পঢ়ুৱাবলৈ দিয়ক

dainik janambhumi February 11, 2026

ডিজিটেল ডেস্ক : ওচৰা-উচৰিকৈ হোৱা দুটা অনুষ্ঠান- এটা প্রধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত হোৱা 'পৰীক্ষা পে চর্চা' আৰু আনটো গুৱাহাটীৰ শিক্ষক ভৱনত হোৱা 'শিক্ষা অভিৱৰ্তন।' দুয়োটা অনুষ্ঠানৰ চাৰিত্ৰিক মিল নাই যদিও সংযোগ অস্বীকাৰ কৰিব নোৱাৰি। দুয়োটাই সাম্প্রতিক সময়ত শিক্ষা আৰু শৈক্ষিক বিকাশৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা। 'পৰীক্ষা পে চর্চা'ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শিক্ষার্থীসকলক কৈছিল-২০৪৭ চনত দেশ বিকশিত ভাৰতত পৰিণত হ'ব। তেতিয়ালৈ 'পৰীক্ষা পে চর্চা'ত ভাগ লোৱা শিক্ষার্থীসকলৰ বয়স ৩৮/৩৯ বছৰ হ'ব। সেই বয়সত বিকশিত ভাৰতত কোনে কি ভূমিকা পালন কৰিব তাক এতিয়াই নির্ণয় কৰি লৈ সেইমতে শিক্ষার্থীসকল আগবাঢ়িব লাগিব। অর্থাৎ এখন উন্নত ভাৰতৰ বাবে অৱদান যোগাব পৰাকৈ শিক্ষার্থীসকলক এতিয়াৰ পৰাই গঢ় দিয়াৰ, তথ্য-প্রযুক্তিৰ বিকাশৰ সৈতে সন্তুলন ৰক্ষা কৰিব পৰা শিক্ষা প্রদানৰ ব্যৱস্থা কৰাত গুৰুত্ব দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ সেই আহ্বান কেৱল 'পৰীক্ষা পে চর্চা'ত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ বাবেই নহয়।

সমগ্র দেশৰ নৱপ্ৰজন্মৰ বাবে। প্ৰধানমন্ত্ৰীগৰাকীৰ সেই আহ্বানৰ দৃষ্টিৰেই যদি লক্ষ্য কৰোঁ, আমাৰ ৰাজ্যৰ নৱ প্ৰজন্মক 'বিকশিত ভাৰত'ত ভূমিকা পালন কৰিব পৰাকৈ গঢ় দিয়াৰ শৈক্ষিক পৰিৱেশ দেখা পাওনে? ওপৰত উল্লেখ কৰা 'শিক্ষা অভিৱৰ্তন'খনতো সেই প্রশ্নই উত্থাপিত হৈছিল। যোৱা শনি আৰু দেওবাৰে 'শিক্ষা অভিৱৰ্তন'খন অনুষ্ঠিত হৈছিল ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনৰ আহ্বানত। এই অভিৱর্তনত ভাগ লৈছিল ভালেকেইগৰাকী বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক, জাতীয় সংগঠন-ৰাজনৈতিক দলৰ নেতাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা শিক্ষক আৰু শিক্ষক সংগঠনৰ প্রতিনিধিয়ে। অভিৱৰ্তনখনত অংশগ্রহণকাৰীসকলে প্ৰদান কৰা বক্তব্যত প্রকট হৈ উঠিছিল ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাটোত বিৰাজ কৰা অৰাজকতা আৰু বিশৃংখলতাৰ উদ্বেগজনক ছবিখন। বিশেষকৈ ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ অব্যৱস্থাৰ পৰিণতিতে বিদ্যালয়সমূহত এনে এটা অৱস্থাই বিৰাজ কৰিছে যে বিদ্যালয়বিলাকৰ চৌহদত মানৱ সম্পদ গঢ় দিয়াৰ মূল কামটো গৌণ হৈ পৰিছে। তাৰ বিপৰীতে পাঠ্যক্ৰমবহির্ভূত কাম কিছুমানত এনেকৈ গুৰুত্ব দিয়া হৈছে যে কোনো কোনো বিদ্যালয়ত শিক্ষকে শিক্ষার্থীক পঢ়ুৱাবলৈ আহৰিয়েই নোপোৱা হৈছে। ফলত উক্ত অভিৱর্তনথলীৰ পৰা শিক্ষকসকলে কাতৰ আহ্বান জনাবলগীয়া হৈছে- 'আমাক ছাত্র-ছাত্রীসকলক পঢ়ুৱাবলৈ দিয়ক?'

শিক্ষা বিভাগৰ কৃপাত এতিয়া ৰাজ্যত শিক্ষকৰ প্ৰকাৰ বহুত। অপ্ৰাদেশীকৃত শিক্ষক, ঠিকা-ভিত্তিক শিক্ষক, টিউটৰ শিক্ষক, শিক্ষামিত্র শিক্ষক ইত্যাদি। এনেকুৱা বুজনসংখ্যক শিক্ষকে বছৰটোৰ ভালেমান দিন ৰাজপথত কিম্বা প্রতিবাদথলীত কটাবলগীয়া হয় তেওঁলোকৰ প্ৰাপ্য বিচাৰি। ৰাজ্যত এগৰাকী শিক্ষকে চলোৱা বিদ্যালয় আছে বহুত। বহু বছৰ ধৰি বন্ধ হৈ আছে প্রধান শিক্ষকৰ নিযুক্তি। দৰমহা পোৱা শিক্ষকসকলৰ ওপৰতো পাঠ্যক্ৰমবহির্ভূত কামৰ পৰ্বতপ্রমাণ বোজা। মধ্যাহ্ন ভোজনৰ বজাৰ কৰিব লাগে, বিদ্যালয়ৰ নিৰ্মাণ, মেৰামতি বা অন্যান্য কাম কৰাব লাগে। দিনৰ হিচাপ দিনে ৰাখি ঊর্ধ্বতন কর্তৃপক্ষক হিচাপ দিব লাগে, বাৰ মাহত তেৰটা অনুষ্ঠান পাতিব লাগে, শিক্ষাসেতু এপত নিতৌ আপল'ড কৰিব লাগে বিদ্যালয়ৰ উপস্থিতিৰ পৰা ছুটীলৈকে প্রতিটো সময়ৰ প্ৰতিটো কামৰ বিৱৰণ। তদুপৰি, নির্বাচন আহিলে বি এল অ' হোৱাৰ পৰা নিৰ্বাচন বিষয়া হোৱালৈকে দায়িত্ববিলাক আছেই। এনেকুৱা হেঁচাৰ মাজত শিক্ষকে শিক্ষার্থীক পঢ়ুৱাবলৈ সময় পায় কিমান, সেয়া সহজেই অনুমেয়। এজন শিক্ষক থকা বিদ্যালয়বিলাকততো শিক্ষার্থীক পাঠদান প্রায়ে নহয়েই। ইফালে, ৰাজহুৱা শিক্ষা খণ্ড অন্য এটা ধুমুহাৰ সন্মুখীন হ'ব লগা হৈছে, সেয়া হৈছে বিদ্যালয় বন্ধ। ৰাজ্যৰ প্ৰায় ১০ হাজাৰখন ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে শিক্ষার্থী কম হোৱাৰ গইনা লৈ। এনে এক অৱস্থাৰ বৰ্তমানত আমাৰ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়বোৰত 'বিকশিত ভাৰত'ত ভূমিকা পালন কৰিব পৰা শিক্ষার্থী গঢ়াৰ পৰিৱেশ কিমান সেয়া সহজেই বোধগম্য। শিক্ষার্থীসকলৰ কেৰিয়াৰ গঢ়াৰ যুঁজখন দিনকদিনে কষ্টকৰ হৈ গৈ আছে। এতিয়া 'নীট', 'জে ই ই', 'জেম', 'ক্লেট', 'নেট', 'শ্লেট'ৰ দৰে প্রতিযোগিতামূলক প্রৱেশ পৰীক্ষাসমূহত সাফল্য লাভ কৰাটো কিমান কঠিন সেয়া অৱতীৰ্ণ হোৱাসকলেহে জানে। ভাল চাকৰিৰ দুৱাৰখন পাৰ হ'বলৈ অৱতীৰ্ণ হ'ব লগা হয় কঠিন পৰীক্ষাত। সেই যুঁজবোৰত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰাথমিক স্তৰৰ পৰাই শিক্ষার্থীসকলক সাজু কৰি তুলিব পাৰিব লাগিব। শক্তিশালী হ'ব লাগিব ভাষা জ্ঞান, সৰুৰে পৰাই পাব লাগিব তথ্য-প্রযুক্তি জ্ঞানৰ ৰেঙনি। আমাৰ ৰাজহুৱা খণ্ডৰ বেছিভাগ বিদ্যালয়ে বিভিন্ন সমস্যাত ইমান বেছিকৈ ব্যস্ত থাকিব লগা হয় আৰু বেছিভাগ বিদ্যালয়ৰে আন্তঃগাঁথনি ইমান দুৰ্বল যে আজিৰ বাস্তৱৰ সৈতে মিলিব পৰাকৈ, প্রত্যাহ্বানৰ সন্মুখীন হ'ব পৰাৰ ক্ষমতা বেছিভাগ স্কুলৰে নাই। সেয়েহে, অভিৱর্তনখনৰ পৰা ওলোৱা বার্তাক সমর্থন জনাই আমিও কওঁ শিক্ষার্থীসকলক পঢ়ুওৱাৰ, গঢ় দিয়াৰ পৰিৱেশ চৰকাৰে ৰচনা কৰক।

Share This