ডিজিটেল ডেস্ক : 'পাপা, ছ'ৰি। তুমি কোৱাৰ দৰে আমি ম'বাইল গেম খেলা এৰিব নোৱাৰিলোঁ। সেয়ে আমি নিজকে নিঃশেষ কৰি পেলালোঁ। তুমি আমাক কোৰিয়ানসকলৰ পৰা আঁতৰ কৰিবলৈ বিচাৰিছিলা। কিন্তু এতিয়া তুমি বুজি পাবা আমি কোৰিয়ানসকলক কিমান ভাল পাওঁ। কোৰিয়া আমাৰ বাবে জীবন।'- সপোন খেদি ফুৰা বয়সত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লোৱা তিনি ভগ্নীয়ে পিতৃলৈ লিখি থৈ যোৱা চিঠিৰ কিছু অংশ এয়া। সোণালী শৈশৱ-কৈশোৰ অতিক্রমি যাবলৈ বহু দূৰ বাট আছিল সন্মুখত। কিন্তু জীৱনক বুজি নাপাওঁতেই ভয়াৱহ এক ব্যাধিৰ কৰাল গ্রাসত পৰি জীৱন নামৰ বৃত্তৰ বাহিৰ হ'বলৈ তিনি বাই-ভনীয়ে জাঁপ দিলে এটা বহু মহলীয়া অট্টালিকাৰ পৰা। ঘটনাটো উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ। নিশা ২ বজাত ঘৰৰ সকলো শুই থকা সময়তে ৯ মহলাৰ পৰা এজনী এজনীকে আটাইকেইজনীয়ে জঁপিয়াই জীৱনক বিদায় দিয়ে। তিনিওজনীৰ বয়স আছিল ক্রমে ১৬ বছৰ, ১৪ বছৰ আৰু ১২ বছৰ। আত্মহত্যাৰ কাৰণ আছিল ম'বাইলৰ প্ৰতি থকা তীব্র আসক্তি। অনলাইন গেমৰ প্ৰতি তেওঁলোক ইমানেই আসক্ত হৈ গৈছিল যে জীৱন শেষ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। পিতৃৰ ভাষ্য অনুসৰি তিনিওগৰাকীৰ ম'বাইলৰ প্রতি আসক্তি বাঢ়ি আহিছিল কভিড-১৯ মহামাৰীৰ পাছৰ পৰা। এই আসক্তি ইমান ভয়াৱহভাৱে অধিক হ'ল যে দুবছৰ ধৰি তেওঁলোকে বিদ্যালয়ললৈ যোৱা নাই। তিনিও একেটা কোঠাতে আবদ্ধ হৈ থাকি কেৱল ম'বাইলতেই নিমজ্জিত হৈ থাকিছিল। পিতৃ-মাতৃৰ হকা-বাধা আওকাণ কৰি বিগত আঢ়ৈ বছৰ ধৰি কোৰিয়ান অনলাইন গেম খেলি আহিছিল।
খেলবিধৰ প্ৰতি ইমানেই আসক্ত হৈছিল যে পৰিয়ালৰ লোকৰ সৈতেও কথা পাতিবলৈ এৰিছিল তেওঁলোকে। আৰু কোঠাতেই আবদ্ধ হৈ দিন কটাইছিল। আত্মহত্যাৰ সময়ত এখন ডায়েৰীত ১৮ পৃষ্ঠাৰ ছুইচাইড নোট লিখি গৈছিল তিনিওগৰাকীয়ে। অনলাইন গেম খেলি কোৰিয়ান সংস্কৃতিৰ প্ৰভাৱত পৰিছিল আটাইকেইগৰাকীয়ে। 'কোৰিয়ান লাভ গেম' নামৰ এই অনলাইন গেমৰ কবলত পৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত বিগত কেইদিনমান ম'বাইলৰ সংস্পৰ্শলৈ আহিবলৈ নিদিয়াৰ পৰিণতিতেই এই ঘটনা সংঘটিত হয় বুলি আশংকা কৰা হৈছে।ম'বাইলৰ আসক্তিয়ে এইদৰে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভাৰতবৰ্ষত প্রতিদিনে উদ্বেগজনকভাবে বৃদ্ধি পাইছে আত্মহননৰ ঘটনা। এন চি আৰ বিয়ে প্রকাশ কৰা অনুসৰি পাৰিবাৰিক সমস্যা, শাৰীৰিক-মানসিক নির্যাতন, নিঃসংগতা, কেৰিয়াৰ তথা বৃত্তিৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা, মানসিক উচ্ছৃংখলতা, ড্রাগছ-সুৰা আদিৰ প্রতি আসক্তি, আর্থিক লোকচান, দৰিদ্ৰতা, দুৰাৰোগ্য ব্যাধি, মানসিক চাপ, পৰী পৰীক্ষাত ব্যর্থতা, ব্যর্থ প্রেম আদি বিভিন্ন কাৰণত ভাৰতীয় লোকে আত্মহত্যা কৰে। কিন্তু ম'বাইলৰ আসক্তিও বর্তমান সময়ত আত্মহত্যাৰ এক অন্যতম কাৰক হৈ পৰিছে। দিনটোৰ অধিকাংশ সময় ম'বাইলত ডুব গৈ থকা উঠি অহা প্ৰজন্মৰ বহুতৰ মাজত হতাশা বৃদ্ধি পাইছে। হাতত থকা ম'বাইলত সকলো উপলব্ধ হৈ পৰিছে যদিও মানুহ হৈ পৰিছে নিঃসংগ। ম'বাইলৰ গ্ৰাসত পৰি পিতৃ-মাতৃৰ সৈতে কথা পাতিবলৈকো সন্তানৰ সময় নোহোৱা হৈছে। ওচৰ-চুবুৰীয়া, আত্মীয়ৰ ঘৰলৈ আহ-যাহ কমি গৈছে। মৰম-চেনেহ, আত্মীয়তা, সহমর্মিতা আজিৰ যুগত বহুতৰ বাবে যেন একোটা শব্দতহে বাচি ৰৈছে। মানুহ ক্ৰমাৎ এইদৰে বিচ্ছিন্ন হৈছে মানুহৰ পৰা। শিপাৰ পৰা আঁতৰি আহি ম'বাইল স্ক্রীনত দেখা পৃথিৱীখনকেই সঁচা বুলি ভাবিবলৈ লৈছোঁ। ম'বাইল যেন এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।
ওৰে নিশা ম'বাইলত ব্যস্ত থকাৰ ফলত মানসিক স্বাস্থ্যত বিৰূপ প্রভাৱ পৰিছে। সামাজিক মাধ্যমে শিশু, কিশোৰ-কিশোৰীৰ ওপৰত সবাতোকৈ বেছি কু-প্রভাৱ পেলাইছে। এ আই সৃষ্ট অশ্লীল বিষয়বস্তু আৰু অসামাজিক যৌনগন্ধী ছবিৰ প্ৰচাৰ সামাজিক মাধ্যমত বৃদ্ধি হোৱাৰ লগতে অনলাইন গেমৰ কবলত পৰি শিশু-কিশোৰৰ জীৱন বিপদাপন্ন হৈ পৰিছে। এইদৰে থাকিলে হয়তো মানসিক বিকাৰগ্ৰস্ত পৃথিবী এখনৰ বাসিন্দাহে হ'বলৈ আমাক বেছি সময় নালাগিব। ইতিমধ্যে বিশ্বৰ বহু দেশে ১৬ বছৰ বয়সৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰিবলৈ বিচাৰিছে। শিশু-কিশোৰৰ ম'বাইল ব্যৱহাৰৰ ক্ষেত্ৰত নতুন আইন প্ৰৱৰ্তনৰ বাবে আগবাঢ়ি আহিছে। অষ্ট্ৰেলিয়াৰ পাছত স্পেইন আৰু গ্রীচে ডিজিটেল প্লেটফৰ্মৰ পৰা শিশুৰ প্রতি অহা সংকটৰ পৰিপ্ৰেক্ষিতত নাবালকৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ পদক্ষেপ লৈছে। দুয়োখন ইউৰোপীয় দেশে অলপতে সামাজিক মাধ্যমত বয়স-ভিত্তিক নিষেধাজ্ঞা অনাৰ বাবে বিশদ পৰিকল্পনা প্রকাশ কৰে। আমাৰ দেশত শেহতীয়াভারে কেন্দ্রীয় বাজেটত কণ্টেণ্ট ক্রিয়েশানত গুৰুত্ব দিয়া হৈছে। পোনপটীয়াকৈ চাকৰি নাইবা কর্মসংস্থাপন লাভ নকৰা যুৱক-যুৱতীসকলৰ বাবে উপাৰ্জনৰ পথ হ'ব পাৰে সামাজিক মাধ্যমৰ বাবে প্ৰস্তুত কৰা কণ্টেণ্ট। চৰকাৰে সেয়ে বাজেটত ২৫০ কোটি টকা ধার্য কৰিছে। ইয়াৰ দ্বাৰা ১৫০০০ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৫০০ কলেজত কণ্টেণ্ট ক্রিয়েটৰ লেব স্থাপন কৰি প্রশিক্ষণ প্রদান কৰা হ'ব। এনে ইতিবাচক খবৰৰ মাজতে সামাজিক মাধ্যমৰ ব্যৱহাৰে বহু কিশোৰ-কিশোৰীৰ বাবে কাল অমানিশাও যে কঢ়িয়াই আনিছে তাৰ প্ৰতিও চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগিব, কাৰণ মানৱ সম্পদৰ মানসিক স্বাস্থ্য ভালে নাথাকিলে ভৱিষ্যৎ অন্ধকাৰ হ'ব।