আজিৰ সম্পাদকীয়, সাহিত্য সভাত কালিমা

dainik janambhumi February 04, 2026

ডিজিটেল ডেস্ক: অসম সহিত্য সভা কেনে এটা মহান অনুষ্ঠান আছিল, জাতীয় জীৱনৰ ৰূপান্তৰৰ সংগ্রামখনত এই অনুষ্ঠানটোৱে কেনেদৰে সন্মুখৰ পৰা বলিষ্ঠ নেতৃত্ব দিছিল, জাতিৰ বিকাশৰ যাত্ৰাত আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে অসমৰ জনতাই কেনেকৈ এই অনুষ্ঠানক আঁকোৱালি লৈ ইয়াক জনতাৰ পৰম আদৰৰ অনুষ্ঠানলৈ ৰূপান্তৰ কৰিছিল, বহু বিদ্বান, প্রান্তঃস্মৰণীয় সাহিত্যিকে নেতৃত্ব দি কেনেকৈ এই অনুষ্ঠানক গৰিমামণ্ডিত কৰি তুলিছিল সেই ইতিহাসে অনুষ্ঠানটোৰ শুভাকাংক্ষীসকলক আপ্লুত কৰি ৰাখিলেও যোৱা কিছু বছৰত এচাম স্বার্থান্বেষী বিষয়ববীয়াই ন্যস্ত স্বার্থ সিদ্ধিৰ বাবে কৰা কার্যকলাপে অসম সাহিত্য সভাৰ জ্যোতি ভালেখিনি ম্লান কৰি পেলালে। 

সুদীর্ঘ দিন সভাক প্রাণতকৈও আপোন জ্ঞান কৰি সেৱা কৰা ড° নগেন শইকীয়াৰ দৰে ব্যক্তিয়ে ৰাজহুৱাকৈ ক'বলৈ বাধ্য হৈছিল- সাহিত্য সভাৰ পৰিচয় দিবলৈ তেওঁ এতিয়া ভাল নাপায়। এনেকুৱা অনাকাংক্ষিত অৱস্থাৰ বাবে বহু শুভাকাংক্ষীৰ আস্থা হেৰুওৱা অসম সাহিত্য সভা জাতীয় জীবনত প্রায় এলাগী হৈ পৰাৰেই উপক্ৰম হৈছিল যদিও লক্ষণীয়ভাৱে ড° বসন্ত কুমাৰ গোস্বামীয়ে সভাপতিৰ দায়িত্ব গ্রহণ কৰাৰ পাছত ই হেৰুওৱা আস্থা বহু পৰিমাণে পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। কিন্তু এনে এক সময়তে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত বার্ষিক বিশেষ অধিৱেশনৰ প্রতিনিধি সভাত এনে এক ঘটনা সংঘটিত হ'ল যিটোৱে সাহিত্য সভাৰ ক্ৰমান্বয়ে উজ্জ্বল হৈ আহিবলৈ ধৰা ভাবমূৰ্তিত কালিমা সানিলে। 

প্রতিনিধি সভা হৈছে একোটা সংগঠনৰ পঞ্জীয়নভুক্ত সদস্য আৰু বিষয়ববীয়াৰ নিজস্ব সভা। পৰাপক্ষত এনে সভাত গোপনীয়তা ৰক্ষাৰ চেষ্টা কৰা হয়। কিন্তু অসম সাহিত্য সভাৰ এইখন প্রতিনিধি সভাৰ ভিতৰত সেই অপ্রীতিকৰ ঘটনাৰ দৃশ্য এতিয়া ম'বাইলে ম'বাইলে উপলব্ধ। অর্থাৎ সভাৰ ভিতৰৰ কথাবোৰ সদস্য অথবা কোনো বিষয়ববীয়ায়েই জনচক্ষুৰ সন্মুখত লাজ লগাকৈ তুলি ধৰিলে। সেই দৃশ্য আৰু সভাৰ ভিতৰত পৰাই ওলোৱা খবৰ মতে, অসম সাহিত্য সভাৰ কাৰ্যকাল বৃদ্ধিৰ সন্দৰ্ভত কর্ণধাৰ সমিতিয়ে গ্রহণ কৰা প্ৰস্তাৱ এটা সভাপতি গোস্বামীয়ে প্রতিনিধি সভাত উত্থাপন কৰাক কেন্দ্ৰ কৰিয়ে এই পৰিস্থিতিৰ উদ্ভৱ হয়। প্রস্তাৱটো ইতিপূর্বে অনুষ্ঠিত কার্যনির্বাহক সভাই নাকচ কৰিছিল যদিও সভাপতিগৰাকীয়ে প্রতিনিধি সভাৰ সন্মুখত নিজাকৈ বিষয়টো পুনৰ উত্থাপন কৰিছিল। সভাৰ কাৰ্যকাল পূৰ্বতে এবছৰীয়া আছিল, পিছত দুবছৰীয়া কৰা হ'ল। এতিয়া ইয়াৰ কাৰ্যকাল তিনি বছৰীয়া হ'ব নে পাঁচ বছৰীয়া হ'ব সেয়া প্রতিনিধি সভাই সিদ্ধান্ত ল'ব লাগে, কিন্তু ইয়াকে কেন্দ্ৰ কৰি সভাৰ সভাপতি গোস্বামীক কেইগৰাকীমানে এনেদৰে অপদস্থ কৰা দেখা গ'ল যেন সেইখন মাছৰ বজাৰৰ কাজিয়াহে! কোনকেইগৰাকী ব্যক্তিয়ে মঞ্চলৈ আগবাঢ়ি গৈ সভাপতিক অপদস্থ কৰিলে সেয়া প্রতিনিধিসকলে দেখি আছিল আৰু তেওঁলোকৰ অতীতৰ ভূমিকা কি সেয়াও প্রতিনিধিসকলে নজনা নহয়। 

সাহিত্য সভাৰ ভিতৰুৱা কথাক লৈ বাহিৰত আলোচনা উচিত নহয় যদিও অসমীয়া প্রাণত সোমাই থকা অনুষ্ঠান এটাত এনেধৰণৰ শিষ্টাচাৰবিহীন ঘটনা ঘটিলে শুভাকাংক্ষীৰ অন্তৰত আঘাত লগাটো স্বাভাৱিক। তেতিয়া মনলৈ আহে শতিকা পুৰণি সংগঠনটোৰ আগৰ সেই কাণ্ডাৰীসকলৰ ছবিবোৰলৈ, যিসকলে প্রজ্ঞা, সাধনা, নিষ্ঠা আৰু সদাচাৰেৰে ইয়াক এক মর্যাদাপূর্ণ জাতীয় মঞ্চলৈ উন্নীত কৰিছিল। 

সাহিত্য সভা হৈছে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা আৰু বিকাশৰ মঞ্চ। আজি সাহিত্য সভাৰ হৃত মৰ্যাদাৰ কিছু হ'লেও লাঘৱ হৈছে এইকাৰণেই যে বসন্ত কুমাৰ গোস্বামীৰ দৰে ভাষাবিদ এগৰাকীয়ে সভাক নেতৃত্ব দিছে। আনহাতে, সাহিত্য সভাৰ প্ৰতি তেখেতৰ নিষ্ঠাও প্রশ্নাতীত। গোস্বামীৰ দৰে ভাষাবিদ বা ভাষাতত্ত্ববিদ অসমত কেইগৰাকী আছে? তেনে এগৰাকী কাণ্ডাৰীক সভাৰ মঞ্চত অপদস্থ কৰাটো সভাক অপদস্থ কৰাৰ সমতুল্য নহ'লনে? বিভিন্ন সূত্ৰৰ পৰা ওলোৱা খবৰ মতে, পূৰ্বৰ কাৰ্যকালৰ এগৰাকী শীর্ষ বিষয়ববীয়াই সভাৰ পুঁজিৰ ৫০ লাখ টকাৰ ব্যৱহাৰত কৰা অনিয়মৰ বাবে সভাপতি গোস্বামীয়ে তদন্তৰ নিৰ্দেশ দিছিল। সেইগৰাকীয়েই হেনো প্রতিনিধি সভাত সভাপতি গোস্বামীক অপদস্থ কৰাত আগভাগ লৈছিল। পূৰ্বৰ এগৰাকী বিতর্কিত বিষয়ববীয়া আৰু সভাৰ বিগত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হোৱা এগৰাকী 'নেতা'য়ো তেওঁৰ লগত হোনো হাত উজান দিছিল। যদি এয়াই সত্য হয়, তেনেহ'লে ভাবিবৰ থল আছে যে এটা চক্ৰই পুনৰ অসম সাহিত্য সভাক সেই গণ্ডীৰ মাজলৈ লৈ যাব খুজিছে, যিসকলৰ বাবে সভাৰ মৰ্যাদা লাঘৱ হৈছিল, সভাৰ প্ৰতি বহু শুভাকাংক্ষীৰ আস্থা হেৰাই গৈছিল, ড' নগেন শইকীয়াৰ দৰে ব্যক্তিয়ে সভাৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য হৈ পৰিছিল। 

বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত সভাৰ কাৰ্যকাল ৩ বছৰ কিয় পাঁচ বছৰ বা দহ বছৰ বৃদ্ধি হ'লেও সিমান ক্ষতি নহ'ব, কিন্তু পূৰ্বৰ সেই গণ্ডীৰ মাজলৈ যদি সাহিত্য সভা গুচি যায় তেন্তে ইয়াৰ অৱশিষ্ট মর্যাদাও নাথাকিব।

Share This