আইৰ মুখৰ ভাষা 

dainik janambhumi December 13, 2025

ডিজিটেল ডেস্ক : ২০২৪ চনৰ ৩ অক্টোবৰত মাৰাঠী, পালি, প্রাকৃত, বাংলাৰ লগতে আমাৰ প্ৰাণৰ অসমীয়া ভাষাটিক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান কৰা হৈছিল। ধ্রুপদী ভাষাৰ মৰ্যাদাই আমাৰ প্ৰাচীন অসমীয়া ভাষাটিক এক নান্দনিক অলংকাৰ পিন্ধোৱা বুলি কৈ আমি প্রত্যেকেই গর্ব অনুভৱ কৰিছিলোঁ। প্ৰাণৰ ভাষাটিক জগত সভালৈ নিয়া, ভাষাটিক সংৰক্ষণৰ দিশত আটায়ে দায়বদ্ধ হোৱাৰ সংকল্প লৈছিলোঁ। অসম আৰু আইৰ মুখৰ ভাষাটিক মনে-প্রাণে ভালপোৱা প্রতিগৰাকী অসমীয়াৰ বাবে এই ক্ষণ আছিল এক অনির্বচনীয় প্রাপ্তিৰ ক্ষণ। কিন্তু ইয়াতেই যেন আমাৰ দায়িত্ব শেষ হ'ল। আইৰ মুখৰ ভাষাটিক লিখোতে হওক বা কওঁতেই আমি কিমান সজাগ আৰু সচেতন, কেতিয়াবা ভাবি চাইছোঁনে? কিমান শুদ্ধ আৰু সঠিক ৰূপত আমি ভাষাটিক ব্যৱহাৰ কৰিছোঁ? ভাষাটি ক'বলগীয়া হোৱাৰ বাবে আমি আনৰ আগত সংকোচবোধ কৰিছোঁ নেকি-এইবোৰ কিন্তু গুৰুত্বপূৰ্ণ প্রশ্ন। 

ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলেও অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যতক লৈ বিভিন্ন সময়ত সন্দেহ আৰু সংশয়ৰ উদ্ৰেক ঘটি আহিছে। কিতাপ নাইবা কাকত-আলোচনীৰ বিক্ৰীও কমি আহিছে। চৰকাৰী কাৰ্যালয়ত আৰু কাম-কাজত অসমীয়া ভাষাৰ প্ৰয়োগ আৰু ব্যৱহাৰৰ দাবী বহু পুৰণি। কিন্তু আজিকোপতি কোনো এখন চৰকাৰেই এই দাবী কাৰ্যকৰী নকৰিলে। এই সন্দর্ভত এখন আইনো আছে যদিও আইনৰ বিধি-বিধান বছৰ বছৰ ধৰি চৰকাৰী ফাইলতে আবদ্ধ হৈ আছে। চলিত বৰ্ষৰ এপ্রিল মাহত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ সকলো কাম-কাজত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰি সিদ্ধান্ত গ্রহণ কৰা হয়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কৈছিল-আমি সিদ্ধান্ত লৈছোঁ অসমত এক বহাগৰ পৰা যিমান চৰকাৰী অৰ্ডাৰ হয়, অফিচ মেম'ৰেণ্ডাম হয়, কলছ-ৰেগুলেশ্যন হয়, যিমানবিলাক চৰকাৰী যোগাযোগ হয়, সেইবোৰত ইংৰাজীৰ লগতে অসমীয়া ভাষাতো প্রতিলিপি সন্নিৱিষ্ট কৰিব লাগিব। বৰাক উপত্যকাত বঙালী আৰু বি টি আৰত বড়ো ভাষা থাকিব অতিৰিক্তভাৱে। সমগ্র অসমতে ইংৰাজী আৰু অসমীয়া থাকিব। ১ বহাগ, ১৫ এপ্ৰিলৰ পৰা এইবোৰ কাৰ্যকৰী হ'ব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অধিসূচনা জাৰি কৰে। কিন্তু অতি দুখৰ কথা এয়ে যে কেবিনেটৰ সিদ্ধান্ত, মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু ৰাজ্যপালৰ অধিসূচনাৰ পাছতো চৰকাৰী কাম-কাজত অসমীয়া ভাষাৰ ব্যৱহাৰ আৰম্ভ নহ'ল। আৰম্ভণিতে দুই-এখন জাননী অসমীয়া ভাষাত প্রকাশ পায় যদিও পাছলৈ সকলো যেন ফুটুকাৰ যেন হ'ল। দিছপুৰৰ আমোলা-বিষয়াৰ চৰম হেমাহি, অৱহেলা আৰু অৱজ্ঞাৰ ফলতেই পূৰ্বৰ দৰেই চৰকাৰী কাম-কাজত ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত আছে। অৱশ্যে ভাষা-সাহিত্যৰ বাবে সদা-সচেষ্ট লোকসকলে ভাষাৰ ভৱিষ্যতক লৈ সমান্তৰালভাৱে সাহিত্যৰ ভৱিষ্যতক লৈ সন্দেহ ব্যক্ত কৰি আহিছে। অসমীয়া ভাষা চর্চাকাৰীৰ সংখ্যা দিনক দিনে হ্রাস পাই আহিছে যদিও সাম্প্রতিক

সময়ত ছ'চিয়েল মিডিয়াই বা ইণ্টাৰনেটে কিন্তু এখন সমান্তৰাল জগত সৃষ্টি কৰিছে। এই মঞ্চই লেখক তথা এচাম দায়বদ্ধ পঢ়ুৱৈৰ সৃষ্টি কৰিছে। সেইবাবেই ই-আলোচনী, গ্ৰন্থৰ ইণ্টাৰনেট সংস্কৰণ, অডিঅ' বুক আদিৰ সমাদৰ এতিয়া বৃদ্ধি পাবলৈ ধৰিছে। দিনক দিনে ইংৰাজী মাধ্যমৰ বিদ্যালয়ে একপ্ৰকাৰ আগ্রাসী ৰূপ ধাৰণ কৰাৰ সময়তে একাংশ অসমীয়াই ছ'চিয়েল মিডিয়াত ভাষাটোৰ চর্চা অব্যাহত ৰাখিছে। গল্প, কবিতা, প্রবন্ধৰ উপৰি নিজৰ মত প্ৰকাশৰ ক্ষেত্ৰত এই ডিজিটেল প্লেটফৰ্মত অসমীয়া ভাষা ব্যৱহাৰ কৰি আশাৰ কিৰণ বিলাইছে। ছ'চিয়েল মিডিয়াৰ আগ্রাসনৰ এই দিনত আমি প্রত্যেকেই যদিহে এইদৰে নিজৰ মাতৃভাষাটিৰ জৰিয়তে মত প্রকাশ কৰি ভাষাটিক আগুৱাই নিব নোৱাৰোঁ, তেতিয়াহ'লে চৰকাৰ-প্রশাসনলৈ বাট চাই থাকি লাভ নহ'ব। কাৰণ চৰকাৰী নির্দেশ, আইন আদি চৰকাৰী আমোলা-বিষয়াসকলেই পালন নকৰে। বহু সময়ত চৰকাৰী অনুষ্ঠান-প্রতিষ্ঠানত অসমীয়া ভাষাত লিখা থকা নামফলকসমূহত যথেষ্ট ভুল দেখা যায়। ইয়াৰ বিপৰীত ছবি দেখা যায় ইংৰাজী ভাষাৰ ক্ষেত্রত। ই নিঃসন্দেহে লজ্জাজনক কথা। দুহেজাৰ বছৰ পুৰণি এটি সুমধুৰ ভাষাই নিজৰ ভূমিত, নিজৰ মানুহখিনিৰ হাতত এইদৰে কিয় অনাদৃত হ'ব? কিয় ভুলভাবে উপস্থাপন হ'ব আমাৰ প্ৰাণৰ ভাষাটোৰ। কিয় আনৰ আগত আমি নিজৰ শুৱলা ভাষাটি এৰি তেওঁলোকৰ ভাষাত কথা পাতিম? এনেবোৰ প্রশ্নই আপোনাৰ, মোৰ, প্ৰত্যেকৰে মনত যদিহে এবাৰলৈও দোলা দিয়ে তেন্তে চৰকাৰী সদিচ্ছা নহ'লেও আমি নিজেই আমাৰ ভাষাটিক উজ্জীৱিত কৰি ৰাখিব পাৰিম।

Share This