ডিজিটেল ডেস্ক : কোন শ্রেষ্ঠ? বসন্ত নে শৰৎ? এই জিজ্ঞাসাৰ সঠিক উত্তৰ পোৱা টান। তথাপি বসন্ত ঋতুৰাজ। ৰূপ, ৰং, শব্দ, ঘ্রাণেৰে অভিনৱ এই ঋতু। বসন্তত প্রকৃতিয়ে হাঁহে, পিন্ধে নতুন সাজ। ধূলিয়ৰি ফাগুন আৰু উৰুঙা চ'তৰ ফাঁকেৰে সৰকি অসমলৈ আহে বসন্ত বহাগৰ নাম লৈ। সেয়ে বহাগ অসমীয়াৰ বাবে এক বিশেষ মাহ, প্ৰকৃতিৰ বিশেষ আয়োজনৰ সময়। গছে-বনে সেউজীয়াৰে জীপাল হৈ নাহৰ-তগৰ, কপৌফুলেৰে জাতিষ্কাৰ হৈ কুলিৰ মাতেৰে অসমীয়াৰ বুকুলৈ আহে বহাগ-বসন্ত। বহাগত জাতিয়ে স্নান কৰে, প্রতিশ্রুতিবদ্ধ হয় শুভকৰ্মৰ বাবে। বহাগ অসমীয়াৰ আৱেগ, বহাগ অসমীয়াৰ স্বাভিমান। এইবাৰো বহাগ আহিছে। গছে পাত সলাইছে। কুলিয়ে মাতিছে। কপৌফুল ফুলিছে। প্রকৃতিৰ আয়োজন স্বাভাৱিক; নিজস্ব গতি, লয়, ছন্দ বিদ্যমান। একেই আছে বহাগ, একেই আছে বসন্ত। কিন্তু প্রকৃতিৰ এই সমস্ত 'স্বাভাৱিক' গতি, আয়োজনো কেতিয়াবা অস্বাভাৱিক যেন লাগে। প্ৰকৃতিৰ সমস্ত আয়োজনেও কেতিয়াবা মনৰ কোণত আনন্দৰ পৰিৱৰ্তে দিয়ে বেদনা, হাঁহিৰ পৰিৱৰ্তে দিয়ে অশ্রু, মনলৈ আহে অকাৰণ ক্লান্তিৰ। কাৰণ? এইবাৰ বসন্তত জুবিন নাই। অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক প্রস্থানৰ পাছত এয়া প্রথম বহাগ। সেয়ে সকলো থাকিও যেন কিবা এটা নাই। উৰুঙা উৰুঙা মন।
কুলিৰ মাত আৰু জুবিনৰ কণ্ঠৰ বিহুগীত- অসমীয়াৰ বাবে এয়া যেন এটা আনটোৰ পৰিপূৰক। 'ফুল ফুলিছে বসন্তৰ, তুমি জানমণি মৰমৰ, প্ৰতিটো বসন্ততে...' বুলি গাবলৈ কিন্তু এইবাৰ জুবিন নাই। জুবিনৰ মায়াবী কণ্ঠত সাৰ পাই উঠিছিল বহাগৰ ৰংবোৰে, হাঁহিছিল নাহৰ, কপৌ, তগৰে। অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে জুবিনৰ বিহু গীতৰ কেছেট, এলবামে কঢ়িয়াই আনিছিল বিহুৰ বতৰা, বসন্তৰ আনন্দ। ঢোল-পেঁপাৰ লহৰৰ লগত জুবিন গাৰ্গৰ কণ্ঠ অসমীয়াৰ বাবে হৈ পৰিছিল বিহুৰ এক সুকীয়া ছন্দ। এতিয়া যেন হেৰাই গৈছে বিহুৰ আনন্দৰ সেই ছন্দ।
কাৰো প্ৰতি কিঞ্চিৎ অৱজ্ঞা নৰখাকৈ এই কথা ক'বই লাগিব যে জুবিন গাৰ্গ তাৰকাৰূপে প্রতিষ্ঠিত হোৱাৰ আগতেও অসমত বিহু আছিল, আনন্দ
আছিল, বিহুৰ মাদকতা আছিল। সুধাকণ্ঠ ভূপেন হাজৰিকা, বিহু সম্রাট খগেন মহন্ত, মহানন্দ মজিন্দাৰ বৰুৱা আদিৰ দৰে বহুকেইজন স্বনামধন্য শিল্পীয়ে বিহুৰ বতৰত সুৰীয়া বিহুগীতেৰে অসমীয়াৰ মন-প্রাণ আন্দোলিত কৰি ৰাখিছিল। কিন্তু এওঁলোকৰ সৈতে জুবিন গাৰ্গ ক'ৰবাত যেন ব্যতিক্রম আছিল। তাৰকাৰূপে প্রতিষ্ঠিত হৈ জুবিন গার্গে এক নতুন উপস্থাপনশৈলী তথা কাৰিকৰী চমকেৰে আৰু সর্বোপৰি নিজস্ব ষ্টাইলেৰে বিহুগীত আৰু
বিহু মঞ্চসমূহ জীপাল কৰি তুলিছিল। এই কথা অস্বীকাৰ কৰাৰ উপায় নাই বিহু মঞ্চত জুবিন গাৰ্গ আছিল অপ্রতিদ্বন্দ্বী, অবিস্মৰণীয়। কেৱল গানেই
নহয়, মঞ্চত তেওঁৰ আচৰণ আৰু কথা-বতৰাও আছিল পাহৰিব নোৱৰা। এইবোৰ যেন আছিল বহাগৰেই সম্পদ। জীৱিত কালত বিহু মঞ্চৰ পৰা তেওঁ কোৱা অপ্রাসংগিক যেন লগা বহু কথাও এতিয়া অসমীয়াৰ কাণত 'ৰৈ ৰৈ বিনায়।'
প্ৰাণৰ শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই এইবাৰ বহুকেইখন বিহু মঞ্চই মঞ্চ বিহু অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে। দৰাচলতে জুবিন গাৰ্গ শাৰীৰিকভাৱে কোনোবা এখন বিহু মঞ্চত উপস্থিত থাককেই বা নাথাকক তেওঁৰ সত্তাটোৱেই বিহুক এক সুকীয়া প্রাণ দিয়ে, উদ্যম দিয়ে, গতি দিয়ে। সেই জুবিন গাৰ্গ শাৰীৰিকভাৱে আমাৰ মাজত নথকা কথাটোৱে অসমৰ প্ৰতিখন বিহুতলীকে এইবাৰ উৰুঙা কৰি ৰাখিব। বসন্তক আদৰিবলৈ প্ৰকৃতিয়ে কৰা সমস্ত প্রয়াসৰ পাছতো অসমৰ মানুহৰ মনবোৰ ৰিঙা ৰিঙা হৈ থাকিব, হয়তো ঢোল বাজিব, পিঠা ভাজিব, কিন্তু এই সকলো এইবাৰ হ'ব যন্ত্ৰৱৎ। নাই প্রাণ, নাই অন্তৰৰ আহ্বান- কাৰণ প্ৰাণৰ শিল্পীজন নাই। বহাগ এইবাৰ উকা।