ডিজিটেল ডেস্ক : আকাশীযানৰ যাত্ৰা এটা জৰুৰী সেৱা। সাধাৰণ মানুহে ৰে'লসেৱাই ব্যৱহাৰ কৰে দেশৰ ভিতৰতে দূৰদূৰণিলৈ যাবৰ বাবে। আর্থিকভাৱে সবল আৰু বৃত্তিগতভাৱেও যিসকল কিছু উচ্চস্থানৰ, সেইসকলৰ বাবে আকাশী সেৱা অত্যাৱশ্যকীয়। বাকী আমাৰ মন্ত্ৰী-বিধায়ক-সাংসদ-আমোলা আদিৰ যাতায়াতো সাধাৰণতে আকাশী পথেৰেই হয়। আমাৰ দেশত বিমান সেৱা ব্যক্তিগত খণ্ডত ব্ৰিটিছৰ যুগতেই আৰম্ভ কৰিছিল টাটা গোষ্ঠীয়ে। পৰৱৰ্তী কালত, স্বাধীনতাৰ পাছত বিমান সেৱাৰ ৰাষ্ট্ৰীয়কৰণ হয়। দেশৰ ভিতৰত ইণ্ডিয়ান এয়াৰলাইনছ আৰু আন্তর্জাতিক বিমান পৰিবহণত এয়াৰ ইণ্ডিয়া সেৱা- এয়াই একালত ভাৰতবৰ্ষৰ বিমান সেৱা আছিল। দেশত যেতিয়া উদাৰীকৰণৰ নতুন অর্থনৈতিক ব্যৱস্থাৰ প্ৰৱৰ্তন হ'ল, বেচৰকাৰীকৰণ ব্যৱস্থা আৰম্ভ হ'ল- তেতিয়া অন্যান্য সেৱাৰ লগতে বিমান পৰিবহণ সেৱালৈও নতুনত্ব আহিল। ব্যক্তিগত তথা বেচৰকাৰী খণ্ডয়ো বিমান পৰিবহণৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিলে। দুয়োটা খণ্ডই কম-বেছি পৰিমাণে দেশৰ চাহিদা পূৰাই আহিছিল। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৪-ত কাৰ্যভাৰ লোৱাৰ পাছত অৱশিষ্ট খণ্ড তথা সেৱাসমূহকো পর্যায়ক্রমে চৰকাৰে চৰকাৰী খণ্ডৰ পৰা হস্তান্তৰ কৰে। সেই অনুসৰি এতিয়া এয়াৰ ইণ্ডিয়া টাটা গোষ্ঠীৰদ্বাৰা পৰিচালিত। ইতিমধ্যে দেশত বিমান সেৱাত নতুনকৈ অন্তর্ভুক্ত হোৱা 'ইণ্ডিগ" নামৰ বিমান পৰিবহণৰ ব্যক্তিগত সংস্থা এটাই গা কৰি উঠিল। এই সংস্থাই আনকি ইলেক্টৰেল বণ্ডৰ যোগেদি চৰকাৰ চলোৱা দলক ভাল বৰঙনি দিলে। চৰকাৰৰ প্রিয়পাত্ৰ হৈ উঠিল। বর্তমান ভাৰতৰ আকাশী পথৰ ৬৪.২ শতাংশ এই ইণ্ডিগ' বিমান গোষ্ঠীৰ দখলত। এয়াৰ ইণ্ডিয়াৰ দখলত আছে ২৭.৩ শতাংশ। অর্থাৎ এই দুই গোষ্ঠীৰ হাততে ভাৰতৰ বিমান পৰিবহণৰ বজাৰৰ ৯১.৫ শতাংশ দখল আছে। বাকী স্পাইচজেটকে ধৰি আন সৰু-সুৰা সংস্থাই প্রায় ৯.৫ শতাংশ পৰিচালনা কৰে। কিন্তু বিমান পৰিবহণ খণ্ডত এই গোষ্ঠীসমূহে যিমান মনোযোগ দিব লাগিছিল, বৃত্তিগত দিশত যি দায়িত্ব পালন কৰিব লাগিছিল, যাত্ৰীৰ নিৰাপত্তা, সুবিধা-অসুবিধা বা আন কথাত যাত্ৰীৰ অধিকাৰ সম্পৰ্কত যেনেদৰে সচেতন হ'ব লাগিছিল, সেয়া যেন হৈ উঠা নাই। মাত্র কেইটামান মাহৰ আগত এয়াৰ ইণ্ডিয়াৰ লণ্ডন অভিমুখী এখন বিমান হায়দৰাবাদত দুর্ঘটনাগ্রস্ত হৈ কেইবাশ যাত্রী নিহত হোৱা ঘটনাই আমাৰ বিমান সেবা ব্যৱস্থাৰ সোপাঢিলা দিশটোৰ স্বৰূপ উদঙাই দিছিল।
ভাৰতৰ ঘৰুৱা বিমান সেৱাৰ সবাতোকৈ বৃহৎ সংস্থা ইণ্ডিগ'ৰ আকস্মিক অ-ব্যৱস্থাৰ বাবে দেশৰ লাখ লাখ যাত্রীয়ে জীয়াতু ভুগিব লগা হৈছে। দেশৰ বিমান সেৱাৰ ক্ষেত্ৰখনত একছত্রী কর্তৃত্ব বজাই ৰখা ইণ্ডিগ'ৰ মইমতালি আজিৰ নহয়, বিভিন্ন সময়ত এই গোষ্ঠীৰ বিমান সেৱাৰ নানা ধৰণৰ বেমেজালিক লৈ প্রশ্ন উঠি আহিছে। যিহেতু বর্তমান চৰকাৰৰ লগত এই গোষ্ঠীৰ স্বত্বাধিকাৰীসকলৰ সু-সম্পর্ক আছে- সেইবাবেই কোনো কার্যব্যৱস্থা লোৱা হোৱা নাই বুলিও অভিযোগ উঠি আহিছে। কিন্তু অলপতে আন এটা ঘটনা ঘটিল ৰহস্যজনকভারে। আদানি গোষ্ঠীয়ে ভাৰতৰ আটাইতকৈ ডাঙৰ পাইলট প্রশিক্ষণ কেন্দ্র FTC ক্রয় কৰে। পৰৱৰ্তী কালত বাতৰি ওলায় যে ইণ্ডিগ' বিমানৰ প্ৰায় চৈধ্যশ পাইলট ভালদৰে প্রশিক্ষিত নহয়। এনে কিছু বা-বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে আৰম্ভ হ'ল ইণ্ডিগ' বিমান যাত্ৰাৰ আকস্মিক অচলাৱস্থা। আদানি গোষ্ঠীৰ লগত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ সম্বন্ধ সকলোৱেই জানে। সেইবাবেই এজন চৰকাৰৰ মদতপুষ্ট পুঁজিপতি আৰু এটা আর্থিকভাৱে ঐশ্বর্যশালী বিমান গোষ্ঠীৰ মাজৰ সম্ভাব্য অঁৰিয়া-অঁৰিৰ ফল ভুগিব লগা হৈছে নির্দোষ বিমানযাত্রীয়ে। যি সময়ত দেশৰ প্রায় আটাইবোৰ বিমান বন্দৰতে ইণ্ডিগ' বিমান অচল হৈ পৰাত লাখ লাখ বিমান যাত্রী নানা দুৰৱস্থাৰ মুখামুখি হৈছে, যি উদ্দেশ্যত যথা সময়ত কোনো লক্ষ্য স্থানত গৈ উপনীত হ'ব নোৱাৰি হতাশ আৰু অস্থিৰ হৈ পৰিছে, সেই সময়ত অনেক কাকুতি-মিনতি সত্ত্বেও চৰকাৰে এই বিষয়ত যথার্থ মনোযোগ দিয়া নাই। কোনো ব্যৱস্থা গ্রহণ কৰা নাই। চলন্ত আৰু জ্বলন্ত সমস্যাসমূহ সংসদত উত্থাপন হ'বলৈ নিদি, আলোচনালৈ নানি কেৱল 'বন্দে মাতৰম'ক লৈ ব্যস্ত আছে। এই গীতৰ আলোচনা মূল্যায়ন আৰু গুৰুত্ব সম্পর্কে নতুনকৈ আলোচনা কৰাৰ প্ৰশ্ন অহা নাই। কিন্তু ৰাজনৈতিক আৱেগ সৃষ্টি আৰু ক্ষমতাৰ ৰাজনীতিৰ বাবেই সেয়া কৰি থকা হৈছে। টকাৰ ডলাৰৰ বিপৰীতে অৱমূল্যায়ন আৰু ইণ্ডিগ' যাত্ৰীৰ দুৱস্থাৰ দৰে বিষয় উপেক্ষিত হয়েই ৰৈ গৈছে।
ভাৰতৰ অভ্যন্তৰীণ বিমান সেৱাৰ ক্ষেত্ৰত কোনো প্রতিযোগিতা নাই। ই প্রায় একচেটিয়া হৈ পৰিছে। বিমান ভাৰাৰ ক্ষেত্ৰতো কোনো নীতি নাই। ইণ্ডিগ'ৱে নিজস্ব পৰিকল্পনা মতেই ভাৰা ধাৰ্য কৰে। ভাৰাৰ উচ্চ হাৰ যাত্ৰাৰ জৰুৰী প্ৰয়োজনৰ বাবেই যাত্রীয়ে প্রতিবাদ কৰিব পৰা নাই। ভাৰতত বিমান পৰিবহণৰ ক্ষেত্ৰত যাত্রীসকল একচেটিয়া পুঁজিৰ মর্জি মতেই চলিব লগা হৈছে। বিশ্বৰ আন বহু অগ্রণী পুঁজিবাদী দেশতো বিমান সেৱাৰ এনে ধৰণৰ একচেটিয়া ৰূপ নাই। চৰকাৰৰ হাতত বৰ্তমান অসামৰিক বিমান সেৱা নায়েই। সকলো বেচৰকাৰী খণ্ডৰ হাতত। কিন্তু অসামৰিক বিমান সেৱাৰ মন্ত্ৰী দপ্তৰ এটা এতিয়াও আছে। মন্ত্রী ৰামমোহন নাইডু। বিজেপি চৰকাৰলৈ সমৰ্থন আগবঢ়োৱা টি ডি পি দলৰ এইজন লোক জীৱনত প্ৰথমবাৰ সাংসদ হৈছে। একেকোবে বিমান পৰিবহণৰ কেন্দ্ৰীয় মন্ত্রী হৈছে, বিষয়ৰ প্রয়োজনীয় জ্ঞান আৰু অভিজ্ঞতা অবিহনেই। ইয়াৰ পৰাই বিমান পৰিবহণৰ দৰে গুৰুত্বপূর্ণ সেৱা এটাৰ প্ৰতি চৰকাৰৰ মনোভংগী বুজি পাব পাৰি।