ৰ ৰাজ্যখনৰ ভালেমান লোকক কর্মসংস্থাপনৰ সুযোগ প্রদান কৰা এই কলটোত উৎপাদিত সামগ্ৰীৰ দ্বাৰা ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি মজবুত হোৱাত ই এক গুৰুত্বপূর্ণ অংশীদাৰ ৰূপে পৰিগণিত হৈছে। নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটত ১৯৭১ চনত তদানীন্তন কৃষি মন্ত্রী ফখৰুদ্দিন আলী আহমেদে কলটোৰ উৎপাদনৰ শুভাৰম্ভ কৰিছিল। সমবায় খণ্ডত দেশৰ ভিতৰতে একমাত্ৰ অসম সমবায় মৰাপাট কলটো স্থাপনৰ ফলত থলুৱা মৰাপাট কৃষকসকলো যথেষ্ট লাভান্বিত হৈছিল।
কলটোৱে বিগত কেইবা দশক ধৰি নানা প্রত্যাহ্বান, ঘাত-প্রতিঘাত নেওচি উৎপাদনক্ষম হৈ বৃহৎসংখ্যক কৰ্মচাৰীৰ লগতে উদ্যোগটোৰ সৈতে পৰোক্ষভাৱে জড়িত লোকক পোহপাল দি আহিছিল। কিন্তু মাজে-সময়ে বিভিন্ন কাৰণত উদ্যোগটো বন্ধও হৈ আহিছে। সেয়া লাগিলে বৃহৎ লোকচানৰ বাবেই হওক, কেঁচামালৰ অভাবেই হওক, উদ্যোগটোৰ ভিতৰচ'ৰাত সংঘটিত ব্যাপক দুর্নীতি নাইবা শ্রমিক-কর্মচাৰীৰ কর্মসংস্কৃতিৰ অভাৱেই হওক, বিভিন্ন কাৰণত উৎপাদন বন্ধ হোৱাৰ বাতৰি মাজে-সময়ে ৰাইজে শুনিবলৈ পাই আহিছে।
১৯৮৪ চনৰ মাৰ্চ মাহৰ পৰা আর্থিক সংকটৰ বাবে দুবছৰ ধৰি এই কলটো বন্ধ হৈ পৰিছিল। ফলত উদ্যোগটোৰ সৈতে জড়িত শ্রমিক-কর্মচাৰীসকলৰ জীৱনলৈ দুর্যোগ নামি আহিছিল। অসম চুক্তিৰ আধাৰত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যৰে উদ্যোগটো পুনৰ মুকলি কৰা হয় আৰু ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা কলটোৰ পুনৰ উৎপাদন আৰম্ভ হয়। কিন্তু ২০২০ চনৰ শেষৰ ফালে পুনৰ বন্ধ হৈ পৰে। বহু চেষ্টাৰ পাছত ৰাজ্য চৰকাৰৰ অৰ্থ পুঁজিৰে পুনৰ ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা পুনৰ উৎপাদন আৰম্ভ হয় উদ্যোগটোৰ। কিন্তু ধাৰাবাহিক লোকচানৰ সন্মুখীন হয় এই উদ্যোগটো। যেনে-তেনে উৎপাদনক্ষম হৈ থকাৰ সময়তে উদ্যোগটোৰ ভিতৰচ'ৰাত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হয়। ক্রমাৎ ঋণত পোত যাবলৈ ধৰে উদ্যোগটো।
এবছৰ পূৰ্বে কলকাতাৰ ব্যক্তিগত প্রতিষ্ঠান এটাক ঠিকাভিত্তিত গতাই দিয়া হয় কলটোৰ উৎপাদন প্রক্রিয়া। কিন্তু প্রতিষ্ঠানটোৱে এবছৰ চলাই আগবাঢ়িব নোৱাৰিলে। যোৱা মাঘ বিহুৰ পাছৰ পৰা আংশিকভাৱে বন্ধ হৈ পৰা কলটোৰ উৎপাদন প্রক্রিয়া বর্তমান সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে। ইয়াৰ কাৰণ হিচাপে মৰাপাটৰ নাটনি বুলি কোৱা হৈছে যদিও কলটোৰ বাবে প্ৰয়োজন হোৱা মৰাপাট যোগনীয়াৰসকলে কলকাতাৰ প্ৰতিষ্ঠানটোৰ পৰা কেইবা কোটি টকা পাবলগীয়া হৈ আছে বুলি জানিব পৰা গৈছে। যাৰ বাবে মৰাপাট যোগনীয়াৰসকলে মৰাপাটৰ যোগান বন্ধ কৰি দিয়াত উদ্যোগটো অচল হৈ পৰিছে।
বিষয়া-কৰ্মচাৰীৰ অভাৱত বর্তমান সময়ত নিমাওমাও পৰিৱেশে বিৰাজ কৰা উদ্যোগটোত বাজিছে এতিয়া মৃত্যুঘণ্টা। এইখিনিতে প্রশ্ন হয় কাছাৰ কাগজ কল, জাগীৰোড কাগজ কলৰ দৰে চিৰদিনৰ বাবে বন্ধ হৈ পৰিব নেকি এই উদ্যোগটোও। ৰঙিয়াৰ তুলসীবাৰীস্থিত দ্য আছাম পলিয়েষ্টাৰ কো-অপাৰেটিভ ছ'চাইটি লিমিটেড চমুকৈ এপ'ল, আমিনগাঁৱৰ ষ্টেটফেড, ছিপাঝাৰস্থিত অসমৰ একমাত্র পলিয়েষ্টাৰ উদ্যোগ প্রাগ বছিমিকে ধৰি ৰাজ্যখনত বিগত সময়ত ভালেমান উদ্যোগৰ অকাল মৃত্যু হৈছে। কাৰক ভিন্ন হ'লেও এই উদ্যোগসমূহ বন্ধ হৈ যোৱাৰ ফলত ৰাজ্যখনৰ বহুসংখ্যক লোক কর্মহীন হৈ পৰিছে। অনিশ্চিত ভৱিষ্যতৰ শংকাত বহুতে আত্মহননৰ দৰে চৰম পন্থাও বাছি ল'বলগীয়া হৈছে। সেয়ে এনে উদ্যোগসমূহৰ অকাল মৃত্যু কেতিয়াও কাম্য নহয়। নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰা ৰাজ্যখনত সৰু-বৰ এনে উদ্যোগ যি সময়ত এটাৰ পাছত এটাকৈ গঢ় লৈ উঠিব লাগিছিল, তেনে সময়ত চৰকাৰে চকু মুদা কুলিৰ ভাও ল'লে নহ'ব। এইক্ষেত্রত জাতীয় স্বার্থত মাত মাতি অহা দল-সংগঠনসমূহৰ ভূমিকাও হ'ব লক্ষণীয়।
শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ বৰ্তমানৰ এই অৱস্থাৰ পাছত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে জাতীয় সংগঠনসমূহে যি ধৰণে সক্রিয়তা দেখুৱাব লাগিছিল, সেয়া পৰিলক্ষিত নোহোৱাটোৱে কি সূচায়? উদ্যোগটোৰ শ্রমিক-কৰ্মচাৰী, স্থানীয় ৰাইজেও যি ধৰণে ভূমিকা গ্রহণ কৰিব লাগিছিল, সেয়া পৰিলক্ষিত হোৱা নাই। এনে সময়ত ৰজাঘৰীয়াক নিদ্ৰাৰ পৰা জগাব নোৱাৰিলে আমি আৰু এটা থলুৱা উদ্যোগ চিৰকাললৈ হেৰুৱাব লাগিব।