আঘাত

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক : পশ্চিম অসম বা মধ্য অসমৰ কিছুমান ঠাইলৈ গ'লে বাটত কিছুমান দৃশ্য সুলভ। বৃদ্ধ মানুহ একোজনৰ পিছে পিছে গৈ থকা কম বয়সীয়া মহিলা, যাত্রীবাহী বাহনত গৈ থকা কম বয়সীয়া মহিলাৰ কোলাত, কাষত দুই-তিনিটা এমা-ডিমা সন্তান, নগৰ-মহানগৰত কোনো প্রকল্পৰ নিৰ্মাণস্থলীত শ্ৰমৰত কম বয়সীয়া মাতৃ আৰু তাৰ ধূলিয়ে-বালিয়ে উমলি থকা এপাল ল'ৰা-ছোৱালী...। আমাৰ ৰাজ্যখনত বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহ আছে। বাকী সকলোৰে জীৱনযাত্ৰাৰ পৰিৱেশলৈ পৰিৱৰ্তন আহিছে। মান উন্নত হৈছে, সংসাৰ সীমিত হৈছে, শিক্ষা-দীক্ষাৰে সংস্কৃত হৈছে জীৱন চর্যা, কিন্তু সেই মানুহখিনিৰ জীৱনযাত্ৰাৰ বিশেষ পৰিৱৰ্তন চকুত নপৰে। সেই মানুহবোৰ হৈছে পশ্চিম-মধ্য অসমত বসবাস কৰা প্ৰব্ৰজিত মূলৰ ধৰ্মীয় সংখ্যালঘু লোকসকল। এওঁলোকে বসবাস কৰা অঞ্চল, বিশেষকৈ চৰ-চাপৰিবোৰত শৈক্ষিক প্রতিষ্ঠান বা স্বাস্থ্যসেৱা প্রতিষ্ঠান গঢ় লৈ নুঠা নহয়, উঠিছে। বহুতৰ ঘৰ-দুৱাৰ উন্নত হৈছে, বজাৰ-সমাৰো হৈছে, তাত আধুনিক সা-সামগ্রীও উপলব্ধ, কিন্তু তাৰ সামাজিক পৰিৱেশটোত শ্রেণী বিভাজন স্পষ্ট। তাৰ দাৰিদ্র্যপীড়িত অধিকাংশ মানুহৰ জীৱনযাত্ৰাত পঞ্চাশ-ষাঠি বছৰৰ আগৰ ছবিখনেই বিদ্যমান। বয়সস্থ মানুহৰ লগত কম বয়সীয়া ছোৱালীৰ বিয়া, বাল্য বিবাহ, কম বয়সতে এপাল ল'ৰা-ছোৱালীৰ মাতৃত্বৰ বোজা! সেই দাৰিদ্র্যপীড়িত সমাজখনৰ মহিলাসকলে অপৰিসীম শ্রমো কৰিব লগা হয় আৰু হ'ব লগা হয় পুৰুষৰ শাৰীৰিক শোষণৰো বলি। 

মাদ্ৰাছাকেন্দ্ৰিক শিক্ষা-দীক্ষাৰে সেই সমাজখনৰ দাৰিদ্র্যপীড়িত অংশটোক এই আৱৰ্তৰ মাজত সুমুৱাই ৰাখিব খোজা হয়। তাত বর্ণ বিভাজন নাই, কিন্তু জীৱন ধাৰণৰ ক্ষেত্ৰত শ্রেণী বিভাজন পূৰামাত্ৰাই আছে। এই মানুহখিনিক লক্ষ্য কৰিয়েই মূলতঃ বুধবাৰে বিধানসভাত ইউনিফর্ম চিভিল ক'ড (ইউ চি চি) অর্থাৎ উমৈহতীয়া বা সমৰূপ দেৱানী সংহিতা গৃহীত কৰা হ'ল যদিও ৰাজ্যৰ আন সম্প্রদায়, জাতিৰ (জনজাতীয় সমাজক বাদ দি) ক্ষেত্ৰতো এই আইনৰ বিধিসমূহ প্রযোজ্য হ'ব। বিশেষকৈ 'লিভ ইন' সম্পর্ক এতিয়া লক্ষণীয়ভাৱে বৃদ্ধি পোৱা অৱস্থাত পুৰুষ-মহিলাৰ এই বিবাহবহির্ভূত সম্পর্কক এনেদৰে আইনৰ গণ্ডীত সুমুৱাবলৈ খোজা হৈছে, যাতে এনে সম্পৰ্কৰ জৰিয়তে নাৰীক প্ৰৱঞ্চনা কৰাৰ সুবিধা নাথাকে। বৈবাহিক সম্পৰ্কৰ ক্ষেত্রত হিন্দু-মুছলমান নির্বিশেষে নাৰীৰ ক্ষেত্ৰত থকা অধিকাৰৰ বৈষম্য দূৰ কৰিবলৈ খোজা হৈছে এই আইনৰ জৰিয়তে। গতিকে এই ইউ চি চি আইন কেৱল মুছলমান সম্প্রদায়ক লক্ষ্য কৰি প্ৰণয়ন কৰা বুলি কোৱা ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয়। অৱশ্যে কিছুমান ক্ষেত্রত এই আইনে মুছলমান সম্প্রদায়ক পোনপটীয়াকৈ আঘাত কৰিব এইবাবেই যে এই সম্প্রদায়টোত, বিশেষকৈ প্ৰব্ৰজিত মূলৰ সমাজখনৰ নাৰীসকল বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত অনিশ্চয়তাত থাকিবলগীয়া হৈ অহাৰ লগতে শোষণ, নিষ্পেষণ, বঞ্চনাৰ বলি হৈ থাকিব লগা হৈছে তেওঁলোকৰ ধৰ্মীয়-বৈবাহিক ব্যৱস্থাটোৰ পৰিপ্ৰেক্ষিতত। আৰম্ভণিতেই উল্লেখ কৰা পৰিৱেশটো এনে ব্যৱস্থাৰে পৰিণতি। সেই কাৰণেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বুধবাৰে এই বিধেয়কখনৰ সমর্থনত সদনত দিয়া ভাষণত কৈছে- 'এই আইন ২১ বছৰৰ তলত ৩-৪টা সন্তানৰ মাতৃ হ'ব লগা হোৱা প্ৰতিগৰাকী জীয়ৰী, পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত প্ৰতিগৰাকী নাৰী, 'তিনি তালাক' শব্দৰে কাল অমানিশা নমাই অনা প্ৰতিগৰাকী মহিলালৈ শ্রদ্ধাঞ্জলি। 'ইউ চি চিৰ দফাবিলাকে বৈবাহিক বা বিবাহবহির্ভূত সম্পর্কক নিয়ন্ত্রণ কেনেকৈ কৰিব, মহিলাসকলক কেনেকৈ সুৰক্ষা দিব তাৰ বিস্তাৰিত উল্লেখ ইতিমধ্যে বিভিন্ন মাধ্যমত হৈছে, তাক দোহৰাৰ প্ৰয়োজন নাই; কিন্তু বুধবাৰে সদনত দৃশ্যমান হোৱা পৰিৱেশটোহে আছিল লক্ষণীয়। বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হোৱা বিধায়কসকলৰ অধিকাংশই আছিল মুছলমান সম্প্ৰদায়ৰ। কিন্তু তেওঁলোকে বিধেয়কখনক যুক্তিৰে বিৰোধিতা কৰিব পৰা নাই, জনজাতীয় সমাজক কিয় ইয়াৰ আওতাৰ বাহিৰত ৰখা হৈছে, তাৰহে প্রশ্ন কৰিছে। 

ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বৰীয়তৰ বাণীৰ উদ্ধৃতি দি ইউ চি চি প্ৰৱৰ্তনৰ বৈধতাৰ পক্ষে যুক্তি দর্শোৱাত মুছলমান বিধায়কসকল নিৰস্ত্ৰ হৈ পৰা পৰিলক্ষিত হয়। ইয়েই প্ৰমাণ কৰে যে মুছলমান সমাজত অযুক্তিকৰভাৱে চলি থকা কিছুমান ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকৰ হাতত কোনো উত্তৰ নাই। মুখ্যমন্ত্ৰীয়ে প্ৰব্ৰজিত মূলৰ মুছলমান সমাজত থকা উদ্দেশ্যপ্রণোদিত বৈষম্যক আঙুলিয়াই দি কয়, 'কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি বাজেদ আলী চৌধুৰীৰ কন্যাই এম বি বি এছ পঢ়ি আছে; কিন্তু তেওঁৰ সমষ্টিৰ ছোৱালীৰ বাল্যবিবাহ হৈ আছে।' ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে চৰৰ সেই দাৰিদ্র্যপীড়িত পৰিয়ালবিলাকৰ নাৰীক তথাকথিত ধর্মীয় ব্যৱস্থাৰ গইনা লৈ শোষণ-নিষ্পেষণৰ ব্যৱস্থা এটাৰ মাজত সুমুৱাই ৰাখি মাতব্বৰ, বিত্তৱান, ক্ষমতাশালী শ্রেণীটোৱে নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে। 

প্ৰব্ৰজিত মূলৰ মুছলমান সমাজখনত চলি থকা অনিয়মবোৰ আঁতৰাবৰ বাবে মুছলমান জনপ্রতিনিধিসকলে ব্যৱস্থা ল'ব লাগিছিল যদিও সেই কামটো আজি কৰিব লগা হ'ল বিজেপি নেতৃত্বাধীন চৰকাৰখনে। কাইলৈ যেতিয়া ব্যৱস্থাবোৰ আইনৰ বিচাৰলৈ আহিব, সংস্কাৰ হ'ব, মুছলমান মহিলাসকল মুক্ত হ'ব, তেওঁলোকে অধিকাৰ আদায় কৰিবলৈ সক্ষম হ'ব, তেতিয়া এই জনপ্রতিনিধিসকল হয়তো তেওঁলোকৰ নতুন প্ৰজন্মৰ কৈফিয়তৰ সম্মুখীন হ'ব লাগিব। যি দেখা গৈছে ৰাজ্যত ইউ চি চি বলৱতৰ প্ৰক্ৰিয়াটো এটা আৰম্ভণিহে। ভৱিষ্যতে সংস্কাৰৰ আৰু অধিক পদক্ষেপ হয়তো এই চৰকাৰে ল'ব। মূল সমাজৰ পৰা আঁতৰাই ৰাখি এটা শ্রেণীয়ে এই মানুহখিনিক লৈ সজা ৰাজনৈতিক ভেটিটোক এই সংস্কাৰে খহাই পেলালেও আচৰিত হ'বলগীয়া নাথাকিব।

Share This