ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৱে হতভম্ব কৰি তোলা অসমবাসীয়ে এতিয়াও বিষাদৰ বৃত্তৰ পৰা বাহিৰলৈ ওলাব নোৱৰাটো যেনেকৈ এক নজিৰবিহীন ঘটনা, তেনেকৈ অসম বিধানসভাত মঙলবাৰে হোৱা জুবিনৰ মৃত্যু আৰু ইয়াৰ ৰহস্য উদঘাটনৰ বাবে চলি থকা তদন্তক লৈ হোৱা আলোচনাও সদনৰ ইতিহাসৰ এক অভূতপূর্ব অধ্যায় বুলিয়েই ক'ব লাগিব। সদনৰ যোৱা ২-৩ দশকৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে বহু গুৰুত্বপূর্ণ, স্পৰ্শকাতৰ বিষয়ক লৈ বিৰোধীয়ে সভাস্থগিত প্রস্তাৱ উত্থাপন কৰি সেই বিষয়বোৰৰ বিশেষ আলোচনা দাবী কৰিছিল যদিও চৰকাৰে তেনে প্ৰায়বোৰ জাননীৰেই বিৰোধিতা কৰাত অধ্যক্ষই নাকচ কৰিছিল। আনকি বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত অগ্নিবর্ষী প্রতিবাদ হোৱাৰ সময়ত, কেইবাটাও লোমহর্ষক গোষ্ঠী সংঘৰ্ষৰ সময়ত, মূল্যবৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সভাস্থগিত প্রস্তাৱ উত্থাপন কৰিবলৈ গৈ বিমুখ হোৱা বিৰোধী পক্ষই সদন উত্তাল কৰিছিল, সদন ত্যাগ কৰিছিল যদিও চৰকাৰে তাক গুৰুত্ব দিয়া নাছিল, বাৰম্বাৰ নাকচ হৈছিল তেনেকুৱা বিষয়ৰ সভাস্থগিত প্ৰস্তাৱৰ জাননী। কিন্তু মঙলবাৰে যেতিয়া বিৰোধী পক্ষই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু এই ৰহস্য উদ্ঘাটনৰ বাবে কৰি থকা তদন্তক লৈ বিশেষ আলোচনা বিচাৰি সভাস্থগিত প্ৰস্তাৱৰ জাননী অধ্যক্ষৰ ওচৰত দাখিল কৰিলে, তেতিয়া তৎমুহূৰ্ততে মুখ্যমন্ত্রীয়ে মানি ল'লে বিৰোধীৰ সেই প্রস্তাৱ।
অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধীৰ জাননী গ্রহণ কৰিবলৈ কিছু হেঁহো-নেহো কৰিছিল যদিও মুখ্যমন্ত্ৰীৰ স্থিতি দেখি তেওঁ নিজৰ মত সলনি কৰিবলৈ বাধ্য হ'ল আৰু দীর্ঘদিনৰ মূৰত অসম বিধানসভাই প্রত্যক্ষ কৰিলে বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ এটাৰ জাননী গ্রহণ তথা ইয়াৰ বিষয়বস্তুৰ আলোচনা। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰসংগত মঙলবাৰে সদনত হোৱা এই নজিৰবিহীন আলোচনাৰ দৃশ্য বা সংবাদ ইতিমধ্যে বহুলভাৱে প্ৰচাৰ হৈছেই, তাৰ পুনৰুল্লেখৰ প্ৰয়োজন নাই, কিন্তু কৌতূহলী মানুহৰ মনত স্বাভাৱিকভাৱেই প্রশ্ন উঠিছে যে স্পৰ্শকাতৰ আৰু অতি প্রয়োজনীয় বুলি গণ্য কৰা বহু বিষয়ৰ বিশেষ আলোচনাৰ অনুৰোধেৰে বিৰোধী পক্ষই দিয়া সভাস্থগিত প্ৰস্তাৱৰ জাননী নাকচ কৰা ৰাজ্য চৰকাৰখনে জুবিন গাৰ্গৰ বিষয়ক বিশেষ আলোচনাৰ বাবে সম্মতি দিলে কিয়? এই প্রশ্নৰ উত্তৰ হয়তো এটাই হ'ব পাৰে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোৱে সমগ্ৰ অসমবাসীক যি মানসিক পীড়া দি আছে সেই মনস্তত্ত্বক আঘাত কৰাৰ স্পর্ধা বা সাহস বর্তমান সময়ত চৰকাৰৰ নাই। ছমাহৰ পিছত হ'বলগা অসম বিধানসভাৰ নিৰ্বাচনত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৱে কিদৰে প্ৰভাৱ পেলাব পাৰে সেই কথা ক'ব পৰা নাযায়, কিন্তু এইটো ঠিক যে যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা জুবিনৰ মৃত্যু আৰু ইয়াৰ তদন্তৰ প্রতিটো দিশ জনসাধাৰণে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। ৰাস্তাই-ঘাটে ইজন-সিজনৰ লগালগি হ'লেই এই প্ৰসংগবোৰেই আলোচনা হোৱা দেখা যায়। হিলদল ভাঙি 'ৰৈ ৰৈ বিনালে' চাবলৈ যোৱাৰ অৰ্থ কি? সোণাপুৰৰ সমধিস্থলীত অনৱৰত অনুৰাগীৰ ভিৰ হৈ থকাটোৱে কি বুজায় বা কি সূচায়? সমাজিক মাধ্যমত সময় গণ্য নকৰাকৈ জুবিন গাৰ্গ সম্পর্কীয় 'আপলোড বিলাক লাখ লাখ মানুহে চাই থকাৰ কাৰণ কি? এইবিলাকেই হৈছে সাম্প্রতিক সময়খিনিত আমাৰ জনসমষ্টিৰ মানসিকতাৰ প্ৰতিফলন। কোনোবাই ওলাই আহি চিঞৰি ন্যায় বিচাৰিছে, কোনোবাই 'ডিজিটেল প্লেটফর্ম'ত ন্যায়ৰ দাবী তুলিছে, কোনোবাই নীৰৱে অধীৰ আগ্ৰহেৰে সমগ্র প্রক্রিয়াটো লক্ষ্য কৰি তদন্ত আৰু বিচাৰৰ শেষ ফল কি হয় তাক চাবলৈ অপেক্ষা কৰি আছে। ৰাজ্যৰ এই সামুহিক মানসিকতাক চৰকাৰেও লক্ষ্য কৰি আছে। বিৰোধীৰ দাবীক অগ্রাহ্য কৰিব পৰা যায়, কিন্তু ৰাইজকতো উপেক্ষা কৰিব নোৱাৰি। সেই কাৰণেই মঙলবাৰে বিৰোধী পক্ষই সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ জাননী দিয়াৰ লগে লগে চৰকাৰে তাক মানি লৈ জুবিন গাৰ্গ সম্পর্কীয় সকলো বিষয় উত্থাপনৰ পৰিৱেশ সদনত ৰচনা কৰি দিলে, যাতে চৰকাৰৰ সদিচ্ছাক লৈ ৰাইজৰ মনত তিলমানো সন্দেহ নাথাকে। বিৰোধী আৰু শাসক পক্ষৰ সদস্যৰ ভাষণৰ পাছত বিতৰ্কৰ সামৰণি মাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই যিখিনি কথা ক'লে তাৰ জৰিয়তে তেওঁ নিজকে এজন দায়িত্বশীল মুখ্যমন্ত্ৰীৰ লগতে জুবিনৰ গভীৰ অনুৰাগীৰ ৰূপত তুলি ধৰাৰ চেষ্টাৰ ক্ৰটী নকৰিলে।
জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই মুখ্যমন্ত্রী ড° শর্মাই সদায় নিজকে এজন জুবিন অনুৰাগী বুলি কৈ আহিছে, তেওঁৰ ইচ্ছা মতেই বিজেপি দলে 'মই জুবিন অনুৰাগী, আমি জুবিন অনুৰাগী' কাৰ্যসূচীও ৰূপায়ণ কৰিছে; মঙলবাৰে বিধানসভাৰ মজিয়াতো মুখ্যমন্ত্রী তথা চৰকাৰী পক্ষৰ সেই ৰূপটোৱেই প্রকট হৈ উঠিল। আগতে কৈ অহাৰ দৰে সদনৰ মজিয়াতো মুখ্যমন্ত্রীয়ে কৈ দিলে- জুবিন গাৰ্গক হত্যা কৰা হৈছিল। ইয়াৰ অৰ্থ হ'ল- অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (এছ আই টি)এ কৰা তদন্তত সেইখিনি কথাই অভিযোগনামাৰ ৰূপত ওলাব, যিটো জনসাধাৰণে বিচাৰি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ অধ্যায়টোৱে অসম বিধানসভাৰ এক ব্যতিক্ৰম ৰূপ প্রত্যক্ষ কৰাৰ সুযোগ ৰাজ্যবাসীক দিলে।