মুন্নাভাই এম বি বি এছ

dainik janambhumi October 25, 2025

ডিজিটেল ডেস্ক : ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিগত সময়ত ভালেকেইখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু কেইখনমান নির্মীয়মাণ অৱস্থাত আছে যদিও সামগ্রিকভাৱে স্বাস্থ্যখণ্ডৰ এক উদ্বেগজনক ছবিহে আমি দেখিবলৈ পাওঁ। চিকিৎসক, চিকিৎসাকর্মী, প্রয়োজনীয় সা-সঁজুলি অবিহনেই চলিছে বহু চিকিৎসালয়। নামত বছৰি নতুন নতুন চিকিৎসালয় স্থাপন কৰা হৈছে যদিও কার্যক্ষেত্ৰত ইয়াৰ সুফল ৰাইজে কিমান পাইছে বা ৰোগীৰ চিকিৎসা কিমান দূৰলৈ সম্ভৱ হৈছে সেইটো গুৰুত্বপূর্ণ প্রশ্ন। আজিও পর্যাপ্ত চিকিৎসাৰ অভাৱত অকালতে মৃত্যুক সাবটি ল'বলগীয়া হোৱা বহু ঘটনা সঘনাই আমাৰ ৰাজ্যত সংঘটিত হৈ আহিছে। স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো ৰাজ্যৰ বিভিন্ন প্রান্তৰ লোকসকলে চিকিৎসাৰ নামত যমৰ যাতনা ভুগি থকাটো অতি পৰিতাপৰ কথা। অধিকাংশ হস্পিটেলতেই পর্যাপ্ত চিকিৎসক-চিকিৎসাকর্মীৰ অভাৱৰ ফলত ৰাজ্যৰ প্রত্যন্ত অঞ্চলসমূহৰ কথা বাদেই, নগৰ অঞ্চলৰ জনসাধাৰণেও বহু সময়ত চিকিৎসাৰ বাবে গুৱাহাটীলৈ ঢাপলি মেলিব লাগে। চিকিৎসকৰ এনে অভাৱৰ পূৰ্ণ সযোগ গ্রহণ কৰিছে একাংশ ধুৰন্ধৰ লোকে। স্বাস্থ্য বিভাগৰ চকুত ধূলি মাৰি চিকিৎসা বিজ্ঞানৰ কোনোধৰণৰ জ্ঞান নথকাকৈয়ে ৰোগীৰ চিকিৎসাত নামি পৰিছে এইসকল লোক। অসুস্থ লোকক বেজ-কবিৰাজৰ লেখীয়াকৈ কেৱল দৰৱ-পাতি দিয়েই ক্ষান্ত নাথাকি এনে এচাম 'মুন্নাভাই' চিকিৎসকে অপাৰেশ্যন পর্যন্ত কৰি ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলাৰ নজিৰ আছে। খোদ গুৱাহাটী মহানগৰীতেই এনে ঘটনা বহুবাৰ সংঘটিত হৈছে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্রাণকেন্দ্ৰস্বৰূপ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলতো ভুৱা চিকিৎসকে চিকিৎসা কৰি ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছিল। ইমানৰ পাছতো কিন্তু ৰাজ্যত ভুৱা চিকিৎসকৰ কৰ্মকাণ্ডৰ ওৰ পৰা নাই। 

শেহতীয়াভাৱে কাছাৰ জিলাত এই পর্যন্ত ১৪জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হোৱা ঘটনাই স্বাস্থ্যখণ্ডৰ স্বৰূপ উদঙাই দিছে। কাছাৰ আৰক্ষীৰ জালত পৰা শিলচৰৰ ভুৱা চিকিৎসকৰ মাষ্টাৰমাইণ্ড হৈছে ডাঃ জয়ন্ত প্রসাদ দাস। জিলাখনত ধৰা পৰা ভুৱা চিকিৎসকৰ অধিকাংশই এই চিকিৎসকজনৰ পৰা বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ভুৱা প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিছিল। এই নথি-পত্ৰ ব্যৱহাৰ কৰি বছৰ বছৰ ধৰি জিলাখনৰ নিৰীহ ৰোগীক প্ৰতাৰণা কৰি আহিছে। তদন্ত অনুসৰি সমগ্ৰ চহৰখনত তথাকথিত চিকিৎসা প্রতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰৰ নামত কেইবাটাও ভুৱা প্রতিষ্ঠান স্থাপন কৰা হৈছিল। য'ৰ পৰা ভুৱা ডিগ্রী, এম বি বি এছ আৰু নাৰ্ছিং চার্টিফিকেট প্রস্তুত কৰা হৈছিল। অভিযোগ অনুসৰি এই সমগ্র জালিয়াতিৰ মাষ্টাৰমাইন্ড আছিল মৌচুমী হস্পিটেলৰ স্বত্বাধিকাৰী ডাঃ জয়ন্ত প্রসাদ দাস। তেওঁ কেৱল ভুৱা ডিগ্রী বিক্ৰী কৰাই নহয়, ভুৱা চিকিৎসকৰ জৰিয়তে নিজৰ চিকিৎসালয়ত চিকিৎসা প্রদান কৰি বৃহৎ ধন লাভ কৰিছিল। ভুৱা কলেজৰ নেক্সাচ চলোৱা, ভুৱা ডিগ্ৰী আৰু জনসাধাৰণৰ মাজত চিকিৎসক হিচাপে প্রেক্টিছ কৰি থকা আৰু দুটা দশকৰ পৰা জনস্বাস্থ্যৰ গুৰুতৰ বিষয়ৰ সৈতে খেলা-ধূলা কৰা ব্যক্তিক প্রমাণ-পত্ৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে। অথচ এই প্রমাণ-পত্ৰসমূহৰ কোনো আইনী স্বীকৃতি নাই। এই ছিণ্ডিকেটত চিকিৎসক বা স্বাস্থ্য কর্মীৰ বেশত ভালেমান অযোগ্য ব্যক্তি জড়িত হৈ থকা বুলি জানিব পৰা গৈছে। এক কথাত নকল চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলাখন। তিনিমাহ মান পূর্বেও জিলাখনত এগৰাকী নকল চিকিৎসকক গ্রেপ্তাৰ কৰা হৈছিল। আচৰিত কথা এয়ে যে শিলচৰ আৰু কাছাৰ মেডিকেলত এই স্বয়ম্ভু চিকিৎসকজনে ২৫ বছৰ ধৰি ৰোগীক চিকিৎসা কৰি আহিছিল। তৃতীয় বিভাগত মেট্রিক উত্তীর্ণ আছিল এই স্বয়ম্ভু চিকিৎসকজন। ভুৱা এম বি বি এছ ডিগ্ৰীৰে দপদপাই থকা এনে দুজন চিকিৎসকক যোৱা জুলাই মাহত যোৰহাটত গ্ৰেপ্তাৰ কৰা হয়। কোকৰাঝাৰতো এন আৰ এইচ এমৰ ম'বাইল ইউনিটত চিকিৎসা আগবঢ়োৱা এজন ভুৱা এম বি বি এছ ডিগ্রীধাৰীক প্রায় এমাহ পূর্বে গ্ৰেপ্তাৰ কৰা হয়। এমাহ পূর্বে চৰাইদেউ জিলাতো এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছিল। জিলাখনৰ এখন চিকিৎসালয়ত চিকিৎসা বিষয়া হিচাপে নিযুক্ত হৈ আছিল ব্যক্তিজন। এইদৰে ৰাজ্যখনৰ ভিন্ন প্রান্তত ভুৱা চিকিৎসকৰ ওচৰত ৰোগীয়ে স্বাস্থ্য পৰীক্ষা কৰি আহিছে। 

বহু সময়ত এনে বহু ভুৱা চিকিৎসক আৰক্ষীৰ হাতত ধৰা পৰিছে যদিও বহুতেই এতিয়াও বেহা চলাই গৈছে। বহিঃৰাজ্য নাইবা বিদেশৰ পৰা কোনো ডিপ্লমা নাইবা ডিগ্ৰীৰ প্ৰমাণ-পত্র লৈ নিজকে চিকিৎসক ৰূপে চিনাকি দি ৰোগীৰ জীৱনক লৈ হেতালি খেলা এইসকলে কিদৰে কাম-কাজ চলাই যাব পাৰিছে সেয়া এক গুৰুত্বপূৰ্ণ প্রশ্ন। চিকিৎসক-যাক ভগৱানৰ এক অন্য ৰূপ হিচাপে গণ্য কৰা হয়, তেনে এটা অতি দায়িত্বশীল বৃত্তিত কেৱল মাত্ৰ টকাৰ লালসাত নামি পৰাটো এক জঘন্য অপৰাধ। জনস্বাস্থ্যৰ প্রতি ভয়ংকৰ ভাবুকি কঢ়িয়াই অনা, জনসাধাৰণৰ সুৰক্ষা আৰু বিশ্বাসৰ সৈতে খেল খেলা এইসকল ধুৰন্ধৰক কঠোৰৰ পৰা কঠোৰতম শাস্তি নিবিহিলে এনেধৰণৰ ঘটনা সংঘটিত হৈয়ে থকাটো খাটাং। এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ভূমিকা হ'ব লক্ষণীয়।

Share This