ডিজিটেল ডেস্ক : এতিয়া ক্ষমতাপ্রাপ্তিৰ বাবেহে যেন ৰাজনীতি। ক্ষমতা লাভৰ উপায় হ'ল নির্বাচন। নির্বাচনত প্রয়োজনীয়সংখ্যক আসনত জয় লাভ নকৰিলে চৰকাৰ গঠন কৰিব নোৱাৰি, ক্ষমতা ভোগ কৰিব নোৱাৰি। সেইবাবেই বর্তমান ৰাজনৈতিক ভোগবাদৰ যুগত যিকোনো প্ৰকাৰে ক্ষমতা লাভ কৰা আৰু তাৰ বাবে নিৰ্বাচনত জয় সাব্যস্ত কৰাটো জৰুৰী হৈ পৰিছে। জয়লাভৰ পথ যদি মসৃণ হৈ নাথাকে, প্রতিদ্বন্দ্বিতা তীব্র হয় আৰু প্রতিপক্ষ সবল হয়, তেন্তে ৰাজনৈতিক প্রতিদ্বন্দ্বিতা গণতান্ত্রিক পথ পৰিহাৰ কৰি ধনবল, বাহুবল, প্রলোভন আৰু প্ৰৰোচনাৰ আশ্রয় লোৱা হয়। ইয়াৰ ফলত কোনোবা ৰাজনৈতিক দলে হয়তো ক্ষমতা লাভ কৰে, কিন্তু সামাজিক সংহতি, শৈক্ষিক বাতাৱৰণ আৰু আইন-শৃংখলাৰ অৱনতি ঘটে। আজিৰ পৰিস্থিতিত নির্বাচন মানে হৈ পৰিছে অস্থিৰ সামাজিক পৰিৱেশ আৰু ঘৃণা-বিদ্বেষ, প্রতিপক্ষক আক্রমণ, অশ্রাব্য-অকথ্য ধৰণৰ গালি-গালাজৰ এটা নেতিবাচক বাতাৱৰণ। এতিয়াৰ পৰা দুকুৰি বছৰ আগলৈকে, আনকি জৰুৰীকালীন অৱস্থাৰ সময়তো এনে এটা অৱস্থাৰ সৃষ্টি হোৱা নাছিল। নির্বাচনত প্রতিদ্বন্দ্বিতা আছিল ৰাজনৈতিক যুঁজহে। ব্যক্তিগতভাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ মাজত আছিল ভাল সম্পর্ক। ইয়াৰ উদাহৰণ স্বৰূপে বহুতেই আঙুলিয়াব খোজে একালৰ মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহা আৰু কমিউনিষ্ট নেতা খগেন বৰবৰুৱাৰ প্ৰসংগলৈ। এবাৰ বৰবৰুৱা নিৰ্বাচনৰ সভালৈ যোৱাত অসুবিধা থকাত একে পথেৰে যাব লগা বিমলা প্রসাদ চলিহাই নিজৰ গাড়ীত নি সভাৰ স্থানৰ ওচৰত নমাই দিছিল। এতিয়া সেইবোৰ সাধুকথা। আমাৰ 'পুৰণা প্ৰজন্ম'ই নৈতিকতাৰ যি বিৰল শিক্ষা দিছিল, দৃষ্টান্ত দাঙি ধৰিছিল, এতিয়াৰ প্ৰজন্মৰ মাজত তাৰ কোনো প্রভাৱ পৰিলক্ষিত নোহোৱাটো অতি পৰিতাপৰ কথা।
নির্বাচন সুস্থ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰা আৰু এই ক্ষেত্ৰত যিবোৰ শক্তিৰ পৰা বাধা কিম্বা ভাবুকি আহে, তেনে শক্তিবোৰৰ বিৰুদ্ধে জৰুৰীভাৱে যাৱতীয় ব্যৱস্থা গ্রহণ কৰাটো নির্বাচন আয়োগৰ দায়িত্ব। পক্ষপাতমুক্ত প্রশাসন আৰু দায়বদ্ধ নিৰপেক্ষ নির্বাচন আয়াগে নিজ দায়িত্ব কঠোৰভাৱে পালন কৰিলে নির্বাচন শান্তিপূর্ণ হ'বই। যদিহে শাসকীয় ৰাজনৈতিক চাপত প্রশাসনে কোনো অভিযুক্ত ব্যক্তিৰ প্রতি দুর্বলতা প্রকাশ কৰে, তেন্তে সমস্যা বৃদ্ধি পাব। কোনোবা প্রার্থীয়ে যদি অতিচাৰ কৰিও কর্তৃপক্ষৰ পৰা কঠোৰ সকীয়নি নাপায়, তেন্তে সেই দৃষ্টান্ত আন কোনো পক্ষয়ো অনুসৰণ কৰিব পাৰে। সেয়ে হ'লে অস্থিৰতা আৰু দ্বন্দ্ব-সংঘাত বৃদ্ধি পাব। এজন প্রার্থীয়ে যদি ধেমালিৰ চলেৰেও প্রতিদ্বন্দ্বী প্রার্থী এজনত 'হত্যা' কৰাৰ দৰে কথা কয় আৰু সংবাদ মাধ্যমত সেইটো ওলাই পৰে, তেন্তে ৰাইজ ভীতিগ্রস্ত হোৱাটো স্বাভাবিক। সেয়া নিৰ্বাচনৰ আদৰ্শ আচৰণবিধিৰ মুকলি উলংঘন হ'ব। প্রতিপক্ষৰ দল, তেনে দলৰ নেতা বা প্ৰাৰ্থীক ৰাজনৈতিক বক্তব্যৰ পৰিৱৰ্তে যদিহে ব্যক্তিগতভাৱে আক্রমণ কৰা হয় বা তুচ্ছ-তাচ্ছিল্য কৰা হয় সেয়াও আচলতে ব্যক্তিগত আক্রমণকাৰী নেতাজনৰ অহমিকাৰহে প্ৰকাশ। নির্বাচন কোনো এটা ৰাজনৈতিক দলৰ শক্তি-সামর্থ্য, ধনবল-বাহুবল প্ৰদৰ্শনৰ মঞ্চ নহয়। ৰাজনৈতিক দলসমূহ আৰু তাৰ নেতাসকলক ৰাইজেও মাজে মাজে স্মৰণ কৰাই দিয়া ভাল। কাৰণ সাংবিধানিকভারেই দেশৰ মালিক কোনো এটা বিশেষ দল বা সেই দলৰ চৰকাৰ নহয়, দেশৰ মালিক হ'ল দেশৰ জনসাধাৰণ, আমাৰ সংবিধানে যাক We the people বুলি ন্যায্যতা দি থৈছে। সেইবাবেই নির্বাচন যাতে সাংবিধানিক-গণতান্ত্রিকভাৱে পৰিচালিত হয়, তাৰ প্ৰতি লক্ষ্য ৰখাটো দেশৰ সচেতন জনতাৰ এটা নৈতিক দায়িত্ব। এই ক্ষেত্ৰত সজাগ হ'লে ৰাজনৈতিক নেতাৰ হঠকাৰী কাৰ্য, প্রলাপধর্মী বক্তব্যক গুৰুত্ব নিদিলে, প্ৰৰোচিত নহ'লে তেনে উদ্ভট নেতা নিজে নিজেই শান্ত হৈ পৰিব।
একালৰ ৰাজনৈতিক নেতাসকলে নিজকে একাজন দেশ আৰু সমাজৰ কল্যাণৰ প্ৰতি উছর্গিত সমাজকর্মী বুলিহে গণ্য কৰিছিল। আর্থিক প্রতিষ্ঠা বা ব্যক্তিগত ধন-সম্পদ বৃদ্ধিৰ প্ৰসংগক ৰাজনীতিৰ পৰা আঁতৰত ৰাখিছিল। গোপীনাথ বৰদলৈৰ মৃত্যুৰ পাছত পৰিয়ালৰ থাকিবলৈ ঘৰ নাছিল। ভাৰাঘৰত থাকিয়েই মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল গোলাপ বৰবৰাই। মুখ্যমন্ত্রিত্ব এৰাৰ পাছত এটা সৰু বাকচত নিজৰ যথাসৰ্ব লৈ ঘৰমুৱা হৈছিল শৰৎ চন্দ্র সিংহ। তেনে নিঃস্ব ৰাজনৈতিক নেতা-কর্মীৰ সংখ্যা বৰ কম নহয়। তেতিয়া পেঞ্চনো নাছিল। এতিয়া অতি সামান্য ব্যতিক্রম বাদ দি অধিকাংশ নেতা-মন্ত্রী-বিধায়ক হ'ল প্ৰচুৰ সম্পদশালী। নিৰ্বাচনৰ মনোনয়ন-পত্ৰৰ লগত গাঁঠি দিয়া ব্যক্তিগত তথা পাৰিবাৰিক সা-সম্পত্তিৰ যি শপত-পত্র, সেয়া দেখি বহুতেই আশ্চর্য প্রকাশ কৰে। কেনে অৱস্থাৰ পৰা আহি বর্তমান ক'ত উপনীত হ'লহি, সেই কথা ৰাইজেও নজনাকৈ নাথাকে। অৱশ্যে শপত-পত্রত যে সকলোখিনিৰ প্ৰতিফলন ঘটে, তেনে কথাও নহয়। একোজন ৰাজনৈতিক নেতা যেতিয়া ধন-ক্ষমতা আৰু প্ৰতিষ্ঠাৰ অধিকাৰী হৈ পৰে, তেতিয়া তেওঁ আৰু আগৰজন ব্যক্তি হৈনাথাকে। তেওঁৰ জীৱনধাৰা, চিন্তাধাৰা, বচন আৰু আচৰণলৈ পৰিৱৰ্তন আহে। নিজৰ খ্যাতি-প্রতিষ্ঠা আৰু শক্তিৰ ৰাজহুৱা প্ৰদৰ্শনৰ প্ৰৱণতা বাঢ়ে। তেনে একাংশ নেতাই নিৰ্বাচনৰ বতৰত অতিচাৰ কৰে, অশান্তি আৰু অস্থিৰতা আনে।
ৰাজনীতিৰ অপৰাধীকৰণ বা criminalisation of politics ভাৰতৰ নিৰ্বাচন ব্যৱস্থাক অশান্ত কৰি তোলাৰ আন এটা কাৰণ। নানা অপৰাধমূলক কামত কুখ্যাত হৈ উঠা, যাৰ বিৰুদ্ধে নানাধৰণৰ অপৰাধত জড়িত থকাৰ গোচৰ পঞ্জীভূত হৈ আছেবা থাকে, তেনেধৰণৰ লোকক যদি ৰাজনৈতিক দলে আশ্রয় আৰু প্রশ্রয় দিয়ে, তেন্তে নির্বাচন কেনেকৈ শান্তিপূর্ণ হ'ব? নির্বাচন আয়োগত তেনে নেতা-কর্মীৰ বিৰুদ্ধে অভিযোগ দিবলৈ মানুহে ভয় কৰে। বাহুবলী-ধনবলীৰ প্রভাৱ যদিবাঢ়ে, তেন্তে নির্বাচন মুক্ত আৰু নিকা হৈ থাকিব নোৱাৰে। নির্বাচন আয়োগ-ৰাজনৈতিক দল, সংবাদ মাধ্যম আৰু সজাগ জনতাই যদিহে নির্ভীক আৰু নিৰক্ষেপভাৱে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিব পাৰে, একমাত্র তেনে অৱস্থাতহে নির্বাচন শান্তিপূর্ণ হ'ব পাৰে।